আটাইতৈক সৰল ‘অসমীয়াৰ সংজ্ঞা’ (ৰাজীৱ বৰা)

প্ৰাগৈতিহাসিক কালৰ পৰা অসমৰ ভূখণ্ডত বসবাস কৰি থকা লোকসকলে (আজিকালি ‘অসমীয়া’ শব্দটো লিখিবলৈ ভয় লগা হৈছে!) সমাধা কৰা অতি সীমিত উল্লেখযোগ্য কামবোৰৰ এটা হ’ল কলাখাৰৰ উদ্ভাৱন। এই ভূখণ্ডৰ ‘লোকসকলে কলাখাৰ খায় আৰু খাই ভাল পায়। আমি জনাত পৃথিৱীৰ আনবোৰ অঞ্চলৰ মানুহৰ কলাখাৰ খোৱাৰ অভ্যাস নাই।

 প্ৰয়োজন উদ্ভাৱনৰ মূল। অসমৰ মানুহেও খুব সম্ভৱত বাধ্যত পৰিহে কলাখাৰৰ উদ্ভাৱন কৰিছিল আৰু খাবলৈ লৈছিল শৰীৰত প্ৰয়োজন ‘হাৱা সাধাৰণ লৱণৰ পৰিপূৰক হিচাপে, কিয়নো এই ভূখণ্ডত লোণৰ  আকৰ  নাই  তথা  ওচৰত  লৱণ  উৎপাদন  কৰিব  পৰা  সাগৰো নাই।  বহুত পিছতহে অসমলৈ লৱণৰ আমদানি হৈছিল।  মানৱৰ  শৰীৰত  লৱণৰ  প্ৰয়োজন  আছে, গতিকে সহজে উপলব্ধ নোহোৱা সাধাৰণ লৱণৰ প্ৰয়োজন পূৰাবৈলেক এই ভূখণ্ডৰ বাসিন্দাসকলে এসময়ত  কলাখাৰৰ  উদ্ভাৱন কৰি লৈছিল।

কলাখাৰে মানৱ শৰীৰক কিছু উপকাৰো প্ৰদান কৰে।। কলখাৰৰ ‘ৰাসায়িনক নাম হ’ল প’টাছিয়াম- বাই- কাৰ্বনেট, আৰু ইয়াৰ ৰাসায়িনক ফৰ্মূলা হ’ল KHCO3। খাদ্যৰ পাচনৰ বাবে মানৱ পাকস্থলীত হাইড্ৰক্ল’ৰিক এচিড(HCl)  থাকে। পাচন প্ৰক্ৰিয়াত এই এচিড সম্পূৰ্ণৰূপে ব্যৱহৃত নহ’লে এচিডিটিৰ উদ্ভৱ হয়। কলাখাৰে হাইড্ৰক্ল’ৰিক এচিডৰ লগত ৰাসায়িনক বিক্ৰিয়া কৰি লৱণৰ (KCl) উৎপাদন কৰে, অৰ্থাৎ এচিডিটি নাইকিয়া কৰে। এই বিক্ৰিয়া ত লৱণৰ লগতে কাৰ্বন ডাই অক্সাইড(CO2)  আৰু পানী(H2O) উৎপন্ন হয়— উৎপাদিত কাৰ্বন ডাই অক্সাইড শৰীৰৰ পৰা ওলাই যায়, উৎপাদিত পানীক শৰীৰে ব্যৱহাৰ কৰে অথবা প্ৰস্ৰাৱৰ লগত বাহিৰ কৰি দিয়ে। ৰসায়ন বিজ্ঞানৰ ভাষাত এই কাণ্ড ঘটে এনেকৈ:

KHCO3  + HCl  = KCl +  CO2  +  H2O

আনহাতেদি উৎপাদন ‘হোৱা লৱণ (KCl) সাধাৰণ লৱণতকৈ (NaCl) শৰীৰৰ বাবে বেছি উপকাৰী। প্ৰণিধানযোগ্য যে কোনোবা এটা বনমানুহৰ প্ৰজাতিত(Ape) বিৱৰ্তন ঘটি আধুনিক মানুহৰ আৱিৰ্ভাৱ হ’ল। বনমানুহ হৈ থকা কালত তথা মানৱলৈ পৰিবৰ্তিত হোৱাৰ বহুত পিছলৈকে মানুহে ফল-মূল, শাক-পাচলি আদি খাই জীৱন নিৰ্বাহ কৰিছিল। ফল-মূল, শাক-পাচলি  আদি  প’টাছিয়াম  (K)  থাকে,  অৰ্থাৎ  হাজাৰ হাজাৰ বছৰৰ পৰিক্ৰমাত মানৱৰ শৰীৰ ছ’ডিয়ামতৈকও (Na) প’টাছিয়ামৰ প্ৰতিহে বেছি অভ্যস্ত হৈ পৰিল।  লৱণ ভক্ষণ কৰাৰ উদ্দেশ্য হ’ল শৰীৰক প’টাছিয়াম বা ছ’ডিয়ামৰ যোগান ধৰা। সাধাৰণ লৱণত যিহতু  প’টাছিয়ামৰ পৰিৱতে´ ছ’ডিয়ামহে থাকে, সেয়ে এই লৱণৰ অধিক ভক্ষণে  শৰীৰৰ অপকাৰ  কৰে, কিয়েনা মানৱৰ শৰীৰ ছ’ডিয়ামৰ প্ৰতি এতিয়াও সম্পূৰ্ণ  অভ্যস্ত  হৈ  উঠা  নাই,  কাৰণ  আজিৰ  পৰা  প্ৰায়  এহাজাৰ বছৰৰ  আগেয়েহে  মানৱে  সাধাৰণ  লৱণ  খাবলৈ  আৰম্ভ কৰিছিল।

চমুকৈ মানৱৰ শৰীৰ বেছি অভ্যস্ত হৈ থকা প’টাছিয়ামৰ যোগান ধৰাৰ উপৰিও কলাখাৰে শৰীৰত এচিডিটিৰ নিয়নন্ত্ৰণতো সহায় কৰে।

এনেবোৰ গুণ থকা কলাখাৰৰ উদ্ভাৱন তথা ইয়াৰ ভক্ষণতে অসম ভূ খণ্ডত বসবাস কৰি থকা ‘লোকসকলৰ বিশেষত্ব নিহিত আছে। আৰু এই বিশেষত্ব খুব সম্ভৱ সমগ্ৰ পৃথিৱীতে একক আৰু অনন্য।

অৰ্থাৎ অসম ভূখণ্ডলৈ কোন আগতে আহিল কোন  পিচত  আহিল  (এই  ভু  খণ্ডত  মানৱৰ  উৎপত্তি  হোৱা নাছিল, গতিকে ইয়াৰ সকলো বাসিন্দাই প্ৰব্ৰজিত লোক — অসমত কোন কোনফালেদি সোমাল, কেতিয়া  সোমাল, কিয় সোমাল আদি কথাবোৰৰ  কােনো  অৰ্থ  নাই),  কোনবোৰ  জাতি-সদায়  ‘উচ্চ’  আৰু  ‘ভাল’ তথা কোনবোৰ ‘নীচ’ আৰু ‘বেয়া’, কোনবোৰ জাতি-সদায় ‘সভ্য’ আৰু ‘কোনবোৰে ‘অসভ্য’ খাদ্য খায়, কোনবোৰ   জাতি-সম্প্ৰদায়ৰ   ভাষা-কৃষ্টি-ধৰ্ম  ‘উন্নত’   আৰু   ‘কোনবোৰৰ   ‘অনুন্নত’   আদি   কথাৰ   ওপৰত মুঠেও গুৰুত্ব নিদি, অৰ্থাৎ ভাষা-কৃষ্টি-ধৰ্মক একাষৰীয়াকৈ থৈ আমি ওপৰত উল্লিখিত বিশেষত্বটো প্ৰয়োগ কৰিয়েই ‘অসমীয়াৰ  সংজ্ঞা’  নিৰূপণ  কৰিব পাৰোঁ।

গতিকে  আটাইতকৈ  সৰল  অথচ  প্ৰায়োগিক  ‘অসমীয়াৰ  সংজ্ঞাটো’  হ’ব  এনেকুৱা  :  “অসম ভূ খণ্ডত বসবাস কৰি থকা যিয়েই কলাখাৰ খায় আৰু খাই ভাল পায়, সিয়েই অসমীয়া”।

[email protected]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments