আজিৰ যুগত সীতা চৰিত্ৰৰ প্ৰাসঙ্গিকতা

(সম্পাদকীয় টোকাঃ এই মাহৰ অকব-ত এই বিশেষ বিষয়টি লৈ দুজন সদস্যই নিজৰ মত পোষণ কৰিছিল৷ সম্প্ৰতিক কালত এনেদৰে বিভিন্ন পৌৰাণিক চৰিত্ৰৰ প্ৰসংগিকতা লৈ বিদ্যৎ সমাজত ব্যাপক আলোচনা হৈ থকা দেখা যায়৷ আধুনিক ধৰণে পৌৰাণিক চৰিত্ৰ, বিষয়, ঘটনা আদিৰ বিশ্লেষণত ক্ষেত্ৰত ভাৰতবৰ্ষৰ অগ্ৰগামী সাহিত্যিক হিচাপে আমি ডি ডি কৌশাম্বী, ৰামচৰণ শৰ্মা, ইৰাৱতী কাৰ্বেৰ নাম আমি জনো৷ অসমীয়া সাহিত্যতো চন্দ্ৰপ্ৰসাদ শইকীয়াই ‘মহাৰথী’ নামেৰ কৰ্ণৰ জীৱন প্ৰবাহক লৈ নব্য ধাৰণাৰে এখন সাৰ্থক উপন্যাস ৰচনা কৰাৰ কথা অসমীয়া সাহিত্যৰ পাঠক মাত্ৰেই জানে৷ এওঁলোকৰ এই বিশ্লেষণ সময়োপযোগী৷)


(১)
সাৰদা শ্ৰেষ্ঠা
আজিৰ নাৰীসকল সীতাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা উচিত নে? আজিৰ যুগত সীতা চৰিত্ৰৰ প্ৰাসঙ্গিকতা কিমান? আজিৰ যুগত সীতাৰ চৰিত্ৰৰ প্ৰয়োজনীয়তা কিমান?মহাকবি বাল্মীকিৰ সীতা এক এক অমৰ সৃষ্টি। ব্ৰহ্মাই বাল্মীকিক বৰ দান দি কৈছিল- “যেতিয়ালৈকে পৃথিৱীত সূৰ্য থাকিব তেতিয়ালৈ তোমাৰ ৰামায়ণ অমৰ হৈ থাকিব।” মই ভাবোঁ, ৰামায়ণ যেতিয়ালৈকে ভাৰতীয় সমাজত সমাদৃত হৈ থাকিব তেতিয়ালৈকে ভাৰতবাসীৰ মনত সীতা অমৰ হৈ থাকিব। প্ৰাচীন ভাৰতীয় সাহিত্যৰ আন এক অমৰ সৃষ্টি হ’ল মহাভাৰত। মহাভাৰতো প্ৰতিফলিত হৈছে ভাৰতীয় সমাজ চিত্ৰ। মহাভৰততো বহুতো নাৰী চৰিত্ৰ আছে। কিন্তু সীতাৰ চৰিত্ৰ তুলনাবিহীন। সীতাৰ উদাহৰণ আন কোনো কাব্য-মহাকাব্যত পাবলৈ নাই। সীতা ভাৰতীয় নাৰীৰ আদৰ্শ চৰিত্ৰ। সীতা সাহসী, সৰল, পৰম ধৈৰ্যশীলা আৰু পতিব্ৰতা নাৰী। তেওঁ বিনম্ৰতা তথা ত্যাগৰ মহিমাৰে গৰীয়সী। ন-বোৱাৰী হৈ আহি ৰাজমহলৰ সুখ-স্বাচ্ছ্যন্দ হেলাৰঙে বিসৰ্জন দি স্বামীৰ সৈতে সুখ-দুখৰ সমভাগী হৈ বনবাস খাটিবলৈ অকণো কুণ্ঠিত হোৱা নাছিল ৰাজনন্দিনী তথা ৰজা দশৰথৰ বোৱাৰী সীতা।ৰাৱণৰ দ্বাৰা অপহৃত হৈ অশোকাবনত বন্দিনী হৈ অশেষ যাতনাও তেওঁ সহিব লগা হৈছিল। ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ হৈও তেওঁ সুখ নাপালে….. নিজৰ পৱিত্ৰতাৰ প্ৰমাণ দিব লগা হ’ল অগ্নিপৰীক্ষাৰ দ্বাৰা। বনবাসৰ অন্তত অযোধ্যা নগৰীত পদাৰ্পণ কৰি ৰামে ৰাজ্যভাৰ গ্ৰহণ কৰাত তেওঁ ৰাজৰাণী হ’ল; কিন্তু সেই সুখো তেওঁৰ ভাগ্যত সৰহ দিন নিটিকিল। সাধাৰণ ধোবাৰ যুক্তিহীন কখাত ৰামে পুনৰ তেওঁক বনবাস দিলে। এই দুখৰ সন্ধিক্ষণত পিতৃত্বৰ মৰমৰ উমেৰে সীতাক আঁকোৱলী ল’লে বাল্মীকি মুণিয়ে। সকলো নিৰ্বিবাদে নীৰবে সহি সীতাই জন্ম দিলে দুটি যমজ পুত্ৰ সন্তান। ৰাজসূয় যজ্ঞভূমিত ৰামায়ণ গীত গোৱা শিশু ৰূপত আৱিৰ্ভাৱ হোৱা লৱ-কুশক নিজৰ সন্তান বুলি জানিব পাৰি ৰামে নিজৰ ভুলৰ বাবে অনুতপ্ত হৈ সীতাক পুণৰ আঁকোৱলী ল’ব বিচাৰিলে যদিও সীতাই পুনৰ ৰাজৰাণীৰ সুখ ভোগ কৰিবলৈ অমান্তি হ’ল৷ এয়া থুলমূলকৈ সীতাৰ বিয়োগান্তক জীৱন গাথা।
ইয়াত আমি দেখিৱলৈ পাওঁ সীতাৰ মনৰ দৃঢ়তা সীতাৰ স্বাভিমান। সীতাই ইচ্ছা কৰা হ’লে পুনৰ ৰাজৰাণী হৈ সুখময় জীৱন আঁকোৱলী ল’ব পাৰিলেহেঁতেন। দুটি পুত্ৰসন্তানৰ মাতৃত্বই তেওঁক অযোধ্যাত এক সুনিশ্চিত আসন দিব পাৰিলেহেঁতেন। কিন্তু সীতাই সেই সুখ স্বীকাৰ কৰিবলৈ মান্তি নহ’ল। তেওঁ ধৈৰ্যশালী, কৰুণাময়ী, সাহসী আছিল সঁচা কিন্তু দুৰ্বল নাছিল। শেষ মুৰ্হূতত তেওঁ ৰামৰ ভুলৰ বাবে ৰামক ক্ষমা নকৰিলে। নিজৰ আত্মত্যাগেৰে তেওঁ ইয়াকেই প্ৰতিপন্ন কৰিলে যে তেওঁ অন্ততঃ অবলা নহয়, আত্মমৰ্যদাৰে নিজৰ জীৱনৰ সিদ্ধান্ত তেৱোঁ ল’ব পাৰে। সেয়া সীতাৰ আত্মহত্যা নহয়…সীতাৰ চূড়ান্ত আত্মত্যাগ। যি ত্যাগে তেওঁক উদিত ঊষাৰ দৰেই উজ্জ্বলাই তুলিলে। সেইবাবেই সীতাৰ চৰিত্ৰৰ আজিও গুৰুত্ব আছে ।
আজিৰ নাৰী কিছুক্ষেত্ৰত উপেক্ষিতা সঁচা। কিছুপৰিমাণে নাৰী উপেক্ষিতা হলেও আজি বহু নাৰী বহুপৰিমাণে স্বাধীন। আজিৰ নাৰী স্বাধীনেই হওক কিম্বা উপেক্ষিতাই হওক কিন্তু সীতাৰ যি ধৈৰ্যশীলতা, সততা আৰু আত্মত্যাগৰ প্ৰৱণতা বহুখিনিয়েই আজি আমাৰ নাৰীৰ মাজত নাই বুলিয়েই ক’ব পাৰি। নথকাও স্বাভাৱিক কাৰণ সীতা একক আৰু অদ্বিতীয়। সীতাৰ গুণসমূহৰ সামান্যতমো হয়তু আজি আমি গ্ৰহণ কৰিব পৰা নাই। সেয়ে আজি পৰিয়ালবোৰ বহুধা বিভক্ত হৈ পৰিছে। আমি হেৰুৱাই পেলাইছোঁ আত্মীয়তাৰ মাধুৰ্য।মই ভাবোঁ নাৰী সহনশীল, ধৈৰ্য্শীল, বিনয়ী সংযমী হোৱা উচিত। কিন্তু অন্যায়ৰ বিৰুদ্ধেও মাত মতাৰ সাহস থকা উচিত। যিয়ে কেৱল নাৰীগৰাকীকে সুৰক্ষিত কৰাই নহয় সমাজখনকো শুদ্ধ দিশে আগবাঢি যোৱাত সহায়ক হ’ব ।

(২)
উৎপল খাটনিয়াৰ
বাল্মীকিয়ে লিখা ৰামায়ণ এখন অতিশয় মনোৰম মহাকাব্য | নাৰীজাতিৰ অপৰিসীম কোমলতা, শুচিতা আৰু অবৰ্ণনীয় দুখ-কষ্ট জীৱন্ত হৈ উঠিছে ৰামায়ণত৷ ইয়াৰ উপৰি ঋষি বিশ্বামিত্র, সূৰ্য বংশৰ বিখ্যাত ৰজা ত্রিশঙ্কু, বিষ্ণু অৱতাৰ ৰাম, লক্ষ্মণ, পৰশুৰাম, মন্থৰা, জটায়ু পক্ষী, ৰাৱণ, হনুমান, বিভীষণ, শূৰ্পনখা, কুম্ভকৰ্ণ, সুগ্রীৱৰ চৰিত্রৰ সুন্দৰ বিশ্লেষণে ৰামায়ণখন খুব হৃদয়স্পৰ্শী কৰি তুলিছে | ৰামৰ ৰাক্ষস নিধন, হনুমানৰ সাহসী কৰ্মৰাজি, ভৰতৰ ভাতৃ স্নেহ, ৰাৱণৰ মিছা অহঙ্কাৰৰ বৰ্ননাই সমগ্র ভাৰতবৰ্ষৰ প্রতিজন ব্যক্তিকে আনন্দ দিছে, প্রেৰণা দিছে | কিন্তু এই ৰামায়ণখনত সকলোবোৰ চৰিত্রৰ বিপৰীতে সীতাৰ চৰিত্রটি ডাঙি ধৰা হৈছে অন্য এক ৰূপত |সীতাক ভাৰতীয় নাৰীৰ আদৰ্শ, সাহসী, সৰল, পৰম ধৈৰ্য্যশীলা, আৰু পতিব্ৰতা নাৰী ৰূপত সীতাক উপস্থাপন কৰিছে বাল্মীকিয়ে। ন-বোৱাৰী হৈ আহি ৰাজমহলৰ সুখ স্বাচ্ছ্যন্দ হেলাৰঙে বিসৰ্জন দি স্বামীৰ সৈতে সুখ-দুখৰ সমভাগী হৈ বনবাস খাটিবলৈ অকণো কুণ্ঠিত হোৱা নাছিল ৰাজনন্দিনী তথা ৰজা দশৰথৰ বোৱাৰী সীতা । ৰাৱণৰ দ্বাৰা অপহৃত হৈ অশোকাবনত বন্দিনী হৈ অশেষ যাতনাও তেওঁ সহিব লগা হৈছিল । ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ হৈও তেওঁ সুখ নাপালে…..নিজৰ পৱিত্ৰতাৰ প্ৰমাণ দিব লগা হল অগ্নিপৰীক্ষাৰ দ্বাৰা । বনবাসৰ অন্তঃত অযোধ্যা নগৰীত পদাৰ্পণ কৰি ৰামে ৰাজ্যভাৰ গ্ৰহণ কৰাত তেওঁ ৰাজৰাণী হল…কিন্তু সেই সুখো তেওঁৰ ভাগ্যত সৰহ দিন নিটিকিল । সাধাৰণ ধোৱাৰ যুক্তিহীন কখাত ৰামে পুনৰ তেওঁক বনবাস দিলে । মুঠৰ ওপৰত ত্যাগৰ জলন্ত নিদৰ্শন হিচাপে সীতাক উপস্থাপন কৰা হ’ল |ভাৰতীয় নাৰীকুলৰ বাবে এক আদৰ্শৰ প্ৰতীক এই সীতাৰ চৰিত্র |
কিন্তু সৰ্বশক্তিমান ঈশ্বৰৰ নাৰীৰূপ দয়া-মমতা, কষ্টসহিষ্ণু আৰু মাঙ্গল্যৰ প্রতিমূৰ্তি এই সীতা যিহেতু মানবীয় চৰিত্র সেহেয়ে সীতাৰ মনৰ ক্ষোভ, আক্ষেপ আৰু মমতাৰ সুন্দৰ বৰ্ণনাও সন্নিবিষ্ট হৈছে ৰামায়ণত | উদাহৰনস্বৰূপে ৰাৱণৰ পৰাজয় আৰু বিভীষণ ৰজা হোৱাৰ খবৰ হনুমানে সীতাক দিছিলে তেতিয়া সীতা অতিশয় আনন্দিত হৈছিল, ইমানেই আনন্দিত হৈছিল যে সীতা একেবাৰেই মৌন হৈ পৰিছিল, মনৰ আনন্দ প্রকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা নাছিল তাকে দেখি হনুমানে সীতাক কৈছিল— “ কি হ’ল মাতা, তুমি দেখোন একোকে নকৈ মনে মনে থাকিলা ?’’ তেতিয়া সীতাই কৈছিল— ‘‘পুত্র হনুমান, কি ক’মনো মই তোমাক? ক’বলৈ মই ভাষাই বিচাৰি পোৱা নাই |তোমাৰ ৠণ মই সুজিম কেনেকৈ ? তোমাৰ জ্ঞান, বল, বিক্রম, তোমাৰ ধৈৰ্য আৰু নম্রতা তোমাৰ চৰিত্রৰ ভূষণ |এই জগতত কোনোৱেই তোমাৰ সমকক্ষ নহয় |’’ সেই সময়খিনিতেই হনুমানে সীতাক পহৰা দি থকা আগঢ়ি ৰাক্ষসীবোৰলৈ চাই ক’লে এই ক্রুৰ স্বভাৱৰ ৰাক্ষসীহঁতে তোমাক বহুত যন্ত্রণা দিছিল মাতা, তুমি মোক অনুমতি দিয়া | মই ইহঁতক এতিয়াই হত্যা কৰোঁ | হনুমানৰ কথা শুনি সীতাই উত্তৰ দিলে ‘‘ওঁহো সেইটো নহয় বৎস হনুমান | এই জগতত দোষশূন্য আছে কোন ? মহৎ লোকৰ হৃদয়ত সাধু-সন্ত আৰু পাপী-তাপী সকলোৰে প্রতি অনুকম্পা থাকিব লাগে,এই ৰাক্ষসীবোৰে সিহঁতৰ গৰাকীৰ আদেশ পালন কৰিছিল মাত্র ৷ সিহঁতৰ কি অপৰাধ ? সিহঁতৰ ৰজা নিজৰ পাপৰ ফলত মৃত্যুমুখত পৰিল ৷এতিয়া ইহঁতক দণ্ড দিবলৈ যোৱা উচিত কাম নহ’ব ||’’(কথা–ৰামায়ণ, অনুবাদক:-প্রদীপ শইকীয়া ) মমতা পূৰ্ণ হৃদয়ৰ এক সুন্দৰ বিশ্লেষণ |
আনহাতে সীতাৰ মনৰ ক্ষোভৰ ও বৰ্ননা আছে এই ৰামায়ণত | ৰামায়ণত উল্লেখ কৰা মতে সীতা সাহসী, সৰল, পৰম ধৈৰ্য্যশীলা, আৰু পতিব্ৰতা নাৰী আছিল যদিওঁ তেওঁ প্রতিবাদ নকৰিলেও কিছু প্রশ্নৰ উত্থাপন কৰিছিল| যেনে অগ্নি পৰিক্ষাৰ সময়ত সীতাই ৰামক কৈছিল “তোমাৰ মুখত তেনে হীন কথাই শোভা নেপায়, প্রভু ৰাম | তোমাৰ এই নিষ্ঠুৰ কথা মোৰ কাণত পৰশি মোৰ অন্তৰ ভাঙি পেলাইছে | অসংস্কৃত ৰুচিহীন মানুহে তেনে কথা ক’ব পাৰে | কিন্তু তোমাৰ দৰে মানুহে এনে কথা মনলৈ আনিব নেপায় | যি দেখা গ’ল, তোমাৰ জ্ঞান-বিবেচনা বিনষ্ট কৰিছে | মোৰ প্রভু ৰামে বোধহয় পাহৰি গৈছে মই কোন পৰিয়ালৰ জীয়াৰী | মোৰ পিতা ৰাজৰ্ষি জনক | তেওঁ মোক ডাঙৰ কৰিছে | সেই দুৰাচাৰ ৰাক্ষসে মোক জোৰ কৰি লৈ আনি বন্দিনী কৰিছিল | সেইটো মোৰ দোষ নেকি? কিন্তু বেছি বাক্যবয়ৰ প্রয়োজন নাই | তুমি যিহেতু সেইদৰে ভাবিছা, গতিকে মোৰ বাবে এটা মাত্র পথ খোলা আছে |”(চক্রবৰ্ত্তী ৰাজাগোপালাচাৰীৰ কথা-ৰামায়ণ) হয়তো বাল্মীকিয়ে সীতাক এক পৱিত্ৰতাৰ প্রতিক পতিব্রতা নাৰী ৰূপত উপস্থাপন কৰিব বিচাৰিছিল যাৰ বাবে সীতাৰ মুখত প্রতিবাদৰ শব্দ নিদিলে মাথোঁ দিলে আক্ষেপৰ ভাষা ৷
এতিয়া কথা হ’ল আজিৰ যুগত সীতা চৰিত্ৰৰ প্ৰাসঙ্গিকতা আছেনে ? আজিৰ নাৰীসকল সীতাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা উচিত নে ? আজিৰ যুগত সীতা চৰিত্ৰৰ প্ৰাসঙ্গিকতা কিমান ? আজিৰ যুগত সীতাৰ চৰিত্ৰৰ প্ৰয়োজনীয়তা কিমান ? এই প্রশ্নবোৰ আমাৰ মনলৈ আহিলে সীতা চৰিত্রৰ প্রাসঙ্গিকতা নাই বুলি একে মুখে ক’ব নোৱাৰোঁ; কিয়নো সীতাৰ ধৈৰ্যশালী ,কৰুণাময়ী, সাহসী গুণ আৰু আত্মত্যাগ খিনিয়ে পৰিচয় বহন কৰি আছে এক মানবতাৰ | এই মানবতাৰ গুণ সমুহ অকল নাৰীৰ দেহতেই নহয় আমাৰ পুৰুষ সকলৰ ক্ষেত্রতো থকাটো প্রয়োজনীয় কিয়নো মানবতা অবিহনে এখন সুস্থ সমাজ কেতিয়াওঁ গঢ়লৈ উঠিব নোৱাৰে আনহাতে সীতাৰ ত্যাগবোৰে নাৰী হৃদয়ৰ দৃঢ়তা আৰু স্বাভিমান বোৰৰ বৰ্হি প্রকাশ ঘটাইছে ৷ নাৰীসকল সহনশীল, ধৈৰ্য্শীল, বিনয়ী সংযমী হোৱা উচিত কিয়নো নাৰী এগৰাকীয়ে হৈছে সৃষ্টিৰ মুল কাণ্ডাৰী, ঘৰখনৰ ল’ৰা-ছোৱালী, সন্তানসকলৰ দায়িত্ব এগৰাকী নাৰীৰ ওপৰতেই আছে তদুপৰি সংসাৰখনক নিয়াৰিকৈ পৰিচালনা কৰাৰ গধুৰ দায়িত্বও নাৰীএগৰাকীৰ হাততেই | গতিকে সীতাৰ চৰিত্রটিৰ প্রাসঙ্গিকতা আজিও আছে বুলিয়েই ক’ব লাগিব |
কিন্তু কেতিয়াবা কেতিয়াবা মনলৈ ভাব আহে যে,— হাজাৰ হাজাৰ বছৰ আগৰপৰাই ভাৰতীয় মূলৰ নাৰীসকল কিছুক্ষেত্ৰত উপেক্ষিতা আৰু প্রতিবাদহীন আছিল | তেওঁলোক অৱহেলিত হৈ আহিছিল সমাজৰ পৰা, নিজৰ আপোন জনৰ পৰা | ৰামায়ণত ও যেন তাৰেই মুক্ত প্রকাশ ঘটিছে, ৰাৱণৰ দ্বাৰা সীতা হৰণ, অগ্নিপৰীক্ষা, সীতাৰ বনবাস দৰে কৰুণ বৰ্ননা আৰু পুৰুষ সমাজৰ মৌনতা ৷ আজিৰ প্রচলিত সমাজ ব্যবস্থাত ও নাৰী সকলক এচামে উপক্ষিত আৰু পণ্য সামগ্রীৰ দৰে ব্যৱহাৰ কৰি আহিছে যাৰ বাবে চাগে বহু অঞ্চলত সভ্যতাৰ নামত সংস্কৃতিৰ নামত নাৰী সমাজক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে, উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিছে | কম বয়সীয়া ছোৱালী বিক্রি কৰাৰ উদাহৰণ ও আমাৰ ভাৰততেই আছে | কিন্তু এই সকল নাৰীয়ে সীতাৰ আদৰ্শগ্রহণ কৰিলে নহ’ব ৷ সেয়েহে নাৰী এগৰাকীৰ অন্যায়ৰ বিৰুদ্ধেও মাত মতাৰ সাহস থকা উচিত যিটো সীতাৰ চৰিত্রত অভাৱ দেখ য়ায়। আৰু মই ভাবো প্রতিবাদৰ সাহসখিনিয়ে কেৱল নাৰীগৰাকীকে সুৰক্ষিত কৰাই নহয় সমাজখনকো শুদ্ধ দিশে আগবাঢি যোৱাত সহায়ক হ’ব ।
এতিয়া কথা হ’ল এতিয়াৰ সমাজ ব্যৱস্থাত এক নাৰী সকল সম্পুৰ্ণ ভাবে সীতাৰ দৰে হোৱাতো বা অনুকৰণ কৰাটো উচিৎ বুলি কেতিয়াও ভাবিব ও নোৱাৰি আৰু সীতা চৰিত্রক উলাইও কৰিব নোৱাৰি ৷আজিৰ একবিংশ শতিকাত পৃথিৱী এখন গাঁও হৈ পৰিছে , এতিয়া নাৰী অবলা হ’লে পৰিয়াল কেনেকৈ চম্ভালিব ? প্ৰকৃতিয়ে যিজনে প্ৰতিকূলতাৰ বিপক্ষে যুঁজ কৰি জীয়াই থাকিব পাৰিব সেইজনকহে গ্ৰহণ কৰিব ৷ আজিৰ যুগত পৰিয়াল এটাৰ বাবে নাৰীয়েই মূল শক্তি আৰু এই শক্তি অবলা ৰূপত পৰিয়াল এটা কেতিয়াও উন্নতি হ’ব নোৱাৰে৷

(বিদ্রঃ- এই লিখনিতো প্রস্তুত কৰা সময়ত Sarada Shrestha বা আৰু Diganta Saikia দাদাই মোক নানা দিশত সহায় কৰিছে৷ আমি তেখেত দুয়োজনৰ ওচৰত চিৰকৃতজ্ঞ আৰু ঋণী |)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments