আজিৰ যুৱ মানসিকতা আপেক্ষিকতাবাদ আৰু ধনাত্মক চিন্তাধাৰা ( প্ৰদীপ কুমাৰ শইকীয়া )

পুৱা শুই উঠি বাতৰি কাকতখন হাতত ল’লে হয়তো প্ৰথমেই চকুত পৰা খবৰবোৰ হ’ব যুৱ-মানসিকতাৰ স্খলন, হত্যা, নৈৰাশ্যবাদ আদিৰ লগত জড়িত খবৰ৷ বহুতে হয়তো সেই কাৰণতেই বাতৰি কাকতকেই পঢ়িবলৈ এৰি দিলে..৷ .. চাপৰিলে মেঘ নাতৰে.. কথাষাৰ হয়তো সকলোৱেই মানিব৷ অকল সমালোচনা কৰি বিয়াগোম পণ্ডিতালি দেখুৱাই বহুজনে লিখা মেলা কৰে যদিও ..উপদেশতকৈ আৰ্হি যে শ্ৰেষ্ঠ.. এই কথাটো কিন্তু প্ৰায়েই পাহৰি যায়৷

যুৱ-মানসিকতা বুলিলেই প্ৰথমতেই মনলৈ অহা নাম এটা হ’ল মহামতি অশোক৷ যুৱৰাজ অশোকৰ অত্যাচাৰ ইমানেও অধিক আছিল যে সমসাময়িক পণ্ডিতসকলে যুৱৰাজক কল্কি অৱতাৰ বুলিবলৈ কুণ্ঠাবোধ নকৰিছিল৷ চণ্ডাশোক বুলি মানুহে তেওঁক নাম দিলে, পিছে সেই চণ্ডাশোকেই এদিন ধৰ্ম আৰু শান্তিৰ প্ৰতীকস্বৰূপ হৈ ধৰ্ম্মাশোক নাম লৈ সমূহ ভাৰত, চীন তথা দক্ষিণ এচিয়াত শান্তিৰ বাণী প্ৰচাৰ কৰিছিল৷ বাল্মীকিৰ দৰে দস্যুৰ হাতত ৰচিত হৈছিল মানৱতাৰ প্ৰতীক ৰামচন্দ্ৰৰ দৰে চৰিত্ৰ তথা মহাকাব্য ৰামায়ণ৷ মদৰ ৰাগীত দিন-ৰাতি মতলীয়া হৈ থকা ওমাৰ খায়ামৰ কলমত সৃষ্টি হৈছিল কলজয়ী ৰুবায়তৰ দৰে প্ৰেমৰ মহাকাব্য৷

আচলতে আমি এজন মানুহৰ বাহ্যিক ৰূপ এটা দেখা পাই মানুহজনৰ বিষয়ে এটা সাম্যক ধাৰণা কৰি লৈ মানুহজন অথবা তেখেতৰ ভবিষ্যতৰ এক ছবি আঁকি লওঁ৷ সেয়া আমাৰ পাতল চিন্তাধাৰাৰ পৰিচায়ক মাথোঁ৷ সেই মুহূৰ্তত আমি কিন্তু এটা কথা একেবাৰেই পাহৰি থাকোঁ যে ৰাতিবোৰ যিমান শীতল হয় পুৱা সিমানেই আমেজদায়ক হয়৷ আৰু এটা কথা মই সদায় মোৰ ছাত্ৰসকলক কৈ ভাল পাইছিলোঁ যে কেঁচাতে যি আম টেঙা হয় পকিলে সেই আম হে মিঠা হয়৷ তাৰ বিপৰীতে কেঁচাতে মিঠা আম ( মাটি আম ) কিন্তু পকিলে কোনেও নাখায়৷ যদি কেঁচাতে টেঙা বুলি ভাবি আমবোৰ সৰাই পেলোৱা হয় আমি বাৰু মিঠা আম পালোঁহঁতেন নে? এই কথাষাৰ আমাৰ যুৱ-মানসিকতাৰ সৈতে ১০০ % খাপ খায়৷ সমাজখনে তথা সমাজৰ বৰমূৰীয়া বুদ্ধিজীবীসকলে যদি এই উশৃংখল যুবক-যুৱতীসকলক মাথোঁ আবৰ্জনা বুলি ককৰ্থনা কৰি বহি থাকে অশোকৰ, বাল্মীকি আদিৰ দৰে মহামতি মানুহৰ সমাজ এখন আমি বাৰু আশা কৰিব পাৰিম নে? মোৰ লগৰ বহুজনে যেতিয়া কথাই কথাই যুক্তি দিব খোজে যে …আজিকালি যুবক-যুৱতীসকলৰ চৰিত্ৰ বুলি একো নাইকিয়া হ’ল …মই এটা কথা তেখেতসকলক মনত পেলাই দিওঁ যে ঠিক একেদৰেই আমাৰ মা-দেউতাই আৰু ককা-আইতাহঁতে মা-দেউতাৰ ওপৰত একেদৰেই মন্তব্য দিছিল৷ পিছে সমাজখন পৰিবৰ্ত্তনমুখী আৰু ১২ হাজাৰ বছৰৰ আগেয়ে গঠন হোৱা মানৱ সমাজৰ আজিৰ এই ৰূপ একমাত্ৰ এই পৰিবৰ্ত্তনৰেই ফলস্বৰূপ৷ যদি পৰিবৰ্ত্তন নহ’লহেঁতেন আন আন জীৱ-জন্তুৰ দৰেই আমি হয়তো আজিও ১২ হাজাৰ বছৰ পিছপৰি থাকিলোঁহেঁতেন!

পৰিবৰ্ত্তন সদায় আদৰণীয়৷ সেইবুলি সকলো পৰিবৰ্ত্তনকে সমাজত মুক্তভাবে প্ৰসাৰিত হ’বলৈ এৰি দিবও নোৱাৰি৷ সকলো পৰিবৰ্ত্তনৰেই এক যোগাত্মক দিশ থকাটো অতি দৰকাৰী৷ অন্যথা মানৱ সভ্যতাৰ এই প্ৰগতি অধোগামী হ’ব আৰু যিটো আমাৰ কাৰো কাম্য নহয়৷

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ দৰেই সমাজৰ সকলো গতি-প্ৰগতি নীতি-নিয়ম এক আপেক্ষিক ধাৰণাৰ ওপৰত লব্ধ৷ এখন সমাজৰ বাবে অসামাজিক কাম এটা আন এখন সমাজৰ বাবে তেনে নহ’বও পাৰে৷ কেইদশক মান আগলৈকে যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমাজ ব্যৱস্থাৰ মাজত আদান-প্ৰদান মাথোঁ বাণিজ্যতেই সীমাবদ্ধ আছিল সেয়া সমাজ ব্যৱস্থাৰ ওপৰত ইয়াৰ একপ্ৰকাৰ প্ৰভাৱ নাছিলেই বুলিব পাৰি৷ কিন্তু আজি বিশ্বায়নৰ যুগ৷ সমাজৰ ৰীতি-নীতি আচাৰ-বিচাৰৰ এক ফিউজনৰ যুগ৷ এই অপ্ৰতিৰোধ্য বিশ্বায়তনীক ফিউজনৰ যুগত এক শিথিল তথা আপেক্ষিক সমাজ ব্যৱস্থাৰ মানসিকতাই গা কৰি উঠা পৰিলক্ষিত হৈছে৷ এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ যুৱ সমাজক আগবঢ়াই নিব লাগিব৷ বিয়োগাত্মক সমালোচনা পৰিহাৰ কৰি এক ধনাত্মৰ সমালোচনাৰে যুৱমানসিকতাক আগবঢ়াই নিব লাগিব৷

এইখিনিতে মোৰ এক ব্যক্তিগত অভিজ্ঞতা উল্লেখ কৰিব বিচাৰিছোঁ৷ কৰ্ম্মসূত্ৰে আমেৰিকাৰ হিউষ্টন চহৰত থাকোঁতে এমাহ মানৰ বাবে এদল ছাত্ৰ-ছাত্ৰীক অতি কাষৰ পৰা অধ্যয়ন কৰাৰ সুবিধা পাইছিলোঁ৷ ১৫জন ছাত্ৰ আৰু ৫জনী ছাত্ৰীৰ দলটোত সকলোৱেই দক্ষিণ আমেৰিকাৰ কলম্বীয়া আৰু ভেনিজুৱেলা নামৰ দেশ দুখনৰ পৰা আহিছিল৷ ২২ বছৰৰ পৰা ২৫ বছৰৰ এই দলটোৰ প্ৰতিজনেই অতি মেধাসম্পন্ন ছাত্ৰ আছিল বাবে জলপানি লৈ আহিছিল৷ পিছে তেওঁলোকৰ স্বভাৱ-চৰিত্ৰ আমাৰ অসমৰ ছাত্ৰসকলৰ তুলনাত অতি নিম্ন মানৰ বুলিব লাগিব৷ ক্লাচ শেষ হোৱাৰ পিচত শিক্ষকসকলৰ লগত একেলগে বহি চিগাৰেট খোৱা, শনিবাৰে ক্লাবত একেলগে বহি বীয়েৰ খোৱা আদি অতি সাধাৰণ কথা আছিল৷ আচলতে কথাটো জানো সিমান সহজে বিশ্লেষণ কৰিব পাৰি! কলম্বীয়া, ভেনিজুৱেলা আদি দেশৰ সমাজ ব্যৱস্থাত চিগাৰেট বা বীয়েৰ খোৱাটো এক সামাজিক পৰিসীমাৰ ভিতৰত গ্ৰহণ কৰি লোৱা ব্যবহাৰ৷ সেয়ে এনে কাম সেইখন সমাজৰ বাবে অসামাজিক বা শালীনতাৰ পৰিপন্থী বুলিব নোৱাৰি৷ অথচ আমাৰ সমাজত সেই কাম সমাজৰ আচাৰ-নীতিৰ পৰিপন্থী৷ মই এইটো ক’ব বিচৰা নাই যে তেওঁলোকৰ এই কামবোৰ ভাল৷ এখন সমাজৰ বাবে কোনবোৰ কাম শালীন আৰু কোনবোৰ কাম অশালীন সেয়া নিৰ্ভৰ কৰে সেই সমাজৰ অতীত আৰু বৰ্ত্তমানৰ বিচাৰ ধাৰাৰ ওপৰত৷ পশ্চিমীয়া সংস্কৃতি পশ্চিমৰ বাবে যেনেকৈ শালীন ভাৰতীয় সংস্কৃতি ভাৰতীয়ৰ বাবে তেনেকৈয়ে শালীন৷ কিন্তু সেইবুলিয়েই আজিৰ পৰিবৰ্ত্তনশীল সমাজ তথা বিশ্বায়তনিক যুগৰ প্ৰয়োজনিয়তাক আওকাণ কৰিলে আজিৰ যুৱক-যুৱতীসকলক শিকলিৰে বান্ধি ৰখাৰ দৰে কাম হ’ব৷

আজিকালি সততেই শুনিবলৈ পোৱা শব্দকেইটামান হ’ল.. ভদ্ৰতা . মানৱতা. ইত্যাদি৷ এই ভদ্ৰতা/মানৱতা শব্দবোৰ আচলতে সম্পূৰ্ণ আপেক্ষিক নহয়জানো৷ পদাৰ্থবিজ্ঞানৰ ধাৰণেৰে চাবলৈ গ’লে এটোপাল পানী আৰু এখন মানব সমাজৰ মাজত একো পাৰ্থক্য নাই৷ এটোপাল পানীত এট’মবিলাক একো একোটা পৰিয়াল আৰু একো একোটা পানীৰ মলিক্যুল হ’ল একো একোটা গোট.. এনে বহু পানীৰ মলিক্যুল একেলগে একোটা পানীৰ টোপাল.. ঠিক একে দৰেই বহু সৰু সৰু গোট লগলাগি আমাৰ এখন সমাজ৷ এতিয়া কথা হ’ল আলাস্কাৰ এটোপাল পানী আৰু ‘কেপ অফ গুড হ’প’ ৰ এটোপা পানী আনি এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত ৰাখিলে দুয়োটা টোপাল একেলগ হৈ এটা টোপাল গঠন কৰিব৷ কোনো বৈজ্ঞানিক পদ্ধতিৰেই তাক পুনৰ পৃথক কৰিব নোৱাৰিব৷ দুটা টোপাল হয়তো হ’ব কিন্তু মলিক্যুলবোৰ একে চৰিত্ৰৰ হৈ পৰিব৷ তাৰ বিপৰীতে আজি দুখন বেলেগ বেলেগ সমাজৰ মানুহ আনি একেলগে ৰাখিলে ৮০-৯০ % ধাৰণা কৰিব পাৰি যে দুয়োটা গোটৰ মাজত সংঘৰ্ষ হ’ব৷ কাৰণ আমি আমাৰ পৰিচয় তথা নীতি-নিয়মসমূহ দেবপ্ৰদত্ত বুলি ভাবোঁ আৰু আনৰ আচাৰ-বিচাৰসমূহ ভুল বুলি প্ৰমাণ কৰি ভাল পাওঁ৷ তেতিয়াহ’লে ভাবকচোন আচলতে এই ভদ্ৰতা শব্দটো প্ৰকৃততে আপেক্ষিক নহয় জানো৷

মানৱতা শব্দটোও ঠিক একেদৰেই এক বিশাল আধাৰিত শব্দ৷ আচলে মানুহ হিচাবে লাভ কৰা জ্ঞানসমূহৰ উপযুক্ত ব্যবহাৰ কৰিব পৰাটোৱেই মানবতা৷ মানুহৰ ভালৰ বাবেই অকল চিন্তা কৰাটো মানবতা নহৈ স্বাৰ্থপৰতাৰহে পৰিচায়ক৷ এটা বাঘৰ সন্মুখত পৰা মানুহ এজনক বচাবলৈ হাতত বন্দুক লৈ বাঘটো মাৰিলেই জানো মানৱতা বুলিব পাৰি৷ আচলতে এয়া স্বাৰ্থপৰতা হে৷ দুয়োটাই প্ৰাণী৷ এটা বাঘ আৰু এজন মানুহ। দুয়োৰেই প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ আনকি বৈজ্ঞানিকসকলেও এটা কথা স্বীকাৰ কৰিছে যে এখন বনাঞ্চল তেতিয়ালৈ সেউজীয়া হৈ থাকিব যদি বনাঞ্চলখনত তৃণভোজী আৰু মাংসভোজী দুয়োবিধ প্ৰাণী বাস কৰে৷ অন্যথা অৰণ্য মৰুভূমিত পৰিণত হ’ব৷ ঠিক একে দৰেই সমাজ এখনত ভাল-বেয়া, সৎ-অসৎ সকলো ধৰণৰ মানুহ থাকিবই৷

এতিয়া কথা হ’ল এই আমূলক ভদ্ৰতা, মানৱতা, আমাৰ ধৰ্ম, তোমাৰ ধৰ্ম আদি অতি পৰিসীমিত শব্দবোৰৰ পৰা মুক্তি লাভ কৰি এখন প্ৰকৃত সমাজ গঢ়াৰ দিশত কাম কৰি যোৱাই আজিৰ বিশ্বায়তনিক যুগৰ প্ৰমুখ প্ৰয়োজনীয়তা৷ তাৰবাবে আমাৰ যুৱসমাজে নিজকে এই সীমিত পৰিসীমাৰ পৰা বাহিৰ কৰি আনি এক গঠনাত্মক চিন্তাধাৰাৰ গঢ় দিব লাগিব৷ বিয়োগাত্মক ধ্যান-ধাৰণা আদি আচলতে এক মানসিক দুৰাৰোগ্য ব্যাধি৷ গণিতৰ বিশ্লেষণেৰে এটা কথা চোৱা যাওক৷ ..মোৰ হাতত এডাল পিভটেড স্কেল আছে য’ত -১০…০ ….+১০ ২০ টা ভাগ কৰা আছে৷ এতিয়া মই ‘+১০’ পৰা ‘-১০’ লৈ যাবলৈ হ’লে সকলো সময়তেই ‘-১’ ল’ব লাগিব৷ আনকি মুল্যহীন বুলি ভবা ‘০’ পাবলৈও বিয়োগ কৰিব লাগিব৷ তাৰ বিপৰীতে মই ‘-১০’ পৰা ‘+১০’ লৈ যাবলৈ প্ৰতি সময়তে ‘+১’ ল’ব লাগিব৷ কিন্তু আচৰিত কথা যে ‘-১’ লওঁ বা ‘+১’ লওঁ প্ৰতিবাৰে কিন্তু মই একেই পথেৰে আৰু একেই দূৰত্ব অতিক্ৰম কৰিবই লাগিব৷ ধনাত্মক পথেৰে যাওঁ বা ঋণাত্মক পথেৰে যাওঁ মুঠ দুৰত্ব কিন্তু ‘২০’ আৰু প্ৰতি বাৰতেই কিন্তু ‘০’ পাৰহ’ব লাগিবই৷ জীৱনটো ঠিক এই পিভটেড স্কেলডালৰ দৰেই৷ ঋণাত্মকভাবে জীয়াই থকা বা ধনাত্মক চিন্তাধাৰাৰে জীয়াই থকা জীৱন একেটাই আৰু প্ৰতিবাৰে শূন্য আহিবই৷ আমি আমাৰ নিজস্ব মানসিকতাৰে নিজকে কেনেকৈ আগুৱাই নিব খোজোঁ তাতেই জীৱনৰ প্ৰকৃত সফলতা বা বিফলতা লুকাই থাকে৷ যেনেদৰে অশোকৰ কলিংগ ধ্বংসৰ পিচতো বিশ্ব শান্তিৰ স্থাপন হ’ল, দ্বিতীয় মহাযুদ্ধৰ পিছত আধুনিক বিশ্বৰ পোখা মেলিলে তেনেদৰেই প্ৰতিটো ৰাতিৰ শেষতো এক সোণালী প্ৰভাত সদায় আছে৷ এইটো সত্য যে আগৰ তুলনাত আজিৰ প্ৰগতি তথা পৰিবৰ্ত্তন ক্ষীপ্ৰতৰ কিন্তু তাৰ অৰ্থ এয়া নহয় যে কালিলৈ আৰু প্ৰভাত নহ’ব! এই শক্তি এই পৰিবৰ্ত্তনক ধনাত্মক দিশেৰে দিশান্বিত কৰাটো আমৰ প্ৰথম আৰু প্ৰধান কৰ্ত্তব্য৷

এনে বহু ছাত্ৰ-ছাত্ৰ বা যুবক-যুৱতী লগ পাইছোঁ যিসকলে কাম এটা কৰাৰ আগতেই ফলটো কি হ’ব তাৰ এটা সাম্যক ধাৰণা কৰি লয়৷ সেইটো আচলতে মৰাত্মক ভুল কথা৷ মহাভাৰতত কৈছে ‘’ মা ফলেস্বু কদাসিদম .. ‘’ অৰ্থাত ফল কি হ’ব তাক নাভাবিবা৷ কাম কৰি যোৱা৷ ছাত্ৰ হিচাবে মোৰ কৰ্তব্য পঢ়ি যোৱাটো৷ ‘’ এহ পঢ়ি নো কি হ’ব .. চাকৰিনো ক’ত পাম .. আদি বিয়োগাত্মক চিন্তা আচলতে অতি হানি কাৰক৷ মই যদি ভালদৰে পঢ়া-শুনা কৰোঁ অকল চাকৰিয়েই নহয় মোৰ ব্যক্তিত্ব তথা চিন্তাধাৰাৰ উন্নতি হ’ব৷ আৰু এই নতুন আৰু ধনাত্মক মানসিকতাই মোক জীয়াই থকাত নিশ্চয় সহায় কৰিব৷ মোৰ ছাত্ৰ জীৱনত তথা কৰ্মজীৱনত লগপোৱা প্ৰায় ৯০ % সফল লোকেই কামক সন্মান জনাব জানে৷ ..কামক সন্মান জনাই ফল আশা নকৰিলে সুফল নিজে নিজে আহিব .. এই কথাষাৰ মই মনে-প্ৰাণে বিশ্বাস কৰোঁ৷

সমাজত সফল মানুহ হে জীয়াই থাকিবৰ বাবে আজিৰ যুৱ সমাজৰ আন এক অপৰিহাৰ্য্য চৰিত্ৰ হ’ল আত্মবিশ্বাস৷ আজিৰ বিশেষকৈ অসমীয়া যুৱ সমাজত আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত হৈছে৷ আত্মবিশ্বাস আচলতে সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্য৷ ই আহে মানুহৰ এক যোগাত্মক চিন্তাধাৰা আৰু কৰ্ম-সংস্কৃতিৰ মাজেৰে৷ নামঘৰত বহি আমি যেনেকৈ শুদ্ধ মনেৰে একাত্মতাৰে ভগৱানক প্ৰাৰ্থনা কৰোঁ ঠিক একেদৰেই কোনো এটা কাম কৰোঁতে কামক সন্মান জনাই একাত্মতাৰে কৰাটো অতি প্ৰয়োজনীয়৷ তাৰ লগে লগে অতি প্ৰয়োজন সময়ৰ মূল্যবোধ৷ লাগিলে যিমান ধুনীয়াকৈয়ে নকৰক কিয় এদিনত কৰিব পৰা কাম এটা ১০ দিনত কৰিলে আচলতে কামটোক মূল্যহীন কৰি পেলোৱা হয়৷ প্ৰত্যেক কামৰেই এক নিৰ্ধাৰিত মূল্য থাকে, আৰু সেই মূল্য আহে কামটোৰ বাবে লগা শক্তি আৰু সময় মূল্যেৰে৷ এটকা মূল্যৰ বস্তু এটা আমি কেতিয়াও ১০ টকাত নিকিনো৷ সেই কথাটো আমি সদায় মনত ৰাখিব লাগে৷

সামৰণিত ক’ব বিচাৰোঁ যে আমি যুৱসমাজৰ যি মানসিকতাৰ স্খলন বুলি ভাবিছোঁ সেয়া আচলতে এক বিশ্বায়তনিক পৰিবৰ্তনৰ প্ৰতিফলনহে৷ এই পৰিবৰ্তনক আমি কিমান যোগাত্মক দিশেৰে দিশান্বিত কৰিব পাৰোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ জাতি তথা মানব সমাজৰ ভৱিষ্যত৷ মানুহৰ বাবেই এক মাত্ৰ চিন্তা নকৰি মানুহ হিচাবে লাভ কৰা সকলো জ্ঞানৰ সৎ প্ৰয়োগ কৰি আৰু এই যুৱশক্তিৰ সময়োচিত তথা যথোচিত ব্যৱহাৰ কৰি এক নতুন তথা পৰিবৰ্ত্তনশীল সমাজক সাবটি ল’ব পৰাকৈ আমি তথাকথিত অগ্ৰজসকলেও লগতে নিজকে পৰিবৰ্ত্তন কৰিব পাৰিব লাগিব৷

———————————————————————————–

(লেখক শ্লামবাৰ্জাৰ ইণ্টাৰন্যাছনালৰ প্ৰমুখ্য পদাৰ্থবিজ্ঞানী)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments