আঢ্যৱন্ত ঘৰৰ একমাত্ৰ কলেজীয়া ছাত্ৰী – চিৰঞ্জীৱ কুমাৰ গগৈ

প্ৰত্যেক বুধবাৰৰ দিনা ৰাতিপুৱা তুমি কলেজলৈ যাওঁতে গণেশ মন্দিৰত সোমাই যোৱাটো তোমাৰ এটা নিয়মেই৷ মন্দিৰৰ ভিতৰলৈ উঠি যোৱা মাৰ্বল পাথৰৰ চিৰিকেইডালৰ ওচৰতে বহি থকা বুঢ়া ভিক্ষাৰীটোৱে দুহাত মেলি তোমাৰ ফালে কৰুণ দৃষ্টিৰে চায়৷ কিজানিবা তোমাৰ হাতৰ পৰা সিকি/আধলি কিবা এটা সৰকি পৰেই৷ তাৰ কাহানিও নোধোৱা লেতেৰা দেহাটোৰ পৰা নিৰ্গত হোৱা অকটা গোন্ধটোৱে তোমাৰ পেটৰ নাড়ী-ভূৰুবোৰ পকটিয়াই পেলায়৷ পুৰণি প্লাষ্টিকৰ পানীৰ বটল এগাল সি মালা বান্ধি ডিঙিত ওলোমাই লৈ ফুৰে৷ উদং জধলা দেহাটোৰ নিম্নাংশত এখন বস্তা মেৰিয়াই থয়৷ বাওঁভৰিৰ পানীগাঁঠিত এটা মস্ত দ ঘাঁ৷ মাখি অনবৰতে তাত ভেনভেনাই থাকে৷ তাৰ ওচৰেদি তুমি মন্দিৰৰ ভিতৰলৈ চিৰি বগাই উঠি যাওঁতে নাকত ৰুমালখন লৈ হেচিঁ ধৰি থাকা৷ আৰু কোনোদিনেই তাক তুমি ভিক্ষাদানৰ নামত ফুটাকড়ি এটাও দি পোৱা নাই৷ কাৰণ সিমান লেতেৰা মানুহৰ ওচৰত এক লহমা থিয় হোৱাটোও তোমাৰ বাবে অসম্ভৱ৷ পইচাৰ অভাৱ তোমাৰ নাই৷ শাসকীয় দলৰ এজন সাংসদ শ্ৰীবলীন বৰুৱাৰ তুমি একমাত্ৰ জীয়ৰী৷ সোণৰ চামুচ মূখত লৈ জন্ম হোৱা তুমি অভাৱ নো কি বস্তু কেতিয়াও বুজি নাপালা৷ অনুভৱ কৰাটোতো বাৰু বহুত দূৰৰে কথা৷ তুমি মনে মনে ভাবা, পৃথিৱীৰ পৰা এই ভিক্ষাৰী আৰু দৰিদ্ৰ মানুহখিনি মৰি শেষ হৈ নাযায় কিয়? কিয় হাত পাতি পাতি আনৰ মুখলৈ চাই থাকে?
আচলতে কি জানা? তোমালোক ধনীবোৰৰ দৰে এই নিঃকিন বা নিছলা মানুহখিনিয়েও জীৱনটো জীয়াই থাকিব বিচাৰে? কাৰণ পৃথিৱীখন কেৱল ধনীবোৰৰ বাবেই নহয়৷ পৃথিৱীখন সকলোৰে বাবে৷ অৱশ্যে এটা কথা ঠিক যে, “যোগ্য ভোগ্যা বসুন্ধৰা“৷ এজন শাসকীয় দলৰ সাংসদৰ একমাত্ৰ দুহিতা হিচাপে তুমি সকলোফালৰ পৰাই সুখী৷ একোৰেইচোন অভাৱ নাই তোমাৰ৷ তুমি হাত ভৰিৰ নখত লগোৱা Faces বা Swiss Beautie ৰ একোটা Multi coloured nail enamelৰ যিমান দাম, সিমান টকা এই গৰীব ভিক্ষাৰী কেইটাইকেইটাই এমাহতো আয় কৰিব নোৱাৰে৷ তুমি মন কৰিলেই তোমাৰ শুৱনি কোঠাৰ বেৰৰ ৰংটো সলনি কৰি ল’ব পাৰা৷ কিমান যে ধুনীয়া ধুনীয়া ৰং, “Mulberry Red, Midnight Bronze, Crystal Blue বা Ivory White!!” বিপৰীতে ভিক্ষাৰীজনৰ শোৱা ঠাইখিনিৰ ওপৰত উৰুখা চালি এখনো নাথাকে৷ মুকলি আকাশৰ ফালে চাই চাই ভিক্ষাৰীজন কেতিয়াবা অনাহাৰে আৰু কেতিয়াবা অৰ্দ্ধাহাৰে শুই যায়৷ তেওঁৰ বুকুৰ হুমুনিয়াহবোৰ নিশব্দে মিলি পৰে আকাশ আৰু বতাহৰ লগত৷ শুনোতা কোনো নাই৷ কিন্তুু তোমাৰ চকুত এইবোৰ কেতিয়াও নপৰে৷ ওপৰচকুৱা চন্তৰীয়ে গুৰিপৰুৱাৰ লানি ক’ত দেখিব? তুমি কেৱল ভাবা, ইহঁত ভিক্ষাৰী আৰু আনৰ ওচৰত বস্তু বিচাৰি হাত পতাই ইহঁতৰ কাম৷
তুমিও বহুত ব্যস্ত দিয়াচোন!! কলেজ, টিউচন য়োগা (যোগা) ইত্যাদি৷ পাপাই তোমাক আচুতীয়াকৈ চালক মতিউৰৰ সৈতে এখন Corola Altis গাড়ী দিয়েই দিছে৷ সেইখনতে তুমি চলা-ফুৰা কৰা৷ পাপাৰতো সময়েই নাই৷ তাতে এতিয়া আকৌ নিৰ্বাচন পাইছেহি৷ Campaigning, Meeting ইত্যাদিত লাগি থাকে৷
সিদিনা নিৰ্বাচনী প্ৰচাৰ শেষ কৰি নিশা প্ৰায় ১১ বজাত পাপা আহি ঘৰ সোমাইছিলহি৷ তুমি টিভিত “কচৌটি“ চাই আহিলা মাম্মীৰ সৈতে৷ পাপাই মাম্মীক কৈছিল, “হেৰা কাঞ্চাক সোণকালে ভাত বাঢ়িব কোৱা৷ দিনটো ভোট ভিক্ষা কৰি কৰি একেবাৰে ‘লাচাৰ’ হৈ আহিছোঁ“৷ কথাষাৰ দেখোন তোমাৰ কাণেদি সোমাই একেবাৰে কলিজাত খুন্দা মাৰিছিলগৈ৷ ভোট ভিক্ষা? ? ? ? ?

জন্মাষ্টমীৰ দিনা পুৱাৰ পৰাই প্ৰৱল বৰষুণ দি আছিল৷ এইদিনটোতেই তাহানি কানাই উপজিছিল৷ পালি-পহৰীয়া সৱেই নিদ্ৰাৰত অৱস্থাত কেৱে নজনাকৈয়ে গোসাঁই পৃথিৱীলৈ আহিছিল৷ আৰু আজি বাৰু তোমাক কাৰ সৈতে ৰিজাম? ৰাধা??? নে ৰুক্মিণী????
পুৱা সাত বজাতেই তুমি কোৱামতে মতিউৰে মেৰুণৰঙী Altis খন সাজু কৰিছিল৷ কিন্তুু সেইদিনা না তোমাৰ কলেজ আছিল, না টিউচন না য়োগা! ! বুধবাৰো নহয় মন্দিৰলৈ যাবলৈ!
তেন্তে? ? ? ? ? ? ? ?
কিন্তুু মতিউৰে সেই মন্দিৰটোলৈকে গাড়ীখন চলাই নিছিল, য’লৈ তুমি প্ৰত্যেক বুধবাৰে যোৱা৷
ভিক্ষাৰীজনো তাতেই বহি আছিল৷ সেই একেই ৰূপ! মলিয়ন উদং গা আৰু ভৰিত ঘাঁ৷
কিন্তুু তেওঁৰ দেহৰ দুৰ্গন্ধই আজি তোমাক আমনি কৰিব পৰা নাই৷ কাৰণ তোমাৰ মনৰ মলিনতাবোৰ আজি তুমি ঘৰত এৰি আহিছা৷ এতিয়া তোমাৰ মন একেবাৰেই পৱিত্ৰ, শৰতৰ শুকুলা শেৱালিৰ দৰে৷ ৰাধা আৰু ৰুক্মিণীৰ মনো এনেকুৱাই আছিল, নিৰ্মল আৰু স্বচ্ছ৷
ভিক্ষাৰী জনে কেৱল এবাৰ তোমালৈ চাইছিল আৰু এবাৰ তুমি তেওঁৰ হাতত গুজি দিয়া বস্তু কেইপদলৈ৷ তেওঁ যেন নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল৷ ইমানবোৰ বস্তু একেদিনাই! তাকো পুৱাতেই! এখন কম্বল, এযোৰ চোলা পেণ্ট, এযোৰ জোতা, একপেকেট মিঠাই, ঘাঁ শুকোৱা মলম, ছাতি আৰু দুহেজাৰটকীয়া নোট এখন৷ তেওঁ অপলক নেত্ৰেৰে তোমালৈ চাই ৰৈছিল৷ তুমি তেওঁক কিবাকিবি কৈছিলা যদিও তেওঁ কেৱল তোমাৰ এষাৰ কথাহে ভালদৰে বুজি পালে, “পৃথিৱীত সকলো মানুহেই একো একোজন ভিক্ষাৰী৷ মাত্ৰ ভিক্ষা খুজাৰ ধৰণ আৰু স্থান বেলেগ বেলেগ৷“
গাড়ীৰ চালকৰ আসনত বহি থকা মতিউৰৰ দুচকুৰেও দুধাৰি চকুলো বৈ আহিছিল৷ “বেবী এতিয়া আৰু সৰু হৈ থকা নাই“!
গোসাঁই ওপজা এই পৱিত্ৰ দিনটোত তুমি আজি ৰাধাও হ’ব নালাগে বা ৰুক্মিণীও হ’ব নালাগে৷ তুমি মিছ ডিম্পী বৰুৱাই হৈ থাকা৷ কিন্তুু সকলোৰে অলক্ষিতে তুমি আজি কৰি যোৱা এই ৰূপান্তৰৰ কবিতাটিৰ সংবাদ গোসাঁইৰ কাণত নিশ্চয় পৰিবগৈ, কাৰণ মতিউৰ আছে সাক্ষী হৈ৷ তেওঁৰ ধৰ্ম পৃথক হ’ব পাৰে, তেওঁ উপাসনা কৰিবলৈ মন্দিৰলৈ নাহিব পাৰে, কিন্তুু তুমি কৰা এই মহান কামবোৰ ভগৱানৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব সকলো ধৰ্মৰ মানুহৰে থাকে৷
মিছ ডিম্পী,
মনত ৰাখিবা, কেৱল মন্দিৰ মছজিদত হাত পাতি বহি থকাকেইজনেই পৃথিৱীৰ একমাত্ৰ ভিক্ষাৰী নহয়!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments