আজি ব’হাগ বিহু- ফাগুনীহঁতৰ উলাহে নধৰে হিয়া (অংশুমান বৰা)

“মা… তোমাৰ মনটো দেখোন আজি খুব ভাল হৈ আছে যেন লাগিছে!! কি হ’লনো? মোকো নোকোৱানে তুমি!!”-মাকৰ মিছিকিয়াই থকা মুখখন দেখি ফাগুনীয়ে মাত লগালে |

“আজি ব’হাগ বিহু | খুব স্ফুৰ্তিৰ দিন| তই এই দিনটো আগতে পোৱা নাই, সেইকাৰণে গম নাপাৱ | বায়েৰক সোধগৈ যা, তাই ধুনিয়াকৈ বুজাই দিব |”, মাকৰ প্ৰত্যুত্তৰ শুনি ফাগুনী দৌৰি গৈ শিৱানীৰ ওচৰ পালেগৈ |

“বাইদেউ, এই ব’হাগ বিহুটো কি বস্তুনো ? মোক অলপ বুজাই দেচোন |”

“ব’হাগ বিহু বা ৰঙালী বিহু হৈছে অসমীয়া বৰ্ষৰ আটাইতকৈ শেষৰ দিন । সেই দিনটোক বহুতে গৰু বিহু বুলিও কয় । সেইদিনা সকলো মানুহে মিলি গৰু প্ৰজাতিক প্ৰথমে মাহ, হালধি, মিঠাতেল আদিৰে ভালকৈ নোৱায় । তাৰ পিছত দীঘলতি-মাখিয়তি আদিৰে মহ-মাখি খেদি নদীলৈ লৈ গৈ তাত ধানখেৰৰ মুঠাৰে ঘঁহি ঘঁহি গা ধুৱায় । নদীৰ পৰা উঠি অহাৰ লগে লগে বাঁহৰ চাটৰ পৰা লাও, বেঙেনা, থেকেৰা, হালধি আদি গৰুৰ গালৈ মাৰি তাক বছৰে বছৰে বাঢ়ি যোৱাৰ আশীৰ্বাদ দিয়ে । আবেলি ঘৰলৈ উভটি অহাৰ সময়ত নতুন পঘাৰে বান্ধে, পিঠা খুৱায়, নতুন বিচনীৰে বিচে আৰু গোহালিত জাগ দি মহ মাখি খেদায় । সংক্ষেপে ব’হাগ বিহু মানে এইখিনিয়েই । আৰু সৰু সুৰা বহুত কিবা কিবি আছে, পিছত লাহে লাহে তয়ো গম পাবি ।”-শিৱানীয়ে ক’লে ।

পিঠাৰ কথা শুনাৰ লগে লগে ফাগুনীৰ জিভাৰ পানী মাটিত পৰিল । “তাৰমানে আজি আমি পিঠা খাবলৈ পাম…. বাঃ..কি যে মজা !!” দৌৰি গৈ তাই মাকৰ ওচৰ পালেগৈ ।

বৰুৱাৰ চাট সজা শেষ হোৱাত তেওঁ বৰুৱানীক মাহ-হালধিখিনি লৈ আনিবলৈ ক’লে । কাষৰ ঘৰৰ টিকেনকো মাতিলে । তেওঁ অকলেই গাইজনী চম্ভালা ইমান সহজ কথা নহয় !

তিনিওটাই মিলি লখিমী, শিৱানী আৰু ফাগুনীক ভালদৰে মাহ-হালধিৰে নোৱালে । তাৰ পাছত টিকেনে শিৱানীক আৰু বৰুৱাই লখিমীক লৈ নদীলৈ বুলি আগবাঢ়িলে । লখিমীৰ পিছে পিছে ফাগুনীও ওলাল । ফাগুনীয়ে বায়েকে কোৱা কথাবোৰ মনত পেলাই গ’ল । টিকেনে লৈ থকা এচাৰিডাল দেখি তাই মনতে ভাবিলে, “বাইদেৱে কোৱা মাখিয়তিডাল এইডালেই হ’ব !!”

নদীৰ পানীত ভালদৰে গা ধুই উঠাৰ পিছত চাটৰ লাও-বেঙেনা লখিমীহঁতৰ গালৈ দলিয়াই বৰুৱানীয়ে গাবলৈ ধৰিলে- “ লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ গৰু..!!”

বেলি মুৰৰ ওপৰত উঠিল । নিৰ্মল নগৰৰ সেই দুই নং উপপথটো পোৱাৰ লগে লগে লখিমীৰ মনত পৰিল সেই মধুৰ ক্ষণটিলৈ, যেতিয়া তাই এই স্থানতে লগ পাইছিল তাইৰ সপোনৰ ৰাজকুমাৰজনক!! কথাটোৱে তাইৰ মনটো আকৌ গাভৰু কৰি তুলিলে… এটা মিচিকিয়া হাঁহিত তাইৰ একমাত্ৰ দাঁতপাৰি তৰতৰাই জিলিকি উঠিল । সেই সময়তে তাইক কোনোবাই পিছফালৰ পৰা মাত লগালে, “লক্ষী…!!”

তাই উচপ খাই উঠিল । কি চমৎকাৰ !! এইমাত্ৰ ভাবি থকাজন দেখোন তাইৰ সন্মুখত !! কানাইক দেখি তাইৰ মনৰ “বেক্ গ্ৰাউন্ড”ত এটি গীত বাজি উঠিল,

“ব’হাগতে আহিবি চেনাই ঐ, খোপাতে এপাহি কপৌ ফুল দিবলৈ… ব’হাগতে….এ..এ..এ..”

কানায়ে বিহুৰ শুভেচ্ছা জনাই তাইৰ কপালত সানি দিলে এটা মৰমৰ “চেলেক”। লখিমীৰ লাজতে “ক’তে মৰো মই” অৱস্থা হ’ল । দুয়ো আকৌ সেই সুমধুৰ ক্ষণবোৰ মনত পেলাবলৈ ধৰিলে ।

কানাই আৰু লখিমী ঘৰলৈ বুলি আগবাঢ়ি গৈ থাকিল । এনেতে সিহঁতে লগ পালে ৰাস্তাৰ মাজতে বহি থকা ৰজনীকাইক । কানায়ে নেজডাল জোকাৰি মাত লগালে, “ৰজনীকাই!! ভালে আছেনে ?”

“অহ্… কানাই দেখোন !! লগতে লখিমীও আছ । তহঁতক বহুত দিনৰ মুৰত একেলগে দেখি বৰ সুখ পালো । মই ঠিকেই আছো । তহঁতৰ খবৰ ক । ক’লৈ গৈছিলি ?”

এইবাৰ লখিমীয়ে উত্তৰ দিলে, “আমাৰো ভালেই… আজি ব’হাগ বিহু যে ! সেয়েহে অলপ….”

ব’হাগ বিহুৰ নাম শুনিয়েই ৰজনীকাই খঙত অগ্নিশৰ্মা হ’ল । শিংডাল যেন আৰু জোঙা হৈ পৰিল । তেওঁ নানা পাটেকাৰৰ দৰে চিঞৰি কৈ উঠিল,

“ব’হাগ বিহু….ব’হাগ বিহু…ব’হাগ বিহু…

কি দিছে এই ব’হাগ বিহুৱে তহঁতক? এই বিহু-চিহু সকলোবোৰ মানুহৰ আমাক ফুচুলোৱাৰ বুদ্ধি । বিহুৰ দিনা আমাক খুব গা ধুৱাব, পিঠা খুৱাব… কিন্তু তহঁতে ভাবিছনে, বছৰৰ বাকী তিনিশ চৌষষ্ঠি দিন মালিকে আমালৈ কেৰাহিকৈও নাচায় । কাম কৰা ল’ৰাটো গাখীৰ খীৰোৱা সময়ত আহিব, গাখীৰ খীৰাব, এক বাল্টি তুঁহগুৰি দিব…বচ্….দায়িত্ব শেষ । নিজেই প্ৰতিদিনা ভালদৰে গা ধুই বিলাতী পাৰ্ফিউম ঘঁহিব, কিন্তু আমাৰ এমাহত এবাৰো গা ধুৱাৰ সৌভাগ্যকণ নহয়গৈ । আমাৰ গাৰ চিকৰা গুচোৱাৰ দায়িত্বও সেই কাউৰীকেইটাৰহে । এইবোৰ ক্ষন্তেকীয়া মৰম আমাক নালাগে । আমি আমাৰ কৰ্তব্য মৰম অবিহনেও কৰি যাম । গাখীৰ দিয়াই গাখীৰ দি থাকিব আৰু হাল বোৱাই হাল বাই থাকিব । কিন্তু মালিকে দিনটোত এবাৰ আহি মৰমেৰে আমাৰ মুৰত হাতখন ফুৰাই দিলে যে আমাৰ গোটেই দিনটোৰ হালবোৱাৰ ভাগৰ নিমিষতে নাইকিয়া হয়, সেই কথাটো তেওঁলোকে কিয় নুবুজে বাৰু ? তেওঁলোকৰ বাবে বাকী জীৱবোৰৰ যিয়েই নহওঁক, নিজৰ লাভটো হৈ থাকিলেই হ’ল। সেইবাবেই চাগে তেওঁলোকক জীৱশ্ৰেষ্ঠ বুলি কয়!!”

লখিমীৰ কাণত ৰজনীকাইৰ কথাবোৰে কাঁইটে বিন্ধাদি বিন্ধিলে । ৰাজনীকায়ে কোৱা কথাবোৰটো একেবাৰে সঁচা ! বৰুৱাই আজিলৈকে তাইৰ গাত কেতিয়াও হাত ফুৰাই পোৱা নাই বা তাইক খেৰ এডালো দি পোৱা নাই । কিন্তু আজি বিহুৰ দিনা এনেকুৱা অদ্ভুত ব্যৱহাৰ কিয় ? ইমান মৰম আজি ক’ৰপৰা উপজিল ?

ঘৰৰ জপনাখন পাৰ কৰোতেই লখিমীয়ে বৰুৱানীক হাতত পিঠা আৰু বিচনী লৈ ৰৈ থকা দেখিলে । “সঁচাকৈয়ে এই মানুহ জাতিটোৰ নিচিনা স্বাৰ্থপৰ জাতি নাই”- তাই মনতে ক’লে ।

কি কৰা যায় ?…..অ…. সেইটোৱেই কৰিব তাই। যেতিয়ালৈকে মানুহে সিহঁতৰ মনৰ কথা নুবুজে, তেতিয়ালৈকে তাই পিঠা নাখায়, ঘাঁহ নাখায়- একোৱেই নাখায়।

তাই আজিৰ পৰা অন্নশন কৰিব, আমৰণ অন্নশন …..!!

 

——————————–********————————–

 

“জীৱন জুখিবা হাঁহিৰে,চকুলোৰে নহয়। আয়ুস জুখিবা বন্ধুৰে বছৰেৰে নহয়।” – লক্ষ্যধৰ চৌধুৰী।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক