আকৌ কটন কলেজ (নন্দিতা খাখলাৰী)

প্ৰাইমেৰী স্কুলত থকাৰ পৰাই দেউতাৰ মুখত কটন কলেজৰ বিভিন্ন ধৰণৰ কথা শুনিছিলোঁ। কিন্তু সকলোবোৰৰ মাজত আটাইতকৈ বেছি ভাল লাগিছিল কটন হোষ্টেলৰ ৰেগিঙৰ কাহিনীবোৰ।

১৯৭৩ চনৰ কথা। দেউতা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি তেতিয়াৰ কচ্মপলিটান (এতিয়াৰ ৰজণীকান্ত বৰদলৈ বা আৰ কে বি) হোষ্টেলত উপস্থিত হৈছে। ৰিক্সাৰ পৰা নামি বেডিং পত্ৰ কিছু নিজে দাঙিছে, কিছু ৰিক্সাৱালা জনে। দেখক চিনিয়ৰে, “হেৰৌ, কোন লাটচাহাব অ’ তই? ৰিক্সাৱালাক বাকচ দঙাইছ? যা, য’ত নামিছিলি আকৌ তালৈ যা আৰু গোটেই বেডিং-বাকচ নিজে দাঙি আনগৈ”। সেয়াই আৰম্ভণি। তাৰ পিছত প্ৰতিনিশা ন টাৰ পৰা ৰেগিং আৰম্ভ।

“অই, এইফালে আহ। ৰেপিড প্ৰশ্ন, এক চেকেণ্ডত উত্তৰ দিবি। এফ ইউ টি ইউ আৰ ই, ফুটুৰ নে ফাটাৰ??”
এনেই ভয়ত ত্ৰাহিমান, তাতে এক চেকেণ্ডত উত্তৰ! ভাবিবলৈ সময় নাই। কোনোবাই কয় ফুটুৰ, কোনোবাই ফাটাৰ।
“জে ইউ এল ওৱাই, জুলী নে জালী??”
কোনোৱে উত্তৰ দিয়ে জুলী, কোনোৱে জালী।
“নিধকহত, ইংৰাজীত কিমান নম্বৰ পাইছিলি? Tense পঢ়িছ, Future Tense? বাৰ মাহৰ নামো নাজান নে, July?? খালি, কটন কলেজৰ নাম ডুবাই দিলি তহঁতে। যা, বিছনাৰ তলত গৈ এশ টা নীলা মহ বিচাৰি আন”।

ৰাতিৰ ভাত খোৱাৰ পিছতে প্ৰথম বৰ্ষৰ ছাত্ৰলৈ নিৰ্দেশ আহে মাৰ্চ-পাষ্টৰ। দলৰ নাম জি, আৰ, পি – – ঘেন্টাৰাম পাৰ্টী। ড্ৰেছ কোড ফুল চাৰ্ট, ফুল পেন্ট। কিন্তু সোঁহাতৰ চাৰ্ট আৰু বাঁও ভৰিৰ পেন্ট ওপৰলৈকে কোঁচাব লাগে। লেফ্ট ক’লে ৰাইট মাৰিব লাগে, ৰাইট ক’লে লেফ্ট। সেই অদ্ভুত ড্ৰেছ আৰু ভংগীমাত ঘেন্টাৰাম পাৰ্টীৰ মাৰ্চ পাষ্ট চলে সন্দিকৈ কলেজৰ ছোৱালী হোষ্টেলৰ ওচৰত থকা লাইট প’ষ্টলৈকে। লাইটৰ তলত বিহু নাচ। যেতিয়ালৈকে অতিষ্ঠ হৈ কোনো ছোৱালীয়ে পৰ্দা দাঙি নাচায়, ঘেন্টাৰাম পাৰ্টীৰ নিস্তাৰ নাই। চোৱাৰ লগে লগে ‘হেই চাইছে চাইছে’ বুলি চিঞৰি দুপাক মাৰি সিদিনাৰ কাৰ্যসূচী সমাপ্ত। ঘূৰি অহাৰ পিছত চিনিয়ৰৰ প্ৰশ্ন,
‘কেনেকুৱা লাগিল? ভাল লাগিল নে?’ ঘেন্টাৰাম হঁতৰ ‘ঔকাদ’ নাই বেয়া লাগিল বোলাৰ।
‘ভাল লাগিল দাদা ‘।
‘অ, ভাল লাগিবই।কাইলৈ আকৌ যাবি’ ।

এবাৰ আকৌ ৰাস্তাৰে গৈ থকা সন্দিকৈৰ ছোৱালী চাৰিজনীক জোকোৱাৰ আদেশ আহিল। পৰ্দাৰ আঁৰৰ পৰা জোকাইছে,
‘অ’ ভণ্টি, এইফালে এবাৰ আহাচোন আহা, ইমাননো কিহৰ লাজ?? ‘
সন্দিকৈৰ ছোৱালী সেই দিনতো সাংঘাতিক। আহিল নহয় চাৰিওজনী সোমাই কিয় মাতিছিলা বুলি। মুহূৰ্ততে চিনিয়ৰ পলাই পত্ৰং। ফচিল ঘেন্টাৰামহঁত।
‘এহ্ নহয় মানে.. এনেয়ে আৰু… চাহ খাবা নেকি..?’ ছোৱালীও কম নহয়, বোলে ‘যোৱা আনাগৈ’। তাৰ পিছত পকেটৰ পইচা ভাঙি পাণবজাৰৰ পৰা চাহ-চিঙৰা আনি তেওঁলোকক আপ্যায়ন।

এতিয়া শুনিবলৈ পাওঁ, UGCৰ কাঢ়া নিয়ম-নিৰ্দেশৰ অধীনত কটনৰ হোষ্টেল বোৰত কোনো ধৰণৰে ৰেগিং নহয়। বিশেষকৈ ছোৱালী হোষ্টেল কেইটাত। ভিতৰুৱাভাবে কিমান সঁচা অৱশ্যে নাজানো। সন্দেহ নাই যে এয়া এক অতি প্ৰয়োজনীয় পদক্ষেপ, কমবয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক নিৰাপত্তাৰ বাবে। কাৰণ বহু সময়ত সীমা চেৰাই যোৱা ৰেগিঙে বহু দূৰ্ঘটনাও ঘটায়।

কিন্তু যেতিয়াই আবেগিক মনটোৰে ভাবো, তেতিয়া লাগে কটন হোষ্টেলৰ ৰেগিঙৰ ধেমালি বোৰ বন্ধ হোৱাৰ লগে লগে হয়তো নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী বোৰে জীৱনৰ এক অন্যতম অভিজ্ঞতা হেৰুৱাইছে। হেৰুৱাইছে চিৰজীৱন ৰোমন্থন কৰিব পৰা এক আপুৰুগীয়া নষ্টালজিয়াৰ টোপোলা। ভৱিষ্যত প্ৰজন্মক কৈ লাভ কৰিব পৰা অনাবিল সুখ আৰু হাঁহিৰ এক চিৰপ্ৰবাহিত সেউজীয়া উৎস।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments