আজিৰ চিন্তাঃ ক’ভিড-১৯, কঁঠালগুটিৰ পৰা ৰেডিমেড প্ৰেমপত্ৰলৈ—খজেন ডেকা

দিনবোৰ নাযায় নুপুৱাই যেন হৈছে। সময়বোৰ ক্ৰমাৎ অসহনীয় হৈ আহিছে। কৰোনাৰ প্ৰভাৱত সলনি হৈছে প্ৰতিজন মানুহৰ দিনপঞ্জী। আৰম্ভণিৰে পৰা চৰকাৰৰ আহ্বান বা আদেশক মানিব নোখোজা এচাম ওভতগোৰে নচা মানুহৰ বাবে আজিৰ পৰিস্থিতি জটিলৰ পৰা জটিল হৈ গৈ আছে। দিনক দিনে ক’ভিড-19 ত আক্ৰান্ত মানুহৰ সংখ্যা বাঢ়ি গৈয়েই আছে।

কালিৰ পৰা মোৰো গাটো ইমান ভাল নহয়। বতৰেও এইবাৰ যথেষ্ট বিধি-পথালি দি আছে। যোৱা এমাহৰো অধিক কাল বৰষুণ দিয়েই আছে। ফলত শাক-পাচলিৰ উৎপাদন একেবাৰে কমি গৈছে। বজাৰত জুই-ছাই দাম হৈছে শাক-পাচলিৰ। পৰহিদিনা আবেলি অলপ সময়ৰ কাৰণে টাউনলৈ ওলাই গৈছিলোঁ। এক নিৰাপদ ঠাইত বহি লৈ দুজনমানৰ সৈতে মত বিনিময় কৰিছিলোঁ মাত্ৰ। তাতে এজনে আহি জনালে যে ওৰাং হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ পুণ্য প্ৰসাদ উপাধ্যায়ৰ লগতে তেওঁৰ পুত্ৰ আৰু পৰিবাৰো আক্ৰান্ত হৈছে ক’ভিড-১৯ ত। তেওঁক গুৱাহাটী মেডিকেল কলেজলৈ নিয়াৰ লগতে পৰিবাৰ আৰু পুত্ৰক ওদালগুৰি চিভিল হস্পিতেললৈ নিয়া বুলি জনালে। লগে লগে উপস্থিত আটাইকেইজনৰে মনবোৰ কিবা হৈ গ’ল। আমি লগে লগে আটাইকেইজনে ঘৰাঘৰি গুচি আহিলোঁ। যোৱা দুদিন মই ঘৰৰ পৰা ওলোৱা নাই। আজি ৰাতিপুৱা বতৰৰ বাবে ঘৰতে ‘মৰ্ণিংৱাক’ কৰিলোঁ। ৰাতিপুৱা কৰিবলগীয়া অইন কামখিনি কৰি ৬.০০ বজাত কম্পিউটাৰ অন কৰি হুৱাটচ্এপৰ মেছেজবোৰ চালোঁ। এটা মেছেজৰ পৰা গম পালো পুণ্য প্ৰসাদ উপাধ্যায় আৰু নাই। মেছেজটো পঢ়ি কিছু সময় মৌন হৈ ৰ’লো। এই আপডেটটো লিখি থকাৰ সময়ত গম পালোঁ যে তেওঁৰ মৃত্যু প্ৰেচাৰ ষ্ট্ৰোকৰ বাবেহে হৈছে। যাহওক মৃত্যু মৃত্যুৱেই। কোনো মৃত্যুৱেই কাৰো কাম্য নহয়। মেছেজবোৰ চাই কিছুসময় ফেচবুক চালোঁ। দেখিলো ভালেকেইটা আপডেট আছে কঁঠালঠালগুটিক লৈ। দুখৰ মাজতো অলপ হাঁহি উঠি গ’ল। মনটো উৰি গ’ল ল’ৰালিলৈ। সেইসময়ত আমাৰ বাবে সৰুসুৰা একোটা পকা কঁঠাল খোৱাটো তেনেই সাধাৰণ কথা আছিল। লগৰবোৰৰ লগত অঘোষিত কঁঠাল খোৱাৰ প্ৰতিযোগিতা। পোৰা কঁঠালগুটিৰ কথা ক’বই নালাগে। ভাতৰ লগত খোৱাৰ বাদেও এনেয়েও জেপত লৈ ফুৰো পোৰা কঁঠালগুটি। খুন্দনাত জলকীয়াৰ সৈতে খুন্দি গুড়ি কৰি খাওঁ। মচুৰ দাইলত মেষ্টা টেঙাৰ পাত আৰু কঁঠালগুটি দি খোৱাৰ সোৱাদেই সুকীয়া। তেতিয়াৰ দিনত পথাৰত হাল বাওতে পঁইতা ভাতৰ সৈতে দুটামান পোৰা কঁঠালগুটি হ’লেই হ’ল। লগত আৰু একো নালাগে। গ’ল কথা গুচিল। সেইবোৰ গাঁৱলীয়া কথা আৰু কোনে মনত ৰাখে। গাঁৱৰ পৰা আহি টাউনীয়া হ’লোঁ। কঁঠালগুটিকো পাহৰি গ’লোঁ। হওঁতে মোৰ বাৰীত দুজোপা কঁঠাল গছ নথকা নহয়। যোৱা বছৰলৈকে ডালভৰি লাগিছিল। কিন্তু খোৱা মানুহ নাই। ৰাস্তাৰে গৈ থকা ঠেলাৱালা আৰু ৰিক্সাৱালাক জোৰকৈ মাতি আনি পাৰি লৈ যাবলৈ দিও। এইবাৰ এটাও ফল নধৰিল। অথচ এইবাৰ কঁঠালগুটিৰ বন্দনা আন্তৰ্জাতিক পৰ্য্যায়ত দেখি আচৰিত লাগিল। তাকে দেখি আজি গা ধোৱাৰ আগে আগে কঁঠালগছৰ তলত গৈ জুমি জুমি চালো ক’ৰবাত পাতৰ আঁৰত সৰুকৈ হ’লেও আছেই নেকি দুই এটা সৰুসুৰা কঁঠাল! পিছে নাই।

কালি আৰু এটা আপডেট দিছিলোঁ। ক্লাচ টেনত পঢ়ি থাকোঁতে হাতে লিখা ভৌতিক গল্পৰ পাণ্ডুলিপিৰ ফটোক’পিৰ। বহুজনৰ আফচোচ গল্পটো ভালদৰে পঢ়িব নোৱাৰাৰ বাবে। বহুতৰ আকৌ মন্তব্য মোৰ হাতৰ আখৰক লৈ। সকলোৱে ভাল বুলি কৈছে। কিন্তু প্ৰশংসা কৰাৰ ধৰণে ভাল নহয়। তথাপি ৰাইজে কৈছে যেতিয়া ভালেই বুলি ধৰক। অৱশ্যে আখৰ ভাল কৰিবলৈ মই সদায় চেষ্টা কৰি আহিছোঁ। ডিগ্ৰীত পঢ়ি থকা সময়ত মোৰ আখৰ যথেষ্ট ভাল হৈছিল। মন্তব্যবোৰ পঢ়ি গৈ থাকোঁতে দুটামান মন্তব্যত মোৰ বিশেষ দৃষ্টি পৰিল। মন্তব্য দুটা মোৰ বান্ধৱী আৰু এজন ভাতৃপ্ৰতিম বন্ধুৰ। আখৰ ভাল কাৰণে বেলেগক চিঠি লিখি দিয়াৰ প্ৰসংগত। কথাটো নোহোৱা নহয়। দুজনমানক লিখি দিছিলোঁ প্ৰেম পত্ৰ। বিনিময়ত লাভ কৰিছিলোঁ চিনেমা চোৱা আৰু চাহৰ খৰচ। এজন বন্ধুৰ মন গ’ল ভনীয়েকৰ বান্ধৱীক ভাল পাবলৈ। কিন্তু বন্ধুৰ হাতৰ আখৰ বেয়া আৰু চিঠি লিখিব নাজানে। গতিকে বন্ধু মোৰ শৰনাপন্ন হ’ল। প্ৰথমখন এনেয়ে খা-খবৰ লোৱাৰ ভাবত লিখিলোঁ। উত্তৰ আহিল। বন্ধুৰ মন আনন্দত উগুল-থুগুল। দ্বিতীয়খনত অলপ প্ৰেমৰ ৰহণ সানি লিখি দিলোঁ। তেওঁ দুই তিনিবাৰ পঢ়ি এপ্ৰ’ভ কৰি দিলে। এইবাৰো ভাল ভাবেই উত্তৰ আহিল। তৃতীয়খনত প্ৰেমৰ ৰস অলপ বেছিকৈ ঢালি দিলোঁ। এইবাৰো বন্ধুই চাই মেলি এপ্ৰ’ভ কৰি দিলে। এইবাৰ কিন্তু উত্তৰ নাহিল। বন্ধুৰ মন মৰি গ’ল। এবাৰ সেই বন্ধুজনলৈয়ে এখন গ্ৰিটিংছ কাৰ্ড আহিল এগৰাকী বেংগলী ছোৱালীৰ পৰা। বঙালী ভাষাৰে লিখা। বন্ধু আকৌ মোৰ ওচৰ চাপিল। দোকানলৈ গৈ বেছি দামৰ গোলাপ ফুল থকা গ্ৰীটিংছ কাৰ্ড এখন কিনি আনিলে। ছোৱালীয়ে অসমীয়া ভাষা বুজি নাপায়। বঙালীত লিখিব লাগিব। বঙালীত লিখা যায় কেনেকৈ? প্ৰথমতে কথাখিনি অসমীয়াত লিখি ল’লো। বঙালীলৈ অনুবাদ কৰিব লাগে। কোনে কৰি দিব। যাকে তাকে ক’ব নোৱাৰি। দুয়ো গ’লো মহাভৈৰৱ দৈনিক বজাৰলৈ। তাতে পানদোকানী এজনক সুধি বঙালীলৈ অনুবাদ কৰি লৈ আহিলোঁ। পিছত আন এজনৰ হতুৱাই বন্ধুজনে কাৰ্ডখন দিয়াইছিল। এনেদৰে আৰু দুজনমানক চিঠি লিখি দিবলগীয়া হৈছিল। পিছলৈ এখন ৰেডিমেড চিঠিয়েই লিখি থোৱা হৈছিল। ভাষা লগাই লিখা চিঠি। যাৰ দৰকাৰ তাকে দিছিলোঁ। গ’ল কথা গুচিল। কলেজ এৰিলোঁ। এদিন দীঘলীয়া খাম এটাত অহা চিঠি এখন পালোঁ। সাধাৰণতে তেনে ধৰণৰ খামত ৰাজহুৱা বা চৰকাৰী চিঠি আহে। দুই এটা সৰুসুৰা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিয়া আছিল। চিঠিখন পাই মুহূৰ্ততে বহু কথাই মনলৈ আহি গ’ল। ঘৰলৈ গৈ এক উৎকন্ঠিত মন এটা লৈ খামটো খুলিলোঁ। লাহেকৈ মেলি চালোঁ। ফুলস্কেপ কাগজৰ তিনিপৃষ্ঠা জোৰা এখন চিঠি। তলত নামটো চাই দেখিলো জুনিয়ৰ এজনীৰ নাম। চিঠিখন পঢ়ি দেখিলো মই প্ৰস্তুত কৰি লোৱা ৰেডিমেড চিঠিখনেই দেখোন। মোকেই ভাল পাই বুলি লিখিছে। মাজে মাজে দুই এটা শব্দ সলনি কৰি লিখা। অকলে অকলে হাঁহিছিলোঁ।

আজি ৰাতিপুৱাৰে পৰা বৰষুণ। ক’লৈকো যাব নোৱাৰি। এগৰাকী লেখিকাৰ উপন্যাস এখনৰ প্ৰুফ চাই দিব লাগে। এবাৰ চালোঁ। আকৌ এবাৰ চাই দিব লাগে। কালি প্ৰকাশকে ফোন কৰিছে। ৰাতিপুৱাৰে পৰা তাকে কৰি আছোঁ। তাৰ মাজতে মনলৈ অহা এইখিনি কথা লিপিবদ্ধ কৰি থলোঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 months ago

সঁডসঁচাসোৱাকালৰৰান্ধনীঘৰৰপোৰাকঠঠাল গুটিৰ মিঠা গোন্ধ টোৰ দৰে সঁচা…. মৃন্ময় মৃন্ময়

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক