আজি ৰাতিৰ বাবে তুমি মোক এটা কবিতা দিয়া! -লোচন কৌশিক

আজি ৰাতিৰ বাবে, তুমি মোক এটা কবিতা দিয়া

কবিতাৰ লগত কফিৰ পিয়লাত চুমুক দিয়া হ’ব
আলাপ হ’ব, মৃত্যুৰ আগৰ আলাপ, মৃত্যুৰ পিছৰ আলাপ
কবিতাক সুধিম ‘ডিকিচনক’ চিনি পোৱা নে!

“ ’T was just this time, last year I died“

দুৱাৰখন খুলি দিলোঁ চোৱা
নিলাজ বতাহবোৰ আহি তোমাৰ শব্দবোৰ জোকাইছে, তুমি একো নোকোৱা
চোৱা কোঠাৰ এই অন্ধ নাৰীজনী, তায়ো একো নকয়
প্ৰতিদিনে বতাহবোৰ আহি লিপিট খায় তাইৰ শৰীৰত
বতাহৰ চুমাত লাজত কোঁচ খাই যোৱা তাইৰ ওঁঠবোৰ, মই দেখিছোঁ
অথচ তাইৰ মুখৰ হাঁহি, হাঁহিয়ে হৈ থাকে

কেতিয়াবা মই অজানিতে প্ৰেমত পৰি যাওঁ এই হাঁহিৰ
হয়তো তাই অনুভৱ কৰিছে বতাহৰ শৈল্পিক পৰশ
তাই ধৰ্ষনৰ ইতিহাস দেখা নাই
এইজনীয়ে কফিবাৰৰ নাৰীবাদৰ মাত শুনা নাই
তাই প্ৰেয়সী, প্ৰতিটো কবিতাৰ আৰু মোৰ

অথবা তাই নিজেই এটা কবিতা
কোঠাৰ এই কবিতাৰ ভাষ্কৰ্যবোৰ, তাইৰ নিজস্ব শিল্প
অথবা কবিতাই ৰচনা কৰা, তাই নিজেই এটা ভাষ্কৰ্য
সেয়েহে মই এইজনীক কবিতা মূৰ্ত্তিমতী নাম দিলোঁ

কফি খোৱা, ঠাণ্ডা হৈ যাব
মই ‘ডিকিচনক’ চিনি পাওঁ, মোৰ পুৰণা কফিনৰ সখী!

“Because I could not stop for death“

তোমাৰ প্ৰেমত এইজনীয়েও ‘ডিকিচনক’ চিনি পোৱা হৈছে
যোৱাটো সন্ধিয়া কফিবাৰত অচিনাকি নাৰীবাদীৰ মুখত
তোমাৰ মূৰ্ত্তিমতীৰ গুণগুণনি শুনিছিলোঁ
তাইৰ চকুত এপলক চোৱা
মীৰাৰ ইতিহাস আওৰাইছে তাই
ভক্ত অথবা প্ৰেমিকে নাজানে স্বাৰ্থৰ সংজ্ঞা
চোৱা তাইৰ উলংগ বুকুত
তাই জানে পতিতাৰ ইতিহাস
পতিতাৰ বুকুত থাকে এখনি কাব্যিক ভাষ্কৰ্য!
তাইৰ নিটোল নাভি আৰু দুবাহুবোৰ চোৱা
সাধুকথা শুনিছানে, নীলা দেশৰ নীলা চৰাই হৈ উৰা!

তুমি মোক এই লাজত কোঁচ খাই যোৱা ওঁঠযুৰি দিব পাৰিবানে
এৰা, প্ৰেম হৈছে, খন্তেকীয়া প্ৰেম……

চোৱা তোমাৰ ঘৰৰ কাষৰ ষ্ট্ৰীটত
মাত্ৰ কোনো নিশাৰ প্ৰহৰীয়ে দুৱাৰ খুলি থৈছে
মই যাওঁ তাত, আলাপ হ’ব
মৃত্যুৰ পিছৰ আলাপ, মৃত্যুৰ আগৰ আলাপ
তাত ডিকিচন নাথাকে, এই নাৰীজনীও নাথাকে
কিন্তু তোমাৰ দৰে, হয়তো সেইজন মুঠেও নহয়!

লৈ যাওঁ, খন্তেকীয়া প্ৰেমৰ শিল্প
লাজত কোঁচ খাই যোৱা দুটি ওঁঠ…………! ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments