আচৰিত – ৰিমঝিম বৰঠাকুৰ

 

’’মই তাইক মাৰি পেলালোঁ৷ এইয়া চা, এই দুখন হাতেৰে মই তাইক মাৰি পেলালোঁ৷ মই কিয় মাৰিলোঁ বাৰু তাইক? মাত্ৰ এটা সৰু কথাতে মই তাইক মাৰি পেলালোঁ। মানুহে মানুহক এনেকৈও মাৰি পেলাব পাৰে নে ৰাজীৱ? ’ কনিষ্ঠ আৰু মধ্যমা আঙুলিৰ সোঁমাজত সোমাই থকা চিগাৰেটটো চেণ্টাৰ টেবুলখনত থকা এষ্ট্ৰেটোত থৈ অভিনৱে দুয়োখন হাতেৰে নিজৰ মুখখন ঢাকি হুকহুকাই কান্দি উঠিল৷

অলপ সময়ৰ আগতে তাৰ ৰূম আহি পাইছো মই৷ কালি ৰাতিৰপৰা কেইবাবাৰো ফোন কৰি নাপাই অলপ আগতে নিজেই তাৰ ৰূমলৈ বুলি পোনাই দিলোঁ৷ তাৰ কথা মই জানো সেয়ে দিনটোত খবৰ এটা নাপালে শান্তি নাপাওঁ৷ আগৰকেইদিন ফেচবুক, হুৱাটচএপত অনলাইন দেখি আছিলোঁ কাৰণে চিন্তা কৰা নাছিলোঁ৷ কিন্তু কালি দিনটো নেদেখি চিন্তাত পৰি ৰাতিলৈ ফোন লগালোঁ৷ ফোনটো নাপাইহে চিন্তা বাঢ়ি গৈছিল৷ আহি পায়েই তাৰ ঘৰৰ অৱস্থা, তাৰ নিজৰ অৱস্থা দেখি কি কৰিম ভাবি পোৱা নাই৷ সোমাই আহিয়ে ৰূমটোত থকা চকীখনত বহি লৈ তাক এই অৱস্থাৰ কথা কুটুৰি কুটুৰি সুধি থকাৰ পিছত এসময়ত সি মোক আচৰিত কৰি স্বাগতাক মাৰি পেলোৱাৰ কথা কান্দি কান্দি কয়৷ তাৰ কথাবোৰ শুনি মোৰ ভৰিৰ তলৰপৰা মাটিখিনি হঠাতে নোহোৱা হৈ যোৱা যেন লাগিল৷ কিনো নোহোৱা-নোপোজা কথা কৈছ বুলি তাক দুথাপৰ লগাবলৈও মন গ’ল৷

আজি এই এসপ্তাহতে ল’ৰাটো দেখোন সাংঘাতিক সলনি হৈ গ’ল৷ মদ খাই খাই ৰঙা হৈ উখহি পৰা চকু, কেইবাদিনৰো নকটা দাড়ি, জধলা চুলি হয়তো গাটো নুধুৱাও এসপ্তাহমানেই হৈ গ’ল কিজানি৷ তাক এই অৱস্থাত দেখিলে কোনে ক’ব এখন কলেজৰ সি যে পদাৰ্থ বিজ্ঞানৰ এজন লেকচাৰাৰ৷ কি যে কৰি পেলাইছে নিজকে৷ কাষৰ ৰূমটোলৈ যাবই নোৱাৰি মদৰ বটলৰ ভেকেটাভেকেট গোন্ধ লগতে কেইবাদিনৰো আগৰ পিজ্জা আৰু তন্দুৰী চিকেনৰ টুকুৰাবোৰ৷ সেইকেইটা সেইদিনা চাগে মই থাকোঁতেই অৰ্ডাৰ কৰি অনা শেষৰখিনি৷ এইবোৰকে লৈ ঘৰটোত থকা নিগনি, পৰুৱা, পইতাচোৰাবোৰে ৰাজভোগ কৰিছে৷

এতিয়া আমি যিটো আন্ধাৰ-মুন্ধাৰ কোঠাত বহি আছোঁ তাত থকা চেণ্টাৰ টেবুলখনত কেইবাটাও খালী গল্ড ফ্লেকৰ বাকচ আৰু এষ্ট্ৰেটোত জমা হৈ পৰা আধা পুৰি পেলাই থোৱা চিগাৰেটৰ টুকুৰাবোৰ৷ আজি এসপ্তাহৰ মূৰত মই অভিনৱৰ ৰূমলৈ আহিছোঁ৷ আহিয়েই তাৰ এই অৱস্থা দেখি আচৰিত হোৱাৰ লগতে দুখো লাগিছে৷ মইতো তাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱালৈকে ঠিকেই আছিল৷ কি, ক’ত, কেতিয়া, কেনেকৈ হৈ গ’ল একো গম পোৱা নাই৷ আগৰেপৰা তাৰ মদৰ প্ৰতি থকা দুৰ্বলতাৰ কথা গম পাওঁ৷ দুসপ্তাহৰ আগতে লগ পাই তাৰ যে মদে অৱস্থা বেয়া কৰি পেলাইছে সেইটোও গম পাইছিলোঁ৷ সেয়ে তাক জোৰ কৰিয়েই গুৱাহাটীৰে ভালৰো ভাল চাইকিয়াট্ৰিষ্ট এজনৰ ওচৰলৈ এসপ্তাহৰ আগতে লৈ গৈ দেখুৱাই আনিলোঁ৷ ইমানদিনে তাৰ মুখত শুনি অহা স্বাগতা তাৰ প্ৰেয়সীৰ কথাও ডাক্তৰৰ আগত অভিনৱে নিজেই ব্যক্ত কৰে৷ এইটোও কয় যে স্বাগতাৰ প্ৰেমেহে বোলে তাক মদৰ প্ৰতি বেছি আসক্ত কৰালে৷ যিদিনাই সি তাইৰ মৰমৰ পৰা বঞ্চিত হয় সেইদিনাই সি মদৰ গিলাচ হাতত তুলি লয়৷ ডাক্তৰে আৰু তাৰ লগত কি কথা পাতিছিল মই একো গম নাপালোঁ৷ কাৰণ তেওঁ অভিনৱৰ লগত অলপ সময় অকলে কটোৱাৰ কথা কৈছিল৷

অভিনৱৰ কথা শুনি মই বহি থকা চকীখনৰপৰা উঠি আহি মেইন দুৱাৰখনৰ ওচৰলৈ আহি সুধিলোঁ “কি কৈ আছ ভালকৈ কচোন৷”

তাৰ নিজৰ মুখৰপৰাও একো ওলোৱা নাই সেইকেইটা কথা বাদ দি৷ ৰূমটোত আকৌ এবাৰ চকু ফুৰাই দেখোঁ কৰ্ণাৰ টেবুলখনৰ ওপৰতে আধা শেষ হোৱা অ’ল্ড মংকৰ বটল এটা৷ তাৰ সাঁফৰখন খুলি মজিয়াত পৰি আছে আৰু কাষতে আইনাৰ গিলাছ এটা বেঁকা হৈ পৰি আছে৷

সাঁফৰখন তুলি বটলটোত লগাবলৈ উঠি যাওঁতে অভিনৱে মাত লগালে ’নাযাবি ৰাজীব, সেই চুকটোলৈ নাযাবি তাতে মই তাইক মাৰি পেলালোঁ৷ তাই মোক কৈছিল মদ কিয় খোৱা৷ মই তাইক বুজাবলৈ ধৰিছিলো এইবোৰ কেতিয়াবা এদিন খালে একো নহয়৷ কিন্তু মোৰ কথা শুনি তাই মোক বহুত গালি পাৰিলে৷ আৰু মই তাইক….” উশাহ নোলোৱাকৈ কৈ আধাতে ৰৈ যোৱা তাৰ কথা শুনি এইবাৰ মই সঁচাই আচৰিত নহৈ নোৱাৰিলোঁ৷

“তোৰ হৈছে কি অভিনৱ? তই কাক মাৰিলি? মদে তোৰ ব্ৰেইনটো শেষ কৰি পেলালে৷”

মই যেন কিবা নক’বলগীয়া কথা এটাহে ক’লোঁ৷ সি যিটো আটাহ মাৰি বেঁকাবেঁকি খোজেৰে উঠি আহি মোৰ চাৰ্টৰ কলাৰত ধৰিলেহি৷ সেই মুহূৰ্ততে মোৰ জীৱ ওলাই যোৱাৰ দৰে অৱস্থা হ’ল৷ ’চা, বিশ্বাস নকৰ নহয় মই এনেকৈয়ে স্বাগতাক টেটু চেপি মাৰ্ডাৰ কৰিলোঁ৷ ’ কথাকেইটা কৈয়ে চাৰ্টৰ কলাৰটো থেকেঁচা মাৰি থৈ সি পুনৰ বহি থকা বিছনাখনলৈ আগবাঢ়ি গৈ বহি পৰিল৷ অলপ আগতে টেবুলখনত আগটো ঠেকেচা মাৰি নুমুৱাই থৈ দিয়া চিগাৰেটটো আকৌ এবাৰ চেণ্টাৰ টেবুলখনৰ কাষতে লাং খাই পৰি থকা লাইটাৰটো উঠাই জ্বলাই ল’লে৷ হঠাৎ ইমান হিংস্ৰ হৈ পৰিল সি যে মই একো তৰ্কিবই নোৱাৰিলোঁ৷

কি যে হৈ গৈছে দিনে দিনে অভিনৱটো৷ স্বাগতাৰ প্ৰেমৰ নিচাই আৰু মদৰ নিচাই তাক একেবাৰে শেষ কৰি পেলাইছে৷ আজিকালি কলেজলৈ যোৱাও বাদ দিছে৷ কলেজৰ পৰাও বহুত নটিছ জাৰী কৰিছে কিন্তু তাৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই৷

তাৰ লগত মোৰ বন্ধুত্ব বহুদিনীয়া বুলিয়েই ক’ব পাৰি৷ যদিও কলেজকেইখন বেলেগ বেলেগ আছিল আমি আছিলোঁ একেলগে৷ হায়াৰ ছেকেণ্ডাৰীত একেটা হোষ্টেলত থাকি পিছত ডিগ্ৰীৰ সময়ত একেলগে গুৱাহাটীৰ শিলপুখুৰীত ভাড়াঘৰ লৈছিলোঁ আমি দুয়োটাই একেলগে৷ মই বি বৰুৱাৰ গণিত বিভাগৰ ছাত্ৰ আৰু সি কটনৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল৷ আমাৰ মাজত যিমান মিল আছিল এতিয়াও আছে সেইবোৰ দেখি সকলোৱে কেতিয়াবা আমাক বাল্যকালৰ বন্ধু বুলি ভুলেই কৰিছিল৷ মদ খোৱা অভ্যাসটোও তাৰ তেতিয়াৰে, খালী পৰিমাণটো কম আছিল৷ মানে হাতত পইছা কম আছিল৷ যেতিয়াৰপৰা হাতলৈ পইছা আহিবলৈ ধৰিলে সুৰাপানৰ পৰিমাণো বাঢ়ি গ’ল৷ বহুত চেষ্টা কৰিছিলোঁ এৰুৱাবলৈ কিন্তু নেৰিলে সি৷ বৰঞ্চ মোৰপৰা চিগাৰেট খোৱা অভ্যাসটোহে ল’লে৷ এতিয়াও আমাৰ বন্ধুত্ব আগৰ দৰেই আছে খালী থাকো আমি বেলেগে বেলেগে৷ আচলতে কৰ্মজীৱনে বহুত সলনি কৰি দিলে৷ মোৰ বেংকৰ চাকৰিটোৰ কাৰণে অকলে থাকিবলৈ সুবিধা৷ ৰাতি ঘৰ সোমাওঁতে প্ৰায়ে দেৰি হয় কাৰোবাৰ লগত থাকিলে এইবোৰ ক্ষেত্ৰত অলপ সমস্যাৰ সৃষ্টি হয়৷

কলেজীয়া দিনত দেখাই-শুনাই সুঠাম সুন্দৰ অভিনৱক হিয়াখন দিবলৈ বহুত ছোৱালীয়ে হেতা-ওপৰা লগাইছিল৷ আৰু সকলোবোৰৰে পিয়ন হ’বলগীয়া হৈছিল মই ওৰফে অভিনৱৰ চামচা৷ যিটো নামেৰে মই এসময়ত জনাজাত হৈ পৰিছিলোঁ৷ কিন্তু কোনো ছোৱালীকে কেৰাহিকৈও নোচোৱা অভিনৱ আজি স্বাগতাৰ প্ৰেমত হাবুডুবু খাই এই অৱস্থা৷

“ৰাজীৱ, ৰাজীৱ প্লিজ দুৱাৰখন নুখুলিবি৷ মোক বচা তই প্লিজ৷ মোক পুলিচে লৈ যাব এতিয়া প্লিজ দুৱাৰ নুখুলিবি৷” ৰূমটোলৈ অলপ বতাহ সোমাওক বুলিয়েই দুৱাৰখনৰ লগতে খিড়িকীবোৰো খুলি দিওঁ বুলি উঠি যাওঁতেই বিছনাত বহি থকা অভিনৱে চিঞৰি উঠিল৷ তাৰ চিঞৰত মই উচপ খাই উঠিলোঁ৷ কি কথা কয় ই!

“তোৰ হৈছে কি? তই যদি তাইক মাৰি পেলালি তাইৰ ডেডব’ডীটো এতিয়া থৈছ ক’ত? উত্তৰ দে অভি৷” মই দুৱাৰ মুখৰপৰা উভতি আহি তাৰ গাত ধৰি জোকাৰি দিলোঁ৷ মোৰ কথা শুনি সি মোক সাৱটি ধৰি সৰু ল’ৰাৰ দৰে ফেঁকুৰি উঠিল৷

’স্বাগতাই মোক মানা কৰিছিল মদ খাবলৈ৷ মই বোলে মদ খাই থাকিলে তাই মোক এৰি থৈ গুচি যাব৷ মই বোলে খুউব বেয়া৷ অকল নিজৰ কথা চিন্তা কৰা মানুহ মই৷ তাই মোক কৈছিল যে মোতকৈ তাই বহুত ভাল ল’ৰা পাব৷ মোৰ লগত থাকি তাইৰ জীৱনটো নষ্ট কৰিবলৈ মন নাই৷ সেইবোৰ কথা শুনি মোৰ খং দুগুণে বাঢ়ি গৈ আছিল৷”

“তাৰপিছত তই কি কৰিলি?”

’মই খঙত একো নাই হৈ আৰু মাত মাতিব নোৱাৰাকৈ তাইৰ টেটুত বহুত সময় চেপা মাৰি ধৰি আছিলোঁ৷ ভবাই নাছিলোঁ তাই যে মৰি থাকিব৷ ’

তাৰ কথাবোৰ শুনি মই কঁপি উঠিছিলোঁ৷ মুহূৰ্ততে মোৰ হাতটো মোৰ চাৰ্টৰ কলাৰটোলৈ গ’ল৷ এনেকুৱা লাগিছে মই এতিয়া যদি কিবা এটা কওঁ সি মোক অথনি ধৰাৰ দৰে চেপা মাৰি ধৰিব৷ কিন্তু অভিয়ে কথাবোৰ যেনেদৰে কৈ গৈ আছিল কাৰোবাক মাৰি পেলোৱাটো যেন খুব সাধাৰণ কথা৷ অভি ইমান শান্ত প্ৰকৃতিৰ ল’ৰাটোৱে কেনেকৈ এই কাম কৰিব পাৰিব৷ অৱশ্যে তাৰ এতিয়া যিটো ৰূপ হৈ আছে সেই ৰূপ দেখিলে মানুহে তাৰ কথা বিশ্বাস নকৰাকৈ নাথাকিব৷

মোক সাৱটি ধৰি থকা অভিনৱৰ হাতখন মই লাহেকৈ এৰুৱাই দি তাক বিছনাখনত শুৱাই দিলোঁ৷ পানীৰ বটল এটা বিচাৰি পাকঘৰলৈ গৈ ফ্ৰীজৰ দুৱাৰখন খুলি দিওঁতে তীব্ৰ অকটা গোন্ধ এটা আহি মোৰ নাকটো সোপা মাৰি ধৰিলেহি৷ লগে লগে দুৱাৰখন বন্ধ কৰি দি কোনোমতে মুখেৰে ওলাই আহিবলৈ ধৰা ওকালিটো ৰখাই তাৰ ওচৰলৈ লৰালৰিকৈ আহিলোঁ৷

“তই মোক আজিক অনুভৱ কোন এই স্বাগতা? তিনিমাহমানৰপৰা তোৰ মুখত শুনি আহিছোঁ৷ কিন্তু সুধিলে অকল তোৰ গাৰ্লফ্ৰেইণ্ড বুলি কৈ থৈ দিয়াৰ বাদে বাকী একো নকৱ৷ আজি তই ক’বই লাগিব অভি৷” বুলি শুই থকা অভিনৱক টানি একেচাটে উঠাই দিলোঁ৷

“চাওঁ তাইৰ ফটো মোক দেখুৱা৷ ফটো দেখুৱালেহে তোক পুলিচৰপৰা বচাব পাৰিম৷” শোৱাৰপৰা উঠি বিছনাত বহি পৰা অভিনৱক আকৌ এবাৰ গাত ধৰি জোকাৰি দিলোঁ৷ মোৰ কথা শুনি সি উচুপি উঠিল ’মোৰ হাতত তাইৰ ফটো নাই৷ তাই মোৰ লগত ফটো উঠি বেয়া পাইছিল৷ দুখনমান আছিল কাজিয়া লাগোতে তাই ডিলিট কৰি দিলে মোবাইলৰপৰা কিন্তু মই যে তাইক মাৰি পেলালোঁ এতিয়া কি হ’ব? ’

এইবাৰ তাৰ কথা শুনি মই অকণো আচৰিত নহ’লো৷ বৰঞ্চ দুখহে লাগিল৷ কি অভিনৱ কি হৈ গ’ল৷ সেইদিনা ডাক্তৰৰ ওচৰলৈ লৈ যোৱা অভিনৱক ডাক্তৰে কথা পাতি ঠিকেই গম পাইছিল৷ সেয়ে মোকো এই বিষয়ে অলপ জ্ঞান দি থৈছিল৷ কিন্তু মোৰ ডাক্তৰৰ সকলোবোৰ কথা বিশ্বাস কৰিবলৈ টান লাগিছিল৷ কাৰণ কেতিয়াও কোনো ছোৱালীক নমতা, কাৰো প্ৰেমত নপৰা চিৰিয়াছ ল’ৰাটো যেতিয়া কোনো ছোৱালীৰ প্ৰেমত পৰি প্ৰতাৰণা হ’লে এনেকুৱা হ’ব পাৰে৷ কিন্তু ডাক্তৰে কোৱাৰ দৰে স্বাগতা নামৰ কোনো ছোৱালী নথকা কথাটোত আচৰিত হৈছিলোঁ৷ ডাক্তৰে অভিনৱৰ লগত গোটেই দিনটো কি কথা পাতিলে নাজানো কিন্তু অভিনৱৰ প্ৰতি দিয়া মন্তব্যত মই সমূলি সুখী নাছিলোঁ৷

অভিনৱে স্বাগতাৰ কথা যিদৰে মোক কৈছিল তাইক এবাৰৰ হ’লেও লগ পাবলৈ মোৰো মন গৈছিল৷ যেতিয়া তাক সেই কথা কওঁ সময়ত লগ কৰাই দিম বুলি কথাটো সিমানতে সামৰি থৈ দিয়ে৷ ময়ো বৰ বিশেষ চিন্তা নকৰোঁ৷ অভিনৱৰ মুখত স্নাগতাৰ কথা শুনি মই তাইক নেদেখিলেও তাইৰ সকলো কথাই গম পোৱা হৈ গৈছিলোঁ৷ আইচক্ৰীম ভালপোৱা ছোৱালীজনী, বৰষুণত ভিজি, আইনা চাই ভালপোৱা ছোৱালীজনীৰ কথা শুনি মনতে ভাবিছিলোঁ যি হ’লেও অভিনৱে অৱশেষত ভাল ছোৱালী এজনী পালে৷ অহা বহাগতে বিয়া পাতিম বুলি কোৱা অভিনৱৰ সুখৰ কাৰণে ভগৱানৰ ওচৰতো ভাবিছিলো৷ কিন্তু আজি মোক নিজকে পাগল পাগল লাগিছে ইমান দিনে শুনি থকা সাধুকথাবোৰ মনত পৰি৷ ডাক্তৰে কোৱাৰ দৰে অভিনৱৰ যদি মাল্টিপল পাৰ্ছনেলিটী ডিচ’ৰডাৰ আছে! যাৰ কাৰণে স্বাগতাক তাৰ প্ৰেমিকা বুলি আজি তিনিমাহৰপৰা ভাবি আহিছে৷ যাৰ প্ৰেমত সি উটি-ভাঁহি গৈছে৷ স্বাগতাজনী মানে তাৰ কল্পনাৰহে প্ৰেমিকা৷ তাইৰ লগতে ইমানদিনে সি কথা পাতে৷ পৰিকল্পনা কৰে ভৱিষ্যতৰ সেইবোৰ কৈ আকৌ মোৰ লগত হাঁহি ধেমালি কৰে৷ তাৰ স্বাগতাৰ কথা কৈ সি শেষ কৰিব নোৱাৰে৷ যেতিয়াই লগ পাওঁ মাথোঁ তাইৰ কথাকে কয়৷ আজি আকৌ বোলে অভিনৱে স্বাগতাক মাৰি পেলালে টেঁটু চেপি৷ সি নিজৰ কল্পনাৰ শক্তিয়ে যি দেখে তাকেই মানে ইমানদিনে মোক শুনাই আছিল৷ এনেকুৱা বেমাৰো থাকিব পাৰে নে! কথাবোৰ ভাবি মই উচপ খাই উঠিলোঁ৷ মোৰ সৰ্বশৰীৰ কঁপি উঠিল৷

হঠাৎ দৌৰ মাৰি পাকঘৰ পালোগৈ৷ তাৰ দুৱাৰ-খিড়িকীবোৰ খুলি দি মোৰ ঘৰত কাম কৰা মানুহজনীক মাতিবলৈ ফোনটো লগালো৷ ঘৰটোৰ যি অৱস্থা কৰি থৈছে সেইয়া যে মই অকলে চাফা কৰিব নোৱাৰোঁ সেইটো খাটাং৷ পাকঘৰৰপৰা ওলাই আহি দেখিলোঁ অভিনৱ আকৌ শুই আছে৷ এইবাৰ পূৰা টোপনি৷ চেগ বুজি তাৰ মোবাইলটো চেক কৰিলোঁ৷ ক’তো স্বাগতাৰ মেছেজ অথবা কল লগত ফোন কৰা চিন নেদেখিলো৷ এইবাৰ ফোন লিষ্ট চালোঁ তাত দেখিলোঁ স্বাগতাৰ নামটো, লগে লগে নম্বৰটো চাই দেখিলোঁ তিনিটা নম্বৰৰ এটা ইনভেলিড নাম্বাৰ৷ এইবাৰ গেলেৰী গ’লো ফটো উঠি বেয়া পোৱা ল’ৰাটোৰ গেলাৰী খালী৷ ৱাটছএপচত অহা ফটোবোৰ বাদ দি৷ মানে কথাটো সঁচা ডাক্তৰে কোৱাৰ দৰেই৷ তাৰ ঘৰটো গোটেই পিটপিটাই ঘূৰিলো কিন্তু স্বাগতা নামৰ ছোৱালীৰ কোনো ক্লু নাপালোঁ৷

হে ভগৱান, আঠবছৰ একেলগে থকা ল’ৰা এটা যে এনেকুৱা হ’ব পাৰে ভাবিবলৈকে টান লাগিছে৷ সি আগৰ পৰাই গহীন-গম্ভীৰ বাকীবোৰতকৈ অলপ বেলেগ ধৰণৰ৷ কিন্তু এনেকুৱা হ’ব বুলি কোনে ভাবিব পাৰে৷ মোৰ৷ বুকুখন মোচৰ খাই গ’ল৷ কথাবোৰ তাৰ ঘৰত জনোৱাটো উচিত হ’ব নে নাই ভাবি পোৱা নাই৷ তাৰ ঘৰত মই ডাইৰেক্ট ক’ব নোৱাৰিম কিন্তু মইতো মোৰ মাৰ আগত ক’ব পাৰিম৷ মাক ক’লে অন্তত মায়ে ৰাজীৱক মাকক কিবা এটা উপায়েৰে জনাব পাৰিব৷ দুইঘৰৰে আগতে চিনাকি নাছিল যদিও আমাৰ বন্ধুত্বৰ পৰাই ঘৰ দুখনৰো চিনাকি হ’ল৷ চকুকেইটা মোহাৰি মোৰ পকেটৰপৰা মোবাইলটো উলিয়াই মোৰ মাক ফোন কৰিবলৈ ধৰোঁতেই মাৰ ফোন আহিল

’হেল্ল, মা’
’অ বাবা, ক’ত আছা? ’
’মই মা তোমাক ফোন কৰিবলৈ ল’বলৈ ওলাইছিলোৱেই৷ শুনাচোন অভিনৱৰ গা অত্যন্ত বেয়া হৈ আহিছে দিনে দিনে৷ মই এতিয়া তাৰ ঘৰতে আছোঁ৷
’কোন অভিনৱ বাবা? তুমি আকৌ দৰৱ খোৱা বন্ধ কৰিলা নেকি বাবা? ’
মাৰ কথাত আচৰিত হৈ গ’লো মই আকৌ কিয় দৰৱ খাব লাগে৷ মোৰতো একো হোৱা নাই অভিনৱৰহে গা বেয়া৷ মই মাক বুজাবলৈ লওঁতেই মায়ে ক’লে
’বাবা দেউতা আৰু মই গৈ আছোঁ৷ তুমি এতিয়া ক’তো ওলাই নাযাবা৷ তিনি চাৰিঘণ্টাত আমি পামগৈয়ে৷ প্লিজ আমাৰ কথা শুনিবা৷ ’

মাৰ কথাত মোৰ মূৰটো আচন্দ্ৰাই গ’ল৷ মায়ে কি কথা কৈছে এইবোৰ৷ দৌৰ মাৰি অভিনৱৰ ওচৰলৈ যাব নোৱাৰিলোঁ দেখোন৷ গাটো ইমান গধুৰ আৰু ভৰিকেইটাও অচল হৈ পৰা যেন লাগিছে৷ মোৰ কি হৈছে একো ধৰিব পৰা নাই৷ কোনোমতে পাকঘৰৰপৰা ওলাই আহি অভিনৱ শুই থকা বিছনাখনতে শুই পৰিলোঁ৷ কিমান সময় শুলো গম নাপাওঁ৷ কোনোবা মানুহৰ গুণগুণতিতহে সাৰ পালোঁ৷ তাকো গাটো ইমান গধুৰ লাগিছে উঠি আহোঁ বুলিও উঠি আহিব নোৱাৰিলোঁ৷ চকুকেইটা কোনোমতে মেলি দেখিলোঁ ইটো ৰূমত মা, দেউতা আৰু লগত মানুহ এজন৷ মানুহজনক কৰবাত দেখা যেন লাগিছে কিন্তু ক’ত দেখিছিলোঁ মনত পেলাব পৰা নাই৷ মাৰ মুখখন চিন্তাত ক’লা পৰি থকা যেন লাগিছে৷ দেউতায়ো চিৰিয়াছ হৈ মানুহজনৰ লগত কিবা কথা পাতি আছে৷ ইঁহত আহিল কেতিয়া! কিনো কথা পাতিছে অলপ উঠি আহি দুৱাৰখনৰ ওচৰতে ৰৈ দিলোঁ৷ দেউতাই মানুহজনক কিবা সুধিছিল নেকি গম নাপাওঁ৷ তেওঁ দেউতাক বুজাই আছে

’চাওক আপোনালোকক মই এই বেমাৰটোৰ কথা আগতেই কৈছিলোঁ সেয়ে দিল্লীলৈ লৈ যোৱাৰ কথা কৈছিলো৷ কিন্তু আপোনালোকে গুৰুত্বই নিদিলে মোৰ কথাত৷ আৰু ৰাখিছেও এনে বেমাৰী এজনক অকলে৷ এতিয়া গম পালে নহয় অভিনৱ, স্বাগতা বুলি কোনো নাই৷ এইবোৰ তেওঁৰ ইমাজিনেৰী কেৰেক্টাৰ হয়৷ সোনকালে তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰক, নহ’লে এই বেমাৰ বেছি হৈ গ’লে দিগদাৰ হ’ব৷ মাল্টিপল পাৰ্ছনেলিটী ডিজৰডাৰ বুলি মই আপোনালোকক আগতেই কৈছিলোঁ আৰু এইটোও কৈছিলোঁ যে এই বেমাৰ সম্পূৰ্ণৰূপে কিউৰ নহয়৷ কিন্তু আপোনালোকে মোক বিশ্বাসত নল’লে৷ ৰাজীৱৰ কথাতহে বিশ্বাস কৰিলে৷ ….”

মানে মানুহজন ডাক্তৰ৷ তেওঁ আৰু কি কৈ আছিল মোৰ মূৰত নোসোমাল৷ মোৰ কেনেকৈ এইটো বেমাৰ হ’ব৷ মোৰ বন্ধু অভিনৱৰহে আছে৷ কথাবোৰে কিবা মোক পাগল কৰি তুলিলে, আচৰিত হ’লো ডাক্তৰৰ কথাত৷ এনেকুৱা লাগিছে মই যেন এতিয়াই পলাই কৰবালৈ গুচি যাম৷ ■■

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sabina
2 years ago

বৰ ভাল লাগিল ৰিমঝিম৷

Sabina
2 years ago

ভাল লাগিল ৰিমঝিম৷

কমল নেওগ , তেজপুৰ।
2 years ago

ভাল লাগিল তোমাৰচুটিগল্পটো।

অনুৰূপ মহন্ত
2 years ago

সুন্দৰ

2 years ago

ধন্যবাদ সকলোকে