আঘোণৰ সোণসেৰীয়া অনুভৱ – পৰিস্মিতা বৰদলৈ

আঘোণ মানেই যেন সোণগুটি চপোৱাৰ বতৰ, লখিমী আদৰাৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সপোন অঁকা কৃষকৰ সেই সপোনক বাস্তৱত পোৱাৰ বতৰ। পথৰুৱা ঠেক আলিবোৰেদি কান্ধত বিৰিয়া লৈ ডাঙৰি কঢ়িওৱা ছবিখন নতুবা আঘোণমহীয়া মিঠা ৰ’দচেৰেঙাৰ আমেজ লৈ দাৱনীসকলে পথাৰৰ মাজতে কলপাতত ৰবাব টেঙা, লোণ আৰু জলকীয়াৰে লোৱা জুতিৰ নামেই যেন আঘোণ। গাঁৱে, চুবুৰীয়ে ন সাজ লগেভাগে খোৱাৰ বতৰ আঘোণ। আঘোণ মানেই হেমন্তৰ হালধীয়াৰ সৈতে পথাৰৰ সোণোৱালী সংপৃক্ত হৈ পতা ৰঙৰ মেলা। শীতক আদৰাৰ প্ৰস্তুতি যেন আঘোণতেই হয়। ঘৰেঘৰে মেটমৰা ভঁৰাল। চোতালত খেৰৰ পাহাৰ। সৰু সৰু ল’ৰাছোৱালীৰ সেই খেৰৰ লগতে কৰা খেলা। সময় পৰিৱৰ্তন হৈছে যদিও আঘোণৰ এই ছবিখন আজিও কোনো কোনো ঠাইত আজিও আছে।

আঘোণ বুলিলেই নিজৰ মনটোওচোন উৰা মাৰে তাহানিৰ সেই দিনবোৰলৈ। আমাৰ ঘৰটো যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছিল তথাপিও দাঁতিকাষৰীয়া দুয়োখন গাঁৱৰ সংস্পৰ্শলৈ আহি থকাৰ বাবে তেতিয়া আমাৰ থকা অঞ্চলটো একেবাৰে টাউন বুলিও ক’ব পৰা নগৈছিল সেই সময়ত। অৱশ্যে আজিৰ কথা বেলেগ। কিন্তু কোৱা হৈছে সেই আমি এল. পি স্কুলত পঢ়ি থকা সময়ৰে কথা। আমাৰ মালৌপথাৰত আধিয়াৰত কৰিবলৈ দিয়া কিছু ধানখেতি আছিল। মনত পৰে এনেকুৱা দিনতেই দলৈ বৰদেউতা(মালৌপথাৰৰ বাসিন্দা)গৰুগাড়ী এখন চলাই তাতে ধানৰ ডাঙৰিবোৰ উঠাই আনে। ধানৰ গাড়ী আহিব বুলি জনাৰ লগেলগেই আমাৰ জপনাৰ সন্মুখত টিৰ্পাল পাৰি দিয়া হয় যাতে ধানবোৰ বননিত পৰি নাযায়। লখিমীৰ যাতে অপচয় নঘটে। ঘৰৰ দেউতা, আইতা, মাহঁত যেতিয়া ঘৰলৈ অনা লখিমী আদৰাত ব্যস্ত থাকে মোৰ মনটো লিকলিকাই থাকে কেতিয়া বৰদেউতাই মোক গৰুগাড়ীখনত এপাক উঠিবলৈ পাম। কি যে এক অদ্ভুত চখ আছিল গৰুগাড়ীত উঠা। আমাৰ আগফালৰ ডাঙৰ চোতালখনতে দলৈ বৰদেউতাই যোৱাৰ আগে আগে মোক এপাক গৰুগাড়ীত উঠাই দিছিল। তাতেই কিমান যে স্ফূৰ্তি পাইছিলো।

এই ডাঙৰি দি যোৱাৰ পাছতেই চ’ৰাঘৰৰ একাংশ সেই ডাঙৰিৰে ভৰি থাকে যেতিয়ালৈকে মৰণা মৰা নহয়। তাৰপাছত আহে মৰণা মৰা পৰ্ব। দেউতাই কাহিলীপুৱাতে উঠি ওচৰৰ গাঁৱৰ কাৰোবাৰ ঘৰৰপৰা গৰু এহাল আনেগৈ মৰণা মাৰিবৰ বাবে। গৰু যাৰ ঘৰৰপৰা অনা হয় তেওঁলোকৰ ঘৰত আগতেই খবৰ দিয়া থাকে। বন্দোৱস্ত হয় গৰু মৰণা মাৰিবলৈ দিয়াৰ বিনিময়ত তেওঁলোকে ধানখেৰখিনি লৈ যাব। যিহেতু আমাৰ ঘৰত গৰু নাছিল। গতিকে আনৰ ঘৰৰ গৰু বা ম’হেৰেই মৰণা কাৰ্য সমাপন কৰিবলগীয়া হয়। ইতিমধ্যে সেই মৰণা মৰা সময়লৈ আমাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাও শেষ হয়গৈ। মৰণা ফুৰোৱাতো মোৰ এক বেলেগ নিচা আছিল। দেউতাৰ পাছে পাছে ময়ো হাতত এচাৰি এডাল লৈ “ঘূৰ ঘূৰ” কৈ ঘূৰি থাকো। আমাৰ মা আছিল একদম খেতিখোলা থকা ঘৰৰ ছোৱালী। মায়ে ওখোন এডাল লৈ ধুনীয়াকৈ ওখোনিয়ায় ধানৰ মুঠিবোৰ। ময়ো মাজে মাজে কৰোঁ মাক দেখি জনাই নজনাই। তাৰ পাছত চোতালত দ’ম কৰি থোৱা খেৰৰ ওপৰত জঁপিয়াও, খেলো। হাত, ভৰি শুকাই কৰ্কৰীয়া মাৰিলেও ভ্ৰূক্ষেপেই নাই তালৈ। আইতাই জুহি চাওলাৰ ফটো এখন থকা ব’ৰ’ কেলেণ্ডুলা নামৰ ক্ৰীম এবিধ লেপালেপে লগাই দিয়ে গা ধোৱাৰ পাছত খেৰে কটা জেগাবোৰত, মুখত,হাতত।

মৰণামৰাৰ পাছতেই ধানবোৰ ৰ’দাই, বস্তাত ভৰাই, অলপমান মিলত কুটাই আনেগৈ। কোনোবা এটা দিনত ওচৰৰে পেহীহঁতৰ পৰিয়ালৰ সৈতে লগ হৈ ন মুঠি খাওঁ। ইয়াৰ উপৰিও আমাৰ ঘৰৰ ওচৰতে আইতাৰ ভনীয়েকৰ পৰিয়ালটিও আছিল। অৰ্থাৎ আমাৰ মাহীআইতাৰ ঘৰ। তেখেতসকলৰ ঘৰত ন খোৱা বৰ ডাঙৰকৈ পাতিছিল। তেওঁলোকৰ মিটিৰ কুটুম সকলোকে মতাৰ উপৰিও আমাৰ পৰিয়ালকো মাতিছিল। তালৈ ন খাবলৈ যোৱাটোও এক অনন্য আনন্দ আছিল। মামাহঁতৰ ঘৰলৈ কোনোবা কোনোবা বেলিকা ন লগোৱা সবাহলৈ যোৱা মনত পৰে। আগবেলাতে নাম লয় আৰু দুপৰীয়ালৈ গাঁৱৰ ৰাইজক ভোজভাত খুৱায় ন মুঠিৰে। এই ন খোৱা পৰ্বটোৱে আকৰ্ষণ কৰিছিল বৰকৈ।

লাহে লাহে আমি ডাঙৰ হৈ আহিলো। আগতে সেই দলৈ বৰদেউতাৰ গৰুগাড়ীৰ সলনি এপে আহিবলৈ ল’লে ধান দিবলৈ। আগৰ সেই গৰুগাড়ীত উঠা আমেজো হেৰাই গ’ল। লাহে লাহে ডাঙৰীৰ সলনি গুটিধান দিয়াৰ ব্যৱস্থা কৰা হ’ল যিহেতু মৰণা মৰাটোও একপ্ৰকাৰ পয়মাল হৈ পৰিল। আগৰ দৰে আনৰ ঘৰৰ গৰু, ম’হ অনাৰ ব্যৱস্থা নোহোৱা হ’ল। আৰু এদিন আমি ডাঙৰ হ’লো। দেউতাও নোহোৱা হ’ল। তেতিয়াৰেপৰা সেই ন ধানৰ আমেজখিনিও চিৰদিনলৈ হেৰাই যোৱাৰ দৰে হ’ল। আগতেই আঘোণ সোমোৱাৰ লগেলগেই দেউতাই বাইচাইকেলখন লৈ মালৌপথাৰলৈ গৈ গৈ খা খবৰ লৈ আহেগৈ খেতিখোলাৰ। পাছলৈ খুৰাহঁতে মালৌত কাকো চিনি নোপোৱাৰ বাবেই হওক বা আন কিবা কাৰণতেই হওক এই আহযাহবোৰ কমি আহিল। এতিয়াও ধান দুবস্তামান হয়তো লৈ আনে এপেত উঠাই। কিন্তু তেতিয়ালৈ আঘোণে মেলানিয়ে মাগেগৈ। আগৰ সেই উচ্ছাস নাই, সেই আমেজ নাই।

তথাপিও আজিও মন পাখীলগা কাঁড় হৈ সোঁৱৰণিৰ বোকোচাত উঠি অতীতৰ সেই সোণসেৰীয়া দিনবোৰৰ লগত উমলি-জামলি আহেগৈ। কিয়নো সেই স্মৃতিবোৰ যে আজি নষ্টালজিয়া হৈ বৰ্তমানক জীয়ন দিয়াৰ আখৰা কৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments