আত্মকথা – মিতালী মহন্ত

সেইটো আছিল ঠিক এনে এক দুপৰ
আইৰ কঁহুৱা কোমল হাতখন
এবাৰ চুই
সেই চিনাকি চকুহালিলৈ এবাৰ চাই
গুচি গৈছিল মিঠামুখীয়া ৰ’দজাক
বহুদূৰলৈ
আইৰ ঢৌ খেলা আঁচলত তিতিছিল মৌন দুপৰ
মই তেতিয়াও সাৰ পোৱা নাছিলোঁ
শুনা নাছিলোঁ
ৰ’দজাকক শুনোৱা সেই
মৌপিয়া গীত৷
ফুলাৰো কথা নাছিল,
নুফুলাৰো কথা নাছিল
অথচ
এটা কৰুণ সুৰৰ
গোপন কুঠৰীত সোমাই পৰা এহালি কান্দোনমুৱা
চকুক পোহৰাবলৈ
এটা কৰুণ সুৰক নিচুকাবলৈ
এহাল ভৰুণ চকুক পোহৰাবলৈকে
মই যেন
ফুলি উঠিছিলোঁ
মুনিচুনি পোহৰৰ বহু আগতেই
এপাহ গধূলিগোপাল হৈ
মোৰ আইৰ শ্যামল শৰীৰত৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ময়ূৰী বৰুৱৰ
2 years ago

ভাল লাগিল ৷ এটি সুন্দৰ কবিতা,মিতালীবা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক