আত্মকথন (অস্থিৰ জীৱনৰ এক স্বীকাৰোক্তি) : লিখন নীল কোঁৱৰ

আপোনাৰ চহৰৰ নাট্যমন্দিৰ পথৰ
এটি দুকুঠলীয়া ভাৰাঘৰত থাকে এই মন্দ কবি,
চৌব্বিশ ফুটীয়া পৰিসৰত যাপন কৰে এলান্ধু জীৱন
আবেগিক ঠিকনাবিহীন ৰাতিবোৰ ধোঁৱাই থাকে কবিতাৰ জুহালত
বৰ্ণবোৰ উন্মনা হৈ উতলে
মাতাল অনুভূতিয়ে হজম কৰিব নোৱাৰি
গভীৰ দুখৰ মদিৰা
বমি কৰে নিজান কলিজা দুপৰ নিশা।
হয়, আপোনাৰ চহৰত এটি সৰু চাকৰি কৰে এই মন্দ কবিয়ে
হিচাপ কৰে জীৱনৰ প্ৰয়োজনবোৰ সঞ্চয় আৰু ঋণৰ অংকৰে
অৰ্থনীতিৰ সূত্ৰ কিম্বা শ্বেয়াৰ বজাৰৰ সূচাংকৰে
জুখি-মাখি আপোনালৈ আগবঢ়ায়
সপোন-গৃহৰ ঋণ
মৰমৰ একমাত্ৰ জীৰ বিয়াৰ জোৰা মাৰিবলৈ
ব্যক্তিগত ঋণ
ল’ৰাটো ডাঙৰ মানুহ হওক বুলি
শিক্ষা ঋণ
দলনি পথাৰত বোকা-পানী খচকি আপোনাৰ সেউজীয়া সপোনবোৰ
সোণবৰণীয়া হওক বুলি আগবঢ়ায়
কৃষি ঋণ
আৰু
কঠোৰ, সংগ্ৰামী শুকান হাতৰ টিপচহী সৰ্বহাৰা জনতাক
আদায় দিয়ে এম. জি. এনৰেগাৰ দৈনিক এশ ছয়ত্ৰিশ টকা |
এনেকৈয়ে,
আপোন গাঁওখন এৰি
ৰুগীয়া আই, অকালবৃদ্ধ পিতাই আৰু বেকাৰ ভ্ৰাতৃক এৰি
জীৱিকাৰ তাড়নাত এই মন্দ কবিয়ে
আপোনাৰ চহৰৰ নাট্যমন্দিৰ পথৰ
দুকোঠ্লীয়া ভাৰাঘৰত পাৰ কৰে অসুখীয়া দিন-ৰাতি।
দায়িত্বৰ কমাৰশালত গঢ়ি-পিটি জীৱন
উজাই যাবলৈ অনন্ত হেঁপাহ পালতৰা নাও বাই বাই-
নাওৰ কোমল বুকুত এমুঠি ৰচদ, এটোপোলা পথ্য আৰু
দুখন সহায়ৰ হাত-
তুলি ধৰে পানীত বুৰা জীৱন,
জহি-খহি যোৱা দুখীয়া পঁজা সহৃদয়তাৰ বাঁহ-কামিৰে ন-কৈ বান্ধে।
আপোনজন উটি যোৱাৰ মৰ্মান্তিক দুখত
ভৰিৰ তলৰ মাটি হেৰুৱাৰ নিশব্দ বেজাৰত
হালৰ গৰু নিৰুদ্দেশ হোৱাৰ অমাত শোকত
ভঁৰালৰ ধানমুঠি অকালতে মুদা মৰাৰ বিষম আঘাতত
হিকতিয়াই হিকতিয়াই নিৰলে কান্দে বানাক্ৰান্তৰ অস্থায়ী শিবিৰত।
বুকু চপৰিয়াই চপৰিয়াই খামুচি থাকে মনৰ মাজুলী
বন্যপ্ৰাণীৰ আতুৰ প্ৰাণ লৈ জীৱনৰ বাট হেৰুৱায় কাজিৰঙাত-
আৰু
আপাততঃ
আপোনাৰ চহৰৰ নাট্যমন্দিৰ পথৰ
দুকুঠলীয়া ভাৰাঘৰত থাকে এই মন্দ কবি-
বিজুলীবিহীন জীৱনৰাত্ৰিৰ হৈ এটি টিপচাকি
নিজকে জ্বলায় শিলুৱা আন্ধাৰ খেদি খেদি।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক