আঘাট (প্ৰ্তিম প্ৰতাপ বৰুৱা)

আঘাট (প্ৰ্তিম প্ৰতাপ বৰুৱা)

 

গালত কেইবাবাৰো ঠাণ্ডা স্পৰ্শ এটা অনুভৱ কৰি আছে অৰিন্দম চৌধুৰীয়ে | কিন্তু চেষ্টা কৰিও চকুকেইটা মেলিব পৰা নাই | শেষত এবাৰ কোনোমতে চকুকেইটা মেলি লাহে লাহে উঠি বহিল | দেখিলে এটা কেঁচা ঘৰৰ মজিয়াত ধানখেৰৰ বিচনাত তেওঁ বহি আছে, সন্মুখত কেইজনমান সশস্ত্ৰ কুমলীয়া বয়সৰ যুৱক | এজন লৰাই হাতৰ পৰা এ.কে.৪৭ টো আঁতৰাই থৈ তেওঁক এবাতি পানী আৰু দুটা কল খাবলৈ দিলে | পানীগিলাচ হাতত লৈ লাহে লাহে অৰিন্দম চৌধুৰীয়ে মনত পেলাবলৈ চেষ্টা কৰিলে ঘটনাতো | বহুজাতিক কোম্পানী এটাৰ সাতখন চাহবাগিছাৰ মুখ্যাধিকাৰী তেওঁ | সকলোৰে সন্মুখতে দিন দুপৰতে চাহ-বাগিছাৰ ওচৰৰ পৰাই তেওঁক অপহৰণ কৰিছিল কেইজনমান সশস্ত্ৰ যুৱকে | টানি আনি গাড়ীখনত উঠায়েই তেওঁৰ নাকত ৰুমাল এখন হেচাঁ মাৰি ধৰিছিল এজন লৰাই | তাৰ পিছত তেওঁৰ একো মনত নাই |
বাহিৰলৈ চাই দেখিলে ৰাতিপুৱা হৈছেহে | তাৰ মানে তেওঁ ইতিমধ্যে প্ৰায় ১২ ঘন্টা অজ্ঞান হৈ আছিল | “মই ক’ত আছো আৰু তোমালোক কোন ?” – চৌধুৰীৰ প্ৰশ্নৰ উত্তৰত এজন লৰাই বিনয়েৰে ক’লে – “দাদা, আপুনি এতিয়া আমাৰ আলহী | আমি গণ মুক্তি বাহিনীৰ সদস্য | ইয়াত আপোনাৰ একো অসুবিধা নহয়”| “কিন্তু মোক তোমালোকে কিয় বন্দী কৰিছা ? আৰু মই ক’ত আছো ? মোৰ পৰিয়াল … ” – চৌধুৰীয়ে আৰু কিবা কোৱাৰ আগতেই লৰাজনে অকৌ বিনয়েৰে ক’লে – “দাদা, কেন্দ্ৰীয় কমিটিৰ আদেশ মতে আপোনাক আমি পণবন্দী হিচাপে আমাৰ লগলৈ আনিছো | ইয়াতকৈ বেছি মই একো নাজানো আৰু জানিলেও কোৱাৰ অধিকাৰ নাই | মই লেফটেনেন্ট বিজিত গগৈ | আপুনি মোক বিজিত বুলি মাতিব পাৰে |” চৌধুৰীয়ে লৰাজনলৈ চালে – প্ৰায় ছফুট ওখ, স্বাস্থ্যৱান এটা পাহোৱাল লৰা | হাব-ভাব কঠোৰ যদিও মাত-কথাবোৰ কোমল | লৰাজনে পুনৰ ক’লে – “দাদা, এতিয়া কিবা অলপ খাই লওক | অলপ পিছত ভাত খাব | আবেলি আমি ইয়াৰপৰা যাম | আৰু এই ট্ৰেকচুটযোৰ আৰু এই স্পৰ্টচ জোতাযোৰ পিন্ধি লব |” কথাষাৰ কৈ লৰাজন ওলাই গ’ল | বাকী লৰা চাৰিজনৰ তিনিজন ওলাই গ’ল আৰু এজনে নিৰবে চৌধুৰীলৈ চাই মিচিকিয়া হাহিঁ এটা মাৰিলে |
অৰিন্দম চৌধুৰীয়ে আকাশ-পাতাল ভাবি বহি থাকিল | এঘণ্টামানৰ পিছত হঠাত্‍ বিজিত ওলালহি আৰু খৰধৰকৈ চৌধুৰীক সাজু হবলৈ ক’লে | বুজালে – “দাদা, আমি এতিয়া যাম | পাৰিলে ভাত-পানী বাটতে খাই ল’ম | ইয়াৰপৰা দুঘন্টামান ধাননি আৰু হাবিৰ মাজেৰে খোজ কাঢ়ি আমি পাহাৰত উঠিম | পাহাৰত আমি ইংৰাজী জেদ আখৰটোৰ দৰে আগবাঢ়িব লাগিব | প্ৰত্যেকৰ মাজত ৬ ফুটমানৰ ব্যৱধান থাকিব | আগৰ লৰাজনে যি কৰিব আপুনিও তাকে কৰিব | সি আগবাঢ়িলে আপুনিও আগবাঢ়িব আৰু সি ৰৈ দিলে আপুনিও ৰৈ দিব | চিন্তা নকৰিব দাদা, আমি আছো | কিন্তু কোনো কথা নাপাতিব আৰু কোনো শব্দ নকৰিব | মোক কঠোৰ হবলৈ বাধ্য নকৰাব |” এইবুলি কৈ লেফটেনেন্ট বিজিত গগৈয়ে চৌধুৰীৰ হাতৰ বাউসীত এখন বগা ৰুমাল বান্ধি দিলে | খৰখৰকৈ, চুটি চুটি বাক্যৰে কোৱা বিজিতৰ কথাখিনি ভালকৈ বুজিব পৰাৰ আগতেই বিজিতে আদেশ দিলে – “মাৰ্চ” |
সাতজন সশস্ত্ৰ যুৱক, চৌধুৰী মাজত, সকলোৰে আগত লেফটেনেন্ট বিজিত গগৈ | পাহাৰ পাবলৈ দুঘণ্টাৰ ঠাইত তিনিঘন্টা লাগিল | চৌধুৰীৰ ভাগৰত ফোপনি ধৰি অৱস্থা নাই | পাহাৰৰ নামনিত এঘন্টা ৰৈ লগত লৈ যোৱা ভাত খোৱাৰ আদেশ দিলে বিজিতে | এতিয়ালৈকে সকলো আচৰিত ধৰণে নীৰৱ | কিবা এটা কব খুজিও সাহস কৰিব পৰা নাই চৌধুৰীয়ে |
এইবাৰ আৰম্ভ হ’ল পাহাৰীয়া বাট | সঁচাকৈয়ে ইংৰাজী জেদ আখৰটোৰ দৰে আগবাঢ়িছে সকলোৱে | মাজে মাজে খৰকৈ, মাজে মাজে অতি ধীৰে ধীৰে, মাজে মাজে ৰৈ ৰৈ, চাৰিওফালে উমান লৈ লৈ | যিমানে উপৰলৈ উঠি গৈছে সিমানেই হাবি-বননি ঘন হৈ গৈছে | চৌধুৰীয়ে ভাবিলে – “অসমত এনে পাহাৰ আছে জানো ? আমি এতিয়া নিশ্চয় নাগালেণ্ডৰ কোনোবা পাহাৰত” | একা বেঁকা পথত চৌধুৰীয়ে বিজিতক দেখা পোৱা নাই | এসময়ত গধুলি হ’ল আৰু আন্ধাৰে বাট পথ মনিব নোৱাৰা কৰিলে | কিন্তু বিজিতহঁতে আগবাঢ়িয়ে আছে | চৌধুৰীৰ পিছত থকা লৰাজন আগবাঢ়ি আহি চৌধুৰীৰ লগে লগে খোজ কাঢ়িছে | মাজতে বিজিতে সন্মুখৰ পৰা মেচেজ পঠালে – “সকলো ঠিকে ঠাকে আহি আছেনে ?” মেচেজটো এজন এজনৰ মুখেৰে পিছুৱাই আহি থাকিল | একেবাৰে শেষৰ জনে দিয়া “আহি আছো” উত্তৰটো আকৌ এজন এজনৰ মুখেৰে আগুৱাই গৈ বিজিতৰ ওচৰ পালেগৈ |
এসময়ত সকলো গৈ এডোখৰ মুকলি ঠাইত উপস্থিত হ’লগৈ | চৌধুৰীয়ে আচৰিত হৈ দেখিলে তাত সৰু ত্ৰিপালেৰে ধকা তম্বুৰ দৰে এটা ঘৰ আছে | লেফটেনেন্ট বিজিত গগৈ ওচৰ চাপি আহিল আৰু চৌধুৰীক কলে – “পালোহি দাদা | আজি আৰু আগনাবাঢ়ো | এয়া আমাৰ ১১ নং বেটেলিয়নৰ সীমান্ত | দুজন লৰাই ইযাত পহৰা দিয়ে | আমি ইয়াতে জিৰণী লম ৰাতিটোৰ বাবে | আপুনি তম্বুত গৈ শোৱক |”
ভাগৰত পৰি যাওঁ যেন হোৱা চৌধুৰী তম্বুটোলৈ সোমাই গ’ল | বিজিতে আকৌ আহি চৌধুৰীক দুটামান বনৰীয়া কল দি ক’লে – “দাদা এইকেইটা খাই শুই থাকক | কিবা অসুবিধা হলে আমি আছো | আজি ৰাতিটোৰ বাবে পাচৱৰ্ড হ’ল স্বাধীনতা | ৰাতি বাহিৰলৈ ওলালে আপুনি চন্তৰীক পাচৱৰ্ড কব লাগিব | কব নোৱাৰিলে গুলীয়াই মাৰি পেলোৱাটো নিয়ম | শুভৰাত্ৰি দাদা |” ইমানদেৰী ভালকৈ কথাবোৰ চিন্তা কৰিব পৰা নাছিল চৌধুৰীয়ে | এইবাৰ প্ৰথমবাৰৰ বাবে নিজৰ কথা ভাবিলে চৌধুৰীয়ে | এতিয়া কি হব ?
ৰাতিপুৱা ভালকৈ পোহৰ হোৱাৰ আগতেই কোনোবাই জগুৱাই দিলেহি চৌধুৰীক | লৰাজনে ক’লে – “দাদা আপোনাক ৫ মিনিটৰ পিছত চাৰে মাতিছে | সাজু হৈ লবলৈ কৈছে |”
৫ মিনিটৰ পিছত চৌধুৰীক এজনে বিজিতৰ ওচৰলৈ লৈ আনি বহিবলৈ দিলে | বিজিতে হাঁহি এটা মাৰি ক’লে – “আহক দাদা, কল আৰু ঠান্ডাপানীৰে ব্ৰেকফাষ্ট কৰি লওঁ |” চৌধুৰীয়ে বহি লৈ কল এটা তুলি লৈছিলহে – হঠাত্‍ একেলেগে তিনিফালৰ পৰা গুলীবৰ্ষণ আৰম্ভ হৈ গ’ল | ক’ত কি হৈছে ধৰিব পৰাৰ আগতেই বিজিতে চৌধুৰীক হেঁচা কাৰি মাটিত শুৱাই দিলে | তাৰ পিছৰ ১৫ মিনিট সময় মাত্ৰ গুলী গুলী আৰু গুলী | এবাৰত চৌধুৰীয়ে স্পষ্টকৈ দেখিলে বুকুত গুলী লাগি বিজিত লুটি খাই পৰিছে – কিন্তু তথাপিতো এৰি দিয়া নাই নিজৰ বন্দুকটো | এটা সময়ত সকলো শান্ত হৈ পৰিল | বুটজোতাৰ কাষ চাপি অহা শব্দ আৰু মাজে মাজে এটা দুটা গুলীৰ শব্দ | শেষত সকলো নিজম পৰিল | গাৰ কাষতে হিন্দী ভাষাৰ মাত কথা শুনি চৌধুৰীয়ে হাত ডাঙি থিয় হৈ দিলে | লগে লগে কেইবাজনো চৰকাৰী সৈন্যই বন্দুক টোঁৱাই আগবাঢ়ি আহিল | এজন সৈনিকে ওচৰ চাপি আহি সুধিলে – “অৰিন্দম চৌধুৰী ৰাইট ? আৰ ইউ ওকে ?” চৌধুৰীয়ে ক’লে – “ইয়াহ, থেংক ইউ |” চাৰিওফালে চাই তেওঁ দেখিলে ৯ জন যুৱকৰ তেজেৰে তুমৰলি নিঠৰ দেহা | বিজিতৰ বুকু আৰু কপালত গুলী লাগিছিল | ডেকা সৈনিকজনে ক’লে – “মিষ্টাৰ চৌধুৰী, প্লীজ চিট | আই এম কেপ্তেইন আকাশ | ইউ আৰ ফ্ৰী নাও | ৱি ৱিল টেক ইউ তু ইউৰ হোম |” তাৰ পিছত কেপ্তেইন আকাশে ফিল্ড টেলিফোনত মেছেজ পঠালে – “আলফা তু ডেল্টা, মিছন একমপ্লিচড | অল হেভ বিন লিকুইডেটেদ |” চৌধুৰীয়ে ডেকা কেপ্তেইনজনলৈ চালে | বিজিতৰ দৰেই ছফুট ওখ এটা পাহোৱাল ডেকা, কঠোৰ ভাৱ-ভঙ্গী | গোটেইকেইটা মৃতদেহ কাপোৰেৰে মেৰিয়াই লৈ যাবলৈ সাজু কৰিবলৈ আদেশ দিলে কেপ্তেইনে | চৌধুৰীয়ে আচৰিত হৈ দেখিলে কেপ্তেইনজনে নিজে বিজিতৰ হাতৰ পৰা বন্দুকটো আঁতৰাই আনিছে আৰু বিজিতৰ হাত দুখন একেলগ কৰি বুকুৰ ওপৰত তুলি দিছে | তাৰ পিছত গছৰ পৰি থকা পাত এখিলাৰে বিজিতৰ কপালেৰে বৈ অহা তেজখিনি মচি দিছে | চৌধুৰীয়ে ওচৰ চাপি গৈ ক’লে – “আৰ ইউ অলৰাইট কেপ্তেইন ? হি ৱাজ লেফটেনেন্ট বিজিত গগৈ |”
তলৰ ওঠটো দাঁতেৰে কামুৰি ধৰি উঠি আহিল কেপ্তেইন আকাশ | চৌধুৰীয়ে দেখিলে দুচকুৰে সৰসৰকৈ চকুপানী বৈছে কেপ্তেইন আকাশৰ | “হোৱাট হেপেনড কেপ্তেইন ? এনিথিং ৱেন্ট ৰঙ ?” চৌধুৰীয়ে সুধিলে | কেপ্তেইন আকাশে ক’লে – “দাদা, এয়া লেফটেনেন্ট বিজিত গগৈ নহয় | এয়া প্ৰকাশ শইকীয়া | মোৰ মৰমৰ দাদা প্ৰকাশ শইকীয়া |” তাৰ পিছত নিজৰ হাত দুখনলৈ চাই উচুপি উঠিল ডেকা কেপ্তেইন আকাশ শইকীয়াই | হাতত তেতিয়াও লাগি আছে মৰমৰ ভাতৃৰ কেচা তেজ |

aghat

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক