আত্মজাহ : প্রদ্যুত জ্যোতি শইকীয়া

আত্মজাহ

প্রদ্যুত জ্যোতি শইকীয়া

 

 

স্বাধীনতাৰ আন্দোলন পূর্ণগতিত চলি থকাৰ সময় | ভাৰতৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ জুই জ্বলিছে | খবৰবোৰ উফৰি উফৰি আহিছে মানুহৰ কাণলৈ | তেনেকুৱা সময়তে আমাৰ নেমুগুৰি অঞ্চলতো অলপ-চলপ গুজৱ চলিছে আন্দোলনৰ কুচকাৱাজৰ | শিৱসাগৰৰ সদৰৰ পৰা ২৭ কিঃ মিঃ আঁতৰত থকা এটা শান্তিপূৰ্ণ ঘন জনবসতিপূৰ্ণ অঞ্চল হ’ল নেমুগুৰি | পূৱে দিৰৈ নদী | ওপৰত এখন বাঁহৰ দলং | পশ্চিমে দিচাং নদী | দিচাঙৰ ওপৰতো এখন বাঁহৰ দলং | নদীদুখনে নেমুগুৰিক প্ৰায় শিৱসাগৰৰ মূল ভূ-খণ্ডৰ পৰা ভৌগলিক ভাৱে খণ্ডিত কৰি ৰাখিছে | বাৰিষা হোৱাৰ লগে লগেই সদৰৰ পৰা প্ৰায় বিছিন্ন হৈ যায় নেমুগুৰি | একমাত্ৰ নাৱৰ বাহিৰে অন্য দলঙৰ ব্যৱস্থা নাথাকে নদী দুখনত ইপাৰ সিপাৰ হ’বলৈ | পশ্চিমে আৰু অলপ ভটীয়াই আহিলেই পোৱা যায় চুনপুৰা আৰু ইতিহাস প্ৰসিদ্ধ গড়গাঁও | তাৰ পাছত নাজিৰা | নাজিৰাতে আছে ব্ৰিটিছৰ হেড-কোৱাৰ্টাৰ | ফিৰঙ্গী সোপাই কিন্তু একোৱেই গুৰুত্ব নিদিয়ে বকতাৰ এই সৰু নেমুগুৰি অঞ্চলক | কাৰণো নথকা নহয় | কাৰণ ধান খেতিৰ বাহিৰে একো উত্‍পাদন নাই ইয়াত | না তেল না চাহপাত | গতিকে পষেকীয়া কৃষি কৰ তোলাৰ বাহিৰে আৰু আন কামলৈ নাহে ফিৰঙ্গীমখা | কোনো সামৰিক আস্থানো তৈয়াৰ কৰা নাই ইংৰাজে ইয়াত | এবাৰ চেপনৰ অস্ত্ৰাগাৰলৈ বাৰুদ কঢ়িয়াই নিয়া গাড়ী দুৰ্বল বাঁহৰ দলঙৰ পৰা বাগৰি পৰাত যাতায়তো এইফালে বন্ধ কৰি দিয়া হৈছে | একমাত্ৰ দিচাঙৰ দলঙৰ ওচৰলৈকে পষেকত এবাৰ নিমখৰ গাড়ী লৈ ফিৰঙ্গীসোপা আহে আৰু ভাৰ কৰি দলং পাৰ কৰি নেমুগুৰিলৈকে গৰু গাড়ীত আনি সোপা সোপে কৃষি কৰ তুলি বিনিময়ত নিমখ আৰু অন্যান্য প্ৰয়োজনীয় কাপোৰ-কানি বিক্ৰী কৰি গুছি যায় | বাকী প্ৰয়োজনীয় সামগ্ৰী ৰাইজে স্থানীয় বজাৰতে ক্ৰয় কৰে | এয়াই নেমুগুৰিৰ দৈনন্দিন জীৱন | খেতি-খোলা, ইংৰাজক কৰ দিয়া আৰু স্থানীয় ৰং ৰহ‍ইচ |

পিছে শেহতীয়াকৈ চকুত পৰিছে ইংৰাজ চোৰাংচোৱাৰ এই সৰু ঠাই খনৰ ওপৰত | কাৰণ ইতিমধ্যে গোলাঘাটৰ চোৰাংচোৱাৰ খবৰ অনুসৰি অসমৰ সশস্ত্ৰ বিপ্লৱী গোট “অসম মুক্তি সংগ্ৰাম সমিতি”ৰ উপ মুখ্য অধিনায়ক সৰ্ব্বেশ্বৰ কাকতি ছদ্মবেশে গোলাঘাটৰ পৰা নেমুগুৰিৰ উপ গোট এটাক নেতৄত্ব দিবলৈ বকতাৰ এই সৰু ঠাইখনিত উঠিছেহি | ইতিমধ্যে নেমুগুৰি নাথ গাঁৱৰ মুখিয়ালে তলে তলে এখন সভা আহ্বান কৰি যুৱকসকলক উদ্বুদ্ধ কৰি তুলিছেই বিপ্লৱৰ প্ৰতি | কিন্তু কৰ তুলিবলৈ পষেকীয়াকৈ আহি থকা নাজিৰাৰ ইংৰাজ চিপাহীয়ে একোকেই গম নাপায় ইয়াৰ বিষয়ে | কেৱল এই শান্তিপূৰ্ণ ঠাইখনত নিমখ বিলোৱাই যেন ইংৰাজৰ কাম |

নেমুগুৰিত ইংৰাজে নিমখৰ ওপৰত কৰ আৰু অধিকাৰ সাব্যস্ত কৰাৰ আগতে নিমখ ব্যৱসায়ৰ ৰজা আছিল মনবৰ নাথ | নাথ গাঁৱৰ মনবৰ নাথ | শিৱসাগৰৰ কেঁয়াৰ গোলাৰ পৰা নিমখ পাইকাৰী হাৰত ধানৰ বিনিময়ত আনি নেমুগুৰিত খোলাকৈ বেচাৰ ব্যৱসায় আছিল মনবৰৰ | আঠ-ন বস্তা নিমখ আনি খোলাকৈ বেচাৰ কামেই হ’ল মনবৰৰ | ভাল মুনাফা লুটি আছিল সি | খেতি-খোলা ভনীজোঁৱায়েকক গতাই ব্যৱসায় আৰু বাকী কামতো চফল ডেকাটি হৈ ঘূৰি ফুৰিছিল |একমাত্ৰ আপোন ভনীয়েকক বিয়া দিয়াৰ পাছত সি প্ৰায় অকলশৰীয়াই হৈ গৈছিল | কিন্তু দিচাঙৰ পাৰৰ ৰূপহীক পোৱাৰ পাছতহে অলপ দুখ পাতলিছে | বিয়া দুইটাৰ মাজত প্ৰায় খাটাঙেই | কিন্তু মাকে অলপ বাধা নিদিয়া নহয় | হেজাৰ হ’লেও দুইটা বেলেগ জাতিৰ | ৰূপহী আহোম, সি যোগী | ৰূপহীক পোৱাৰ আগলৈকে সি প্ৰায় এটা বনৰীয়া ম’হৰ নিচিনা য’তে ত’তে মহতীয়াই ফুৰিছিল বুলিব‍ই পাৰি | কিন্তু নিমখৰ ওপৰত কৰ লগাবৰ পৰাই ফিৰঙ্গী সোপাই নিমখৰ বজাৰ নিজৰ হাতলৈ নিলে | তাৰ পাছতেই তাৰ ব্যৱসায়ৰ সিমানতে সামৰণি পৰিল | নিজে ব্যৱসায় কৰি খোৱা নিমখ যেতিয়া বেছি দামত কিনি আনে ইংৰাজৰ পৰা । কেতিয়াবা খঙত সি মনে মনে ভোৰভোৰাই ” কটা হাইজাত যোৱা ফিৰঙ্গীহঁত , থুই” | দুপ‍ইচা নঘটিলে সংসাৰ পাতিব নোৱাৰিম বুলিয়েই সি আকৌ খেতি-খোলাত হাত দিছে ভনীজোঁৱায়েকৰ সৈতে | কষ্ট হৈছে তাৰ | কিন্তু অহা ব’হাগত ৰূপহীক নিজৰ কৰি আনিব‍ই লাগিব যে , সেয়ে গাৰ কষ্ট গাতে মাৰ নিয়াইছে সি | পিছে খেতি-খোলাৰ লগতে এইকেইদিন আৰু এটা উত্‍সাহে তাক আগুৰি আছে | গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত বহা সভাখনত কিছুমান কথা শুনাৰ পাছতেই তাক ফিৰঙ্গীহীন অসম এখনৰ (আচলতে সি ফিৰঙ্গীহীন নেমুগুৰিৰ কথাহে ভাবিছে) সপোনে খেদি ফুৰিছে | আকৌ সি গৰুগাড়ীখনৰ আগত লণ্ঠন ওলোমাই কেঁয়াৰ দোকানৰ পৰা নিমখ অনাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে | সি কৰিব‍ই এই স্বাধীনতা আন্দোলনৰ কাম | “স্বাধীনতা আৰু মুক্ত বতাহ আমাৰ জন্মস্বত্ব অধিকাৰ” গাঁওবুঢ়াই কোৱা কথাষাৰ মুখৰ ভিতৰতে বিৰবিৰাই উঠিল চতুৰ্থমানলৈকে পঢ়া মনবৰে |

এই মনবৰৰেই নলে গলে লগা বন্ধু নৰেশ্বৰ চেতিয়া | কাষৰে চেতিয়া গাঁৱৰ | চতুৰ্থমানলৈকে একেলগে পঢ়া | পঢ়াত আগ্ৰহ থকা আৰু খেতি-বাতিত ধনী পিতাকৰ পুতেক হিচাবে যোৰহাটত প্ৰবেশিকা পাছ কৰিলে নৰেশ্বৰে | তাৰ পাছতেই গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত নৰেশ্বৰে গান্ধীজীৰ অহিংস পন্থাৰ আন্দোলনত যোগ দিছে | নতুনকৈ গঠন হোৱা “অসম মুক্তি সংগ্ৰাম সমিতি”ক কেতিয়াও সমৰ্থন নকৰে সি | তেজৰ ফাকু ফিৰঙ্গীসোপাইহে খেলে | ভাল মানুহে নহয় | কিন্তু “অ.মু.স.স’ৰ নেমুগুৰিত নতুনকৈ হ’ব খোৱা গোটটিৰ বিষয়ে অলপ ঘুনুক-ঘানাককৈ নুশুনা নহয় | কিন্তু মনবৰে যে সভাখনত উপস্থিত আছিল সেইটোহে গম নাপায় | মনবৰৰৰ লগত তাৰ খুব মিলে | অৱশ্য কিছু ক্ষেত্ৰত অমিল নথকাও নহয় |

নৰেশ্বৰ আৰু মনবৰে জুহালতে বহি বহি সুখ দুখৰ কথা পাতে | নৰেশ্বৰে বহি বহি গান্ধীজীৰ কথা কয় “বুজিছা মিতা, বৰ গুণী মানুহ গান্ধীজী | আফ্ৰিকাত গৈ আন্দোলন কৰিলে | এতিয়া উকালতি বাদ দি ভাৰত স্বাধীন কৰাৰ কামত লাগিছে | অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈয়ো যে দেশ স্বাধীন কৰিব পাৰি তাৰে সপোন দেখুৱাইছে ভাৰতবাসীক |” মনবৰেও কয় “কি কোৱাহে মিতা ? ফিৰঙ্গীসোপাৰ হাতত সেই এনফিলিড নে কি সেইডাল দেখই নাই ! কি কৰিবা সেইডালৰ আগত তুমি ?” নৰেশ্বৰেও ওলোটাই কয় “বুজিছা অস্ত্ৰৰে মানুহ মাৰিব পাৰি অন্তৰ জয় কৰিব নোৱাৰি | ম‍ই গাঁৱৰ বুঢ়া-মেথা গোট খুৱাই এখন অহিংস আন্দোলনৰ সভা নেমুগুৰিত পাতিম | ইতিমধ্যে ম‍ই মানুহ গোটাইছোৱেই | প্ৰথমে আমাক জ্বলা-কলা দেখুওৱা নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰত্যাহাৰ কৰাৰ দাবী কৰিম | লাগিব লাগিব বুজিছা মিতা ।” মনবৰে উভতি ধৰে “হেৰা ফিৰঙ্গীসোপাই আমাক মানুহ বুলিও ভাবেনে ? দেখা নাই জানো নাজিৰাৰ সেই থেনাৰ আগত লিখা আছে বোলে “ভাৰতীয় আৰু কুকুৰ সোমোৱা নিষেধ” | নৰেশ্বৰে তাৰ পাছত কৈ যায় পৃথিৱীৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক ঘটনাবোৰ | মনবৰে কিছুমান বুজি পায় কিছুমান নাপায় | কথাৰ মাজতে মনবৰে সাঁজৰ বটল এটি উলিয়াই কয় “ৰূপহীয়ে দি পঠিয়াইছে, একেলগে বহাৰহে কথা |” নৰেশ্বৰৰ মুখ উজলি উঠে বটলটি দেখি “বহুদিন খোৱা নাই মিতা, দিহা কৰা |” পকা সাঁজৰ বটলটি শেষ কৰি লুকুমজানৰ খঁৰিয়া মাছৰ আঞ্জাৰে ভাতমুঠি ধৰি দুয়ো বন্ধু শেতেলিত পৰে | নৰেশ্বৰে গহীন মাতেৰে মনবৰক সোধে ” মিতা, ৰূপহীক কেতিয়াকৈ নিজৰ কৰিবা ?” মনবৰে উত্তৰ দিয়ে ” আহোম ছোৱালী মিতা, মাকে অলপ হেহো-নেহো নকৰা নহয় | এই ব’হাগতে পলুৱাইয়েই লৈ আনিম, ওলাবা |” নৰেশ্বৰে হমমমম বুলি দীঘলীয়াকৈ হয় সূচক মাত এটা দি নাক ঘোৰঘোৰাবলৈ আৰম্ভ কৰে | ইফালে মনবৰৰ মনত নাচনী সাজেৰে ৰূপহীয়ে উত্তেজক নৃত্য আৰম্ভ কৰে | খৰাহাটৰ ট্ৰেইনখনেও দীঘল উকি এটি মাৰি যাত্ৰা আৰম্ভ কৰে …কুঁউৱঁ…………কুঁউৱঁ……ঝক ঝক ঝক…….বহুত দুৰলৈকে মাতটো ভাহি যায়…. ফিৰঙ্গীহঁতৰ ট্ৰেইনৰ শব্দ,,,,পৃথিৱী কঁপায় |

(২)

“অসম মুক্তি সংগ্ৰাম সমিতি”ৰ উপঅধিনায়ক সৰ্ব্বেশ্বৰ কাকতিয়ে নাথ গাঁৱত সোমাইয়েই ছদ্মবেশ ধৰি গাঁওবুঢ়াৰ ঘৰ অভিমুখে খোজ ল’লে | অধিনায়কৰ আদেশ মতে নাথ গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত সোমায়েই সকলো খবৰ পাব | অধিনায়কৰ বাৰম্বাৰ নিৰ্দেশ “ইংৰাজ চোৰাংচোৱাৰ পৰা আঁতৰি থাকিবা | শেনচকু দি আছে আমাৰ ওপৰত |গোলাঘাটৰ সদৰ থানা আক্ৰমনৰ পাচত আমাৰ গোট এতিয়া তেওঁলোকৰ প্ৰধান লক্ষ্য |” গাঁওবুঢ়াৰ ঘৰ পোৱাৰ লগে লগেই গাঁওবুঢ়াই এটা সংগ্ৰামী অভিবাদন দি ক’লে “আহক মহাশয়, ম‍ই আপোনাৰ কাৰণেই বাট চাই আছিলো |” একেবাৰে ভিতৰৰ জুহালৰ ওচৰলৈ নি জা-জলপানেৰে আপ্যায়িত কৰি সুধিলে “কওক মহাশয় আপোনালোকৰ কাৰণে ম‍ই এতিয়া কি কৰিব পাৰো ?” কাকতিয়ে আৰম্ভ কৰিলে “মহামান্য অধিনায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে প্ৰথমে আপুনি মোক সংগ্ৰামলৈ চল্লিছজন যুৱক দিয়ক |” গাঁওবুঢ়াই মুৰ দুপিয়াই ক’লে “ম‍ই ইতিমধ্যেই গোপন সভাৰ যোগেদি যোগদান কৰিব বিচৰা প্ৰায় চল্লিছজন যুৱক বাচনি কৰিছোঁ | আটাইকেইজনেই দেশৰ কাৰণে লাগিবলৈ প্ৰস্তুত |” উজলি উঠা মুখেৰে কাকতিয়ে ক’লে “ম‍ই এটুকুৰা স্থান নিৰ্বাচন কৰি দুদিন পাছৰেপৰা ম‍ই লগত অনা সামান্য অস্ত্ৰ-শস্ত্ৰৰেই তেওঁলোকক প্ৰশিক্ষণ দিম | ফিৰঙ্গীহঁতৰ অগোচৰে এনে কামৰ বাবে নেমুগুৰিৰ ভিতৰৰ হাবিৰ ঠাই বৰ উপযুক্ত | চেপনৰ ফালে আছে দিৰৈ আৰু নঙলামৰাৰ ফালে আছে দিচাং | চেপনত আছে এটা নতুনকৈ স্থাপন কৰা ফিৰঙ্গীহঁতৰ অস্ত্ৰাগাৰ | ৰক্ষীও কম | গতিকে হঠাৎ আক্ৰমণ কৰি অস্ত্ৰাগাৰৰ সমস্ত বাৰুদ লৈ দিচাঙৰ বুকুৱেদি নাৱত অস্ত্ৰ আৰু বাৰুদ বোজাই দি ভটীয়াই ব্ৰহ্মপুত্ৰলৈ যাম | তাৰ পৰা গোলাঘাটৰ আমাৰ মুখ্য কাৰ্য্যালয়লৈ | তাৰ আগতে প্ৰতিৰক্ষাৰ খাতিৰত দিচাঙৰ দলং উফৰাই পেলাম | মই সোনকালে কাম সমাধা কৰিব লাগে | আপুনি মাত্ৰ সহায় কৰক |” গাঁওবুঢ়াই অলপ টলকা মাৰি ক’লে “তেন্তে কালিলৈৰ পৰাই প্ৰশিক্ষণ আৰম্ভ কৰোঁ | কেইবাজনো উত্‍সাহী ডেকা ল’ৰা আছে |” কাকতিয়ে ক’লে “তাৰ আগতে এখন সভা আহ্বান কৰক | মোৰ কিছু ক’বলগীয়া আছে |”

ৰাতিলৈ উত্‍সাহী ৩৮জন ডেকা ল’ৰা আহিল গাঁওবুঢ়াৰ ঘৰলৈ | কোনেও ফুটকে নোপোৱাকৈ আৰম্ভ হ’ল মিটিং | কাকতিয়ে আৰম্ভ কৰিলে “কমৰেদসকল, একো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই | আমি পৰাধীন, অৱদমিত কৰা হৈছে আমাৰ অধিকাৰ | নিজৰ নিমখ নিজেই উচ্চ দামত কিনি খাইছোঁ | আমাৰ মাৰ বুকুত গজি উঠা নিজেই উত্‍পাদন কৰা ধানৰ পষেকৰ শেষত কৰ দিছোঁ | আমাৰ মাতৃভূমিক শুহি শুহি খাইছে ফিৰঙ্গীহঁতে | আমাৰ মাক বিদেশীয়ে আহি টনা-আঁজুৰা কৰিছে | আমি কি বহি থাকিম ? আমি মানে আমাৰ সংগঠন “অ.মু.স.স”য়ে ইতিমধ্যে গোলাঘাটত , যোৰহাটত আৰু নগাঁৱতো সফলতা পাইছে | এতিয়া শিৱসাগৰ | কালিলৈৰ পৰা আপোনালোকৰ প্ৰশিক্ষণ আৰম্ভ কৰিম | আপোনালোক সাজুনে ? মনবৰকে আদি কৰি প্ৰায় ৩৮জনে সমস্বৰে চিঞৰি উঠিল “আমি সাজু , আদেশ কৰক মাত্ৰ”। কাকতিৰ মনটো আনন্দত নাচি উঠিল | চকুৱেদি লোতক বাগৰি আহিল | ইমান আগ্ৰহী যোদ্ধা ক’তো পোৱা নাছিল কাকতিয়ে | বিপ্লৱী অভিবাদনেৰে সামৰণি পৰিল সভাৰ |

পিচদিনাৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ’ল প্ৰশিক্ষণ | আৰম্ভণি যুঁজত ধনু কাঁড়েৰে যুঁজিব লাগিব বাবে ধনু কাঁড়ৰ নিৰ্মাণৰ কামো আগবাঢ়িল | ধনাই কমাৰে চিঞাহী কাঁড় তৈয়াৰৰ দায়িত্ব গাত ল’লে | লগত থকা কম অস্ত্ৰ-শস্ত্ৰৰেই কাকতিয়ে সকলোকে প্ৰশিক্ষণ দিলে | সকলোকে বন্দুক ধৰিব পৰা কৰি তুলিলে | তাৰ লগে লগে বুজাই গ’ল ডেকাহঁতক কেনেকৈ চেপনৰ অস্ত্ৰাগাৰ লুটিব লাগিব | মাটিৰে নিৰ্মিত মেপৰ সহায়ত বুজাই গ’ল কাকতিয়ে আক্ৰমণৰ কাৰ্যপন্থা | তাৰিখো খাটাং হ’ল, ১৫ চ’ত | আচলতে নৰেশ্বৰে আৰম্ভ কৰা শান্তি সমদল আৰু সভাৰ দিনা ৰাতিয়েই এই কাম কৰা হ’ব | কাৰণ আগতে কৰিলে সভাৰ প্ৰতি ভাবুকি আহিব পাৰে | সংগঠনৰ আও-ভাও ইয়াত ধৰা পৰাটো মুঠেই নিবিচাৰে কাকতিয়ে |

তিনিদিনীয়া প্ৰশিক্ষণতে পাকৈত হৈ উঠিল দলটো | মনবৰে ইতিমধ্যে নিপুনতা দেখোৱাইছে বন্দুকতো | কাঁড় সি আগৰে পৰা ভালকৈ চলাব জানে | প্ৰশিক্ষণৰ মাজে মাজে ৰূপহীৰ কথা মনে মনে ভাবি আছে সি | উপঅধিনায়কে নক’লেও সি বুজি উঠিছে যে লুটি নিয়া অস্ত্ৰ-শস্ত্ৰৰ লগত গোটেই গোটটিয়েই গোলাঘাটলৈ যাব | সি এতিয়া মাতৃভূমিক পাচত ৰাখি ৰূপহীক আগস্থান দিব নোৱাৰে | ক’ব সি সকলো | পিছে এই চাৰি পাঁচদিনত যিহে ব্যস্ত হৈছে সি | কেনেকৈ যাব ৰূপহীৰ ওচৰলৈ ? নাই অস্ত্ৰাগাৰ লুটাৰ আগদিনাহে সি ক’ব | এনেয়ো আৰু চাৰিদিন পাছতেই অস্ত্ৰাগাৰ লুটিব লাগিব | গতিকে তাৰ আগদিনা আবেলিয়েই যাব সি | অকলে পালে সমস্ত হেঁপাহেৰে মৰম কৰি আহিব শেষবাৰৰ বাবে | বুকুখন বিষাই উঠিল তাৰ কথাবোৰ ভাবি |

ইফালে নৰেশ্বৰে শান্তি সমদল আৰু লোণ কৰ প্ৰত্যাহাৰৰ দাবীত গান্ধীজীৰ অধীনত এখন সভা আহ্বান কৰাৰ কামত ব্যস্ত | দুই বন্ধুৰ কৰোৱেই আহৰি নাই | সদৰৰ পৰা ৰাজ্যিক পৰ্য্যায়ৰ বিখ্যাত কৰ্মী প্ৰতাপ ফুকনক নিমন্ত্ৰণ কৰাৰ পৰা স্থান নিৰ্বাচনলৈকে সকলোবোৰ কৰিছে নৰেশ্বৰে | শেষত সমদল আৰু সভাৰ স্থান নিৰ্বাচন হ’ল | স্থান নেমুগুৰিৰ বজাৰৰ কাষৰ পথাৰ | তাৰিখ স্থিৰ কৰা হ’ল ১৫ চ’ত |

(৩)

গোলাঘাটৰ ইংৰাজ চোৰাংচোৱাৰ পৰা সৰ্ব্বেশ্বৰ কাকতি নেমুগুৰিলৈ অহাৰ খবৰ পাই অট্টহাস্য কৰি উঠিল নাজিৰা থানাৰ অত্যাচাৰী ইংৰাজ বিষয়া নিক’লছনে | হাঁহি হাঁহি ভাৰতীয় বাৰ্তাবাহকক ক’লে, “থুমহাৰা চাহাবক’ ব’ল দেনা ইঁহা ক’য়ি ৰিভলিউচন নহি হ’গা , চ’ আদমী মাৰনেৱালা নিক’লছন ক’ ইঁহা ত’ মৎচৰ ভি মাৰনেক’ নেহি মিল ৰহা | অগৰ হোৱা ভি ত’ মে উন ল’গ’ কো কুচল দালুংগা | this is a promise of Nikleson, say it to your officers”| বাৰ্তাবাহকক কথাষাৰ দম্ভালিমাৰি ক’লে যদিও নীতিমতে ক’বলৈ নাপাহৰিলে যে চোৰাংচোৱা লগাই তেওঁ নিজে খবৰ ল’ব | তৎক্ষণাত আদেশ কৰা হ’ল থানাৰ কাষতে থকা টিনৰে নিৰ্মিত বেৰেকত থকা চতুৰ চিপাহী ৰাফেলক পিচদিনাই খবৰ লবৰ বাবে | লগত ওলাল স্থানীয় মানুহৰ লগত কথা আদান প্ৰদানৰ বাবে অসমীয়া চিপাহী নকুলনেছীয়া হাজৰিকা |

পাছদিনা পুৱাই ৰাফেলে দক্ষিণ ভাৰতীয় মানুহৰ বেশ ধৰি ওলাল নকুলৰ লগত | নকুলনেছীয়া অসমীয়া হ’লেও সৰুৰে পৰাই সামৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী আৰু অৰ্থলোভী আছিল | চূনপুৰাৰ পৰা গৰুগাড়ীত দিচাঙৰ দলঙলৈ বুলি আৰু দিচাঙৰ পাৰৰ পৰা খোজেৰে ওলাল নেমুগুৰিলৈ দুই চোৰাংচোৱা | ৰাফেলে মাত লগালে ” ছাৰনে বোলা হে কি ইয়হাপৰ কয়ি আতংকবাদী নেহি হে | ছ’ল’ ফেহলে গাঁৱ মেহি খবৰ লে লে” |তাৰ পাচত দিচাং পাৰ হৈয়েই এখন এখন গাঁৱত সোমাই ছল-চাতুৰীৰে খবৰ গোটাবলৈ ধৰিলে ৰাফেল আৰু নকুলনেছীয়াই | নেমুগুৰি নৌপাওঁতেই পোৱা গাঁওসমূহত ঘূৰি ঘূৰি ১৫ তাৰিখে হ’বলগীয়া শান্তি সমদল আৰু সভাৰ বাহিৰে আন একোৰেই খবৰ গোটাব নোৱাৰিলে ৰাফেল আৰু নকুলে |

আবেলি বেলি পৰোঁ পৰোঁ হ’বৰ হ’ল | খুদকন এটাও মুখত নপৰা দুই চোৰাংচোৱাৰ খোজৰ গতি লেহেমীয়া হ’ল | নকুলনেছীয়াই ৰাফেলক উদ্দেশ্যি ক’লে “ছলিয়ে দিচাং নদী কে পাৰ কে এক গাঁও মে কুচ খা কে থানে লৌটতে হেঁ | কুচ নেহী হ’গা ইহাঁ “| দুয়ো উভতি দিচাঙৰ পাৰৰ আহোম গাঁও অভিমুখে খোজ ল’লে | যাওঁতেই নকুলনেছীয়াই ভাবি গ’ল “কেনেবাকৈ যদি সাঁজ এটুপিও পোৱা য়ায় তেন্তে বৰ সুখৰে হ’ব |” ৰাফেলক মনৰ কথা ক’ব নোৱাৰি | এনেয়ো ইংৰাজ চিপাহী ভাৰতীয় চিপাহীৰ লগত নাহে | কিন্তু ইমাৰ্জেন্সী দেখিহে আহিছে | কথাবোৰ ভাবি ভাবি আগবাঢ়িল নকুলনেছীয়া | মূল পথত আৰু অলপ দূৰ গৈয়েই দেখা পালে এজনী ৰূপহী গাভৰুৱে কাষত কলহ লৈ লাহি খোজেৰে গৈ আছে | নকুলনেছীয়া হাজৰিকাই ততৈয়াকৈ মাত ল’গালে “হেৰা ভনীটি…..”

(৪)

ৰূপহীয়ে দিচাংত কলহটো জুবুৰিয়াই আকাশ পাতাল ভাবি আছিল | আকাশ পাতাল মানে তাই মনবৰৰ আকাশত ঘূৰি আছিল | মনবৰক তাইৰ মনটো দিয়াৰ আজি এবছৰেই হোৱা নাই , তথাপিও কিয় জানো তাইৰ মনটো মনবৰৰ কথা ভাবিলেই উন্মনা হৈ উঠে | যোৱাবাৰ বিহুত তাইক মনবৰে সাৱটি ধৰাৰ দৃশ্যটিও তাইৰ মনত ভাহি উঠে |

যোৱাবাৰ মানুহ বিহুৰ দিনা নাথ গাঁৱৰ বিহুৰ দলটিক আমন্ত্ৰণ কৰি নিছিল আহোম গাঁৱলৈ | উদ্দেশ্য আছিল নামঘৰত নাথ গাঁৱৰ বিহু উপভোগ কৰা | ঢুলীয়া বুলি নাম থকা মনবৰ নগ’লেই নহয় | পিচে তাক নিনিলেও সি গ’লহেঁতেন, কাৰণ খাঁটি গাঁৱলীয়া সাঁজকণৰ সোৱাদ ৰূপহীৰ ঘৰতহে পাব | সি ভালকৈ জানে সেইটো | আচলতে সাঁজ খোৱাতো এটা লেচু হে | আচল উদ্দেশ্য ৰূপহীক লগ কৰাটোহে | ৰূপহীয়ে নাজানে সি যে তাইক ইমান ভাল পায় | সি এইবাৰ শপত খাই আহিছে, ক’ব‍ই ক’ব মনৰ কথা | ঢোলৰৰ চেঁৱে চেঁৱে নাচনী নচুৱাৰ মাজতে এটা সুৰুঙা লৈ ৰূপহীহঁতৰ ঘৰলৈ গ’ল সি | যাওঁতে সি ৰূপহীক ঠাঁৰে চিঁয়াৰে মাতি নিবলৈ নাপাহৰিলে | আগতীয়াকৈয়ে তাৰ চকুত প্ৰেমৰ আভাষ দেখি থকা ৰূপহীয়েও ইঙ্গিত বুজি আহিল । দুবাটি সাঁজ খোৱাৰ পাচতেই সি থাপ মাৰি ৰূপহীৰ হাতত ধৰি বুকুৰ মাজলৈ টানি নি ক’লে “ভাল পাওঁ তোক, মোলৈ আহিবিনে নাহ ক ?” | সেয়াই আৰম্ভণি | সঠিক সময়ত মোমায়েক নীল‍ই চোতালত আহি গলখেকাৰিটো নমৰা হ’লে কিজানি সিহঁতক বাহু বন্ধনতে আৱিষ্কাৰ কৰিলেহিহেঁতেন | নিজেই নিজৰ আগত লাজ পায় তাই সেইবোৰ ভাবি | সেই বাবেই তাই ঘাটলৈ দিনটোত দুবাৰ আহে | পিছে তাই আজি খঙতে মনে মনে ভৰভোৰাই উঠিল “এই মনবৰ কাইটিটো‍ও যে আৰু ! আজি পোন্ধৰ দিনমান হ’ল | দেখা দেখিয়েই নাই | তাৰ কিবা চাগৈ মোলৈ মনতেই নপৰে কিজানি ! আহক বাপ্পেকে দিম খুণ্ডা সাঁজ খুজিলে | বিয়া পাতে হেনো সি মোক ব’হাগত”| পিচে ভোৰভোৰাই গালি পাৰিলেও আকৌ কলহটো কাষত লৈ নদীৰ পৰা উঠোঁতেই মুখত বিয়ানাম এফাকি ওলালেই…

“অ’ আই দৰাক নো কিনো চাবা হে
অ’ আই গাধৰে মুখ হে…”

যোৱা সপ্তাহৰ পৰা নাথ গাঁৱৰ ওচৰৰ পাঁজৰত কিবা সভা সমিতিৰ কাম চলিছে বুলি তাই নুশুনা নহয় | কিন্তু সি যে এইবোৰত থাকিব সেইটো সম্ভৱ নহয় | যিহে একা চেকা | কিন্তু সি খবৰ এটাও দিয়া নাই কিয় ? আহি থাকোঁতে ৰূপহী অলপ চিন্তাতেই পৰিল | নিমখৰ বেপাৰ নাইকিয়া হোৱাৰ পৰা ল’ৰাটো কিবা ভিতৰি শুকাই পৰিল |খিংখিঙীয়াও হৈছে | হ’বতো | ইংৰাজসোপাই তাৰ ব্যৱসায়টোকে কাঢ়ি নিলে | তাই খুব ভয় কৰে ইংৰাজ চিপাহীবোৰক | মাত শুনিলেই কঁপি যায় তাই | সেইবোৰকে পাগুলি পাগুলি মূল পথৰ ফালে আহি থাকোঁতেই পিছফালৰ পৰা অহা মাত এটাত মূৰ তুলিবলৈ বাধ্য হ’ল তাই “হেৰা ভনীটি, জল এটোপা খোৱাব পাৰিবানে বাৰু | ভোকে পিয়াহে প্ৰায় আধামৰাই হৈছোঁ” । উভতি চাই অচিনাকী মানুহদুজন দেখি তাই অলপ তভক মাৰি ৰ’ল | এটাক দেখি অসমীয়া মানুহ বুলি ধৰিব পাৰিলে । কিন্তু ইটো কিবা ভূত ক’লা দেখোন | চিনি পোৱাৰ কথাও নাহে | অসমীয়াটোকো চিনি নাপালে তাই | কোনোবা আলহীও হ’ব পাৰে | কিন্তু এই ক’লামুৱাটো….. ইংৰাজ চিপাহীবোৰৰ মাজতহে এনেকুৱা থাকে | তায়ো লাহেকৈ মাত লগালে “পিচে আমি হ’লে আপোনালোকৰ কাকোৱেই চিনা নাই দেই | জল এটুপি খুৱাব পাৰোঁ অৱশ্য”| এইবুলি কৈয়েই লাহেকৈ কলহৰ মুখেদি পানী বাকি দিলে ৰাফেল আৰু নকুলনেছীয়াক |

ঘোটা ঘোটে জল পি উগাৰ এটা মাৰি লৈ নকুলনেছীয়াই আৰম্ভ কৰিলে,
– আইদেউৱে ইমানকণ কষ্ট কৰিলে যদি আৰু এটা কাম কৰিলে আমাৰ জীৱন ধন্য হয়
-কওকচোন বাৰু আপুনি
-পাৰে যদি আমাক এমুঠিমান অন্ন দিয়ক | উচিত মূল্য দিম |
ৰূপহী অলপ সময় ৰ’ল | মনে মনে ভাবিলে “পৰ মানুহ | আইটিও নাই ঘৰত | দিনৰ ভাত সখীহঁতৰ ঘৰতে খোৱা হ’ল | ঘৰত সান্দহৰ বাহিৰে খুদকণ এটাও নাই | সান্দহ এমুঠিকে খুৱাব পাৰি | পিছে অকলে ঘৰত থাকি ….” নকুলনেছীয়াৰ মাতত তাই বাস্তৱলৈ আহিল |
-যদি আইদেউৱে পৰৰ মানুহ বুলি বেয়া পাইছে তেন্তে……
-নাই নাই সেইটি নহয় ককাইদেউ, ঘৰত সান্দহৰ বাহিৰে খুদকণ এটাও নাই | সেয়েহে
-আইটিয়ে যি দিয়ে তাকে খাম আমি | নে কি কয় বন্ধু (ৰাফেল’লৈ চাই মাত লগালে)
ৰাফেলে সন্মতিসূচকভাৱত মূৰ দুপিয়ালে | ৰাফেলে এতিয়ালৈকে এষাৰো মতা নাই | বুজি উঠিছে চতুৰ ৰাফেলে | যদি কিবাকৈ এষাৰি মাত লগাওঁ তেন্তে ইউৰোপীয়ান ঠাঁচৰ হিন্দী শুনিলেই এষাৰিতে ধৰি পেলাব ফিৰঙ্গী বুলি |গতিকে নমতাই শ্ৰেয় | ৰূপহীয়ে আকৌ মাত দিলে,
-আহক তেন্তে আপোনালোক মোৰ স’তে |
-আপুনি আগে আগে যাওক আইটি | আমি নেগুৰ ধৰোঁহক |
-হ’ব আহক | পিচে আপোনাৰ বন্ধু আমাৰ দেশৰ নহয় নহয় যেন লাগিছে, ককাইদেউ ।
নকুলে কৈ উঠিল উত্তৰত,
-হয় হয় আইটিয়ে ঠিকেই ধৰিছে | এখেত সাগৰৰ পাৰৰ মানুহ | নিমখৰ বেপাৰ কৰিছে ইংৰাজৰ লগত | এইবাৰ হেন্দেল ঘূৰোৱা টেৰাকত উঠি আমাৰ দেশ চাবলৈ আহিছে | ম‍ই নগাঁৱৰ, কামত কমাৰ | ঘোঁৰাৰ নাল তৈয়াৰ কৰিবলৈ নাজিৰালৈ আহিছিলোঁ | বোলো এই চেগতে নেমুগুৰিৰ মোমাইতিহঁতৰ ঘৰত সোমাই যাওঁ | লগতে থানাত এখেতেৰ স’তে ভোজন সখী হ’লোঁ | লৈ আহিলোঁ দেশ চাই ভাল পাই বুলি গম পাই | পিচে তেখেতে মাতবোল অলপ কম কৰে |
-আই ঐ দেহি আমাৰ দেশ চাবলৈ আহিছে | ভালেটিহে ম‍ই ভাবি আছিলো ক’ৰ মানুহ ক’ৰ মানুহ | আঐ ঐ দেহি |
ৰূপহীৰ পাচে পাচে যাওঁতেই ঠাঁৰে চিঁয়াৰে নকুলনেছীয়াই বুজাই গ’ল ৰাফেলক মনে মনে থাকিবলৈ | গাঁৱৰ প্ৰথম ঘৰটোৱেই ৰূপহীহঁতৰ হোৱা বাবে পাওঁতে বেছি সময় নালাগিলেই | ৰূপহীয়ে জাত যোৱাৰ ভয়ত বৰঘৰত বহিবলৈ নিদি পাচফালে উড়ালৰ ওচৰতে খাবলৈ দিলে সিহঁতক সান্দহ | পেট পুৰাই সান্দহ খোৱাৰ পাছত নকুলনেছীয়াই ৰূপহীক উদ্দেশ্যি ক’লে,
-তোমাক অশেষ ধন্যবাদ আইটি | আইটি আৰু এটি কথা সোধোঁ তোমাক | বেয়া পাবা নেকি ?
-নাপাওঁ সোধক ।
-ইয়াত ক’ৰবাত সভা-সমিতি বহিছে নেকি ? এনেকুৱা কিবা শুনিছা নেকি যে কিবা ইংৰাজৰ বিৰুদ্ধে যুঁজিব বোলে | এনে হ’লেটো মোৰ সখীৰ নিমখৰ বেপাৰটো তেনেই মোলান পৰিব | শুনিছা নেকি বাৰু ?
-শুনিছোঁ এখন সভা কালিলৈ বোলে নেমুগুৰিত হ’ব | দিনতেই | মোমাইটিহঁতৰ মুখত | নাজানোঁ সঠিককৈ |
ঠিক তেনেতে চতুৰ বুলি খ্যাত ৰাফেলে নকুলনেছীয়াৰ গোটেই কাণ্ডটোৰ শ্ৰম পণ্ড কৰি মাত লগালে “ইছখ’ পুছ’ কিয়া কয়ি হাথিয়াৰ ৱেগেৰা ধেখা হেই কিয়া উনল’গ কে পাচ ?” ৰূপহীয়ে পষেকীয়া বজাৰত শুনা ইংৰাজ চিপাহীৰ মাত শুনি কিংকৰ্তব্যবিমূঢ় হ’ল | এনেয়ো তাই খুব বেচি ভয় কৰে ইংৰাজ চিপাহীক | কি কৰিম কি নকৰিম সেয়া চিন্তা কৰিবলৈ নোহোৱাকৈয়ে দৌৰি লগালে তাই কাষৰ ভদ্ৰকান্ত ককাইয়েকৰ ঘৰলৈ বুলি | ঘটনাই অন্য মোৰ লোৱা দেখি নকুলনেছীয়ায়ো ৰূপহীক বুজাই বঢ়াই আনো বুলি তাইৰ পাছে পাছে বৰঘৰৰ মাজেদি দৌৰ লগালে | ৰাফেলেও নিজৰ ভুল ধৰিব পাৰি সিহঁতৰ পাচে পাছে চোতাললৈ বুলি দৌৰ দিলে চিঞৰি চিঞৰি “ৰুখিয়ে ৰুখিয়ে” | ৰূপহীয়ে দৌৰি গৈ চোতালৰ মাজভাগ নাপালেগৈয়ে, পাচলৈ চাই দেখে নকুলনেছীয়া আৰু ৰাফেল | ততাতৈয়াকৈ আকৌ দৌৰ আৰম্ভ কৰোঁতেই আগফাললৈ চাই দেখে নঙলা খুলি সোমাই আহিছে মনবৰ …..

(৫)

মনবৰে খেতিৰ পৰা আহি ভাগৰে জোগৰে ঘৰ সোমাইছেহি | এই এসপ্তাহ তাৰ বৰ ব্যস্ততাৰে গৈছে | পুৱা আৰু সন্ধিয়া “অ.মু.স.স”ৰ অস্ত্ৰ চালনা আৰু মেপ প্ৰশিক্ষণৰ কামত গৈছে | সি এইকেইটা দিনতে অধিনায়ক কাকতিৰ কথাবোৰ শুনি শুনি বিপ্লৱৰ অলপ হ’লেও অৰ্থ বুজি উঠিছে | দিনত খেতি-খোলা আৰু বজাৰ-সমাৰ | অৱশ্যে তাৰ নিচিনা অকলশৰীয়া ডেকা এটাৰ কাৰণে বজাৰ-সমাৰ একো ডাঙৰ কথা নহয় | আচলতে সেইটো সময়তে সি অলপ ওলাই-মেলি ফুৰে ব্যস্ততাৰ মাজতে | কিন্তু আজি সি ওলাই যাব নোৱাৰে | অলপ পাছতে সি যাব ৰূপহীক লগ কৰিবলৈ যাব | ৰূপহীক কিছুমান কথা বুজাই ক’ব লাগিব | যদি তাই মানে তেন্তে তাইক নিজৰ কৰি আনিব পাৰিব সংগ্ৰাম শেষ কৰাৰ পাচত | কিন্তু কেতিয়া শেষ হ’ব এই সংগ্ৰাম | কিন্তু কথাবোৰ যে সি ভবাৰ দৰে নহ’ব সি সেইটো জানে | আৰু ৰূপহীয়েও তাক কেতিয়াও এই কামলৈ যাবলৈ নিদিব | তথাপিও সি যাব সি | লুটিব অস্ত্ৰাগাৰ | যুঁজিব দেশৰ কাৰণে | কাৰণ সি বুজি উঠিছে যদি দেশ স্বাধীন নহয় তেন্তে তাৰ পিছৰ কেইটা পুৰুষলৈ নিমখ উচ্চ কৰ দি কিনি খাব খাব লাগিব সি নিজেই নাজানে | এই কথাবোৰ কাকতি ছাৰে বুজাই কোৱা দেখিহে বুজি পাইছে | তাৰ ভাৱ হয় ৰূপহীয়ে তাক নেৰিব চাগৈ |
এই কথাবোৰ মনৰ ভিতৰত পাগুলি থাকোঁতেই বাহিৰত সখা নৰেশ্বৰৰ মাতষাৰ শুনা পালে ”
– অ’ মিতা, অ’ মিতা, কি কৰিছা হে ? একসপ্তাহমান হ’ল দেখা দেখিয়েই নাই যে ?
-কি কোৱাহে মিতা তোমাৰহে দেখা দেখি নাই | কিবা বোলে হেনো সভা পাতি ফুৰিছা |
– হেঃ ভালেই শুনিছা | অহা কালিলৈ নেমুগুৰিতেই এখন সভা আহ্বান কৰিছোঁ |শান্তি সমদল এটাও উলিয়াম | নিমখৰ ওপৰত লগোৱা কৰৰ প্ৰতিবাদ কৰোঁ বুলি ভাবিছোঁ |
মনবৰে মনে মনে ভাবিলে | কালিলৈ ৰাতি আমাৰো ভাল যুদ্ধ এখন হ’ব | ভগৱানেহে জানে কি হয় | ভবি থাকোঁতেই আকৌ নৰেশ্বৰে আৰম্ভ কৰিলে |
-তোমাক তাৰে নিমন্ত্ৰণ দিবলৈ আহিলোঁ | যাবা তুমি | পিছে ৰূপহীৰ খবৰ কি ?
-ভাল চাগৈ মিতা | আজি আবেলি যাওঁ বুলি ভাবিছোঁ |
-অঁ, যাবা মিতা | মই এতিয়া এৰিলোহে | ঢেৰ কাম আছে কৰিবলৈ |

নৰেশ্বৰ যোৱাৰ পাছতেই মনবৰ ৰূপহীহঁতৰ ঘৰলৈ যাবলৈ যা-যোগাৰ আৰম্ভ কৰিলে | যা-যোগাৰনো কি ? অলপ নিজে কৰা হালধি আৰু মাহ ল’লে | বেলি পৰাৰ অলপ আগতেই যাত্ৰা আৰম্ভ কৰিলে সি | লাহে লাহে গৈ গৈ ৰূপহীৰ গাঁও সোমোৱা ৰাস্তা পায় মানে প্ৰায় বেলি পৰিলেই আৰু | কিন্তু ৰাঙলী হৈ আছে আকাশখন | সি খোজকেইটা খৰকৈ দিলে | সোনকালে উভতিব লাগিব ।

কেঁকুৰিটো ঘূৰি ৰূপহীহঁতৰ ঘৰত সোমাবলৈ লওঁতেই দেখে বাউলী হৈ ৰূপহীয়ে দৌৰি আহিছে ৰাস্তাৰ ফালে | মনবৰক দেখি তাই ৰ’বই নোৱাৰিলে | দৌৰি আহি মনবৰৰ হাত এখন খামুচি ধৰি তাৰ পাচফালে ৰ’ল | মনবৰে আগলৈ চাই দেখে এটা অসমীয়া ডেকা ল’ৰা তাইক ধৰিবলৈ পাচে পাচে দৌৰিছে আৰু এটা লগত কেঁয়াৰ গোলাত দেখাৰ দৰে দক্ষিণ ভাৰতীয় মানুহ | মনবৰৰ আৰু বুজিবলৈ বাকী নাথাকিল কি ঘটিছে | তাৰ মানে ইহঁত দুটাই ৰূপহীক……..| খুচনিত থকা চুটি মিতদাখন উলিয়াই খেদি গ’ল অসমীয়াটোক | মনবৰৰ প্ৰথম ঘাপটো তাৰ কলাফুলতে পৰিল | এটা পূৰ্ণহতীয়া কোব পৰিল নকুলনেছীয়াৰ কলাফুলত | চিঞৰি বাগৰি পৰিল সি | নকুলনেছীয়াক বচাবলৈ যুঁজৰ মাজত সোমাই পৰিল ফিৰঙ্গী চিপাহী ৰাফেল | টনা-আজোৰাত সুলকি পৰিল ৰাফেলৰ নকল দাড়ি-মোচ | গুচোৱা পিয়াঁজহেন ইউৰোপীয়ান চেহেৰাটো তাৰ ওলাই পৰিল | মনবৰে তাৰ আচল ৰূপ দেখি আৰু খঙত অগ্নি শৰ্ম্মা হ’ল | **** ফিৰঙ্গীৰ জাত বুলি কৈ আৰু দুগুণ খঙত জপিয়াই পৰিল | মনবৰৰ ৰূপ দেখি ৰূপহীয়ে ভিৰাই লৰ মাৰিলে মোমায়েক নীলৰ ওচৰলৈ | মোমায়েক নীলক লৈ আহে মানে ইতিমধ্যে ৰাফেলে মনবৰৰ হাতত ইহলীলা সম্বৰণ কৰিলে | কলাফুলত এটা দাৰ ঘাপ লৈ নকুলনেছীয়া দিচাঙৰ পাৰৰ হাবিৰ ফাললৈ পলাই সাৰিল | মনবৰৰ লাহে লাহে খঙ জামৰিল কিন্তু যি হ’বলগীয়া আছিল হৈ গ’ল ভাৱত ৰাফেলৰ দেহলৈ থুই এটা মাৰি উঠি আহিল | ৰূপহীয়ে মনবৰৰ তেজেৰে লুতুৰি পুতুৰি দেহটো দেখি অবাক লাগিল | এনেকুৱা মানুহ এটা ইমান ভয়ংকৰ হ’ব পাৰেনে ? খং উঠিলেও মনবৰ প্ৰায়ে মনে মনেই থাকে | চতুৰ মোমায়েক নীলই ইতিমধ্যে চিঞৰ বাখৰ শুনি গোট খোৱা গাঁৱৰ মানুহক মনবৰে যিদৰে বুজিলে সেই দৰেই বুজাই ক’লে | মনবৰক ৰূপহীৰ মাকে পাচফললৈ নি ধুৱাই-পখলাই লৈ আহিল জুহাললৈ |

গাঁৱৰ মানুহে পলাই যোৱা নকুলনেছীয়াৰ কথা জানিব পাৰি ভয়তে পেপুৱা লাগিল | সকলোবোৰ এজন এজনকৈ নাইকিয়া হ’ল | নাজিৰাৰ থানাত গম পালেই যে কালিলৈ গোটেই আহোম গাঁও এফালৰ পৰা বখলিয়াই যাব সেয়া সকলোৱে জানে | গতিকে জানি শুনি জীয়া জুইক নিজৰ বুকুত কোনে জ্বলায় ! সকলো আঁতৰিল | মানুহ নোহোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহোম গাঁৱৰ একমাত্ৰ “অ.মু.স.স”ৰ সদস্য বসুধৰ আৰু ৰূপহীৰ মোমায়েক নীল‍ই ৰাফেলৰ দেহটো দিচাংলৈকে টানি নি খৰস্ৰোতা গতিৰ নদীৰ পানীত বিসৰ্জন দিলে | ততাতয়াকৈ আহি জুহালত বহি থকা মনবৰৰ ওচৰলৈ আহিল | মনবৰৰ চকুত যেন জুইহে ফুটিছে | মোমায়েকেই আৰম্ভ কৰিলে লাহে লাহে,
–যি হ’ল হ’ল আৰু | এতিয়া কালিলৈ থানাৰ পৰা মানুহ আহিলেই কথা গভীৰ হ’ব | ৰূপহীৰ জীৱনৰ কথা এটাও আছে | নকুলনেছীয়া নাজিৰাৰ থানা গৈ পায় মানে কমেও তিনি ঘণ্টা লাগিব | মনবৰ এইখিনি সময়তে আঁতৰি যোৱা ভাল হ’ব | যদি ইচ্ছা কৰা তেন্তে ৰূপহীক এতিয়াই লগত লৈ যোৱা মনবৰ | ভনীয়েৰৰ ঘৰতে ৰাখিবা | বিপদ নোযোৱালৈকে |
-তাইক ম‍ই ইয়াত নেৰোঁ মোমাইটি | আপোনাৰ কথা মতেই কৰিম | মনবৰে মোমায়েকক কৈ উঠিল | মনবৰে সকলোবোৰ নিজৰ মনৰ কথা কৈ পেলালে মোমায়েকৰ আগত |
-আৰু দেৰি নকৰোঁ মোমাইটি | আমি উঠোঁৱেই | বাকী বিয়াৰ নামত যি নিয়ম অৰা লাগে সেয়া পাচত কৰিম |
নিজৰ মনৰ আবেগ-উত্তেজনা সকলো সামৰি আকৌ নিজ কৰ্ত্তব্যৰ বাবে সাজু হ’ল মনবৰ | মনত আকৌ কালিলৈ ৰাতি হ’বলগীয়া অস্ত্ৰাগাৰ লুটৰ মেপখন ভাঁহি উঠিছে | সি ততাতয়াকৈ মাক আৰু মোমায়েক নীলক সেৱা এটা জনাই ৰূপহীক লৈ ওলাই আহিল নেমুগুৰি অভিমুখে | লগত “অ.মু.স.স”ৰ বসুধৰ |আহোঁতে মনবৰেই আৰম্ভ কৰিলে,
-ত‍ই ভনীটিৰ তাতে থাকিবি ৰূপ | মোৰ অলপ কাম আছে আজি ৰাতি | মোৰ দেৰি হ’ব |
-কি কাম ? মোক ক’ব নোৱাৰ নেকি ?
চেপা মাত এটাৰে কৈ উঠিল ৰূপহীয়ে | তাইৰ চকুৰ আগৰ পৰা এতিয়াও নাই যোৱা মনবৰৰ সেই বিধ্বংসী ৰূপ | তাই সপোনতো ভবা নাছিল মনবৰ তেনেকুৱা হ’ব পাৰে বুলি | ইমান সৰল মানুহটোৱে যে এনেকুৱা এটা ৰূপ ল’ব পাৰে তাই ভাবিবও পৰা নছিল |
-নোৱাৰোঁ | ত‍ই ভনীটিক এইবোৰ নক’বি | লাহে লাহে তাই নিজেই গম পাব |

(‍৬)

আধাঘণ্টাৰ ভিতৰত ভনীয়েকৰ ঘৰত ৰূপহীক লৈ সোমাল মনবৰ | ভনীয়েক প্ৰথমে আচৰিত হৈছিল যদিও তাৰ পাছত সকলো বুজি পালে | গা-পা ধুৱাই ৰূপহীৰ কপালত এটা ডাঙৰ সেন্দুৰৰ ফোঁট দিবলৈ লওঁতেই শোৱনি কোঠালৈ মনবৰ সোমাই আহিল | ভনীয়েক তৰাই ফোঁট নিদিয়াকৈয়ে ওলাই গ’ল বৰঘৰলৈ | মনবৰে নিজেই এটা সেন্দুৰীয়া ফোঁট সাজি দিলে ৰূপহীৰ কপালত | ৰূপহীয়ে আবেগত ৰ’ব নোৱাৰি সোমাই পৰিল মনবৰৰ বহল বুকুত | মনবৰেহে জানে সি কি কৰিছে আজি ? যদি ভগৱানে ভাৱে তেন্তে কেইঘণ্টামানৰ বাবেহে ৰূপহী সধৱা হৈ থাকিব পাৰে | অথবা………| কপালতে চুমা এটা আঁকি মনবৰ সেমেকা চকুৰে ৰূপহীক থৈ ওলাই গ’ল উপঅধিনায়ক সৰ্ব্বেশ্বৰ কাকতি আশ্ৰয় লৈ থকা গাঁৱৰ একেবাৰে শেষ মানুহ ঘৰলৈ | লগত বসুধৰ | বসুধৰে মনবৰক একো প্ৰশ্ন নকৰাকৈয়েই বুজি উঠিছিল কিছুমান কথা | কাকতিক সকলো বুজাই কোৱাত কাকতিয়ে চিৎকাৰ কৰি উঠিল | কাকতিয়ে ক’লে মনবৰক,
-কালিলৈ পুৱা বা আজি শেষ ৰাতিয়েই তেন্তে ফিৰঙ্গীসোপাই ইয়াত বিচাৰ খোচাৰ আৰম্ভ কৰিব পাৰে | আমি আজিয়েই অস্ত্ৰাগাৰ লুটিব লাগিব |
-তেন্তে ইমানবোৰ মানুহক এতিয়া গোটাব কোনে ? মনবৰৰ প্ৰশ্ন |
-তুমিয়েই গোটাব লাগিব | তিনি ঘণ্টাৰ ভিতৰত আমি চেপন পাবি লাগিব | আধাঘণ্টাৰ ভিতৰত অস্ত্ৰাগাৰ লুটি শেষ কৰি দিচাঙেদি ভটীয়াই আমি সকলো যোদ্ধা যাম গোলাঘাটলৈ | তুমি এতিয়াই গাঁৱৰ সকলো যোদ্ধাকে সাজু কৰা | ম‍য়ো সাজু হওঁ | সকলোকে খবৰ কৰা | কৈয়েই দৰ্জা জপাই যুঁজৰ সাজ পিন্ধাত ব্যস্ত হ’ল কাকতি | একো মতাৰ সুযোগ নিদিলে মনবৰ আৰু বসুধৰক |

মনবৰ আৰু বসুধৰে কেইমিনিটমানৰ ভিতৰতে প্ৰশিক্ষণপ্ৰাপ্ত সকলোকে গোট খুৱাই কাকতিৰ ঘৰলৈ পঠিয়াই দিলে | শেষবাৰলৈ ৰূপহীক এবাৰ চাই আহিল মনবৰে | যেন এদিনীয়া বোৱাৰীহে তাই | ৰূপহীক অলপ দেৰিকৈ ঘৰ সোমাম বুলি কৈ ধনু কাঁড়যোৰ নিজৰ ঘৰৰ পৰা লগত লৈ কাকতিৰ ঘৰৰ কাষলৈ আহিল মনবৰ | প্ৰায় দহটা বাজো বাজো হৈছে তেতিয়া | কাকতি আৰু বাকী সকলো বিপ্লৱীয়ে দহখন গৰু গাড়ীত উঠি আৰম্ভ কৰিলে চেপন অভিমুখী যাত্ৰা | কাকতিৰ হাতত অস্ত্ৰ , বাকীবোৰৰ হাতত ধনু আৰু কাঁড় | সকলোৱে যাত্রা আৰম্ভ কৰিলে দিৰৈৰ পাৰৰ চেপনৰ অস্ত্ৰাগাৰ লুটাৰ সপোন দেখি | “অ.মু.স.স”ৰ সকলো নতুন সদস্যই এক অজান আশংকাত ভুগি আছিল |

ইফালে নকুলনেছীয়াই কলাফুলত ঘাপ খাই পলাই দিচাঙৰ ইপাৰ পালেগৈ | অবিৰাম ৰক্তক্ষৰণ হৈ থকা কলাফুলটো লৈ সি আগুৱাব নোৱাৰা হ’ল | বান্ধি ল’লে সি কলাফুলটো | আগুৱাই থাকিল পাৰে মানে চুচৰি চুচৰি | এইদৰে সি কালিলৈ পুৱাহে পাবগৈ পাৰে | পুৱা পালে নহ’ব | তাৰ আগতেই পাব লাগিব | নহ’লে সি জীয়াই থকাৰ আশাও ক্ষীণ | এনেকৈ তেজ গৈ থাকিব লাগিলে আধাবাটতে সি মৰিব সেইটো খাটাং | আৰু অলপ গৈয়েই বহি পৰিল সি | আকৌ অলপ আগুৱালে লাহে লাহে | আকৌ বহি পৰিল | বুজি উঠিছে সি | তাৰ জীৱনৰ সীমাৰেখাডাল বেছি দূৰলৈ আগুৱাই নাযায় | আকৌ দুগুণ মনোবলেৰে আগুৱালে সি | নাজিৰা গৈ পাওঁতে পাওঁতে কাউৰীয়ে কা কৰিলেই | থানাত সোমায়েই নকুলনেছীয়া ঢলি পৰিল লগৰ বাঙালী চিপাহী ৰবীন্দ্ৰ চক্ৰবৰ্ত্তীৰ কোলাত | ৰবীন্দ্ৰৰ চিঞৰত অফিছাৰ নিক’লছন আৰু বাকী ইংৰাজ চিপাহীসকল উঠি আহিল | কেইটামানহে শব্দ উচ্ছাৰণ কৰিব পাৰিলে সি অফিছাৰ নিক’লছনৰ আগত ” ছাৰ , ৰাফেল মৰ গয়া…..আহ….হিক…কল নেমুগুৰি মে….চভা হেই…..দি……চা……..ং……..ক……এ….এ…..| বাক্যটো সম্পূৰ্ণ কৰিবলৈ নৌপাওঁতেই ঢলি পৰিল নকুলনেছীয়া ৰবীন্দ্ৰৰ কোলাত | কথাবোৰ শুনিয়েই নিক’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments