আঘোণ মাহৰ মহো হো উৎসৱ – ৰূপলেখা দেৱী

মহো হো অসমীয়া সমাজৰ এক পৰম্পৰাগত লোক উৎসৱ। এই উৎসৱ সাধাৰণে নামনি অসমত পালন কৰা হয়। আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱটি উদযাপন কৰা হয়। ই প্ৰধানতঃ কৃষিভিত্তিক উৎসৱ। চহৰাঞ্চলতকৈ গাঁও অঞ্চলত এই উৎসৱৰ পয়োভৰ বেছি।
আঘোণ মাহত অসমৰ খেতি পথাৰবোৰ পকা ধানেৰে উপচি পৰে। সেয়েহে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰি মানুহৰ ঘৰৰ পৰা মহ আৰু খেতি পথাৰৰ পৰা পোক পৰুৱা আদি খেদি পঠিওৱা হয়। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান কটাৰ কাম আৰম্ভ কৰে। প্ৰচলিত প্ৰবাদ মতে বাৰিষাৰ অন্তত শীতৰ আগমনৰ আগে আগে মহৰ উৎপাত কমাবৰ কাৰণে এই উৎসবৰ প্ৰচলন হৈছিল।

এই উৎসৱৰ দিনাখন গাঁৱৰ ডেকা আৰু চেমনীয়া ল’ৰা বোৰে লগ লাগি একো একোটা দল বান্ধি মানুহৰ ঘৰে ঘৰে ম’হ খেদিবলৈ যায়। একোটা দলত আঠ দহজন মানকৈ ল’ৰা থাকে আৰু তাৰে এজন দলপতি থাকে। দলপতি জনে মহো হো গীতটো জুৰি দিয়াৰ পিছত বাকীবোৰ ল’ৰাই হাতত একোডাল টাঙোন লৈ গৃহস্থৰ চোতালত খুন্দিয়াই খুন্দিয়াই নাচি নাচি গীতটো গায়। দলটোৰ মাজৰে এজন ল’ৰাক কলগছৰ শুকান পাত পিন্ধাই এটা ভালুকৰ দৰে সজায়। ঠাই বিশেষে ভালুকটো সাজিবলৈ ল’ৰাটোৰ মূৰত কলগছৰ চোচনি গাঠি দিয়ে আৰু কিছুমান অঞ্চলত তামোলৰ ঢকুৱাৰে মুখা সাজি আৰু বিভিন্ন ৰং ব্যৱহাৰ কৰিও মুখত পিন্ধি লৈ নাচত ভাগ লয়। এনেদৰে ভালুক সজাই বিভিন্ন প্ৰকাৰৰ মহো হো গীত গাই ল’ৰাবোৰে বৰ ৰং পায় আৰু আনন্দতে নৃত্য কৰে। ঠাই ভেদে মহ খেদা গীতো ভিন ভিন হয়, তাৰে কিছুমান গীতত মাজে মাজে গৃহস্থৰ নাম উল্লেখ কৰি ধেমেলীয়া কৈ জোকাই গান গায় স্ফূৰ্তি কৰে। তাত অৱশ্যে গৃহস্থই অকণো বেয়া নাপায়।

উজনি অসমত যেনেকৈ বহাগ বিহুত মানুহৰ ঘৰে ঘৰে গৈ হুচৰি গায় গৃহস্থৰ কুশল মংগল কামনা কৰে, ঠিক তেনেকৈ এই মহো হো উৎসৱতো নামনি অসমত তেনেকৈ মানুহৰ ঘৰে ঘৰে গৈ মহ খেদা গীত গোৱাৰ অন্তত গৃহস্থৰ মংগল কামনা কৰাৰ লগতে খেতি বাতিৰে নদন-বদন হৈ ভঁৰাল উপচি পৰাৰ বাবে আশীৰ্বাদ দিয়ে। তাৰ পিছত গৃহস্থই সাধ্যানুসাৰে পইচা, চাউল আদি দি দলটোক বিদায় দিয়ে। এনেদৰে খুজি মাগি পোৱা পইচা আৰু চাউলৰে সুবিধানুযায়ী ল’ৰাবোৰে এদিন ভোজ ভাত খায়। যদিও এইটো এটা উৎসৱ বুলি কোৱা হয়, ইয়াত কিন্তু কোনো বাহ্যিকতাৰ পয়োভৰ নাই। ই অতি সাধাৰণভাৱে একো খৰচ পাতি নোহোৱাকৈ পালন কৰা এক কৃষিভিত্তিক উৎসৱ।

এইখিনিতে উল্লেখনীয় কথাটো হ’ল মহো হো উৎসৱতো কোনো ধৰ্মীয় উৎসৱ নহয়। জাতি ধৰ্ম নিৰ্বিশেষে অসমৰ সকলো ধৰ্মৰ লোকেই এই উৎসৱটোত ভাগ লয়। নামনি অসমৰ অবিভক্ত কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং আদিত ইয়াৰ অধিক প্ৰচলন দেখা যায়। ঠাই বিশেষে ই মহখুন্দা, ভাল ভৌলকা, এউৰিমাগা, ভাউল হোল, ওৰি মান্দি আদি নামেৰে জনাজাত।

ৰাভা সকলে এই উৎসৱটি তিনি দিনিয়াকৈ বৰ ৰং ৰহইচেৰে পালন কৰে।
সকলোৰে মুখে মুখে প্ৰচলিত এটি মহো হো গীতৰ দুশাৰীমান—
অ’ৰে মহো হো,
মহ খেদবা যাওঁ যো
মহে বোলে মইল্লু দে
টেপুৰ পুৰা খাইলো দে
টেপুৰত নহৰ নুন
চাউল তোলে একো ডোন

পৰিবৰ্তনৰ ধামখুমীয়াত পৰি বৰ্তমান এই ম’হ খেদা উৎসৱটিৰ পয়োভৰ গ্ৰামাঞ্চল সমূহতো প্ৰায় কমি অহা পৰিলক্ষিত হৈছে। বৰ্তমান আমি এনে ধৰণৰ লোক উৎসৱ সমূহ পালন কৰাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন হৈ পৰিছে। তেতিয়াহে ভৱিষ্যত প্ৰজন্মই আমাৰ ইমান সুন্দৰ সুন্দৰ সভ্যতা সংস্কৃতিৰ লগত ভালদৰে পৰিচিত হব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক