আঘোণৰ পথাৰত বন্দী জীৱন (মাধুৰীমা ঘৰফলীয়া)

আঘোণৰ পথাৰত বন্দী জীৱন

ফিৰফিৰকৈ বতাহজাক বলি আছে। শাওণৰ বতাহ ,গতিকে বতাহে লগতে ক’ৰবাৰ পৰা কোমল কঠীয়াৰ গোন্ধ এটাও কঢ়িয়াই আনিছে। বন বন গোন্ধ। পুতুৱে নাকটো উজাই উজাই গোন্ধটো ল’ব খুজিলে। তাৰ বাবে এই গোন্ধটো মাকৰ গাৰ গোন্ধৰ দৰেই প্ৰিয়। টুপুক টুপুকৈ শব্দ কেইটামান হ’ল। পুতুৱে শব্দৰ উৎসটোৰ ফালে চালে। কাৱৈ টিলিকা কেইটামানে সৰু পুখুৰী এটাত জঁপিয়াই আছে। খেল খেলিছে চাগৈ। দেউতাকৈ কৈছিল এই কাৱৈ টিলিকাবোৰে পুখুৰীত ইমানকৈ খলকনি লগাই থাকে যে মানুহে ঢেৰ মাছ আছে বুলি প্ৰায়ে ভুল কৰে।
-শনাহী, নামিলিনে আলিটোৰ পৰা! শেষ শেষ তেনেই শেষ কৰিলে! মানুহটোৰ সাক্ষাতেই এনেকৈ ফেনেকিছে, নাথাকিলে এইবোৰ আলি কৰি থ’বনে! বেতকাঁইট নিদিলে নহ’বইচোন!
গোন্ধ আৰু মাছৰ খেলৰ মাজত মগ্ন হৈ আহি থাকোঁতে পুতুৱে কেতিয়ানো কেঁচা আলি এটাত উঠিলহি গমেই নাপালে। আলি দি থকা নেগুৰ বুঢ়াই তাকে দেখি গমগমাই উঠাতহে তাৰ চকু আলিলৈ গ’ল। লৰালৰিকৈ আলিটোৰ পৰা নামি পথাৰৰ পৰা বোকা অলপ লৈ আলিটো ভাগি যোৱা অংশটো ঠিক কৰিবলৈ লাগিল।
-আঁতৰ হ। এতিয়া আলি বান্ধি দেখুৱাব নালাগে।
পুনৰ ধমকি এটা দি নেগুৰ বুঢ়াই কোৰেৰে বোকা অলপ আনি আলি ওপৰত দি দিলে। পুতুৱেও চুচুক-চামাককৈ আঁতৰি আহিল। বুঢ়াই তেতিয়াও ভোৰভোৰাই আছিল। সি বাৰু নেগুৰ বুঢ়াৰ মাটিৰ আলিহে গচকিব লাগেনে! আজি দিনটো ভালে নাযাবা যেন পাইছোঁ।
নেগুৰ বুঢ়াৰ নামটো সিহঁত ল’ৰাবোৰেই দিয়া নাম। বুঢ়াৰ ধুতিৰ পোন্ধটোৰ এটা চুক সদায় ওলমি থাকে কাৰণে ল’ৰা-ছোৱালীবোৰে নেগুৰ বুঢ়া নাম দিলে। বুঢ়াই দিনৰ দিনটো পথাৰতেই পিটিকি পিটিকি কাম কৰি থাকে। আৰু ল’ৰা-ছোৱালীবোৰে পথাৰত গৈ টিঘিলঘিলাই থাকিলে কিবা এটা নহয় কিবা এটা চেলু উলিয়াই গালি দিবই দিব।
-পুতু সোনকালে আহ।
মাকৰ চিঞৰ শুনি পিছপৰি যোৱা পুতুৱে খৰকৈ খোজ দিলে।
পুতুৰ স্কুল বন্ধ। গতিকে পুৱাৰে পৰা মাকক খাটনি ধৰি আছিল যে সি আজি পুৱাৰ ভাত দেউতাকৰ সৈতে পথাৰতে খাব। মাকেও আপত্তি নকৰিলে। পথাৰত ভাত খাইতো সকলোৰে ভাল লাগে। কিবা যেন বেলেগ এটা সোৱাদ লাগে। মাকৰ অনুমতি সাপেক্ষে সেইবাবে এতিয়া সি পথাৰত। পুতুৱে পিছে কেৱল ভাত খাবলৈকে পথাৰলৈ অহা নাই। সি আজি মৈত উঠিব। এই বছৰ মৈত উঠাই হোৱা নাই। দেউতাকৰ দৰে নাঙলত ধৰি হাল বাবলৈও তাৰ বিৰাট মন যায়; পিছে নাঙলটো সি এতিয়াও ভালকৈ ধৰিব পৰা হোৱাগৈ নাই। যিদিনাই পাৰিব সেইদিনাই হাল বাব।
-তোক কথা এটা ক’বলৈ পাহৰিছিলোঁ অ’ …কালি বৰ তলত ৰমেনক লগ পাইছিলোঁ, সি কথা এষাৰ কৈছিল…
-সেই জহনীটোৰ লগ আকৌ নালাগিব হ’লে কৈ দিছোঁ।
-নহয় অ’ কথাষাৰ ভাবি চাচোন নিজৰ মাটি থাকোঁতেও কিমান আৰু লোকৰ মাটিত খেতি কৰিম। ইমান কষ্ট কৰি খেতি কৰিম আৰু আধিয়াৰ বাবেই আধা খেতিৰ ধান আনক দি দিম! বুকুখন হমহমাই যাই অ পুতুৰ মাক।
-মানুহ কাটিবলৈ যোৱাৰ আগত সেইবোৰ কথা ভাবিব লাগিছিল। মই কৈ দিছোঁ সেইটোৰ কথা নুশুনিব। কিবা যদি কৰোঁ বুলি ভাবিছে ইয়াতে কৰক। মানুহে ইয়াতে কাম কৰি খোৱা নাইনে?
ভাত খাই থাকোঁতে পুতৱে মাক দেউতাকৰ কথা-বতৰাবোৰ মনে মনে শুনি থাকিল। দেউতাক বা আকৌ কি কৰিম বুলি কৈছে? দেউতাক বাৰু আকৌ ক’ৰবালৈ যাব নেকি? দুবছৰমানৰ আগত দেউতাক বহুদিন ঘৰত নাছিল। বৰ বেয়া লাগিছিল সেইকেইদিন। মাককো প্ৰায়েই মনে মনে কান্দি থকা দেখিছিল। গাঁৱৰ মানুহবোৰ ঘৰলৈ আহিলে কথা পাতিছিল দেউতাকে হেনো সিখন গাঁৱৰ মদন দদাইক দাৰে ঘপিয়ালে। মদন দদাই হাস্পতালত বাচিলগৈ পিছে কেছ লাগি দেউতাকে চাৰিমাহ জেল খালে। মাকে খেতিৰ মাটি সোপাকে বন্ধক দি বাপেকক মোকলাই আনিছিলগৈ। পুতুৱে পাছতহে ঘটনাটো গম পাইছিল। তাতকৈ ডাঙৰ ককায়েক এটাই গোটেই ঘটনাটো কেনেকৈ হ’বলৈ পালে সহজ ভাষাত বুজাই কৈছিল।
বিধানসভাৰ নিৰ্বাচনৰ বতৰ আছিল। ৰমেনৰ লগ লাগি পুতুৰ দেউতাকৰ গাতো নিৰ্বাচনীৰ বতাহ লাগিছিল। নিৰ্বাচনৰ পাছদিনা কোন জিকিব কোন হাৰিব তাকে লৈ ভেতুৰ দোকানৰ চুলাইৰ আড্ডাটো গৰম হৈ উঠিছিল। কথা-বাৰ্তাবোৰ ইমান উত্তেজিত হৈ পৰিলগৈ যে এটা সময়ত পুতুৰ দেউতাকে নিজৰ খংটো দমাই ৰাখিব নোৱাৰি লগত এনেই লৈ যোৱা দাখনৰে বিপৰীত দলৰ সমৰ্থক মদনৰ গাত ঘাপ কেইটামান বহুৱাই দিলে। গোটেইখন হৈ চৈ লাগিল। চৰকাৰী ঘৰ পোৱাৰ আশাত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ঘূৰা পুতুৰ বাপেকে ঘৰ পোৱাটো দূৰৈৰ কথা উত্তৰাধিকাৰী সূত্ৰে যিকেইডৰা মাটি পাইছিল সেইকেইডৰাও কেছ খেলোঁতে বন্ধক গ’ল।
ৰাতি পুনৰ কিবা এটা কথাত বাপেক মাকৰ তৰ্কা-তৰ্কি শুনিলে। দিনৰ দিনটো টিঘিলঘিলাই থকা পুতুক টোপনিয়ে বৰকৈ আমনি কৰি থকাৰ বাবে কথাবোৰ বৰকৈ মন দি নুশুনিলে।
শাওণ গৈ ভাদ সোমাল। খেতিও উঠিল। নাঙল ধোৱা পিঠাও খোৱা হৈ গ’ল। তাৰ পাছতে এদিন পুতুক অবাক কৰি দেউতাক ক’ৰবালৈ যাবলৈ সাজু হ’ল। মাকক পেঘেনিয়াই পেঘেনিয়া সোধাত খঙৰে ক’লে-বাপেৰে টকা ঘটিবলৈ যায়। সেই ৰমেন নামৰ শনিটোৰ সৈতে লগ লাগি দক্ষিণ ভাৰতৰ কোনোবা চহৰলৈ যায় বোলে। গাঁৱৰ দেউধনহঁত যে গৈছে সেই তালৈকে!
-হেহ সেই সৰু ল’ৰাটোৰ আগতনো তেনেকৈ কিয় কৈছ? আৰু মই কিবা নিজৰ কাৰণে যাওঁনে? ৰমেনহঁতে কৈছে তাত কাম কৰিলে যিমান দৰমহা পাই সিমান দৰমহাৰে তিনিমাহতে মই আৰামত বন্ধকী মাটিখিনি খুলিব পাৰিম। ইয়াত চাকৰি-বাকৰি এটাও পাবলৈ নাই। আমাৰ দৰে দুখীয়াৰ কপালত একোৱেই নাথাকে।
-চাকৰি পাবলৈ ভালদৰে পঢ়া শুনা কৰিছিল জানো? পঢ়াৰ দিনকেইটা মোৰ পাছে পাছে ঘূৰি ফুৰোঁতেই গ’ল। এতিয়া কপালক দোষ দি কি লাভ!
-তোৰ মুখখন যে ইমান তিতা! মোৰ ঠাইত বেলেগ এটা মতা হোৱা হ’লে তোৰ পিঠিত ইমান দেৰি জেউৰা খৰি ফালিলেহেঁতেন!
খঙেৰে বাপেক আঁতৰি গ’ল। মাকো ভোৰভোৰাই পাকঘৰত সোমালগৈ। মাথোঁ থকা ঠাইতে পুতু থৰ হৈ ৰৈ থাকিল।
এসপ্তাহৰ পাছত বাপেক সঁচাকৈ গ’ল। পুতুৱে মাকক সেইদিনা আকৌ উচুপি উচুপি কন্দা দেখিলে।
আঘোণ মাহ সোমাল। দেউতাক ঘৰলৈ নাহিল। বৰ ব্যস্ত বোলে। আনকালে বাপেকে হোলাং সাজি দিয়ে। পুতুৱে এইবাৰ নিজেই হোলাং কাটিলে। স্কুল ছুটি হোৱা লগে লগেই হোলাংডাল লৈ পথাৰ পায়গৈ। ধান দাই থকা মাকৰ আশে পাশে সি চেঁচু খান্দি থাকে। যেন দেউতাকৰ সলনি সি এতিয়া মাকৰ ৰখীয়া! মাকে দেউতাকে পঠিওৱা পইচাৰে হাজিৰা দি ধানখিনি ভঁৰালত ভৰালেগৈ। পুতুৱেও আনকালৰ দৰে দেউতাকে সাজি দিয়া সৰু বিৰীয়াডাল লৈ ধান কঢ়িয়ালে। ধান মানে আগতে দুফালে এটাকৈ মুঠি লৈছিল এইবাৰ দুটাকৈ মুঠি লৈছে। ন-খাবৰ দিনা মাকক আকৌ এবাৰ মনে মনে কন্দা দেখিলে। সেইদিনা তাৰো দেউতাকলৈ মনত পৰি দুখ লাগিছিল।
বাপেক আহিল। মাঘবিহুৰ আগে আগে পুতুৰ বাপেক আহিল। দেউতাকক দেখি পুতুৰ মনটো দুখত কোঁচ খাই উঠিল। দেউতাক ইমান খীণালে! চকু দুটা গাঁতত সোমাই যোৱাৰ দৰে হ’ল। আগৰ দৰে কথাও পতা নাই। গহীন হৈ ঘৰৰ ইফাল সিফাল কৰি আছে। পুতুও বৰকৈ সহজ হ’ব নোৱাৰিলে। চাদৰৰ আঁচলৰে চকু পানী মচি মচি মাকেও বাপেকক আলপৈচান ধৰিলে।
দুদিন পাৰ হ’ল। তৃতীয় দিনা কোৰখন লৈ পুতুৰ বাপেক ঘৰৰ বাৰীত সোমাল। দুঘণ্টামান একেৰাহে কাম কৰি চাহপানী খাবলৈ বুলি বাৰাণ্ডাত বহিলহি। মাকে দিয়া ভুৰভুৰীয়া পিঠা এখন লৈ পুতুৱেও মাক-দেউতাকৰ শাৰী পোনাই বহি ল’লে।
-দেতা, আপুনি আকৌ কেতিয়া যাব? আপুনি নাথাকিলে ঘৰত থাকিবলৈ মন নাযায়।
পুতুৰ প্ৰশ্নটো শুনি চাহ খাই থকা পুতুৰ বাপেকে চাহ খাবলৈ এৰি পুতুৰ মাকলৈ চালে। মাকৰ চকুতো যেন তেওঁ সেই একেটাই প্ৰশ্ন দেখা পালে। চাহৰ বাতিটো মাটিত থৈ তেওঁ পুতুক নিজৰ কোঁচলৈ টানি আনিলে।
-মই আৰু নাযাওঁ বুজিছ পুতু। সদায় ঘৰতেই থাকিম।
-নাযায় মানে কাম কৰি আমনি লাগিল নে আন কিবা হ’ল ?
পুতুৰ সলনি এইবাৰ পুতুৰ মাকহে প্ৰশ্ন কৰিলে। তাকো খঙেৰে। বাপেকে মাকৰ খংটোক বৰ গুৰুত্ব নিদি পুতুৰ চুলিত আঙুলি বুলাই সহজ ভাবেই উত্তৰ দিলে,
-কামলৈ জানো মোক কোনোবা দিনা ভয় কৰা দেখিছ পুতুৰ মাক ? কামলৈ ভয় কৰি নহয় আন এটা কথা ভাবিহে মই নাযাওঁ বুলি সিদ্ধান্ত লৈছোঁ। বোপায়ে দি থৈ যোৱা ইমানবোৰ মাটি আছে, থাকক যেনিবা দ মাটিখিনি বন্ধকত, বাম বাৰীখনতো এতিয়াও নিজৰ হৈ আছে। এইবাৰ তাত বাম খেতি কৰিম। বুজিছ পুতুৰমাক, আনৰ ৰাজ্যত গৈ টকা ঘটিবলৈ মই যিমান কষ্ট কৰিলোঁ তাৰ আধাও কষ্ট যদি মই ঘৰৰ মাটিখিনিত কৰিলোঁহেঁতেন এইবাৰ গোটেইখিনি দ মাটিৰ বন্ধক খুলিব পাৰিলোঁহেঁতেন। এই যে কয় বাৰীৰ ঘাঁহে ঘৰৰ গৰুৰ ৰাহি-যোৰা নিমিলে মোৰ তেনেকুৱাই হৈছিল বুজিছ!
-দেতা ময়ো আপোনাৰ সৈতে খেতি কৰিম দেই! মই আজিকালি নাঙলটো ভালকৈ ধৰিব পৰা হৈছোঁ নহয়।
দেউতাকৰ কান্ধত ওলমি ওলমি পুতুৱে স্ফূৰ্তি কৈ উঠিল।
-ও ও তই আৰু মই দুয়োটাই একেলগে খেতি কৰিম। ভাল খেতিয়ক হ’ম দেই!
দেউতাকৰ কথা শুনি পুতুৱে আনন্দত কিৰীলি পাৰি উঠিল। আৰু পুতুৰ মাকৰ মুখখন? সেই মুখখন যেন আঘোণৰ পথাৰখনহে, ঠিক তেনেকৈয়ে উজ্জ্বলি উঠিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক