আঞ্চলিকতাবাদৰ চৰিত্র আৰু বুদ্ধিজীৱীৰ ভাওনা

পঙ্কজ ঠাকুৰীয়া :

আঞ্চলিকতাবাদৰ চৰিত্র আৰু বুদ্ধিজীৱীৰ ভাওনা
*************************************
আঞ্চলিকতাবাদ কি ? আঞ্চলিকতাবাদৰ কেৰোণ ক ‘ত ? আঞ্চলিকতাবাদৰ ৰাষ্ট্রীয় পুঁজিবাদী চৰিত্রৰ লগত সানমিহলি আৰু দ্বিতীয় ধাৰাৰ লগত আঞ্চলিকতাবাদৰ প্রার্থক্য কি ? আঞ্চলিকতাবাদৰ সীমাবদ্ধতা ক ‘ত ? আঞ্চলিক উন্নতিৰ ধ্বজা উৰুৱাবলৈ আঞ্চলিকতাবাদেই একমাত্র বিকল্পনে ? এই প্রশ্নসমূহৰ উত্তৰ বা আলোচনা নোহোৱাকে কেবল প্রফুল্ল মহন্তক আঁতৰাই দলটোৰ নাম সলনি কৰিলেই সকলো অসমীয়াই দৌৰি আহি আকৌ দলটোক হিয়াৰ আমঠু কৰি তুলিব বুলি ক ‘ব খোজা বুদ্ধিজীৱী কেইজনৰ বৌদ্ধিক সুবিধাবাদক নাহাঁহি নোৱাৰি। এয়া বৌদ্ধিক দীনতা নে বুদ্ধিজীৱীৰ সুবিধাবাদৰ নমুনা  ?
অসমত আঞ্চলিকতাবাদক সেইদিনাই কবৰ দিয়া হৈছিল যিদিনা আঞ্চলিকতাবাদৰ সীমাবদ্ধতাক আওকাণ কৰি ৰাষ্ট্রীয়তাবাদৰ সুৰত অগপই কোৰাচ জুৰিছিল। ৰাষ্ট্রীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ মতাদর্শীয় সংঘাটক আঁতৰাই কেৱল সুবিধাবাদী হৈ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিয়ে ভোটৰ বজাৰ দখল কৰাৰ পৰাই আঞ্চলিকতাবাদ শেষ হৈছিল। তেওঁলোকে সুবিধাবাদৰ কোৰাচ জুৰিছিল, মহন্তই একক গীত পৰিৱেশন কৰা নাছিল। গতিকে কি সাংঘাটিক যুক্তিত মহন্তক আঁতৰাই আঞ্চলিকতাবাদক বচাব পাৰি। ডেকা-ডেকেৰীৰ শক্তিয়ে আঞ্চলিক ৰাজনীতিৰ চালিকা শক্তি। কিন্তু যিদৰে অগপই দুয়োবিধকে আওকাণ কৰিলে সেইদৰে তৰুণ গগৈৰ দৰে বেঙাৰ ভাও ধৰা শিয়ান ৰাজনীতিবিদজনে দুয়োটাকে গুৰুত্ব দিলে। হায়ৰে অসমৰ বুদ্ধিজীৱী ! সাহিত্য সভাৰ মঞ্চত মহন্তৰ লগত জাতি উদ্ধাৰৰ মন্ত্র মতা লোকে আজি মহন্তক আঁতৰালেই সকলো উদ্ধাৰৰ কথা কয়। অখিল গগৈ, সমুজ্বল ভট্টাচার্য কোনোৱে বচাব নোৱাৰে আঞ্চলিকতাবাদক যদিহে মতাদর্শ স্পষ্ট নহয়। আনহাতে আঞ্চলিকতাবাদৰ বড়ি খাই পেট গেৰেলা হোৱা অগপক দেখি জনজাতীয় আঞ্চলিকতাবাদো হিলদল ভাঙি আগবাঢ়ি আহিল। উৎসাহ যোগালে ৰাষ্ট্রই (ৰাষ্ট্রীয়তাবাদে) যাতে শতৰুক ভাঙিচিঙি আপাত ধর্মনিৰপেক্ষতাৰ ডোলদাল পিন্ধাই ভোট বেংকৰ ভাতেৰে গেৰেলা হৈ থাকিব পাৰে। আনহাতে জনগোষ্ঠীয় আঞ্চলিকতাবাদেও সমানে প্রতিযোগিতা কৰিছে গেৰেলা হ ‘বলৈ। গেৰেলাহঁতক খোৱাৰ জোগাৰ দিওঁতে ৰাইজৰ তলি উদং হ ‘ল। গতিকে আকৌ ৰাইজে গেৰেলা সন্থাৰ সন্মিলিত ঠগন খাবনে তেওঁলোকক মষিমূৰ কৰি মতাদর্শৰ ভিত্তিত আঞ্চলিকতাবাদক জীয়াই তুলিব সেয়া ৰাইজে চিন্তা কৰক। আদর্শবিহীন আঞ্চলিকতাবাদ নিপাতে যাওক আৰু মতাদর্শ আৰু উপযুক্ত কার্যপন্থাৰ ভিত্তিত গঢ়ি উঠক আঞ্চলিকতাবাদ। মই ব্যক্তিগতভাবে তাকেই বিশ্বাস কৰোঁ।

 

সুৰজিৎ নেওগ :

মোৰ আঞ্চলিকতাবাদ, জাতীয়তাবাদ, ৰাষ্ট্রীয়তাবাদ, ধৰ্মনিৰপেক্ষতাবাদ, এই শব্দবোৰৰ অৰ্থ বুজোঁতে সদায় খেলিমেলি লাগে। অভিধান চাই যিটো বুজোঁ, কাৰ্য্যক্ষেত্রত ভিন ভিন অৰ্থ ওলায় দেখোন; তাকো স্থান, কাল, পাত্র ভেদে !! লগতে বুদ্ধিজীৱিৰ প্ৰ্কৃত সংজ্ঞাটো আজিও বিচাৰি চলাথ কৰি ফুৰিছোঁ !!

 

উৎপল শৰ্মা :

অসমৰ ভৌগোলিক অৱস্থান আৰু স্বাধীনোত্তৰকালৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে অসমত আঞ্চলিকতাবাদৰ কোনো বিকল্প নাই। কিন্তু নব্বৈৰ দশকত অসমীয়া ৰাইজৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ প্রতি যিদৰে মোহভংগ হ’ল সি সমগ্র অসমতে জাতীয়তাবাদৰ মেৰুদণ্ড ভাঙি পেলালে। অৰাজনৈতিক দিশত আছুয়ে অসমীয়া জাতীয়তাবাদৰ ধ্বজা উৰুৱাই ৰাখিলে যদিও ৰাজনীতিৰ পথাৰত বিধ্বস্ত হ’ল অসমীয়া জাতীয়তাবাদ। প্রতিবাৰেই আত্মসমালোচনাৰে পৰিৱর্তনৰ শ্লোগান লৈ নির্বাচনত প্রতিদ্বন্দিতা আগবঢ়াইছে যদিও ৰাইজ যেন আশ্বস্ত হ’ব পৰা নাই। আচৰিত কথাটো হ’ল আঞ্চলিকতাবাদী ৰাজনীতিৰ নেতৃত্বই যেন পাহৰি পেলাইছে যে আঞ্চলিকতাবাদ এটা সুঁতিহে, অস্তিত্বৰ পূর্ণ বিকাশৰ বাবে এই সুঁতি গৈ কোনো এক নদীত মিলিবই লাগিব। আৰু যিহেতু ভাৰতবর্ষত মূল ৰাষ্ট্রীয়তাবাদী দল দুটাৰ স্থিতি স্পষ্ট, গতিকে অসমতো মূল আঞ্চলিক দলটোৱে ভৱিষ্যতৰ সমীকৰণ স্পষ্ট কৰি আগবঢ়া উচিত যেন বোধ হয়। সকলোকে সাঙুৰি বোকা চটিয়াই থাকিলে ৰাইজ বিভ্রান্তহে হ’ব।

 

পঙ্কজ ঠাকুৰীয়া :

আচলতে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক একেলগে বহু ক্ষেত্রত সামৰিব পাৰি। আঞ্চলিকতাবাদক ড° হীৰেন গোঁহাই ছাৰে ছদ্মবেশী জাতীয়তাবাদ বুলি কৈছে। বৃহত্তৰ অসমীয়া জাতীয়তাবাদক সুস্থৰূপত উপস্থাপনৰ বাবে আঞ্চলিকতাবাদৰ প্রয়োজন কোনেও নুই কৰিব নোৱাৰে। কিন্তু ৰাজনীতিত ওচৰৰ লাভ কিছুমান বিচাৰিব গৈ যেতিয়া দূৰদর্শী সিদ্ধান্তক আওকাণ কৰা হয় আৰু জাতীয়তাবাদৰ নামত আপাতত উগ্রজাতীয়তাবাদী আদর্শৰ সুৰুঙাবোৰৰ ৰাইজৰ আগত স্পষ্ট হৈ পৰে তেতিয়া নিজকে প্রাসংগিক কৰি ৰখাৰ বাবে ৰাষ্ট্রীয়তাবাদৰ লগত আপোচ কৰিব আঞ্চলিকতাবাদ আগবাঢ়ে। অতি ৰাষ্ট্র (state) অর্থাৎ ৰাষ্ট্রসর্বস্ৱ ধাৰণাই (ৰাষ্ট্রীয়তাবাদ) ভৌগোলিক বিভিন্নতাক  আওকাণ কৰি জাহ যোৱা (Assimilation) একক নীতিৰে জাপি দিয়া ব্যৱস্থাৰ লগত সহমর্মিতা প্রদর্শনেই আঞ্চলিকতাবাদৰ প্রথম ভুল। নীতি, আদর্শ, আৰু পৰিকাঠামোৰ উচিত সংজ্ঞা অবিহনে কেৱল উগ্রজাতীয়তাবাদকে সামৰি জনসাধাৰণৰ জাতীয় চেতনাৰ লগত খেলিব গ’লে যি উগ্রজাতীয়তাবাদী ধাৰণাৰে জন্ম হৈছিল সেয়াও অপ্রাসংগিক হৈ পৰে। গতিকে আঞ্চলিকতাবাদৰ প্রধান ভেঁটি হৈছে আদর্শ আৰু সুস্থ জাতীয়তাবাদ। এই দুই ক্ষেত্রত আপোচ কৰিলে সুবিধাবাদ এনেকৈ সোমাই পৰিব যে নিজৰ অস্তিত্বৰ বাবে ৰাষ্ট্রীয়তাবাদৰ লগত একাকাৰ হৈ পৰিব। গতিকে সমস্যাটোৰ আশে পাশে আলোচনা নকৰি গুৰিতে কি আছে আলোচনা কৰাটো যুগুত হ’ব। “গতিকে অসমতো মূল আঞ্চলিক দলটোৱে ভৱিষ্যতৰ সমীকৰণ স্পষ্ট কৰি আগবঢ়া উচিত যেন বোধ হয়।” উৎপল শৰ্মাৰ এই কথাখিনি ভাল লাগিল। কিন্তু জাতীয়তাবাদী শ্লোগানৰ বাহিৰে দলটৌৰ কোনোধৰণৰ জাতীয়তাবাদী চৰিত্র দেখা নগ’ল বৰঞ্চ আপোচৰ ৰাজনীতি আৰম্ভ কৰিলে। দ্বিতীয় চৰকাৰখনে আটাইতকৈ বেছি কৰিলে। আনহাতে আলফা আৰু বড়ো উগ্রজাতীয়তাবাদৰ লগতে অন্যান্য সশস্ত্র সমস্যা (বিপ্লৱী নহয়) সম্পর্কত ওলোটাহে কৰিলে। বিনিয়োগ আৰু বিকেন্দ্রীকৰণ যি দুটা শব্দই দেশ তোলপাৰ লগাইছে সেই সম্পর্কে তেওঁলোক নিমাত। আন্দোলনকাৰীসকলে মূলত গাঁও অঞ্চলৰ পৰা আটাইতকৈ বেছি সমর্থন পাইছিল। কিন্তু গ্রাম্য স্বৰাজৰ বাবে তেওঁলোকৰ কোনো ধাৰণা নাই। ডেকাশক্তিকো (মূলত আছু) তেওঁলোকৰ লগত ৰাখিব নোৱাৰিলে। আনহাতে আন্দোলনৰ সময়তে কমিউনিষ্ট শব্দেৰে সকলোকে সাঙুৰি বড়োসকলক ‘অসমীয়া (?)’ জাতীয়তাবাদৰ পৰা পৃথক কৰিলে। কিন্তু অস্তিত্ব ৰক্ষাৰ বাবে সুবিধাবাদী চৰিত্রক আঁকোৱালি লৈ আকৌ কমিউনিষ্টসকলৰ লগতে উঠা বহাই নহয় বুকুৰ কুটুম কৰিলে। ভুলৰ শুধৰণি নে সুবিধাবাদ আছিল। গতিকে এই সকলোবোৰ সম্পর্কে নিজৰ মত স্পষ্ট কৰক দলটোৱে। জাতীয়তাবাদক সুস্থৰূপত প্রতিষ্ঠিত কৰিব পৰা নেতাৰ সৃষ্টিতকৈ নিজৰ জাতীয়তাবাদৰ ধাৰণা স্পষ্ট কৰি আগবাঢ়ক। তেহে সুস্থ জাতীয়তাবাদী দললৈ আহিব।

দীপজ্যোতি ভূঞা :

বুদ্ধিজীৱিসকলৰ দৰে মোৰ বিশেষ জ্ঞান নাই, সাধাৰণ মগজুটোৱে ইয়াকেই ভাবিবলৈ বাধ্য কৰালে যে আঞ্চলিকতাবাদ বা জাতীয়্তাবাদ জীয়াই ৰাখিবলৈ পৃথকভাৱে এটি আঞ্চলিক দলৰ প্ৰয়োজন নাই। উৎপল শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে জাতীয়াতাবাদ আৰু আঞ্চলিতাবাদ মিলিজুলিয়েই ৰাষ্ট্ৰীয়তাবাদৰ সৃষ্টি হৈছে। এটা জাতি/অঞ্চলক প্ৰতিনিধিত্ব কৰি সেই জাতি/অঞ্চলটোৰ উন্নতি আৰু সুৰক্ষাৰ হেতুকে কাম কৰি যোৱাই হ’ল জাতীয়তাবাদ/আঞ্চলিকতাবাদৰ আদৰ্শ। আৰু সেই প্ৰতিনিধিজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা হোৱাটো শুভলক্ষণ হয়নে নহয় সেই কথা বুজি পাবলৈ অসুবিধাৰ সৃষ্টি কৰি এই বুদ্ধিজীৱিসকলে ৰাইজক বিমোৰত হে পেলাইছে। আঞ্চলিকতাবাদ/জাতীয়াতাবাদৰ নামত তেওঁলোকে নতুন নতুন পৰিভাষাৰ সৃষ্টি কৰি খিচিৰি পগাইছে যেনহে বোধ হয় !

উৎপল শৰ্মা :

মূল অসমীয়া সুঁতিৰ পৰা জনগোষ্ঠী সমূহ আঁতৰি গৈ নিজৰ সুকীয়া পৰিচয়ৰ সৈতে জীয়াই থাকিব খোজাৰ যি প্রৱণতা আৰম্ভ হৈছে তাৰ মূলতেই হৈছে অগপই আৰম্ভ কৰা ভাষিক আঞ্চলিকতাবাদ। অসমৰ দৰে ভিন্ন জাতি-জনগোষ্ঠী-ধর্মাৱলম্বী লোকৰ মহামিলন ক্ষেত্রত আঞ্চলিকতাবাদ ভৌগোলিক পৰিসীমাৰ ভিত্তিত ঠন ধৰি উঠিব লাগিব। কেৱল অসমীয়া ভাষাভাষীসকলক লৈ নিজৰ ৰাজনৈতিক সংগ্রাম খন আগবঢ়াই নিব খোজাৰ বাবেই অগপৰ শাসন কালত অসমৰ থলুৱা জনগোষ্ঠী সমূহে নিজৰ অস্তিত্বৰ পূর্ণবিকাশৰ সুবিধা পোৱা নাই বুলি অভিযোগ কৰি সুকীয়া সুকীয়া দাবী লৈ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ’ল। দলটোৱেও বি.টি.এ.ডি প্রমুখ্যে আন আন জনজাতি অধ্যুষিত অঞ্চলসমূহৰ লগতে বৰাক উপত্যকাত নিজৰ ভেঁটি গঢ়িব নোৱাৰিলে কাহানিও।

পঙ্কজ ঠাকুৰীয়া :

উৎপল শৰ্মা দাদা, পৃথক বড়ো ৰাজ্যৰ দবী ১৯৮৭ চনত উপেনদ্রনাথ ব্রহ্মৰ নেতৃত্বত উঠিছিল, Mising Bane Kcbang ভাঙি Mising Mimag kcbang গঢ়ি উঠিছিল ১৯৯৩ চনত, ডিমা হাছাও শ্বায়ত্ব শাসিত পৰিষদ ১৯৭০ চনত গঢ়ি উঠিছিল। গতিকে আপোনাৰ শেষৰ মন্তব্যটো অলপ বুজাত অসুবিধা হৈছে। অলপ দীঘলীয়াকে বুজাই কওকচোন।

সুৰজিৎ নেওগ :

কথাখিনি মোৰ বাবে এতিয়াও স্পষ্ট নহ’ল। আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ কেৱল আমাক মানে অসমীয়া (অসমৰ) মানুহকহে দৰকাৰ নেকি ? যদি হয়, তেন্তে কিয় ? ভৌগোলিক কাৰণত নে মানসিক কাৰণত ? নে আমাৰ নপুংসক নেতাবোৰৰ (তথাকথিত) অকৰ্মণ্যতাৰ বাবে ? আমি দেখোন প্ৰায়ে ৰাজহুৱাকৈ আঁওৰাই থাকোঁ যে আমি (অসম) ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ, অৰ্থাৎ আমাৰ আৰু দেশৰ আন অংশৰ জনসাধাৰণৰ মাজত কোনো পাৰ্থক্য (সাংস্কৃতিক বাদ দি) নাই। যদি তেনে হয় (মানে আমি বিচ্ছিন্নতাবাদী নহওঁ), তেন্তে ভাৰতবৰ্ষৰ আন আন ৰাজ্য, অঞ্চলবোৰতো আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পয়োভৰ থাকিব লাগে। তেনে কিবা আছে নেকি ? বেছি দূৰলৈ নগৈ আমাৰ চুবুৰীয়া ৬ খন ৰাজ্যতে তেনে একো ইংগিত দেখা নাই। জম্মু-কাশ্মীৰক বাদ দি আমাৰ দেশৰ আন অঞ্চলবোৰত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ বাবে ইমান হুলস্থূল শুনা যেন নালাগে দেখোন। এসময়ত মহাৰাষ্ট্রত বহুবছৰ থাকোঁতে তাৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী দল ‘শিৱসেনা’ৰ উশৃংখল, উদ্ভৎ কৰ্মকাণ্ডবোৰ এজন বহিৰাগত হিচাপে অতি ওচৰৰ পৰা লক্ষ্য কৰিছিলোঁ। আমাৰ ইয়াৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী বুলি দাবী কৰা তথাকথিত কিছু দল-সংগঠনৰ দাদাগিৰীৰ দৰেই ! এতিয়া কথা হ’ল, অসম বা অসমীয়াৰ বাবে যদি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ বাহিৰে গত্যন্তৰ নাই তেন্তে দেশৰ আন আন ৰাজ্য বা অঞ্চলৰ লোকৰ বাবেও একেই অৱস্থা হ’ব। কিন্তু কাৰ্যক্ষেত্রত তেনে কিবা ইংগিত আছে নেকি ? যদি আছে তেন্তে দেশৰ দুই প্ৰধান ৰাষ্ট্রবাদী ৰাজনৈতিক দলৰ বিকল্প দেখোন আন ক’তো নাই। আমাৰ অসমতো যোৱা ১২ বছৰে একেই অৱস্থা। কথাবোৰ যিমানে ভাবোঁ সিমানেই মোৰ খেলিমেলি বাঢ়ি যায়। আমাৰ বাবে এতিয়া আঞ্চলিকতাবাদ/জাতীয়তাবাদ বনাম ৰাষ্ট্রবাদ (বা যি বুলিয়েই নকওঁ) ইমান প্রাসংগিক নহয় নেকি যিমান দৰকাৰী আৰু প্ৰাসংগিক স্বদেশীৰ দল বনাম বিদেশীৰ দল কথাটোহে !

ৰাজীৱ ৰঞ্জন :

মই এই কথাটোকে ইমান দিনে ভাবি একো উলিয়াব পৰা নাছিলোঁ সুৰজিৎদা। এই যে অগপ আমাৰ নিজৰ দল জাতীয় ধাৰণাটো, সেইটোৰ অৰ্থ আজিলৈ বুজি নাপালোঁ। মানে বাকী ৰাষ্ট্ৰীয় দলকেইটাৰ, কংগ্ৰেছেই হওক বিজেপিয়েই হওক, এইবোৰৰ অসমত থকা নেতা-সদস্যসকল অগপৰ নেতা-সদস্য সকলৰ নিচিনা ‘সম্পূৰ্ণ অসমীয়া’ নহয় নেকি ? বাকী দলসমূহত থকা নেতা-সদস্যসকলে চৰকাৰ গঠন কৰাৰ পাছত বেলেগ কোনোবা ৰাজ্যৰ উন্নতিৰ বাবেহে কাম কৰিব নেকি ? সৰু মূৰ মোৰ, চিন্তাও সৰু, কথাবোৰ বুজিয়েই নাপাওঁ।

সুৰজিৎ নেওগ :

মোৰ প্রায়ে আৰু এটা কথাত খোকোজা লাগে, আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি শব্দবোৰ কিছু ধুৰন্ধৰ লোকে (ৰাজনীতিক, ছাত্রনেতা, ব্যৱসায়ী, আমোলা) বিভিন্ন শ্লোগান আকাৰে স্থান, কাল, পাত্র অনুসৰি ব্যৱহাৰ কৰি আমাৰ (অসমীয়াৰ) শ্লোগানসৰ্বস্ৱ, আবেগসৰ্বস্ৱ জাতীয় সত্বাক সদায় উদ্বেলিত কৰি থাকে যাতে সান্দহ খোৱা বালি তল নপৰে।

পঙ্কজ ঠাকুৰীয়া :

ভৌগোলিক, সাংস্কৃতিক, সামাজিক সকলো ক্ষেত্রতে বিচিত্র দেশ এখনত একক নীতিৰে শাসন কৰাটো সম্ভৱ হ’ব জানো ? ভাৰত ৰাষ্ট্রৰ  ধাৰণাটোত গণতন্ত্রতকৈ সামান্তবাদী  ধাৰণাই ছদ্মবেশত দমন কৰে। দিল্লীত নির্ধাৰিত ধাৰণা একোটাক ৰাজ্যৰ মত নোলোৱাকৈ সকলো ৰাজ্যৰ ওপৰত জাপি দিয়া হয়। অর্থাৎ ৰাষ্ট্রীয় ধাৰণাটোৰে ‘বিচিত্রতাৰ মাজত একতা’ জাতীয় কথাৰে একতাৰ নামত সকলো নেতাকে বিনা বাক্যৰে সদনৰ বাহিৰে ভিতৰে হুইপ জাৰি কৰিব পাৰে। আনহাতে ভাৰতৰ দৰে বিশাল ৰাষ্ট্র এখনত এখন ৰাজ্যৰ স্থানীয় সমস্যা সম্পর্কে অইন ৰাজ্য এখনৰ বাদেই চুবুৰীয়া ৰাজ্য এখনৰো সম্যক ধাৰণা আছে বুলি আশা কৰাটো ভুল হ’ব। আনহাতে ৰাষ্ট্রীয় দলসমূহৰ চৰকাৰে দিল্লীৰ নীতিৰ বিৰোধিতা কৰা কঠিন। উদাহৰণ হিচাপে খুচুৰা ক্ষেত্রত বিদেশী বিনিয়োগ বা খাদ্য প্রাধীকৰণ আইনখনৰ ওপৰত কোনো ৰাজ্যৰ মত নোলোৱাকৈ চৰকাৰ আগবাঢ়িল। কংগ্রেছী ৰাজ্য চৰকাৰ এখনেও বিৰোধিতা কৰিব নোৱাৰে। কিন্তু গোটেই কথাখিনি প্রয়োগ হ’ব ৰাজ্যত। গতিকে আঞ্চলিকতাবাদী দলসমূহৰ প্রাসংগিকতা তাতেই। আনহাতে বহু আঞ্চলিক দলেই নিজৰ অঞ্চলৰ ভিত্তিত ৰাষ্ট্রীয় নীতি নির্ধাৰণৰ বাবে কেন্দ্রীয় চৰকাৰক বাধ্য কৰিছে। বর্তমান ভাৰতত দেখা পোৱা এনে কথা কিছুমান সহজকে তুলি ধৰিছোঁ :

১) এন.দি.এ চৰকাৰৰ দিনত চন্দ্রবাবু নাইডুয়ে কাহ এটা মাৰিলে দিল্লীত কম্বল ল’বলগীয়া হৈছিল।

২) তৃণমূল কংগ্রেছে কংগ্রেছক উৰাই-ঘূৰাই নচুৱালে আৰু মনৰ ইচ্ছামতে কলিকতাৰ বাবে সৰকালে।

৩) লালুপ্রসাদেটো বিহাৰৰ গাঁৱে ভূয়েঁ ৰেল চলালে।

৪) দি.এম.কে-ই মন্ত্রীৰ দাম-দৰ কৰি আঙুলিৰ মূৰত নচুৱালে।

এচ.পি, বি.এচ.পি, জে.এম.এম, ডি.এম.কে, এ.আই.ডি.এম.কে, টি.ডি.পি, আকালি দল, জে.ডি.ইউ, আৰ.জে.ডি, তৃণমূল কংগ্রেছ, এম.এন.এচ, শিৱসেনা আদি আঞ্চলিকতাবাদী বা অঞ্চলতে সীমাবদ্ধ দলসমূহৰ ভাৰত ৰাষ্ট্রৰ ৰাজনীতিত প্রভূত্ব সদায়ে দেখা যায়। ভাৰত ৰাষ্ট্রৰ এই সমতাৰ ওপৰত বহু ক্ষেত্রত আঘাত হোৱাও দেখা যায়, যেনে শ্রীলংকাৰ তামিলৰ ক্ষেত্রত তামিলনাডুৰ দলসমূহে তেওঁলোকৰ দাবী অনুসৰি ৰাষ্ট্রীয় নীতি নির্ধাৰণ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ সময়ত।

এতিয়া আমাৰ অসমৰ দৰে ৰাজ্যত তেনে ভাৰতীয়ত্বৰ  ধাৰণাৰে শাসন কৰিবলৈ গ’লে, পৰিণাম স্বৰূপে ৰাষ্ট্রীয় নেতাৰ কথামতে বাংলাদেশী শৰণার্থীক আঁকোৱালি ল’ব লগীয়া কৰিব। উদ্দীপ তালুকদাৰে কোৱাৰ দৰে ( বেলেগ পোষ্ট এটাত ) অগপ মানেই আঞ্চলিকতাবাদ নহয়। অগপ আঞ্চলিকতাবাদ নামৰ কিতাপখনৰ পৃষ্ঠা এটাহে। ‌উদয়াচল আন্দোলন বা গৌৰীশংকৰ ভট্টাচার্য আদিয়ে বহুত আগতেই আঞ্চলিকতাবাদী ভাবধাৰা দাঙি ধৰিছিল। এন টি ৰামাৰাৱ, চন্দ্রবাবু নাইডু, জয়াললিতা, লালুপ্রসাদ আদিয়ে আঞ্চলিক শক্তিৰ যোগেদি নিজৰ ৰাজ্যৰ উন্নতিৰ বাবে কেন্দ্রক পদক্ষেপ ল’বলৈ বাধ্য কৰিছিল। আমাৰ ক্ষেত্রত অগপ হাৰি গ’ল বুলি আঞ্চলিকতাবাদ শেষ নহয়। আঞ্চলিকতাবাদৰ প্রাসংগিকতা ভাৰতত (বিশেষকৈ) সদায় থাকিব।

উৎপল শৰ্মা :

১৯৮৭ চনত অগপৰ চৰকাৰেই আছিল যেতিয়া ‘ডিভাইড আসাম ফিফটি-ফিফটি’ শ্ল’গানেৰ বড়ো সকলৰ সংগ্রাম আৰম্ভ হৈছিল। মই ক’ব খুজিছোঁ যে অগপৰ আঞ্চলিকতাবাদী ধাৰণা আৰু ৰাজনৈতিক কার্যাৱলীয়ে কেৱল সেইসকল অসমীয়া মানুহকহে চুই গৈছিল যি কেৱল অসমীয়া ভাষাহে কয়। বড়ো-কার্বি-ডিমাচা আদি স্বকীয় ভাষা থকা জাতি-জনগোষ্ঠী সমূহৰ মাজত প্রভাৱ বিস্তাৰ কৰাত অগপ বিফল হৈছিল আৰু ইয়েই অসমত আঞ্চলিকতাবাদ বিকশিত হোৱাৰ পথত প্রধান হেঙাৰ ৰূপে ধৰা দিছিল। অসমৰ আঞ্চলিকতাবাদক কেৱল তথাকথিত উচ্চজাতিৰ ৰাজনৈতিক সংগ্রাম বুলি গণ্য কৰিয়েই ক্ষুদ্র ক্ষুদ্র জাতি-জনগোষ্ঠীবোৰ মূল সুঁতিৰ পৰা আঁতৰি গৈ ‘আমি অসমীয়া নহয়’ বুলি পৰোক্ষভাৱে ঘোষণা কৰাৰ প্রৱণতাই গা কৰি উঠিল। আঞ্চলিকতাবাদ যদি সুসংগঠিত ৰূপত অসমত গঢ় দিবলৈ হয় তেন্তে সমগ্র অসমৰ ভৌগোলিক পৰিসীমাক সামৰি সংগ্রামখন আগবঢ়াব লাগিব, জাতিগত বা ভাষিক আঞ্চলিকতাবাদ অসমত বেছি দিন টিকি থাকিব নোৱাৰে।

পঙ্কজ ঠাকুৰীয়া :

মাননীয় উৎপল শর্মা ডাঙৰীয়া, (তেতিয়াৰ/এতিয়াৰ) আছুও ইয়াৰ বাবেই সমানে জগৰীয়া বুলি বহুত ঠাইত পঢ়িব পাইছোঁ। মই জানো আপুনি আছুৰ সদস্য (ভুল হ’ব পাৰে) গতিকে আপোনাৰ পৰা নির্মোহভাবে বিশ্লেষণ আশা কৰিলোঁ। যদি জগৰীয়া হয় তেনে এই বিষয়ে আছুৱে কি ব্যৱস্থা লৈছে জনাব নেকি ?

উৎপল শৰ্মা :

ভুল কৰা নাই দিয়ক, মই ‘আছু’ৰ সদস্য হয়। অৱশ্যে মই ইয়াত যি লিখোঁ বা লিখিছোঁ তাৰ বাবে মই ব্যক্তিগতভাবেহে দায়বদ্ধ। আপুনি যি সুধিছে তাৰ উত্তৰ মই আছুৰ প্রতিনিধি হিচাপে নহয়, এই গোটৰ এজন সাধাৰণ সদস্য হিচাপেহে দিব চেষ্টা কৰিছোঁ। মই আঞ্চলিক ৰাজনীতিৰ ওপৰত আলোকপাত কৰি কথা খিনি লিখি আছিলোঁ, আপুনি অৰাজনৈতিক প্রেক্ষাপটৰ কথা সুধিছে। এই বিষয়ে বহল আলোচনা কৰিবলৈ কেৱল অসম আন্দোলনৰ সময় ছোৱা চালেই নহ’ব। ‘৬০ ৰ দশকৰ ভাষা আন্দোলনৰ ইতিহাস চালি-জাৰি চাব লাগিব। কেৰোণটো তেতিয়াৰেই, হয়তো তাৰো পূর্বৰ। কিন্তু উল্লেখ কৰি থোৱা ভাল হ’ব যে বর্তমান বা অসম আন্দোলনৰ সময়ৰ পৰা আছু বুলিলে ৰাইজে যিটো জাতীয় সংগঠনক বুজে সেই সংগঠনৰ সংবিধানখন ১৯৬৭ চনতেই গৃহীত হোৱা।

চাপৰিলে মেঘ আঁতৰি নাযায়। আপুনি কোৱা বিষয়টোক লৈ আছুক সমালোচনা কৰা আমিও দেখিছোঁ। কিন্তু বর্তমান এই সমালোচনা উদ্দেশ্য প্রণোদিত। আগৰ নেতৃত্বই কি ব্যৱস্থা লৈছিল সেয়া মোৰ জ্ঞাত নহয়, কিন্তু বর্তমানৰ ‘আছু’ অসমৰ প্রতিটো জাতি-জনগোষ্ঠী-ধর্মাৱলম্বী লোকৰ বিশ্বাসভাজন। ২৬ টা সংগঠনে এক গোটহৈ একেখন মঞ্চৰ তলত সংগ্রাম অব্যাহত ৰাখিছোঁ। বড়ো-কার্বি-ৰাভা-মিছিং-তিৱা আদি সকলো জনগোষ্টীয় সংগঠনে আছুৰ ওপৰত আস্থা পোষণ কৰি একেলগে আগবাঢ়িছে। গতিকে এতিয়াও আছুক এই প্রসংগত সমালোচনা কৰাটো পৰিকল্পনাবদ্ধভাবে বদনাম কৰাৰ কৌশলহে এচামৰ।

সুৰজিৎ নেওগ, ক্ষমা কৰিব, আপোনাৰ কথা খিনি কালি পঢ়িবলৈ থাকি গ’ল, গতিকে সেইবিষয়ে একো লিখা নহ’ল। আজি পঢ়িলোঁ, লিখিব মন গৈছে, কিন্তু ঘড়ীটোৱে লগ দিয়া নাই। আপুনি এটা যথেষ্ট স্পর্শকাতৰ আৰু তাৎপর্যপূর্ণ কথাৰ অৱতাৰণা কৰিছে। দুর্ভাগ্যবশত: মই কিছুদিনৰ বাবে ফেচবুকৰ পৰা আঁতৰি থাকিম। যেতিয়াই ঘূৰি আহোঁ এই প’ষ্টটো বিচাৰি আপোনাৰ সৈতে কথা হ’ম। আপোনাৰ বক্তব্যৰ পৰা আঞ্চলিকতাবাদ তথা অসমীয়া জাতীয়তাবাদ সম্পর্কে আপোনাৰ ধাৰণা কিছু ফুটি উঠিছে, মোৰ স্বাভাৱিকতেই দ্বিমত আছে। গতিকে আপোনাৰ সৈতে কথা হৈ ভাল লাগিব বুলি আশা ৰাখিলোঁ। নজানোটো শিকিম, ক’বলগীয়া খিনি ক’ম। যিহেতু আলোচনাটো নির্মোহ-নিৰপেক্ষ হ’ব লাগিব, গতিকে কিছু দীঘলীয়া হোৱাটো স্বাভাৱিক। সেয়ে পুনৰ লগ পোৱাৰ প্রতিশ্রুতিৰে কিছুদিনৰ বাবে বিৰতি মাগিছোঁ। ধন্যবাদ।

দীপজ্যোতি ভূঞা :

পংকজ ঠাকুৰীয়া ডাঙৰীয়া, আঞ্চলিকতাবাদৰ ওপৰত আপুনি দাঙি ধৰা তথ্যখিনিৰ নিশ্চয় প্ৰাসংগিকতা আছে । কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত জাতি-জনগোষ্ঠীৰ পয়োভৰ বেছি । এই বিষয়ত উৎপল শৰ্মা ডাঙৰীয়াৰ মন্তব্যখিনিও উল্লেখনীয় । কেইদিনমানৰ পূৰ্বে সুৰজিত নেওগ ডাঙৰীয়াই এই সম্পৰ্কে অন্য এটি প’ষ্টত মতামত আগবঢ়াইছিল । গতিকে সকলোখিনি চালি-জাৰি চালে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে অসমত এক আঞ্চলিক শক্তি গঠনৰ প্ৰাসংগিকতা কিমান দূৰ সম্ভৱ সেইয়া নিশ্চয় সময়ে ক’ব । মোৰ বোধেৰে এই আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাই আগন্তুক বিধান সভা নিৰ্বাচনত শাসকীয় দলটোকেই লাভান্ৱিত কৰিব ।

পঙ্কজ ঠাকুৰীয়া :

আচলতে ইছ্যু ভিত্তিত আঞ্চলিকতাবাদ গঢ়ি উঠাৰ সলনি আবেগিক শ্লোগানেৰে গঢ়ি উঠা বাবেই ইমান সোনকালে ইয়াৰ পতন আৰম্ভ হ’ল । আমাৰ মাজত আঞ্চলিকতাবাদৰ প্রাসংগিকতা সদায় আছিল আৰু থাকিব বিশেষকৈ। সেয়েহে আঞ্চলিকতাবাদ, ৰাষ্ট্রীয়তাবাদ, জাতীয়তাবাদ আদি শব্দ সম্পর্কে উচিত ব্যাখ্যা নিদিয়াকৈ আঞ্চলিকতাবাদ আগবাঢ়িব নোৱাৰে। যদি আগবাঢ়ে তেন্তে সি সুবিধাবাদ হ’ব আৰু সুৰজিৎ নেওগ ডাঙৰীয়াই কোৱাৰ দৰে কিছুমান ধুৰন্ধৰে সেই সমূহৰ সুবিধা ল’ব । আমাৰ আঞ্চলিকতাবাদৰ ধাৰণাটোৰ গুৰিতে কেৰোণ আছিল । গতিকে পুনৰ যদি তাকেই মেৰামতি কৰিবলৈ চেষ্টা কৰা যায় তেন্তে আকৌ একেই দশা হ’ব । অসমৰ আঞ্চলিকতাবাদৰ ভেঁটি জাতি,ধর্ম,জনগোষ্ঠীভিত্তিক নহৈ যেতিয়া শ্রেণীভিত্তিক হ’ব তেতিয়াই সি এটা শক্তিশালী বিকল্প হৈ দেখা দিব ।

উৎপল শৰ্মা :

পুনৰ ঘূৰি আহিছোঁ। আপোনাৰ কথাখিনি এটা এটা কৈ বিশ্লেষণ কৰিবলৈ যত্ন কৰিম।

“আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ কেৱল আমাক মানে অসমীয়া (অসমৰ) মানুহৰহে দৰকাৰ নেকি ? যদি হয়, তেন্তে কিয় ? ভৌগোলিক কাৰণত নে মানসিক কাৰণত ? নে আমাৰ নপুংসক নেতাবোৰৰ (তথাকথিত) অকৰ্মণ্যতাৰ বাবে ?”

– জাতীয়তাবাদ প্রতিটো জাতিৰ মেৰুদণ্ড। আঞ্চলিকতাবাদৰ লগত বহুত সাদৃশ্য আছে যদিও একেবাৰে প্রতিশব্দ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। জাতীয়তাবাদ প্রতিটো সভ্য জাতিৰ সম্পদ। আনহাতে আঞ্চলিকতাবাদৰ প্রয়োজন ঠাই এডোখৰৰ ভৌগোলিক অৱস্থান আৰু সমাজ-ৰাজনৈতিক ইতিহাসৰ ওপৰত নির্ভৰ কৰে। অসমৰ দৰে মূল ভাৰতীয় ভূ-খণ্ডৰ পৰা কিছু বিচ্ছিন্ন ঠাই এডোখৰত বাস কৰা মানুহখিনিৰ মাজত কিছু গাঢ় আত্মীয়তা থকাটো বাস্তৱসন্মত প্রয়োজন আৰু ই আঞ্চলিকতাবাদৰ জন্ম দিয়ে। ভৌগোলিক বিচ্ছিন্নতাই কিছু ক্ষেত্রত মানসিক বিচ্ছিন্নতাৰো সৃষ্টি নকৰা নহয়। আজিৰ বিশ্বায়নৰ যুগতো যেতিয়া পঞ্জাৱৰ বিধানসভাত বর্ধিত কুকুৰৰ সংখ্যা হ্রাস কৰিবলৈ “কুকুৰভক্ষণকাৰীৰ”(!) ঠাই উত্তৰ-পূৱত ‘চালান’ দিয়াৰ কথা কয় তেন্তে কাৰনো গা নজ্বলিব ! যদি ভাৰত-পাক সীমান্ত তিনি বছৰত ছীল কৰে আৰু ভাৰত-বাংলা সীমান্ত ছীল কৰোঁতে আঠাইছ বছৰো পর্যাপ্ত নহয় তেন্তে মানসিক বিভাজন নাহিবই বা কিয় ! বর্তমানৰ নেতাৰ কথা বাদ দিয়ক, গোপীনাথ বৰদলৈ অথবা হেম বৰুৱাক প্রকৃত নেতা নহয় বুলিব পাৰিব নেকি  ? কিন্তু এই নেতাদ্বয়েও আঞ্চলিকতাবাদ তথা জাতীয়তাবাদৰ সৱল উপস্থাপনৰে অসমক ৰক্ষা কৰিছিল। গোপীনাথ বৰদলৈ নোহোৱা হ’লে অসম আজি পূৱ-পাকিস্তানৰ অংশ হ’ল হয়। হেম বৰুৱাৰ সিংহনাদ গর্জনত অসমক চীনৰ হাতত এৰি দিয়াৰ পৰা বিৰত থাকিল তদানীন্তন ৰাষ্ট্রীয় নেতাসকল। তেখেতসকলৰ এই অতুলনীয় ভূমিকা আঞ্চলিকতাবাদৰেই এটা বিকশিত ৰূপ আছিল।

“আমি দেখোন প্ৰায়ে ৰাজহুৱাকৈ আঁওৰাই থাকোঁ যে আমি (অসম) ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ, অৰ্থাৎ আমাৰ আৰু দেশৰ আন অংশৰ জনসাধাৰণৰ মাজত কোনো পাৰ্থক্য (সাংস্কৃতিক বাদ দি) নাই। যদি তেনে হয় (মানে আমি বিচ্ছিন্নতাবাদী নহওঁ), তেন্তে ভাৰতবৰ্ষৰ আন আন ৰাজ্য, অঞ্চলবোৰতো আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পয়োভৰ থাকিব লাগে। তেনে কিবা আছে নেকি ? বেছি দূৰলৈ নগৈ আমাৰ চুবুৰীয়া ৬ খন ৰাজ্যতে তেনে একো ইংগিত দেখা নাই। জম্মু-কাশ্মীৰক বাদ দি আমাৰ দেশৰ আন অঞ্চলবোৰত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ বাবে ইমান হুলস্থুল শুনা যেন নালাগে দেখোন”

– আমি কেৱল ৰাজহুৱাকৈ আঁওৰাই নাথাকোঁ, আমি প্রমাণ কৰি দিওঁ যে আমি ভাৰতৰ অংগৰাজ্য। স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ হোৱা এই যাত্রা ভাৰত-চীন যুদ্ধৰ মাজেৰে পাৰ হৈ শেহতীয়া আন্নাৰ আন্দোলনলৈকে চলি আছে। প্রতিক্ষণত আমি এই সংগ্রামসমূহৰ মাজেদি “এক ভাৰতীয়” মানসিকতাৰ পৰিচয় দিছোঁ ! কিন্তু স্বীকৃতি পাইছোঁনে  ? মোক বুজাই দিব নেকি ভগত সিং আৰু কুশল কোঁৱৰৰ মাতৃপ্রেম কোনখিনিত পৃথক  ? লক্ষ্মীবাঈ আৰু মূলাগাভৰুৰ সংগ্রামৰ তফাৎ কি ? লাচিত কোনখিনিত শিৱাজীৰ লগত হাৰিব ? কিন্তু ভাৰতীয় ইতিহাসত এখেতসকলে সম-মর্যাদা পাইছে নে ? এই পার্থক্যবোৰৰ মূলতে কি ? যদি ভৌগোলিক বিচ্ছিন্নতাই হয় তেন্তেটো আঞ্চলিকতাবাদ অবিহনে আমাৰ অস্তিত্বই সুৰক্ষিত নহয়। আপুনি কিহৰ ভিত্তিত আন ৰাজ্যত আঞ্চলিকতাবাদ নাই বুলি ক’লে বুজি নাপালোঁ। কেৱল নামটোৰ আগত “অল ইণ্ডিয়া” লিখি ল’’লেই ৰাষ্ট্রবাদী হৈ নাযায়। টি.এম.চি., এচ.পি., বি.এচ.পি. এই সকলোবোৰেই আঞ্চলিকতবাদৰে ধ্বজা ধৰি আছে।

নিজৰ অঞ্চলৰ কথা চিন্তা কৰাটোৱেই আঞ্চলিকতাবাদ। বহল অর্থত ৰাষ্ট্রীয়তাবাদো এক আঞ্চলিকতাবাদেই। ঘৰখনৰ উন্নতি কৰিব পাৰিছোঁ বুলি যদি মনে ধৰে তেন্তে চুবুৰীটোৰ কামত ধৰক। নৰেন্দ্রমোদীৰ গুজৰাট প্রীতি, মমতাদিদিৰ বেংগল প্রীতি, নীতিশ কুমাৰৰ বিহাৰ প্রীতি এই সকলোবোৰ ৰাষ্ট্রীয়তাবাদৰ বোর্খাৰে ঢাকিবলৈ বৃথা চেষ্টা কৰা একো একোটা তীব্র আঞ্চলিকতাবাদী শৰীৰ।

দেৱব্ৰত গগৈ : “নৰেন্দ্রমোদীৰ গুজৰাট প্রীতি, মমতা দিদিৰ বেংগল প্রীতি, নীতিশ কুমাৰৰ বিহাৰ প্রীতি এই সকলোবোৰ ৰাষ্ট্রীয়তাবাদৰ বোর্খাৰে ঢাকিবলৈ বৃথা চেষ্টা কৰা একো একোটা তীব্র আঞ্চলিকতাবাদী শৰীৰ” ……………… এইখিনি অপ্ৰিয় সত্য। কিন্ত এইখিনি কথা আমাৰে কিছুমানে মানিবলৈ বেয়া পাব। আটাইতকৈ আমোদজনক কথা হ’ল এই তিনিওজন ব্যক্তিয়েই ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধানমন্ত্ৰীৰ প্ৰবল দাবীদাৰ, কেনেবাকৈ তেওঁলোক প্ৰধানমন্ত্ৰী হ’বলৈ হ’লে ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বনে ভাৰতৰ মুখ্যমন্ত্ৰী হ’ব তাক লৈ সন্দেহ আছে। কিন্ত দুৰ্ভাগ্যজনকভাবে বহুতেই এইসকলক ৰাষ্ট্ৰীয় নেতা বুলি প্ৰক্ষেপ কৰে আৰু আমি আঞ্চলিকতাবাদৰ কথা ক’লে আমাক ঠেক গণ্ডীৰ মাজত থকা বুলি উপলুঙা কৰে।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পল্লৱ
3 years ago

ৰাষ্ট্ৰীয়তাবাদ নহয় ,আঞ্চলিকতাবাদেহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব।সচাকৈয়ে নে বাৰু?

পল্লৱ
3 years ago

ৰাষ্ট্ৰীয়তাবাদ নহয়,আঞ্চলিকতাবাদেহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব।সচাই নে বাৰু??