আঘোণ(- নিবেদিতা হাজৰিকা)

পাৰ হৈ যায় ভৰুণ আহিন
শ্যামলীমা দেহত সোণবুলীয়া সাজ পিন্ধি
আপোন পাহৰা সাঁজ লগা সময় !


তোমাৰ স্বৰ্ণখচিত স্পৰ্শৰে
ভৰাই দিয়া মোৰ বুকুৰ শূন্যতা
সপোন প্ৰত্যাশী শব্দবোৰ ফুলি উঠক
চিৰন্তন প্ৰেমৰ সুবাস হৈ,
কুঁৱলীৰ চাদৰখন মেৰিয়াই
সোণবুলীয়া থোকে থোকে
ওলমি ৰওক প্ৰেমৰ জোনাক ।
এবাৰ হাত বুলাই দিয়া
বানে ধোৱা পথাৰত
ভাগৰুৱা চৰাইবোৰ হৈ পৰক
আকাশমুখী !
গধূলিৰ নিমাখিত গাঁওবোৰত
জ্বলি উঠক চিক্ মিক্
আশাৰ চাকি !!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক