আত্মচিন্তনঃ জ্ঞান সন্ধানৰ স্পৃহা আৰু আমাৰ নৱ প্ৰজন্ম—নজৰুল ইছলাম

বিগত কেইটামান বছৰৰ অভিজ্ঞতা এইয়া মোৰ! বাতৰি কাকত বা আলোচনীত মাজে সময়ে প্ৰকাশ পোৱা মোৰ প্ৰবন্ধ পঢ়ি মোলৈ অহা ফোনকল সমূহ গ্ৰহণ কৰি বাৰ্তালাপ কৰাৰ পাছত মোৰ মনলৈ অহা ধাৰণা মাথোঁ এইয়া! ভুলো হ’ব পাৰে মোৰ এই ধাৰণা, মাত্ৰ আপোনালোকৰ লগত এই সম্পৰ্কত মোৰ চিন্তন ব্যক্ত কৰিবলৈ মন গ’ল।
বাতৰি কাকত আৰু আলোচনীত মোৰ প্ৰকাশিত প্ৰবন্ধৰ সৈতে মোৱাইল নাম্বাৰটো দিয়া হয় বাবে কিছুসংখ্যক সচেতন পাঠকে প্ৰবন্ধ পঢ়ি মোক প্ৰায়ে ফোন কৰে। এই বাৰ্তালাপৰ জৰিয়তে তেওঁলোকে মোক উৎসাহিত কৰাৰ লগতে প্ৰবন্ধটোৰ প্ৰাসংগিকতাৰ সম্পৰ্কত নিজৰ মতামত ব্যক্ত কৰে। এইসকল সচেতন পঢ়ুৱৈৰ গঠনমূলক পৰামৰ্শ আৰু যোগাত্মক অভিব্যক্তিয়ে মোক উপকৃত কৰি তুলিছে বহুত ক্ষেত্ৰত। এই যে মোৰ প্ৰবন্ধ পঢ়ি মোক ফোন কৰা পাঠক সকলৰ বেছি সংখ্যকেই হৈছে অৱসৰ প্ৰাপ্ত ব্যক্তি অথবা সমাজৰ জ্যেষ্ঠ ব্যক্তি। কোনোবা একোটা নিৰ্দিষ্ট দিনত যদি বিশজন পাঠকে মোৰ প্ৰবন্ধ পঢ়ি মোক ফোন কৰিছে তাৰে ওঠৰজন ব্যক্তিয়েই হৈছে বয়োজ্যেষ্ঠ। মোৰ প্ৰবন্ধ এটা পঢ়ি মোক উৎসাহিত কৰিবলৈ মোক ফোন এটা কৰা এইসকল ব্যক্তি মোৰ বাবে সদাইয়েই নমস্য।
কিন্তু এইখিনিতে লক্ষণীয়ভাৱে মোক অন্য এটা কথাই চিন্তিত কৰি তুলিছে। বিগত দিনৰ মোৰ এই অভিজ্ঞতাৰ পৰা আমাৰ সমাজৰ পঢ়ুৱৈৰ ক্ষেত্ৰত এখন ছবি মই গভীৰ ভাবে উপলব্ধি কৰিছো, যিটো আমাৰ ভৱিষ্যত সুস্থিৰ সমাজৰ এখনৰ বাবে এক চিন্তনীয় বিষয়! সাম্প্ৰতিক সময়ত বিশ্বায়নে আমাৰ সমাজত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। একবিংশ শতিকাৰ এই অত্যাধুনিক যুগত ছচিয়েল মিডিয়া, মোবাইলৰ দৰে ডিজিটেল প্ৰযুক্তিবিদ্যাৰ জনপ্ৰিয়তাৰ সময়ত আমাৰ মাজত কিতাপ, আলোচনী, বাতৰি কাকত পঢ়া মানুহ যেন বহুত হ্ৰাস হ’ল। সম্প্ৰতি নানা ইলেকট্ৰনিক আহিলাৰ জৰিয়তে মনোৰঞ্জনৰ উপকৰনবোৰৰ সহজলভ্যতাৰ বাবে নৱ প্ৰজন্মই কিতাপ অধ্যয়ন কৰি, বাতৰি কাকতৰ পাত খুচৰি জ্ঞান সন্ধানৰ স্পৃহা যেন নাইকিয়া হৈ পৰিল। নতুন প্ৰজন্মৰ এই মানসিকতা আমাৰ ভৱিষ্যতৰ কাৰণে নিতান্তই চিন্তাজনক! জীৱনত সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হবলৈ কেৱল বৃত্তিগত ডিগ্ৰীয়ে সম্পূৰ্ণ নহয়, এই ক্ষেত্ৰত কিতাপ অধ্যয়নৰ অভ্যাসৰ যোগেদি জ্ঞান অৰ্জনৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয় মোৰ দৃষ্টিত। কিতাপ, বাতৰি কাকত আদি সফলতাৰ কেৱল এটা মাধ্যম নহয়, ই এক অবিঘ্ন শক্তি। অধ্যয়নে চেতনাৰ দুৱাৰ খোলে। সম্প্ৰতি পঢ়ুৱৈৰ অভাৱৰ বাবে বাতৰি কাকত উদ্যোগটো লাহে লাহে নিঃশেষৰ পথত আগবাঢ়িছে। আগতে বহুতো গৃহত ৰাতিপুৱা বাতৰি কাকতখন পঢ়ি চাহ খোৱাটো এটা নিয়ম আছিল কিন্তু আজিকালি সেই দৃশ্যও দুৰ্লভ প্ৰায়! বহুতো এনে ঘৰ আছে যাৰ ঘৰত এতিয়াও বহুত পুৰনি বাতৰি কাকত, আলোচনী সংৰক্ষণ কৰি ৰাখিছে। কিন্তু বৰ্তমান নৱ প্ৰজন্মৰ অতিক্ষিপ্ৰ যুগটোত সময়ৰ অভাৱ বাতৰি কাকত, আলোচনী, কিতাপ আদিৰ অধ্যয়নত মনোনিৱেশ কৰাত। লগতে অভাৱ আগ্ৰহৰো, গুণগত জ্ঞান অৰ্জনৰ মানসিকতাৰো! পঢ়ুৱৈৰ অভাৱত ভোগাৰ বাবেই এখন কাকতে এতিয়া বিজ্ঞাপনৰ অবিহনে ধাৰাবাহিকতা ৰক্ষা কৰাটো অসম্ভৱ। কেৱল পঢ়ুৱৈৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান বাতৰি কাকত এখন নিয়মীয়াকৈ প্ৰকাশ কৰি থকাটো হৈ পৰিছে যেন এক প্ৰত্যাহ্বান!
কথাবোৰ চালে সৰু যদিও ই কিন্তু এটা অতিকে বিচাৰ্য্যৰ বিষয়! যোগাত্মক আৰু সুস্থিৰ সমাজ এখনৰ বাবে অধ্যয়ন অপৰিহাৰ্য। আমাৰ ভৱিষ্যত প্ৰজন্মই জ্ঞান অৰ্জনতকৈ মনোৰঞ্জনক অগ্ৰাধিকাৰ দিয়া দেখা যায়। ছচিয়েল মিডিয়াটো উন্নত মাণদণ্ডৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ পঢ়ুৱৈৰ সংখ্যা কম, নৱ প্ৰজন্মৰ সংখ্যা এই ক্ষেত্ৰত আঙুলি মুৰত লেখিব পৰা! কিছুমান গ্ৰুপত হয়তো গল্প, কবিতাৰ জনপ্ৰিয়তা আছে যদিও সেইয়া সাময়িক, মাত্ৰ নিৰ্দিষ্ট কিছুসংখ্যকৰ ভিতৰত এই জনপ্ৰিয়তা সীমাবদ্ধ। ৰাজহুৱা হোৱাৰ লগে লগে সেই আগ্ৰহৰ অন্ত পৰে। অধ্যয়ন কৰিবলৈ মানুহ ধৈৰ্য্যশীল হ’ব লাগিব। ধৈৰ্য্য নথকা ব্যক্তিয়ে মনোযোগৰে গুৰুত্বপূৰ্ণ বিষয় কেতিয়াও অধ্যয়ন কৰিব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ মাজত ধৈৰ্য্যৰ অভাৱ যেন পৰিলক্ষিত হয়! যাৰ বাবে অধ্যয়নশীল মানসিকতাৰ, নজনাক জনাৰ আগ্ৰহ অৰ্থাৎ কৌতূহলোদ্দীপক মনটোৰ অভাৱৰ বাবে আমাৰ ভৱিষৎ প্ৰজন্মই নিজৰ মাজত থকা সৃজনশীলতাক উপলব্ধি কৰি গঠনমূলক দৃষ্টিভংগীৰে জীৱনটোক গঢ় দিয়াৰ বাবে এটা নতুন উদ্যমেৰে ধাবমান হোৱাত কৰবাত বাধাৰ সৃষ্টি হৈছে আৰু হৈ থাকিব।
একবিংশ শতিকাৰ আধুনিকতায়ো আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মানুহৰ মাজৰ পৰা কিতাপ- আলোচনী- বাতৰি কাকত আদিৰ পাঠকৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই। বঙালী সকলে অধ্যয়নক অধিক গুৰুত্ব দিয়ে যাৰ পৰিপ্ৰেক্ষিতত কলকাতাৰ জনপ্ৰিয় পেপাৰ “ আজকাল” ৰ উপৰিও বহুতো বঙালী ভাষাৰ আলোচনীৰ কলকাতাৰ উপৰিও অসম, ত্ৰিপুৰাৰ আদিতো পাঠকৰ অভাৱ নহয়। এই সম্প্ৰদায়টোৰ নতুন প্ৰজন্মৰ মাজতো অধ্যয়নৰ গুৰুত্বতা সৰ্বাধিক, যিটো অনুধাৱন কৰিব পাৰি কলকাতাত হোৱা গ্ৰন্থমেলাত। সাহিত্য, সংস্কৃতিত বঙালী সকল সদায় আগৰণুৱা, সেইবাবেই হয়তো ভাৰত বৰ্ষৰ বহুতো শ্ৰেষ্ঠ মনীষী পশ্চিমবংগৰ সন্তান। কিন্তু বৰ্তমান আমি যি অৱস্থাত আছো হয়তো এদিন এনেকুৱা দিন আহিব পাঠকতকৈ লিখকৰ সংখ্যা বেছি হব আৰু পাঠকৰ অভাৱৰ বাবে হয়তো বহুতো আলোচনী, বাতৰি কাকত বন্ধ হোৱাৰ লগতে নতুন নতুন কিতাপ লিখা বা প্ৰকাশ কৰি বজাৰত উলিওৱা বন্ধ হ’ব, যিটো হ’ব আমাৰ জাতিটোৰ সাহিত্য, সংস্কৃতিৰ বাবে এক ভয়াবহ অশনি সংকেত!
সমাজৰ শান্তি আৰু প্ৰগতিৰ বাৰ্তাবাহক কেৱল গ্ৰন্থহে! আমি আমাৰ কৰণীয়খিনিৰ প্ৰতি সময় থাকোঁতেই নিজেও সজাগ হৈ আমাৰ ভৱিষ্যৎ প্ৰজন্মকো শিশু অৱস্থাৰে পৰা তেওঁলোকক কিতাপ, বাতৰি কাকত, আলোচনী আদি অধ্যয়নৰ সুন্দৰ আগ্ৰহৰ গজালিটো অংকুৰিত কৰাই তাক বটবৃক্ষত পৰিনত হ’বলৈ এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰাৰ প্ৰচেষ্টা কৰোচোন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments