আগন্তুক — প্ৰাঞ্জল অনুভৱী

মহানগৰৰ এই জন-অৰণ্যৰ মাজত মানুহজনে কেনেকৈ জানো আমাৰ ভাৰাঘৰটো বিচাৰি উলিয়ালে !

অফিছৰ পৰা আহি ঘৰ সোমাইছিলোঁ মাথোঁ।

‘‘বোপা, চিনি পাইছা নে?’’- ড্ৰইং ৰুমৰ চোফাত বহি থকা মানুহজনে দুৱাৰমুখতে মোৰ মুখলৈ চাই হাঁহি মাৰি সুধিলে।

অসহায় ভাবে মানুহজনৰ মুখৰ ফালে চালোঁ।পাংশু মুখ।মূৰত আধা পকা,অবিন্যস্ত চুলি।মুখভৰ্তি দাঢ়ি।অপৰিপাটি,মলিয়ন পোছাক।

দ্ৰুতগতিত চিনাকি,আত্মীয়-স্বজনৰ মুখবোৰ মনত পেলাবলৈ চেষ্টা কৰিলোঁ।নাই।মনত নপৰিল।

‘‘মই মনোহৰ মামা।তোমাৰ যশোদা মামীৰ দূৰ সম্পৰ্কীয় ভায়েক। লেংটিচিঙাৰ।ইয়াত লাল গনেশত থাকোঁ।’’- মানুহজনে মোৰ অসহায় মুখখনৰ ফালে চাই পুনৰ হাঁহি মাৰি ক’লে।হাঁহিলে মানুহজনক অদ্ভুদ দেখি।ওপৰৰ পাৰিৰ সন্মুখৰ দাঁত দুটা নাই।

মই হাঁহিবলৈ চেষ্টা কৰি ক’লোঁ- “অ’ হয় নেকি?আপুনি অকণমান বহক দেই মামা।মই কাপোৰযোৰ সলাই লওঁ।”

মানুহজনক বহিবলৈ কৈ মই ভিতৰৰ কোঠালৈ সোমাই আহিলোঁ।পিছে পিছে শ্ৰীমতী সোমাই আহিল।শ্ৰীমতীয়ে মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। কি ক’ম? নিজেই চিনি পোৱা নাই! যশোদা মামীহঁতৰ লগত আমাৰ বহুবছৰ যোগাযোগ নাই।মামা কেতিয়াবাই ঢুকাল।সৰুটো ল’ৰা ভাইটিৰ বিয়াতো আমাক নামাতিলে!

মুখ-হাত ধুই আহি মানুহজনৰ ওচৰত সহজ ভাবে বহিলোঁ। শ্ৰীমতীক মাতি আনি চিনাকি কৰি দিলোঁ – “এখেত মনোহৰ মামা। লেংটিচিঙাৰ।’’

“মই চিনাকি হৈছোঁ দিয়া। তোমালৈয়ে বাটচাই আছিল।”- শ্ৰীমতীয়ে হাঁহি মাৰি ক’লে।

“কওকচোন মামা কি সকামত বা আহিল?”-মই পৰিৱেশটো সহজ কৰিবলৈ সুধিলোঁ।

“নাই,এনেয়ে আহিলোঁ।বাইদেৱে কৈছিল তোমালোক হেনো ইয়াতে আছা। সেয়েহে ভাবিলোঁ, তোমালোকক দেখা কৰি যাওঁ।মই ইয়াত অকলে থাকোঁ।মামীয়েৰা আৰু ছোৱালী দুজনী গাঁৱৰ ঘৰত থাকে। তোমালোক আছা যেতিয়া আহি থাকিম মাজে মাজে, নে কি কোৱা?”- মানুহজনৰ মুখত সেই অদ্ভুত হাঁহিটো পুনৰ বিৰিঙি উঠিল।

“ নিশ্চয় মামা- আহি থাকিব।আমাৰো ভাল লাগিব।”-মই শ্ৰীমতীৰ মুখৰ ফালে চালোঁ।

“ অ’ মামা আহি থাকিব।” শ্ৰীমতীয়েও হয়ভৰ দিলে।

মামাই মূৰ দুপিয়াই ক’লে -“আহিম,আহিম- অচিনাকি চহৰত নিজৰ মানুহৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ যাম ?”

তাৰপাছত সময়ে-অসময়ে মানুহজন আমাৰ ঘৰলৈ আহি থকা কৰিলে। দেওবাৰ, সোমবাৰ বুলি কথা নাই। সময়ৰ বাছ-বিচাৰ নাই। ৰাতিপুৱা, দুপৰীয়া কিম্বা আবেলি,যেতিয়াই মন যায় তেতিয়াই তেওঁ আহি আমাৰ ঘৰত উপস্থিত হয়হি। কেতিয়াবা মই অফিছত থাকোঁতে ভৰদুপৰীয়াও আহি ওলায় তেওঁ। শ্ৰীমতীয়ে ফোন কৰি জনায়- “মামা আহিছে।উঠাৰ লক্ষণ দেখা নাই। বোধহয় ভাত খাই যোৱাৰ মতলব। মই কি কৰোঁ, ঘৰত একো এটা নাই।”

“ঠিক আছে। এটা কাম কৰা, কণী আছে নহয়- অমলেট বনাই দিয়া। ৰাতিপুৱাৰ দালি-ভাজিতো আছেই।”

“হ’ব দিয়া।” – লাইনটো কাটি দিয়ে শ্ৰীমতীয়ে। কথা কোৱাৰ ধৰণৰটোৰ পৰা মোৰ বুজিবলৈ বাকী নাথাকে যে শ্ৰীমতীৰ খং উঠিছে। দুপৰীয়াৰ অকণমান সময় তেওঁ ৰেষ্ট লয়।টিভি চায়।নাৰী কেন্দ্ৰীক কিবা এখন চিৰিয়েল থাকে কোনোবা এটা চেনেলত। সেইখন চাই ভালপায় তেওঁ।কেতিয়াবা ভাতঘুমটি এটা মাৰে। কিন্তু মামা থাকিলেতো ভিতৰৰ কোঠাত সোমাই থাকিব লাগিব। হাজাৰ হ’লেও সম্পৰ্কত মামাশহুৰ।

অফিছৰ পৰা উভতি আহি দেখোঁ- মামা মলিয়ন গেঞ্জি এটা আৰু গামোচা পিন্ধি ডিভানত পেট পেলাই টিভি চাই আছে।

“ আহিলা ?”

“হয় মামা।আপুনি কেতিয়া আহিল?” ভদ্ৰতাৰ খাটিৰত কথাষাৰ সুধিলোঁ।

“দেৰি হ’ল। বোৱাৰীয়ে ভাত-পানী খোৱালে…।” তাৰপাছত অভিভাৱকৰ কৰ্তৃত্বৰ সুৰত কৈ উঠিল -“যোৱা যোৱা- মুখ-হাতখিনি ধুই লৈ কিবা অকণমান খাই লোৱা। ভাগৰে-জোগৰে আহিছা,  পিছে পৰেও কথা পাতিম।”

সঘনে আহি থকা মানুহজনৰ সৈতে পাতিবলগীয়া মোৰনো কি কথা থাকিব পাৰে? তদুপৰি অফিছ ছুটিৰ পাছত ঘৰলৈ উভতি আহি কাৰোবাৰ সৈতে কথা পতাৰ মোৰ  বিশেষ আগ্ৰহ নাথাকে।

অসম চৰকাৰৰ এগৰাকী সাধাৰণ কৰ্মচাৰী মই।দিনৰ দিনটো অফিছৰ ফাইলৰ মাজত ডুবি থাকোঁ। তিনিজন বিষয়াৰ ওচৰলৈ ভিন্ন বিষয়ৰ ফাইল লৈ মই দৌৰি থাকিব লাগে। তাৰ বাবে দিনটো কমেও পঞ্চাশ বাৰ মান চিৰি বগাই তলৰ মহলা,ওপৰ মহলা কৰি থাকিব লাগে। প্ৰস্তুত কৰিব লাগে ষ্টেটাচ ৰিপ’ৰ্ট,লিখি উলিয়াব লগা হয় দিশপুৰলৈ পঠাব লগা বিভিন্ন চিঠিৰ খচৰা।সেইবোৰ আকৌ কম্পিউটাৰত টাইপ কৰিব লাগে।স্কেন কৰি পঠাব লাগে ই-মেইল ।অন্য দহজন কৰ্মচাৰীৰ দৰে গছিপ কৰা, ফেছবুক-ৱাটচআপ চাই সময় কটোৱাৰ সুবিধা মোৰ নাই।কিবাকৈ এদিন আকস্মিক ছুটী ল’লেই অফিছৰ পৰা অবিৰত ভাবে আহি থাকে ফোন। মই নিজকে অফিছৰ এজন গুৰুত্বপূৰ্ণ কৰ্মচাৰী বুলি  নাভাবোঁ যদিও এটা কথা অস্বীকাৰ কৰাৰ কোনো উপায় নাই যে বছৰৰ পাছত বছৰ খালি হৈ থকা পদসমূহত নতুন কৰ্মচাৰী নিযুক্তি নিদিয়া বাবে মোৰ কামৰ বোজা দিনক দিনে  বাঢ়ি গৈ আছে।

অফিছ ছুটীৰ পাছত মোৰ আৰু ধৈৰ্য্য নাথাকে।কেতিয়া ঘৰ পাওঁ, কেতিয়া ঘৰ পাওঁ লাগি থাকে।ঘৰলৈ উভতি অহাৰ পাছত মোৰ অকণমান সময় শুবলৈ মন যায়।টিভিটো খুলি এখন সস্তীয়া বিনোদনধৰ্মী চিনেমা চাবলৈ মন যায়।বাতৰি-কাকত, আলোচনীৰ পাত লুটিয়াবলৈ মন যায়।কম ভলিউমত শুনিবলৈ মন যায় পুৰণি জামানাৰ গান।কিন্তু ঘৰলৈ উভতি আহি দেখোঁ ভৰি তুলি ডিভানত মামা বিদ্যামান।

যিমানেই আপোন নহওক কিয়, অনাহুত আলহীৰ সঘন উপস্থিয়ে গৃহস্থক বিৰক্তি কৰি তোলাতোৱেই স্বাভাৱিক।মোৰ কথা বাদ দিলেও শ্ৰীমতীৰ কথা-বতৰাৰ পৰা বুজিবলৈ বাকী নাথাকিল যে তেওঁ অত্যন্ত বিৰক্ত হৈছে। কেতিয়াবা ভৰদুপৰীয়া মামাই আলু ভাজি আৰু ৰুটি বনাবলৈ ফৰমাইচ দিয়ে। নেমু চেপি দিয়া ফিকা চাহ। কেতিয়াবা গৰম পকৰি।এদিন শ্ৰীমতীয়ে জনালে যে মামাই হেনো মাজে মাজে গাড়ীভাৰা বাবদ তেওঁৰ পৰা পইচা খোজে।কেবাদিনো শ্ৰীমতীয়ে পঞ্চাশৰ পৰা এশ টকা পৰ্যন্ত মামাৰ হাতত তুলি দিছে।

মই বুজি উঠিলোঁ কথাবোৰ এতিয়া সহজ হৈ থকা নাই।মামাৰ অনাহুত আগমনৰ বাবে আমি বহুদিন ক’লৈকো ওলাই যাব পৰা নাই। বন্ধৰ দিনত কেতিয়াবা আমি পৰিকল্পনা কৰোঁ- আজি কোনোবা এটা হলত মেটেনিশ্বো চিনেমা চাম।আবেলি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়িম।অলপ বজাৰ কৰিম। ৰাতিৰ আহাৰ হোটেলত খাই আহি শুই থাকিম।কিন্তু নহয়গৈ।মনোহৰ মামা আহি হাজিৰ।

শ্ৰীমতীয়ে অসহায় ভাবে ক’লে,“কিবা এটা কৰা ।”

“ কি কৰোঁ ?” মই সুধিলোঁ।

“ঘৰটো সলনি কৰোঁ দিয়া।”

মই বুজাবলৈ চেষ্টা কৰিলোঁ, গুৱাহাটী হেন মহানগৰত এনেকুৱা এটা সুবিধাৰ ভাড়াঘৰ হাতত আলাউদ্দিনৰ চাকি লৈ বিচাৰিলেও পোৱাতো সহজ নহ’ব।তাৰোপৰি ভাড়াঘৰ সলনি কৰা কাৰবাৰটো অত্যন্ত কষ্টকৰ আৰু বিৰক্তিদায়ক।

“তেনেহ’লে কি কৰিবা ?”শ্ৰীমতীয়ে অসহায় ভাবে সুধিলে।

“ মামীক ফোন কৰি কথাবোৰ জনাই দিওঁ নেকি?”

“ কি বুলি ক’বা?”

মই চিন্তা কৰিবলৈ ধৰিলোঁ ।আপোনাৰ সম্পৰ্কীয় ভায়েৰা আমাৰ ঘৰলৈ সময়ে-অসময়ে আহি আমাক আমনি দিয়ে।চাহ-ভাত খায়। শুই শুই টিভি চায়। মাজে মাজে পঞ্চাশ-এশ টকা গাড়ীৰ ভাড়া বাবদ খোজে – এনে ধৰণৰ অভিযোগ এটা নালিচ কৰাতো অন্ততঃ মোৰ দ্বাৰা সম্ভৱ নহ’ব।

কাৰোবাৰ বিপক্ষে কেতিয়াবা কিবা অভিযোগ দিয়াৰ কথা আজিলৈকে মোৰ মনত নপৰে।সৰুতে স্কুলত সমনীয়াৰ হাতত মাৰ খাই ঘৰলৈ উভতি আহিছিলোঁ।কেতিয়াবা হাত-ভৰিত তেজ বিৰিঙিছিল।ঘৰত কোনোবাই সুধিলে, খেলোঁতে দুখ পোৱা বুলি মিছা কথা কৈছিলোঁ।কলেজত পঢ়া দিনবোৰত বন্ধুবোৰে ধেমালিৰ চলেৰে মোক প্ৰায়ে ঠগিছিল। সকলো কথা গম পায়ো মই মনে মনে আছিলোঁ।এতিয়া অফিছৰ কলিগবোৰে কাৰো পৰা পইচা নলওঁ অথচ অতিৰিক্ত কাম কৰোঁ বাবে ধৰ্ম যুধিষ্ঠিৰ,কৰ্মবীৰ বুলি আলাঙে – আলেঙে মোক ফিচিঙা-ফিচিং কৰে।

মামীক ফোন  নকৰিলোঁ। মামা কিন্তু গতানুগতিক ভাবে আমাৰ ঘৰলৈ আহিয়ে থাকিল। বাঢ়ি থাকিল ফৰমাইচবোৰ। কোনোবাটো দেওবাৰত তেওঁ খাহীৰ মাংস খোৱাৰ ইচ্ছা জাগিল। কেতিয়াবা ভাপত দিয়া ইলিচ মাছ। মাজতে দুদিনমান শ্ৰীমতীৰ প্ৰেছাৰটো বাঢ়িল।মামাক বহিবলৈ কৈ ভিতৰৰ কোঠাত শুই থাকিল তেওঁ। অফিছৰ পৰা উভতি আহি ময়ে মামাক চাহ বনাই খুৱাব লগা হ’ল।

মাজতে কেইদিনমান মানুহজনৰ দেখা-দেখি নাছিল।দুয়ো স্বস্তিৰ নিঃশ্বাস এৰিলোঁ।সেই সুযোগতে এদিন অপ্সৰাত হিন্দীত ডাবিং ইংৰাজী চিনেমা এখন চালোঁ। এদিন ৰবীন্দ্ৰ ভৱনত চালোঁ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ নাটক- ‘শান্ত-শিষ্ট,হৃষ্ট-পুষ্ট, মহা দুষ্ট’। দুদিনমান সন্ধিয়া এনেয়ে পাৰ্কত বহিলোঁ।ফুটপাথত ৰৈ থিয় থিয়ই খালোঁ ফুচকা।

হঠাৎ কালি মামা সন্ধিয়া আমাৰ ঘৰত আহি উপস্থিত হ’লহি। হাতত এজাপ বিয়াৰ নিমন্ত্ৰণী চিঠি ।

চিঠি এখন মোৰ ফালে আগুৱাই দি মামাই হাঁহি মাৰি ক’লে- ‘‘ডাঙৰজনী ছোৱালীৰ বিয়া পাতিছোঁ। তুমি কিবা এটা সহায় কৰিবা বুলি আশা কৰিছোঁ।মোৰ অৱস্থাটোৰ কথাতো জানাই।’’

নাই, নাজনো। মামাই গুৱাহাটীত কি কৰে আমি কেতিয়াও সোধা নাই। মামায়ো আমাক একো কোৱা নাই।

মই ক’লোঁ- ‘‘ মামা, মন্দিৰ-চন্দিৰত….।’’

‘‘নালাগে নালাগে বোপাই, ঘৰৰ প্ৰথম বিয়া।’’- লগে লগে মামা হাঁহাকাৰ কৰি উঠিল।

শ্ৰীমতীৰ মুখৰ ফালে চালোঁ। তেওঁ বোধহয় মনে মনে হিচাব কৰি আছিল – মাহটো শেষ হ’বলৈ আৰু আঠ-দহ দিন বাকী। হাতত থকা পইচাখিনিৰে হাতত হাত ধৰি চলিলে খুব বেছি চাৰি- পাঁচ দিন যাব। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি মনোহৰ মামা আহিছে ছোৱালীৰ বিয়াৰ বাবে সাহায্য বিচাৰি !

ভিতৰৰ কোঠালৈ সোমাই গৈ শ্ৰীমতীক অনুচ্চ স্বৰত ক’লোঁ-‘‘হেৰা, এল আই চি প্ৰিমিয়াম দিবলৈ থোৱা টকা এহেজাৰ আছে নহয় ? তাকেই মামাক দিয়া ।’’

শ্ৰীমতীয়ে মোৰ ফালে কটমটাই চালে। আৰু অসন্তোষ মনেৰে টকাখিনি আনি মনোহৰ মামাৰ হাতত গুজি দিলে। দেখিলোঁ ,শ্ৰীমতীৰ মুখখন বাৰিষাৰ আকাশৰ দৰে ওন্দোলাই পেলাইছে।

মামা সন্তোষ মনে গুছি গ’ল। যোৱাৰ সময়ত দঢ়াই দঢ়াই বিয়ালৈ যাবলৈ অনুৰোধ কৰি গ’ল।

আমাৰ বিয়াত যোৱা নহ’ল।আগ্ৰহো নাছিল।

তেনেতে কিছুদিন পাছত শ্ৰীমতীৰ ককায়েকৰ ফালৰ পৰা এটা প্ৰস্তাৱ আহিল। বেলতলাত থকা ককায়েকৰ ভাৰা ঘৰটো খালি হৈছে। আমি যদি থাকিব খোজো সেই ঘৰটোত থাকিব পাৰোঁ।আগৰ মানুহ ঘৰে যি ভাৰা দিছিল সেই ভাৰা দিলেই হ’ব। কাকায়েকৰ যুক্তি হ’ল নিজৰ মানুহৰ হাতত ঘৰটো থাকিল ভালদৰে যত্ন কৰি ৰাখিব।

শ্ৰীমতীয়ে ক’লে – “ যাওঁ ব’লা। তোমাৰ অফিছৰ ওচৰতে হ’ব। এতিয়াৰ দৰে দুখন বাছ বগাই অফিছলৈ যোৱাৰ পৰা সকাহ পাবা। ককাইদেউহঁতৰ ঘৰৰ পৰা তোমাৰ অফিছলৈ দহ মিনিটতকৈ বেছি নালাগিব। কেতিয়াবা খোজ কাঢ়িও যাবা পাৰিবা। ওচৰতে বেলতলা বজাৰখনো আছে। শুনিছোঁ, বজাৰখনত ল’কেল শাক-চবজী, মাছ সস্তাতে পোৱা যায়। মামাৰ পৰাও ৰক্ষা পাম।”শেষৰ বাক্যটো কৈ শ্ৰীমতীয়ে মোৰ ফালে চাই হাঁহিলে।

“ সেইবোৰ বাৰু ঠিক আছে।কিন্তু আমি ঘৰ সলনি কৰাৰ কথাটো গম পালে মামাই নুশুধিব জানো?”

“ গম দিলেহে গম পাব।”

“মানে?”

“মামাই গম নোপোৱাকৈ অলপ অলপকৈ বস্তুবোৰ পেকিং কৰিম।আৰু এদিন ৰাতি ট্ৰাকত বোজাই দি মনে মনে গুছি যাম।”

শ্ৰীমতীৰ দিহাটো মোৰ ভাল নালাগিল। কিন্তু অনিচ্ছাস্বত্তেও তাকেই কৰিলোঁ। সৰু-ডাঙৰ মিলাই কেইবাটাও কাৰ্টন কিনি আনিলোঁ। এপদ-দুপদকৈ বস্তুবোৰ পেকিং কৰিলোঁ। আৰু এদিন ৰাতি চোৰৰ দৰে বস্তু-বাহানি ট্ৰাকত বোজাই দি গুছি আহিলোঁ বেলতলালৈ।

শ্ৰীমতীয়ে স্বস্তিৰ নিঃস্বাস এৰিলে। আৰু নতুন ঘৰটো সজোৱা-পৰোৱাত ব্যস্ত হৈ পৰিল।ময়ো তেওঁক সহায় কৰিবলৈ ধৰিলোঁ। পোন্ধৰ দিনমানৰ ভিতৰত ঘৰটো থান-থিত লাগিল।নতুন ঘৰটোৰ পৰা অফিছলৈ অহা-যোৱা কৰি মোৰ ভালেই লাগিল।কেতিয়াবা চিটিবাছত আৰু কেতিয়াবা খোজকাঢ়িয়ে উপস্থিত হ’লোঁ অফিছত। বেলতলা বজাৰত বজাৰ কৰিলোঁ।

দিনবোৰ ভালদৰেই পাৰ হ’বলৈ ধৰিলে।

তিনিমাহমান পাছত এদিন বাৰাণ্ডাত বহি চাহ খাই খাই  শ্ৰীমতী আৰু মই কথা পাতি  আছিলোঁ। তেতিয়া সন্ধিয়া নামিছে প্ৰায়।কজলা চাদৰ এখনৰ দৰে এন্ধাৰৰ পাতল ছাঁ এটাই ক্ৰমশ ঢাকি ধৰিছিল সমস্ত পাৰিপাৰ্শ্বিক পৰিৱেশ। অ’ত-ত’ত দুই এটা লাইট জ্বলি উঠিছে।

হঠাৎ কোনোবা এজন গেট খুলি সোমাই অহা দেখিলোঁ। সন্ধিয়াৰ পাতল অস্বচ্ছ পোহৰৰ মাজতো মানুহজনক চিনি পোৱাত মোৰ অকণো অসুবিধা নহ’ল। মামা। মনোহৰ মামা।

মই শ্ৰীমতীৰ মুখৰ ফালে চাই হাঁহি মাৰি ক’লোঁ- হেৰা, তোমাৰ আলহী আহিল।”

“কোন আলহী?”

“সেয়া চোৱা ।” মই গেটৰ ফালে ইংগিত কৰি দেখুৱালোঁ।শ্ৰীমতীৰ মুখখন হাঁকৈ মেল খাই গ’ল।

মামা ধীৰে ধীৰে বাৰাণ্ডাৰ ফালে  আগুৱাই আহিল। সেই একেই পাংশু মুখ।মূৰত আধা পকা,অবিন্যস্ত চুলি।মুখভৰ্তি দাঢ়ি।অপৰিপাটি,মলিয়ন পোছাক। আৰু মুখত সেই 
অদ্ভুত হাঁহিটো…।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments