আচৰণ (প্ৰাপ্তবয়স্ক গল্প) ( বি.জে ৰঞ্জন )

Asoran

“মাথা মাৰি, কষ্ট কৰি ঘটা পইচা কেইটিমান ল’ৰা-ছোৱালীৰ নামত খৰচ কৰিব ভালেই লাগে দিয়াচোন। কোৱাচোন, আৰ্জিছো নো কাৰ বাবে?”
গিৰিয়েক শুভাংকৰ কাশ্যপৰ কথা অনুপমাৰ কাণত নোসোমাল। তেওঁ ভাবি থাকিল- টিভিত দেখুওৱা ছোৱালীজনী কোন? কি নাম তাইৰ? তাইৰ নাম মামু নেকি? অনুপমা দেৱীৰ বুকুখন ধিপধিপাবলৈ ধৰিলে। কেতিয়াবা যদি মামুয়ো এনেকৈ টিভিত ওলায়! আচৰিত হ’বলগীয়া কথা থাকিব জানো কিবা? অনুপমাৰ মনটোৱে মানি লব নোখোজে। হাজাৰ হলেওঁ তেওঁ তাইৰ মাক। মামুক তেওঁ জানে। সিবাৰ ঘৰলৈ আহোঁতে তাইৰ মুখত পোৱা চিগাৰেটৰ গোন্ধটোৰ কথা তেওঁৰ মনত আছে। তাইৰ বেপৰোৱা কথা, কথা কোৱাৰ ভংগী, তাইৰ কিতাপ-মেগাজিনৰ ৰকম…..সবতকৈ মাৰাত্মক কথা, তাইৰ বেগত পোৱা সেই পিলৰ পেকেটটো! কিহৰ চিন এইবোৰ? দুকুৰি সাত বছৰ হ’ল অনুপমাৰ। তেওঁ কি নিৰক্ষৰ? নে অজলা, অঁকৰা একো কথা বুজি নোপোৱা, পাকঘৰৰ ভিতৰত সোমাই থকা তিৰোতা মানুহহে এজনী? অনুপমা দেৱীৰ মূৰটো ঘূৰোৱা যেন লাগিল।
“কি যে বাজে কথাবোৰ চিন্তা কৰি থাকা। চোৱা, সিহঁত এতিয়া মেচিউৰদ। নিজৰ নিজৰ লাইফ বুলিওঁতো কথা এটা আছে। আৰু কিমানটা বছৰ? ইয়াৰ পিছত তাই ওলাই যাব- অইন এখন ঘৰলৈ। বিয়াৰ পাছত বা আকৌ কি কথা, কি দায়িত্ব মূৰ পাতিবলগীয়া হয়। ছোৱালী মানুহ, এতিয়াই ফুৰ্টি কৰিবলৈ দিয়াহে অলপ।”
———–
-“আমাৰ কি? ইয়াত দোকান দিছোঁ, এনেকৈয়ে পৰিয়াল পোহপাল দিছোঁ। প্ৰতি বছৰে সৌটো ফ্লেটত ছোৱালী কিছুমান থাকিবলৈ আহে। ভাল ঘৰৰ ছোৱালী। দূৰৰ পৰা আহে। ভাল হওঁক, ভাল কথা শিকক বুলিয়ে মাক দেউতাকহঁতে কষ্ট কৰি, আশা কৰি ইয়াত ৰাখে, পঢ়ুৱায়। ভাল হ’লে সকলোৰে ভাল। ঘৰৰ পৰা দূৰত থকা ছোৱালী। অভিভাৱক ওচৰত নাথাকিলেই বুলি যি-টি কৰি ফুৰেনে আৰু? আগত একোতো কবওঁ নোৱাৰোঁ।” গদাধৰৰ মাতটো গহীন হৈ গ’ল।
-“হ’লেওঁ এনেকৈ সমালোচনা কৰাৰ কি অৰ্থ আছে বাৰু? লোকে কি কৰে, কি খায় তাক আপোনালোকে নিৰূপণ কৰিব নেকি? কোনে দিলে সেই অধিকাৰ?” অতনুৰ মাতত উষ্মা ফুটি উঠিল।
-“ঐ, নীলালৈ ৰৈ আছ নেকি? লাভ নাই, ফিটিং, কেচ এডভাঞ্চ ফিটিং।” বাইকখন শ্লো কৰি লগৰ কিশোৰে অতনুৰ পিনে চাই চিঞৰি কৈ গ’ল।
তিনি আলিৰ গুমটি দোকানখনৰ কাষত নীলা-জেকেট পিন্ধাজনীলৈ ৰৈ থকা অতনুৰ বুকুখন গধুৰ হৈ পৰিল। কিয় ভাল পালে সি তাইক? কিয় তাই তাৰ মনটো এনেকৈ অধিকাৰ কৰি পেলালে? কিয় তাইৰ নামত পাগল হ’ল সি…..।
উত্তৰ নাই তাৰ ওচৰত।
———–

-“এইবোৰ চিন্তা এৰা অনুপমা। মন ডাঠ কৰা। আমাৰ আগৰ দিনকাল নাই এতিয়া। দেখা নাইনে বাৰু আজিকালিৰ ছোৱালীবোৰ সকলো পিনেৰে ল’ৰাত কৈ বেছি আগবঢ়া। এতিয়াৰ ছোৱালীয়ে ভালকৈয়ে জানে নিজৰ কেয়াৰ নিজে কেনেকৈ ল’ব লাগে।”
গিৰিয়েকৰ কথাৰ উত্তৰ দিবলৈ অনুপমাৰ মন যায়। কিন্তু প্ৰায়ে তেওঁ নিশ্চুপ হৈ থাকে। ভাৱে, সঁচাকৈয়ে যদি কথাবোৰ এনে সৰল হ’লহেতেন!
-“কি যে চিন্তা নহয় তোমাৰ। বাদ দিয়া, ওলাবা অহা মাহত এদিন- মামুৰ খবৰ এটা লৈ আহিম। অ’, সিহঁতৰ এডুকেশ্বনেল টুৰটোৰ বাবে তাই অলপ টকা বিচাৰিছিল, কালি মনত কৰি দিবাচোন, অনলাইন ট্ৰেন্সফাৰ কৰি দিম।”
-“কিমান বিচাৰিছে তাই?”
———–

-“কিমান বিচাৰিছিলি?” ৰীমাই সুধিলে।
-“বিশ। বছে দহ হাজাৰ পঠিয়াইছে অলৰেডি। কাইলৈ আকৌ দহ পঠিয়াব।” ফোনটো টিপি টিপি মামুৱে উত্তৰ দিলে।
-“তই তেন্তে পৰহিলৈ যাবি? গণ্ডগোল নলগাবি হ’লে দেই। কিবা হ’লে তোৰ লগত ময়ো ফচিম। টিভিত যে দেখুৱাই থাকে এইবোৰ।”
-“ধুৰ! সেই কেইজনী তোৰ দৰেই বেঙেৰা। হোটেলত কি সেইবোৰ কৰে নেকি কোনোবাই? এনেকুৱা যে বুৰ্বক না।”
মামুৰ ফোনটো বাজি উঠিল। ৰীমা কাষৰ সৰু ৰুমটোলৈ সোমাই গ’ল। কম্পিউটাৰত কিবা এটা টাইপ কৰিবলগীয়া আছে তাইৰ।
-“আফটাৰ ড্ৰিংকচ চেক্স কৰি কি যে মজা লাগে, ন?” ফোনত সৰু-সৰু কৈ কথা পাতি থকা মামুৰ কথাংশবোৰ উৰি আহি ৰীমাৰ কাণত পৰিল। তাইৰ আঙুলিকেইটাই টাইপ কৰিব এৰি কীবৰ্ডৰ ওপৰত লাহে-লাহে কৈ কঁপিবলৈ ধৰিলে।
———–

বিক্ৰমে লাইফ চাইজ মিৰ’ৰখনৰ সমুখত খালী গাৰে ঠিয় দি শৰীৰৰ অংগ-প্ৰতংগ আৰু মাংসপেশীবোৰ পৰীক্ষা কৰি চাই আছে।
-“হো ধৰ, এইটো তোৰ পেগ।” অভিকে ক’লে। মাতটো শুনিয়েই বিক্ৰমে গম পালে অভিকৰ মদৰ কোটা ইতিমধ্যে কেতিয়াবাই পাৰ হৈ গৈছে।
-“চাল্লা মদাহী, বেছি দিন নাই তোৰ, মৰিবি।”
-“মৰিলে খায়ে মৰিম দোষ্ট। ল এইটো, দুই নম্বৰ পেগ আছিল তোৰ, মাৰি দে।” অভিকৰ কথাবোৰ পাক খাই খাই ওলাল।
বিক্ৰমে ভৰিখন ছোফাত উঠাই দি বহি থকা অভিকৰ গালখনত থপৰিয়াই দি ক’লে- “কিয় জোৰ কৰিছ বুদ্ধু? জানই বিক্ৰমৰ আচল নিচা কি? মদ খাই স্বাস্থ্য নষ্ট কৰিবলৈ জিমত ইমান কষ্ট কৰি মৰা নাই।”
-“জানো দোষ্ট, বিক্ৰমৰ আচলি নিচা কি! বিক্ৰমে আজিলৈ যিমান ছোৱালীক ট্ৰিপ দিলে চাল্লা আমি তাৰ সমান..”
-“তহঁতে সিমান মূৰ্গীয়ো খাই পোৱা নাই।” অভিকৰ মুখৰ পৰা কথাটো টানি নি বিক্ৰমে তাৰ ট্ৰাইচেপটো ফুলাই সেইপিনে লক্ষ্য কৰিবলৈ ধৰিলে।
-“ঐ, মামুৰ লগত তোৰ আৰু কিমান দিন চলিব?”
-“কিয় লাগে নেকি তোক? পাই যাবি পাই যাবি, দুদিনমান ৰখি দে।”
-“তাইৰ লগত উঠোৱা ভিডিঅ’ আছে নেকি? দেখুওৱা না দোষ্ট, প্লিইইজ। তোৰ আগৰ ভিডিঅ’বোৰ চাই-চাই ব’ৰ লাগি গৈছে ভাই। দেনা, মামুৰ লগত থকা ভিডিঅ’। মা কচম, তহঁতৰ দৰে পইচাৱালা মানুহৰ বাবেই আজিৰ দুনীয়াখন। ধুনীয়া ছোৱালী, ধুনীয়া ধুনীয়া ট্ৰিপ….চাল্লা মজাই কুছ অলগ….।” অভিকৰ কথাবোৰ লাহে লাহে অস্পষ্ট হবলৈ ধৰিলে, মুখেৰে সি কিবা-কিবি বিৰাবিৰাই থাকিল। লাহেকৈ সি চোফাখনতে ঢলি পৰিল।
তালৈ চাই পঠিয়ালে বিক্ৰমে। আজি তাৰ অভিকক কবলৈ মন আছিল বিচনাত মামু কেনেকুৱা এক্টিভ, আগৰবোৰতকৈ কিমান পৃথক! অভিকৰ মনত আফচোচৰ ভাৱ এটা জগাবলৈ আজি খুউব ইচ্ছা গৈছিল বিক্ৰমৰ। আচলতে কালিৰ প্লেনিংটোত সি নিজেই খুউব এক্সাইটেড হৈ আছে। অভিক, চাল্লা মক্কেল, আউতেই হ’ল ই।
সি মামুলৈ ফোন লগালে।
-“জান, কি কৰিছা? শুনা, কাইলৈ এঘাৰটাত ওলাই থাকিবা। ছিলঙত তিনি দিনৰ প্ৰ’গ্ৰেম। হোটেল? নাহ। হোটেলত নজমে। ঘৰ আছে। হো কি? আৰে জান, তুমি এইবোৰ চিন্তা কৰিব নালাগে।”
———–

-“আপুনি এইবোৰ চিন্তা কৰিব নালাগে। আৰু কি ক’লে? কেৰেক্টাৰলেচ নে কি বুলি ক’লে? মুখ চম্ভালি কথা ক’ব হেৰি। কি যুক্তিত আপুনি ক’লে এনেকৈ?
-“চোৱা ভাইটি, এইখিনিত দোকান দিয়া দহ বছৰ হৈ গল। আমাৰ লিখা পঢ়া বেছি নাথাকিলেও বয়স আৰু অভিজ্ঞতা হৈছে, আমি বুজোঁ…”
-“হওঁক বয়স। কিন্তু কিহৰ ভিত্তিত আপোনাৰ বয়সৰ আধাতকৈ কম বয়সৰ ছোৱালীজনীৰ বিষয়ে এনেকুৱা কথা কয়? লাজ নাপায়? কি আচৰণ এইবোৰ?” খঙত অতনুৰ চকুকেইটা ডাঙৰ ডাঙৰ হৈ পৰিল।
তাৰ কথা শুনি গুমটি দোকানী গদাধৰ মনে মনে ৰৈ গল।
“খং নকৰিবা ভাইটি। কাথা মচলা আদি দিয়া পানখন খাই ভালেই লাগে দিয়াচোন। পিছে হাতত লাগিলেহে কাথাৰ দাগ লাগি ধৰে। বেয়া কথা এইবোৰ, কিন্তু কৰিবা কি? একেবাৰে সঁচা কথা যে।” কাষত ৰৈ থকা গদাধৰৰ বন্ধু অৰ্জুনে অতনুলৈ চাই ক’লে।
———–

“হেৰি আহকচোন!” অনুপমাৰ অদ্ভুত মাতটো শুনি শুভাংকৰ কাশ্যপ দৌৰি আহিল। অনুপমাৰ দৃষ্টি অনুসৰণ কৰি টিভিটোলৈ চালে তেওঁ। টিভিৰ স্ক্ৰিণৰ ইনচেটত নীলা জেকেট পিন্ধা ছোৱালী এজনী, দুহাতেৰে মুখখন ঢাকি লৈছে-নেদেখাকৈ, ব্লাৰ কৰি দিয়াৰ বাবে মুখাৱয়ব অস্পষ্ট। ছোৱালীজনীৰ দুইকাষে দুজন যুৱক, ঢলং-পলং খোজ, হাত ডাঙি কিবা কৈ আছে। সাংবাদিকে অনৰ্গল কৈ গৈছে- “এয়া আপোনালোকক দেখুৱাইছো, ভদ্ৰ ঘৰৰ যুৱক যুৱতীৰ নিচাসক্ত অৱস্থাত কৰা অভব্য আচৰণ। এয়া কেমেৰা পাৰ্চন….”

-“ৰাবিশ! কি আচৰণ কৰিছা তুমি? কালি পুৱাই ওলাবা, চাইকিয়াট্ৰিক এজনৰ ওচৰলৈ লৈ যাব লাগিব তোমাক।”
শুভাংকৰ কাশ্যপে টিভিৰ চুইটচটো ধাপকৈ বন্ধ কৰি দি সোঁসোৱাই কোঠাৰ পৰা ওলাই গ’ল।
শুভাংকৰ যোৱালৈ চাই অনুপমা দেৱীয়ে ভাবিলে সঁচাকৈয়ে তেওঁ অদ্ভুত আচৰণ কৰিবলৈ লৈছে নেকি? সঁচাকৈয়ে তেওঁক চাইকিয়াট্ৰিক এজনৰ দৰকাৰ নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments