আজিও মনলৈ উভতি আহে ল’ৰালি (নিতুল বৰা)

টং টং টং, স্কুলৰ ঘণ্টাটো বাজি উঠিল, আমি সকলো স্কুলৰ ভিতৰলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিলোঁ। শ্ৰেণীৰ পাঠ আৰম্ভ, লগৰ বোৰে ইটোৱে সিটোক কাণে কাণে ফুচফুচাই কোৱা কথা মোৰো কাণত আহি পৰিলহি। “ঐ আজি বোলে টংকহঁতৰ ঘৰৰ পৰা বুট-কল দিবহি”! মনত ক’ব নোৱাৰাকৈয়ে বাহ ল’লেহি আনন্দই, আজি তেনেহলে সোনকালে স্কুল ছুটি হ’বই হ’ব। এতিয়া বা কাক কাক কল আনিবলৈ পঠিয়াই হেড চাৰে। আনকালে হ’লে আমি তিনিটাই চাঞ্চ পাওঁ মানে মই, চন্দ্ৰ আৰু বুবুলিয়ে। এক দুইকৈ পিৰিয়ড বোৰ গৈ আছে, তেনেতে আহি ওলালহি টংক দেউতাক, চাৰক লগ পাই কিবা কিবি কোৱা যেন পালোঁ, মোৰ মন উগুল-থুগুল লাগিলেই।

কিছু সময়ৰ পিছত চাৰে আমাক মাতিলে, “ঐ তহঁত কেইটা টংকহঁতৰ ঘৰলৈ যা আৰু দেউতাকে কল এথোক আৰু বুট এখৰাহি দিব, লৈ আহিবিগৈ”। আমি ভালেই পালোঁ, কিতাপ বহী কেইটা সামৰি থৈ একে কোবে দৌৰ মাৰিলোঁ, বাটত যাওঁতে কত কি কথা, “ঐ আজি ছুটিৰ পিছত কলঙৰ পাৰৰ বগৰী আৰু তেতেলী খামগৈ হা”। “ঠিক আছে, কিন্তু মোক মাটি পেঞ্চিল এডাল দিলেহে বগৰী পাৰি দিম” বুলি চন্দ্ৰই খাটনি ধৰিলে, “হ’ব দে দিম” বুলি কথা দিলোঁ। তিনিও কথা পাতি পাতি গৈ টংকহঁতৰ ঘৰ পালোঁগৈ, দেউতাকে দীঘল বাঁহ এডাল যোগাৰ কৰি দিলে আৰু আমি তিনিও সেইডালতে ৰচী এডাল বান্ধি কল থোক ওলমাই ভাৰ কৰিলোঁ, চন্দ্ৰই বুটৰ খৰাহিটো পোহাৰীয়ে ভাৰ অনাদি মূৰৰ ওপৰত লৈ আগে আগে আগবাঢ়িল, আমি দুয়ো কলৰ ভাৰ লৈ পিছে পিছে গৈ স্কুল পালোঁগৈ।Nitul Bora

হেডচাৰে কিছু পুৰণি পৰীক্ষাৰ বহীৰ পাতত বুট আৰু কল বিলাবলৈ দিলে ৷ আমি তিনিও আৰু দুজনীমান ছোৱালীয়ে মিলি বেঞ্চীয়ে বেঞ্চীয়ে বুট, কল কাগজত বিলাই দিলোঁগৈ। খোৱাৰ আগতে হেডচাৰে সকলোকে উদ্দেশ্যি দু-আষাৰ মান ক’লে—“আজি টংকৰ জন্মদিন, সেই হেতুকে সিহঁতৰ ঘৰৰ পৰা সমূহ ছাত্ৰ-ছাত্ৰীকে এইদৰে বুট-কল খুৱাই আশীৰ্বাদ বিচাৰিছে”। চাৰৰ ভৰি চুই টংকই সেৱা কৰিলে। তাৰ কিছুসময়ৰ পিছত আমাক ছুটি দিলে।

এতিয়া আমাক আৰু কোনে পায়, লগত টংককো লৈ আমি তিনিও কলঙৰ পাৰ পালোঁগৈ, মই অকণমান খীন-মিন আছিলোঁ বাবে চন্দ্ৰ আৰু বুবুলিয়ে মোক গছত উঠিবলৈ প্ৰায়ে নিদিয়েই, মই তলতে থাকি বুটলিহে থাকোঁ, বগৰী গছৰ পৰা পকা পকা বগৰীবোৰ ডাল জোকাৰি দিয়ে, আৰু মই যিমান পাৰোঁ হাফ পেণ্টৰ পকেটত ভৰাই যাওঁ, বগৰী গোটাই হ’লেই সিহঁত নামি আহি কেঁহোৰ দোকানৰ বাহিৰত থকা নিমখৰ বস্তাৰ পৰা নিমখ লৈ চাৰিওটাই হৰহৰিয়া জানৰ পুলত বহি দকচি খাওঁ, চন্দ্ৰক দিয়া কথা মতে মই মাটি পেঞ্চিল এডাল দিব লগাত পৰিল। তেতিয়াৰ দিনত দীঘল মাটি পেঞ্চিল থকাটো বহুত ডাঙৰ কথা আছিল আমাৰ বাবে। ইয়াৰ পিছত পকা তেতেলী বিচাৰি তেতেলী গছৰ তল চলাথ কৰোঁ, এইবোৰ কৰি কৰি ঘৰলৈ বাট পোনাওতেই প্ৰায় ৩ বাজিবৰ হয়। চাৰিওটাই নিজৰ নিজৰ বাট লওঁ। বুবুলি আৰু আমাৰ ঘৰ ওচৰা-ওচৰি বাবে একেলগে আহোঁ ৷ আহোঁতে মনতে ভাবি আহোঁ, হে ভগৱান আজি যেন ভ-ৰাম বুঢ়াটো বাটতে ৰৈ নাথাকে আৰু। ভ-ৰাম বুঢ়া আমাৰ ওচৰৰে অৱসৰ গ্ৰহণ কৰি ঘৰতে থকা বৃদ্ধ। স্কুলৰ পৰা অহা ল’ৰা ছোৱালীবোৰক ৰখাই লৈ নেওতা সোধে, নহ’লে বিভিন্ন প্ৰশ্ন কৰে। সেই ভয়তে আমি কেতিয়াবা সেই বাটেৰে নাহোৱেই। আজি এনেও দেৰি হৈছে, সেয়ে এবাট ঘূৰি ঘৰলৈ গলে আৰু দেৰিহে হ’বগৈ বুলি পোন বাটেই আহিলোঁ।

ভ-ৰাম বুঢ়াৰ পদূলিৰ কিছু দূৰৰ পৰা আমাৰ খোজৰ গতি কিছু খৰতকীয়া হৈ পৰে ক’ব নোৱাৰাকৈয়ে। এনেতে শুনিলোঁৱেই নহয় মাত— “ঐ এইকেইটা……অমুকৰ আৰু তমুকৰ পুতেক নহয়নে..? চাও এইফালে আহ”। আমি প্ৰায় নুশুনাৰ ভাও ধৰি খৰগতিৰে মনতে ভোৰ-ভোৰালোঁ, এই বুঢ়াডালৰ কাম বন নাই খালি বাটত আহি খাপ পিতি থাকিবহি ৷ “ঐ পলা পলা, বুঢ়াই মাতিলেই” আমি আওকান কৰি কথা অচিলা লৈ যিমান পাৰোঁ খোজৰ গতি বঢ়াই দিলোঁ, পিছে বুঢ়াৰ পৰা ক’ত সাৰিব পাৰি ! বুঢ়াৰ যিহে দীঘল দীঘল ভৰি দুখুন ! বুঢ়াই দীঘল বেঙা মেলা খোজেৰে আহি আমাক আগচি ধৰিলেহি, “ঐ তহঁত দুটাক মাতিছোঁ যে শুনিছনে নাই…?” ৷ “অ’ অ’ অ’ ক’কা, এহ আমি শুনাই নাছিলো, কথা পাতি আহি আছোঁ যে সেয়ে”। “বাৰু তহঁতৰ স্কুলৰ পৰা আহোঁতে কিয় ইমান দেৰি হ’ল..” ? “নহয় মানে ক’কা”। “কি নহয় মানে ক’কা..? ঐ আজি স্কুলত মাষ্টৰে কি পঢ়ালে..? নেওতা মাত, নেওতা..?”

একৰ এক গ’ল থাকিল শূন্য,
দুইৰ এক গ’ল থাকিল এক,
তিনিৰ এক গ’ল থাকিল দুই,”

“হেই সেইখন নহয়, বৰ নেওতা মাত” ৷ কি বিপদ ঔ, এইডালৰ পৰা কেনেকৈ সাৰিব পাৰি। ইফালে এনেই দেৰি হৈছে, ঘৰত আজি পিঠিখন ফালিব আইয়ে। মই ভাবি থাকোঁতেই বুবুলিয়ে আখৈ ফুটাদি কেইশাৰীমান মাতিয়েই দিলে। কিন্তু বুঢ়াই মোৰ ফালে চাই ক’লে—“তই একা…” ? মই বোলো “কি ক’কা..? কওঁক” ! “তই স্কুলৰ চাৰিসীমাটো ক..”? ঘেঁহাই ঘেঁহাই “…….উত্তৰে ডিফলু সত্ৰ, দক্ষিণে কলং, পশ্চিমে দেওধৰ গাওঁ, পূৱে সমবায়”। “বাৰু হৈছে, আজিলৈ এৰিলো বাৰু, যা-এতিয়া তহঁত ঘৰলৈ যা” এইবুলি ক’বলৈহে পালে আমি দুয়োটাই ফৰিং চিটিকা দিলোঁ, একেবাৰে ঘৰতহৈ গৈ উশাহ সলাইছোঁগৈ। উস ৰক্ষা এদিনলৈ…।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments