আজৰি (পল্লৱী কাকতি)

(ক’বলগা দুআষাৰ——ভাষা-সামাজিক কাৰণবশতঃ গঢ় লৈ উঠা স্থানীয় ভাষাসমূহৰ ভিতৰত গোৱালপৰীয়া উপভাষা অন্যতম৷ পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত ভাষাটোৱে ঠায়ে ঠায়ে পুনৰ পৃথক হৈ পৰা দেখিবলৈ পোৱা যায়৷ গৌৰীপুৰক কেন্দ্ৰ কৰি প্ৰচলিত গোৱালপৰীয়া ভাষাৰ ৰূপত গল্পটো লিখাৰ চেষ্টা কৰা হৈছে৷ গল্পটোৰ লিখিত আকাৰত ভাষাটোৱে যদি সম্পূৰ্ণ ৰূপ পাবলৈ সমৰ্থ হোৱা নাই তাক বিজ্ঞজনে আঙুলিয়াই দিলে ভাল হ’ব৷)
-“আজৰি“

অনেকক্ষণ ধৰিয়া মানৱী বাৰাণ্ডাতে থেপচা খায়া বসি আছে৷ বাৰীৰ চাইৰটা কোঠালীয়ে মানসি ভৰ্তি৷ ভিৰেৰ মাজখানত থাকিৰ মন নাই ওৱাৰ৷ যেতাই বসি আছে ওতাই হতে দেখা কৰিৰ আইসা মানসি গিলানক ৰাও দিয়া আছে৷ কাইয় খালী হাতে আইস নাই৷ সবাই হাতে হাতে বুট কালাই, মুগ কালাই, কলা, দুধ কোনো না কোনে ধৰি আইসে৷ ওৱাৰ নন্দইক ভাঢ়াগিলান গোচেয়া থবাৰ কইল৷ ছাৱা পাৱা দুখনা বা কতাই গইছে! না কি ভিত্ৰৰতে আছে!
“কায় জানে কাৰ কপালত কি বান লেখা আছে? এমন কৰি জিত কৰি থাকিচ না৷ কায় জানেতা আজকে ত’ৰ হইছে কাইলকে মোৰ হবাৰ নহয়৷ “ওৱাই মাথা হালিয়া সাগাই সতৰেৰ সান্তনা ৰাওগিলা শুনি থাকিল৷
উদিন কে না ওমাৰ বিয়ো হইল৷ নৌতুন বৌউক শশুৰ শাশুৰী, নন্দই, গ্ৰামেৰ সাগাই সতৰ, ভাগি, দাদীগিলান দেৱা উপদেশ গেইলান এলাও মনতে ভাসি আছে৷ জামাইৰ সন্মান কৰিচ, সবাইৰ সাথত মিলিজুলিয়া ঘৰখান চামলেইয়া ৰাখিচ৷ সাগাই সতৰেৰ ভাল কৰিয়া সেৱা কৰিছ৷ সগেনা কৰছিলেন তাই৷ মানসেতাৰ বেমাৰত না পৰা অব্ দি সুখ দুখ সগে সহ্যেৰ ভিতৰে আছিল৷ বিয়ো দেৱা দিদি নন্দই পাঁচজনকা ভিনি জামাই ভাগিন আইচলেই একবেলা ভাল কৰিয়া সিদল দিয়া ৰান্ধি খুৱাইছিলেক ওৱাই৷ ওম্ ৰা গিলানো ওৱাক ভাল নাপাৱা না হয়৷ সগাৰে নিজেৰ নিজেৰ সংসাৰো আছে৷ ব্যস্ততা মাজদিয়াও সময় বাইৰ কৰিয়া ওৱাও গৈছে৷ সগ ঠিক ৰাখিয়াও ওৱাৰ নিজেৰ মনেৰ অশান্তিতা মিতিবা পায় নাই৷ মানসেতাৰ মদ খাৱাৰ অভ্যাসতাক চাড়াবাৰ পাইলোং না কেনে? না মানসেতাৰ গুণগিলা দেখিয়া ওৰ গুণগুলাই ওৱাৰ মুখখান ঠাচিয়া ধৰচিলেক! এখনাও তেৰিয়া কথা কবাৰ নাপায় যেন৷ না দিদি নন্দই ভায়েৰ দুখগুলান চাপে ধৰিয়া থোৱাতাৱে ওৱাক উদাসীন কৰিয়া তুলছিলেন এইগুলা ভাবিয়া চিন্তিয়া নিজেৰ অশান্তিৰ বোজা আৰ ভাৰ কৰি তুললেক৷
অমৰেৰ কুম্ লী হৱা শুনিয়া সগ দিদি ভইন গুলান আছিয়া বাৰী চাইপলেক৷ মানৱী ওমাক কইলেক “ডাক্তাৰে মদ মাংস নিষেধ কৰ্ ছে৷ “ওম্ ৰাও একটাৰ পৰ একটা উপদেশ দিয়ে ফেলাইল৷ কামৰাংগা খুৱাইছ, তাওৰ কালাইৰ পাতেৰ ৰস খুৱাইচ, কুশাল খাবাৰ দিছ৷ অমৰ ভাল হইয়া উঠিলেক৷ কামাইতো লাগিল৷ ধীৰে ধীৰে বটলটাও মুখত লাগিল আসিয়া৷
মানৱী ছাৱা দুখনাৰ পঢ়া শুনাৰ প্ৰতি মন জগাইলে৷ হঠাৎ কৰিয়া অমৰেৰ তুষাৰ জ্বৰ উঠলেক৷ হাস্পতালৰ বিছনাত পৰি থাকিয়া যত কষ্ট অমৰেৰ হইছে মানৱীৰ ও কিছু কম হয় নাই৷ ডাক্তাৰেৰ ওই একনায়ে কথা, মদ না ছাড়লে লিভাৰ, ফেফৰা, কিডনি সগে যাইবে৷ মানৱী আৰ অমৰেক বুজাইলেক৷ আস- পৰোসি দিদি জামাই সাগাই সতৰ আছিলেক অমৰক দেখা কৰিবাৰ৷ হাস্পতালত নিয়ে যাৱা কাপোৰ গুলা ধুৱাৰ সাতে গামলাত চাৰ্ফ গুলিবাৰ ধৰছে৷ বৰ’ ননন্দি ফুলমনি যাবাৰ বাইৰ হইয়া মানবীক কয়া গেইল“মাইয়ো অমৰক আৰ মদ চুবাৰ দিছ না“৷ কম্বলখান গামলাত উজাবাৰ যাইতেই বৰ’ নন্দিৰ কথা শুনিয়া মানৱী থৰ হয়া ৰইল৷ ওৱাৰ একটা গভীৰ নিশ্বাস চাৰলেক৷
অমৰেৰ আজ কাল খমকা কৰিয়া হাপসি পৰে৷ তাও কামাইত যায়া আছে৷ মানৱীও সিদ্ধ ভাত তৰকাৰী দিয়া দুই সন্ধ্যা ৰান্ধিয়া অমৰেক দেয়ে সাথতে ওৱাও ওগিলাৰে অভ্যস্ত হৈয়া পৰে৷ তবে ছাৱা -পাৱাৰ মুখত ৰুচি ধৰে না৷ ওই জন্তে ওমাৰ খাতে আলু ভাজি, চুটকি দিয়া তৰকাৰি ৰান্ধি দায়ে৷
“মদেৰ বাসনা! তুমৰাৰ মুখ দিয়া মদেৰ বাসনা কিয়াতা? হে হৰি…..তুমৰাগিলান কিয়া নিজেৰ মৰণ নিজে ডাকবা ধৰছেন! টেকা পইচা সগ গিলা ধংস হৈলেক তুমাৰ উপৰা৷ মোৰ কি হইবে৷ ছাৱা- পাৱা দুখনাৰ কি হৈবে৷ মানুস কৰিম কেমন কৰিয়া! শুনেন এইবাৰ কিন্তু আৰ মোই তোমাৰ পাছে পাছে হাস্পতালে হাস্পতালে বেৰবাৰ পাবাৰ নোৱাং৷ “ অমৰক বাইৰত ঠেলিয়া দুৱাৰখান মানৱী ঝাপে দায়ে৷ অনেক ক্ষণ ধৰিয়া ওৱাই ৰাগেৰ চোটতে বকিয়া থাকে৷ ধোৱা চাউল আৰ চৌকাত উঠিল না৷ আস পাসেৰ মানসি গিলা ঢুকি মাৰিয়া দেখি থাকিল৷
পৰদিন ভোৰবেলাতে ৰুনু নন্দইৰ ফোন আসলেক৷ “মানৱী অমৰৰ সাতত কেচাল কৰিচ না ওৱাই আমাৰ আদৰেৰ৷ ওই জেদি৷ তুই গোচা কৰিয়া ওৱাক ঘৰৰ বাইৰত থইচ; কোন মদ্দাই মদ খাবাৰ নোহায়৷ অল্প ভাল কৰিয়া আদৰ কৰিয়া বুজাবাৰ নাপাইস৷ “ “দিদি মোই কি ওৱাৰ খাৰাবেৰ জন্নে কইচং, ওৱাৰ ভালেৰ চিন্তা কৰিয়া কইচং দিদি৷ হেল্ল…হেল্ল….দিদি দিদি…৷ ফোনেৰ সম্পৰ্ক বিচ্ছিন্ন হইয়া গেইল৷ ধুবৰী, বঙ্গাইগাঁও, গুহাটী কোচবিহাৰ, চিলিগুড়ি সব ঠায়তে একে কথা৷ লিভাৰ মোটামুটি শেষ৷ ফেপৰাতো জল ধৰচে৷ কিডনি একটা ফেইল৷ আজকে তিন চাৰ মাস ধৰিয়া অমৰেৰ সাথে সাথে মানৱীৰ চোখত নিন্দ নাই৷ বেলা থাকতে কাজ কাম চাড়িয়া সন্ধ্যা লাগতে না লাগতে মানৱীৰ চোখত নিন্দ পিট্টিয়া বেৰায়৷ নিন্দ পাৰবে কতাই হাতে৷ অমৰেৰ প্ৰচণ্ড মাথাৰ যন্ত্ৰণা৷ সোগ সময় মাথা তিপি দেৱা খায়, মালিচ কৰিয়া থাকা খায়৷ সময়তি অমৰেক ঔষধ দেৱা, দেখা কৰি আইসা মানসেগিলানক গুৱা পাণ, চাহপানী যাচা থাকিয়ে কুল পায় না৷ তাৰ মাজখানে কায়বান কইলেক কোঠাৰ ভিতৰতা জুৰি আছে, অমৰেক ৰৌদত ক্ষাণিক শুতে দেননা কে৷ মানৱী ওইটাই কৰলেক৷ হইলে কি হইবে! দিনকে দিন পেটতা ফুলিয়া যায়া আছে৷ খাৱা- দাৱা একবেলা হইয়া গেইছে৷ তাও খাবাৰ সাতে সাতে বুকে পিঠে থাচি ধৰে৷ মানৱী পিঠি চত্তে দিয়েশুতি থয়া সেন দুই গাস মুখত দিয়া আইসে৷ নৱৰত্ন তেল, মালিচেৰ ঔষধ মাখতে মাখতে কাপোৰ গুলা দুৰ্গন্ধ উঠছে৷ “মানৱী কম্বলখান ধুইয়া দিচ না কেন বাচ মাৰি ধৰ্ চে“৷ ওৱাৰ সাতে সাতে ওইখান সৰে দিয়ে নৌতুন এখান গাৱত ঢালি দিল৷ “পায়খানা পেচাব কৰিৰ চোতালত দিচ, পৰে চাফা কৰি দিলে হইবে“৷ ওইটাই কৰলেক ওৱাই৷ তাৰ পৰে কেৱল তিনদিন, তিনদিনেৰ পৰে অমৰেৰ শ্বাস জুৰি গেইল৷
ঐ মানৱী তুই এতাই নেপটা কাঢ়ি বসি আসিচ৷ আয় এখনা চা খা৷ এতাই আহ৷ না নাযাং৷ মেলা দিন পৰে ক্ষণিকতা জিৰিবাৰ পালুং৷ হাওঁ হাওঁ কৰিয়া কান্দাৰ অভ্যাস মানৱীৰ নাইয়ে৷ এলাও চোখ দুখনা চুপিয়া ঝৰি ধৰ্ চে৷
# সমাপ্ত #
শব্দাৰ্থ——-
থেপচা, নেপটা—লেপেটা কাঢ়ি৷
ওৱাৰ—-তাইৰ৷
ছাৱা-পাৱা—– ল’ৰা-ছোৱালী৷
কায়—–কোন, কোনে৷
সিদল——শুকান মাছৰ গুড়িৰে প্ৰস্তত কৰা পৰম্পৰাগত খাদ্য বিশেষ৷
কুমলী——জণ্ডিচ৷
ফেফৰা—–হাওঁফাওঁ৷
কামৰাংগা——কৰদৈ৷
কুশাল—- কুঁহিয়াৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments