আত্মকথনঃ নিগনি – জ্যোতিমণি দেৱী

বৰ ব্যস্ত সিহঁত আমাৰ দৰেই৷ চকুৰ অলক্ষিতে ঘূৰে ইকোণ এৰি সিকোণ৷ সুবিধা পালেই সজাই লয় বাসস্থান নিগাজীকৈ কোনোবা চন্দুক, পেৰা, কাপোৰৰ বাকচ, অব্যৱহৃত মোনা, তুলাৰ লেপ, গাৰু সকলোতে৷ বৰ সুবিধাবাদী সিহঁত৷ মানুহৰ চকুত ধূলি দি চুকত থাকি বুকুত কামোৰ দিয়াৰ দৰেই ক’ত প্ৰয়োজনীয় বস্তু কুটি কুটি শেষ কৰে৷ সিহঁতৰ অতপালি অসহনীয় হৈ পতা গ’ল ফান্দ, মকৰা জালৰ দৰেই আঠা লগা ফান্দ আৰু দুদিনত এঘাৰটা নিগনি ফান্দত পৰিল৷ সিহঁত যদি মানুহ হ’লহেঁতেন, বৰ বৰ হৰফেৰে হ’লহেঁতেন খবৰ কাগজৰ গৰম খবৰ৷ দূৰদৰ্শনৰ চেনেলত ৰঙা কাড়চিহ্ন প্ৰাপ্ত বিয়াগোম খবৰ হৈ আকাশ বতাহ কিছুদিনলৈ কঁপাই তুলিলেহেঁতেন৷ কিন্তুু বৰ দূৰ্ভগীয়া সিহঁত৷ কাৰণ আমাৰ দৰে জীৱশ্ৰেষ্ঠ নাম ল’বলৈ সিহঁত অপাৰগ, নহ’ল অভয়াৰণ্যত কোনোবাই কাটি নিব পৰাকৈ দামী খড়্গ একোটিৰ গৰাকী জীৱ৷ সেয়েহে সিহঁত চিৰকালেই খবৰ হোৱাৰ অযোগ্য৷ কিন্তুু কিয় কুটে সিহঁতে মুখৰ আগত যিহকে পায় তিহকে?

এটি খাদ্য সংৰক্ষণৰ প্ৰশিক্ষণত পাইছিলো সিহঁতৰ হেনো দাঁতবোৰ দিনটোত কিবা মিলি মিটাৰকৈ বাঢ়ে৷ বাঢ়ি অহা দাঁতকেইটা ক্ষয় নিয়াবলৈ এই কুটি ফুৰা ব্যৱস্থা দিলে নিয়তিয়ে সিহঁতক৷ কিন্তুু কি প্ৰয়োজনত বাৰু নিয়তিয়ে সিহঁতক স্ৰজন কৰিছিল? আৰু আমাকেই বা কি প্ৰয়োজনত স্ৰজন কৰিলে? সিহঁত ইতৰ প্ৰাণী, আমি জীৱশ্ৰেষ্ঠ৷ সিহঁতে কাপোৰ কুটিছে, বস্তু কুটিছে, আমি পৃথিৱীখন কুটিছোঁ, বিবেক কুটিছোঁ, মানৱতা কুটিছোঁ, মূল্যবোধ কুটিছোঁ এন্ধাৰ পোহৰ একাকাৰ কৰি আমাৰ লোভৰ তীক্ষ্ণ দাঁত কেইটি ক্ষয় নিয়াবলৈ৷

কেৱল কুটিছোঁৱেইনে? সময়ত ধৰ্ষণ কৰিছোঁ, হত্যা কৰিছোঁ, যিটো সিহঁতে কৰিবলৈ অক্ষম৷ সেইবাবেই আমি জীৱশ্ৰেষ্ঠ, সিহঁত ইতৰ? সিহঁতে যদি এটি কক্ষৰ ভিতৰত দৌৰিছে আৰু কুটিছে, আমি পৃথিৱীখনক ঘৰ, গাওঁ, নগৰ, মহানগৰ, জিলা, ৰাজ্য, দেশ, মহাদেশ, জাতি, অজাতি, ধনী, দুখীয়া, স্পৃশ্য, অস্পৃশ্য, নাৰী, পুৰুষ, ধৰ্ম, অধৰ্মত ভাগ কৰি লৈ দৌৰিছোঁ আৰু কুটিছোঁ৷ সিহঁতে যদি আমাৰ মূল্যবান বস্তু কুটিছে, আমি পৃথিৱীৰ সমস্ত সম্পদ আৰু সৌন্দৰ্য কুটিছোঁ৷ সিহঁতক যদি চতুৰ মেকুৰীয়ে চোপ লৈ ধৰি ঢোপ খেলিছে, আমাক আমাৰ মাজৰে কোনোবাই অকলশৰীয়া অৱস্থা, সৰলতাৰ সুযোগত ধৰি লৈ ঢোপ খেলিছে৷ অকলশৰীয়াকৈ চহৰৰ আলিৰ দাঁতিৰে খোজ কাঢ়ি যাওঁতে কোনোবাই কাৰোবাক সুধিছে— “ভালনে খবৰ? কিবা প্ৰয়োজন হ’লে ক’বা৷ আমি আছোঁ নহয়, সহায় কৰি দিম৷“- বাক্যকেইশাৰী মুখেৰে বাগৰিছে, চকুকেইটিয়ে ধৰ্ষণ কৰি গৈ আছে গোটেই শৰীৰ৷ দিনটো সেই লোভনীয় চকুকেইটাই কৰি যোৱা ধৰ্ষণত অশূচি অশূচি লগা দেহটো লৈ আমি ফান্দত লগা নিগনিৰ দৰে ধৰফৰাইছোঁ৷ সেই বাক্যকেইশাৰী যেন আটাইতকৈ লোভনীয় টোপ দি নিগনি ধৰিবলৈ পতা এখন ফান্দ৷ অলপ অসাৱধান হ’লেই পৰিব পাৰোঁ, পৰিব পাৰে যিকোনো সেই ফান্দত৷ বাইদেউ, আপোনাৰ ফোন নম্বৰটো দিব নেকি? আমাৰ হাতলৈ বহুত কেচ আহে৷ আপোনাক দিব পাৰিম৷ “ — মুখ্য ন্যায়াধীশৰ আদালত কক্ষত শান্তি -শৃংখলা ৰক্ষাৰ দায়িত্বত থকা বিষয়াজনে যেতিয়া এনেকৈ কয়, তেতিয়া তেওঁৰ চকুলৈ নাচালে গম পোৱা নাযাব যে সেইখনো একোখন কৌশলী ফান্দ, নিগনি ধৰাৰ বাবে প্ৰস্তুত কৰাৰ দৰেই৷

খোজ কাঢ়ি যাওঁতে বাটত লগ পাই সহানুভূতিৰে লিফট্ দিব বিচৰা চালকৰ মাজতো কেতিয়াবা দেখোঁ এনে একোখন নিগনি ধৰা ফান্দ৷ আৰু নিগনিৰ ব্যস্ততাৰে দৌৰি দৌৰি ফান্দত পৰা মানুহৰ খবৰেৰে যেতিয়া খবৰ কাগজ গৰম হৈ উঠে, ৰাজপথ অৱৰোধ হয়, আমৰণ অনশন কৰোঁ, শোভাযাত্ৰা উলিয়াওঁ, তেতিয়া নিজকে মোৰ নিগনি কেইটাতকৈও ইতৰ প্ৰাণী যেন লাগে৷ আৰু জনাইও জানে সেইবোৰ খবৰ বিক্ৰী কৰি কিছুদিনলৈ নিশ্চয় কাৰোবাৰ উদৰ ভালদৰে পূৰ হয়৷ ইতৰ বুলি প্ৰমাণিত নহওক বুলিয়েই আমি চাগৈ কৰোঁ অৱৰোধ, অনশন, শোভাযাত্ৰা, সমদল, বিদ্ৰোহ আদি আত্মসন্তুষ্টিৰ নাটক৷ এনেকৈয়ে আমি সদায় জীৱশ্ৰেষ্ঠ হৈ ৰ’ব খুজি একোখন প্ৰহসনৰ ভাৱৰীয়া হৈ পৰোঁ৷ আমি নিজৰ তুলাচনীৰেই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ প্ৰাণী হওঁ, নিগনি ইতৰ হৈ ৰয়, আমি খবৰ কাগজৰ খবৰ হওঁ, নিগনি খবৰ নহয়৷ এইদৰে আগলৈও আমি আমাৰ মাজৰেই অদৃশ্য মেকুৰীৰ হাতোঁৰাত বন্দী হৈ ঢোপ হৈ পৰিম, খেলিব, দলিয়াব, অদৃশ্য আঠাত লাগি জীৱন নিপাত কৰিম আৰু হ’ম বিয়াগোম খবৰ৷ আমাৰ মাজত এই হাতোঁৰা, এই আঠা, এই দৌৰ কাহানিও শেষ নহয়৷ পৃথিৱীয়ে কি প্ৰয়োজনত নিগনি সৃষ্টি কৰিছিল, কি প্ৰয়োজনত আমাক এইবোৰ নজনাকৈয়ে, আত্মপক্ষ সমৰ্থন কৰি আমি কেৱল চিঞৰিম- আমি জীৱশ্ৰেষ্ঠ৷ নিগনি ইতৰ, সেয়েহে এঘাৰটা আঠাত লাগি মৃত হোৱা নিগনি কাহানিও নহয় খবৰ৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক