আচঁনি (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

আচঁনি (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

আঠুৱাৰ ভিতৰৰ মহটো মাৰিব নোৱাৰি ভাগৰি পৰিল মানুহজন। হাত-দুখন মোহাৰি-মোহাৰি মহটোক উদ্দেশ্যি কথা আৰম্ভ কৰিলে, ‘হেৰৌ মহ, তই নিজে নিজে আঠুৱাৰ ভিতৰৰ পৰা বাহিৰ হৈ গ’লে মই তহঁতৰ মংগলাৰ্থে কাইলৈৰ পৰা এই এলাকাত গুডনাইট, অল্-আউট আদিবোৰ নিষিদ্ধ ঘোষনাৰ প্ৰতিশ্ৰুতি দিছো…’।

অবাক হৈ মহে গুনগুনালে ‘আও, প্ৰতিশ্ৰুতি!! নিষিদ্ধ ঘোষনাৰ ক্ষমতা থকা তই নো কোন?’

মেদবহুল হাতখন বুকুলৈ ডাঙিব নোৱাৰি পেটটোতে চপৰিয়াই ক’লে মানুহজনে, ‘বুৰ্বক, মোক নাজান? মই মন্ত্ৰী!!!’

হতবাক মহটোৱে এইবাৰ চিঞৰি উঠিল, ‘কৃষ্ণ, কৃষ্ণ! মই ভুল ঠাইত, ভুল মানুহৰ তেজ খাব সোমাইছিলো। আমাৰ দৰে মানুহৰ তেজ শুহি খাই ভাল পোৱা আপুনি দেখো আমাৰে জাতিভাই। আজি জাতিভাইৰ তেজ খাই নৰকত যাব লগা হ’লহেঁতেন। মোক যাবলৈ দিয়ক’।

মন্ত্ৰী : ‘এতিয়া বিপদ তোৰ। তোক যে যাব দিম, মোৰ লাভ কি?’

মহ : ‘মইনো কি দিব পাৰো আপোনাক?’

মন্ত্ৰী : ‘ হে: হে: তহঁতৰ দাদা-ভাইবোৰক মাতি আনি গোটেই ঠাইতে ত্ৰাসৰ সৃষ্টি কৰ…মানুহৰ গাত মেলেৰীয়া জাপি দে…তেতিয়া আৰামত মই দুই-তিনিখনমান সচাঁই মিছাই মেলেৰীয়া নিৰাময়ৰ আচঁনি উলিয়াও…আচঁনি উলিয়াব পাৰিলে যে কিমান লাভ! এহ্, সেইবোৰ তোক বুজাই নো কি লাভ?’

মহটো মান্তি হ’ল। মন্ত্ৰীয়ে তাক যাবলৈ দিলে। সি উৰি গ’ল গুন-গুনাই। মন্ত্ৰীজনাই কম ভ’লিউমত ‘গলি গলি চোৰ হ্যেই….’ গানটো শুনি শুনি সুখ-নিদ্ৰাত ঢলি পৰিল॥

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক