আঘোণৰ পথাৰত মোৰ অনুভৱ (দুলাল বৰুৱা)

(আজিকালি আহিনতে পকা ধানে ভুমুকি মাৰে আৰু আঘোণত নঙঠা পথাৰখনে নীৰৱে চকুলো টোকে । সময়ৰ সোঁতে কাঢ়ি নিছে আমাৰ সম্পদ । আজি আঘোণৰ পথাৰেও হেৰূৱাইছে নিজৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য …)

ধানেই অসমীয়াৰ মান। ধানে আঘোণৰ পথাৰত হাঁহে আৰু আমাকো হঁহুৱায় । ধান মৌচুমী অঞ্চলৰ প্ৰধান শস্য, অসমৰ মূল সংস্কৃতি। কৃষিপ্ৰধান গ্ৰাম্য সংস্কৃতিৰ ভেটি। ধানে আমাৰ সাংস্কৃতিক জীৱনত প্ৰধান ভুমিকা পালন কৰি আহিছে । আজি সময়ৰ গতিত যেন হেৰাই যাবলৈ লৈছে আঘোণৰ ধাননি পথাৰৰ সুবাস । আজি ধাননি পথাৰত শুনা নাযায় ডেকা-গাভৰূৰ কিৰিলি । দাৱনীয়ে দাই থৈ যোৱা পথাৰত ল’ৰা-ছোৱালীয়ে লেছেৰী বুটলিবলৈ নোযোৱা হ’ল । তাৰ ওপৰিও ম’হ শিঙিয়া বিৰিয়া, বৰা, জহা, মালভোগ, চকোৱা, শলপোনা আদি ধানৰ ডাঙৰী চিপ মাৰি তুলি সোণগুটিৰ ৰূণজুন শব্দেৰে ঘৰলৈ কঢ়িওৱা ডেকা পথাৰত নোহোৱা হ’ল । নিখোঁজ হ’ল গাঁৱলীয়া বাটেৰে ডাঙৰী কঢ়্ওৱা গৰু-ম’হৰ গাড়ী । হেৰাই গ’ল আজি চাৰি/পাঁচ ঠৰিয়া ডাঙৰি । নাজানো আজি আঘোণৰ অফুৰন্ত উন্মাদনা ক’ত হেৰাই গ’ল । পূৰ্বৰ দৰে গাঁৱত নাই ন-খোৱাৰ আয়োজন । পুখুৰী সিঁচি অনা মাছেৰে আয়োজন কৰা ন-খোৱাৰ কথা আজি অতীত হ’ল । চুঙা-চাউল, চেৱা দিয়া বৰা চাউল আজি আমাৰ বাবে অচিনাকী শব্দ হ’ল । বৰ্ণশংকৰ ধানৰ পয়োভৰে আমাৰ থলুৱা ধানৰ মূধা মাৰিলে। আজিকালি আহিনতে পকা ধানে ভুমুকি মাৰে আৰু আঘোণত নঙঠা পথাৰখনে নীৰৱে চকুলো টোকে । সময়ৰ সোঁতে কাঢ়ি নিছে আমাৰ সম্পদ । আজি আঘোণৰ পথাৰেও হেৰূৱাইছে নিজৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য ……….!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক