আত্মজ -(নিৰুপমা ডেকা)

আত্মজ

-নিৰুপমা ডেকা

ৰাতি ঠিক বিছনাখনত উঠিছিলোহে৷ কৰপৰা জানো চেপা কান্দোন এটা কাণত পৰিলহি৷ এওঁক কলো কোনোবাই কন্দাৰ নিচিনা লগা নাই নে? এওঁ লেপটপটো লৈ কাম কৰি আছিল বিছনাতে৷ মূৰটো উঠাই উমান লৈ কলে ওচৰৰ ঘৰৰ নতুন কেচুঁৱাটোৱে কান্দিছে চাগে’৷ অলপ বেছি সময় কান্দি থকা শুনি মই খিৰিকীৰে খবৰ এটা লওঁচোন ভাবি চাই দেখোঁ সিহঁতৰ ঘৰখন চোন নিতাল মাৰি আছে৷ ঠিকে আছে সকলো৷ ঘৰৰ সন্মুখৰ ঘৰৰ কুকুৰটোৱে ৰাতি কুং কুঙাই থাকে৷ সিয়েই চাগে’৷ ভাবি আকৌ বিছনাত পৰিলোঁ৷ নাই শব্দটো কেতিয়াবা আৰু কিছুমান শব্দৰ লগত ভাহি আহে৷ মই হাতত মোবাইলটো লৈ বাহিৰৰ দুৱাৰখন খুলিলোঁ৷ হয় মনতে ভাবিলোৱা কথাটোৱেই সচাঁ৷ আমাৰ সন্মুখৰ মানুহ ঘৰত দণ্ড হায় লাগিয়েই থাকে৷ কিন্তু আজি তাৰ ৰূপটো অলপ বেলেগ অনুভৱ কৰিলোঁ৷ মাকজনীয়ে ইমান কাতৰ কৈ কান্দিছে৷ মোক তহঁতে নামাৰিবি, অ’ বাবু তই বায়েৰ ভিনিহয়েৰৰ কথা শুনি কিয় মোক মাৰিছ এনেধৰণৰ কথা৷ মই অকণ ওলাই আহি চালো প্ৰায়বোৰ ঘৰৰ মানুহৰ দুৱাৰমুখ বোৰত ছাঁয়াছবি হৈ শুনি আছে মানুহবোৰে৷ কোনো আগবাঢ়ি ওলাই অহা নাই৷ মোৰ ধৰ্যৰ বান্ধ চিঙিল৷ মই মোৰ বাৰান্দাৰ পৰা চিঞৰি দিলো ঐই বাবু কি হৈছে এইবোৰ৷ কৈয়ে মই সিহঁতৰ ঘৰলৈ ল’ৰ ল’লো৷ ভিতৰৰ পৰা বন্ধ দুৱাৰ খনত জোৰ কৰি ঢকা এটা মাৰিলোঁ আৰু কলো ঘৰত এজন পুলিচ বিষয়া থাকোঁতে এনে জঘন্য কাণ্ড কিয় হ’বলৈ পায়?

দুৱাৰখন খুলি দিলত যি দেখিলো মনটোৱে কান্দি উঠিল৷ এয়া এগৰাকী মাতৃ ভূ-লুণ্ঠিত হৈ নিজৰ সন্তানক কাতৰ কৰিছে নামাৰিবলৈ৷ মোক দেখি মানুহজনীয়ে কান্দি কান্দি কলে বাইদেউ মোক বচাওক মোক ইহঁতে মাৰি পেলাব৷ মই কলো অলপ খঙেৰে কি হৈছে বাবু, মাইনা(মানুহ গৰাকীৰ ল’ৰা-ছোৱালী দুটাক)মাক কিয় এনে কৰিছা? প্ৰত্যুত্তৰত সিহঁতে মাকে মদ খাই মাতলামি কৰা বুলি ক’লে৷ মই বিশ্বাস নকৰিলোঁ কাৰণ মানুহ গৰাকীয়ে আজি লৈ মই লগ পোৱাৰ নবছৰীয়া সময়কণত মদ খোৱা গম পোৱা নাই৷

মই মানুহ গৰাকীক হঠাৎ সাৱটি ধৰিলোঁ৷ ভাবিলোঁ এইখিনি সময়ত মোৰ বুকুৰ মৰমৰ উষ্মাই মানুহগৰাকীক অলপ দুখৰ পৰা সকাহ দিব৷ আৰু মই অনুমান কৰাটোৱে হ’ল৷ তেওঁ মোৰ বুকুৰ আশ্ৰয়ত লাহে লাহে যেন শান্ত হ’ল৷ ল’ৰাটো জঠৰ হৈ ওচৰৰ বিছনাখনত বহি আছে৷ ছোৱালীজনী সন্মুখৰ চোফা খনত বহি পৰিল৷ মই মানুহ গৰাকীক মাটিৰ পৰা উঠাই ওচৰৰ চোফাখনত বহুৱাই দি নিজেও বহি পৰিলোঁ৷ তেওঁ মোলৈ চলচলীয়া চকুৰে চালে৷ মই তেওঁৰ হাতখনত লাহেকৈ চেপা এটা দি বিশ্বাসৰ বান্ধ এটা দি ল’লো৷ তাৰ পিছত লাহেকৈ সুধিলোঁ “বৰানী ইহঁতে যে আপুনি মদ খোৱা বুলি কৈছে কথাটো কি? মোক যদি কব পাৰে ক’ব নে?’

মানুহ গৰাকীয়ে পুনৰ হুকহুকাই কান্দি উঠিল৷ তাৰপিছত অলপ শান্ত হৈ তেওঁৰ মুখখন মোৰ মুখৰ ওচৰলৈ চপাই আনিলৈ হাঁ কৰি মেলি দিলে৷ “মোৰ মুখত মদৰ গোন্ধ আছে নেকি বাইদেউ, মই মদ ক’ত পাম খাবলৈ!”

তেতিয়া মই সুধিলো-“তেনেহ’লে কিয় এনে দশা কৰিলে ইহঁতে আপোনাৰ? কাণৰ এটা লটিৰে তেজ ওলাইছে, এটা ওখহি আছে৷ গাল মুখ ইমান ওখহি গৈছে৷ কপালত মষ্ট এটা টেমুনা হৈছে৷ কি এইবোৰ, কিয় হ’ব পালে বৰানী?”

ছোৱালী জনীয়ে টপৰাই কলে যে এইবোৰ টনা আজোৰাত হে হৈছে৷ নিজে বেৰত মূৰ মাৰি নিজক ঘুচিয়াই চৰিয়াই আমি মৰা বুলি বদনাম দিছে৷ তাইক মই জোৰ কৈ ধমক এটা দি কলো যে যিজনী মাৰাই তোমালোকে বেয়া কিবা এটা কৰিলেও নিজৰ গাত সমাজত দোষ লৈ থৈ দিয়ে তোমালোকৰ গাত আঁচোৰ এটা পৰিবলৈ নিদিয়ে, তেওঁ তোমালোকক বদনাম কৰিবলৈ এনে কৰিব৷ নক’বা মোক তেনে কথা৷ হঠাৎ দেখিলো ল’ৰাটো উচুপি উঠিল৷ সি চকু পানী মুচি কলে হয় সি মাকক মাৰিছে৷ ঘৰখনৰ অসহ্য পৰিস্থিতিত অতিষ্ট হৈ সি মাকক হাত উঠাইছে৷ সি কলে-“আধা পাগল দেউতা, মদৰ নিচাত মাতাল হৈ সদায় সন্ধিয়াৰ পৰা কাজিয়া কৰে৷ মাক নানা কটু কথা কয়, তাৰ পিছত ভাত কেইটা পেটত লৈ নাইট ডিউটি কৰেগৈ৷ ইমান দিনে দেখি দেখি সহি গ’লো৷ পঢ়া-শুনা কৰিবলৈ পইচা নিদিলে মানি ল’লো৷ এতিয়া আৰম্ভ হৈছে এখন নতুন কাজিয়া৷ বাইদেউ-ভিনদেউক লৈ৷ সিহঁত এইবোৰত অতিষ্ঠ হৈ ভাড়াঘৰ লৈ থাকিব যাব খোজে৷ কিন্তু মাৰ নাজানোঁ কি এনে স্বাৰ্থ আছে মায়ে যাব নিদিয়ে৷ আৰে যাব খুজিছে যাব দে না৷ সিহঁত যাব ওলালেই মা মৰিব ওলাই৷ কিয় মই একো নুবুজোঁ আণ্টি৷”

কৈ সি অসহায় হৈ কান্দি উঠিল৷

ল’ৰাটোৰ কথা শুনি মই মাকৰ মুখলৈ চালো প্ৰশ্নবোধক দৃষ্টিৰে৷ হয় এই কথা ময়ো মানুহগৰাকীক আগতে কেবাবাৰো বুজাইছোঁ যে যাব দিয়ক না সিহঁতক, নিজৰ জীৱন নিজৰ মতে জীয়াবলৈ চবৰে এটা হাবিয়াস থাকে৷ আজি প্ৰায় চাৰি বছৰ মানৰ পৰা এই সমস্যা হৈ আছে৷ এবাৰ গৈছিলো সিহঁত, কিন্তু মাক গৈ তাতে থাকিবলৈ লোৱাত আকৌ গুচি আহিল৷ আগতে মাকে কয় পুলিচৰ মানুহ, ডিউটিৰ একো ঠিক নাই, তাই দিগদাৰ পাব বুলিহে মই ইয়াতে থকাৰ কথা কওঁ৷ আনকি জোৱায়েকৰ অকলশৰীয়া মাক জনীৰ ওচৰলৈ যেতিয়া সিহঁত যায় মাকো ছাঁটোৰ দৰে লাগি যায়৷ সকলোৱে এই বিষয়টো লৈ আলোচনা কৰে৷ হয় মানুহজনী কিয় জানো ইমান আঁকোৰগোজা কোনো মতে জীয়েকক জোৱায়েকৰ লগত নপঠিয়াই৷ মই ইয়ালৈ অহাৰ আগতে তেওঁলোকৰ ছোৱালীজনীৰ বিয়া হৈছে৷ বিয়াৰ আগতেও মাকে বিয়াখন ভঙাৰ চেষ্টা কৰা বুলি মানুহে কয়৷ থানা খনৰ ওচৰৰ কেমপাচটোতে আমি থাকো৷ সিহঁত দুটাৰ প্ৰেম তেনেকৈ দেখাদেখি হৈ হৈছিল৷ সি তাইতকৈ বয়সত অলপ বেছিয়েই ডাঙৰ৷ বহুত কথাৰ পিছত সিহঁতৰ বিয়াখন হৈছিল ঠিক মই অহাৰ ছমাহমান আগতে৷ বিয়াৰ পিছদিনাই যি তাই মাক নোহোৱাকৈ গৈছিল শহুৰেকৰ ঘৰলৈ তাৰ পিছত মাকৰ ঘৰলৈ ঘূৰি আহিল আৰু জোৱায়েকো ইয়াতে থাকিবলৈ ল’লে৷ জোৱায়েকৰ আন ঠাইত ট্ৰেন্সফাৰ হ’লেও তাইক যোৱা দেখা নাই৷ ই এখন গতানুগতিকতা পূৰ্ণ ছবি হৈ পৰাত কোনেও মন নিদিয়া হ’ল৷

মোৰ প্ৰশ্নভৰা চকু দেখি মানুহজনীয়ে কিবা কম বুলি থিৰাং কৰিলে বুলি অনুমান কৰিলো৷ জোৱায়েক মূল ঘৰটোৰ গাতে লগাই বনাই লোৱা সিহঁতৰ নিজা ৰূমটোত নিতাল মাৰি সুমুৱাই আছিল৷ মানুহজনীয়ে কষ্টপিড়িত মাতটোৰে আৰম্ভ কৰিলে “মই তাইক অকলে তাৰ লগত পঠিয়াই দিব নোৱাৰোঁ বাইদেউ৷ জানো বিয়াৰ পিছত মাকৰ ঘৰখন পৰ৷ তথাপিও মই তাইক পঠিয়াব নোৱাৰোঁ৷ কেবাবাৰো মনটো ডাঠ কৰিও হাৰ মানিলো৷”

মই আচৰিত হৈ সুধিলোঁ এনে কি কাৰণ থাকিব পাৰে যাৰ বাবে ছোৱালীজনীক আপুনি নেৰে?

“সি এটা দস্যু বাইদেউ৷ মোৰ অজলা ছোৱালী জনীয়ে তাক নুবুজে৷ তাৰ মিঠা কথাত ভোল গৈ মোক বেয়া ব্যৱহাৰ কৰে৷”

মই হতভম্ব, কি কয়নো মানুহজনীয়ে৷ জোৱায়েক জন অলপ জটিল মনৰ হয় কিন্তু তেনে বেয়া আমি একো দেখা নাই ইমান দিনে৷

“তাৰ স্বভাৱ ভাল নহয়, সি বিশ্বাসত ল’ব পৰা মানুহ নহয়৷ তাৰ আন এজনী অবৈধ তিৰোতা আছে৷ যিজনী বিয়াৰ আগতে তাৰ প্ৰেমিকা আছিল৷ সি এইক টকা পইচাৰে মন ভৰাই থৈ দিয়ে৷ এই তাকেই জীৱনৰ সুখ বুলি ধৰি লয়৷”

মাকৰ কথাত অতিষ্ঠ হৈ জীয়েকে চিঞৰী উঠিল “জানে আণ্টি এনি টাইম এইসোপাকে ভাবি থাকে৷ এই সোপাকে মোক বুজাই থাকে৷ যিজন মানুহে নিঃসন্তান হোৱাৰ পিছতো মোক এষাৰ কথা নুশুনাই, ইমান মৰমত ৰাখে সেইজন মানুহক মায়ে দিন ৰাতি বেয়াকৈ কৈ থাকে৷ কিয় সহিম আমি৷ মই আজি এতিয়াই এই ঘৰ এৰি যাম৷”

মই তাইক অলপ ডাঙৰকৈ ধমকি দিয়েই কলো যোৱাগৈ, মই ইয়াত বহি থাকোঁতেই যোৱা৷ মাৰাই কন্দা-কটা কৰিলে বুলি নিজৰ সংসাৰ খন নকৰিবা নে! তাই লাহেকৈ উঠি গ’ল৷ ল’ৰাটোক কলো অলপ গৰম পানী আনি দিয়া ওখহা আৰু তেজ ওলোৱা ঠাইবোৰ চাফা কৰি দিও আৰু আমাৰ ঘৰত বিষৰ মলম আৰু টেবলেট আছে লৈ আনাগৈ৷ সি বাধ্য ল’ৰাৰ দৰে উঠি গ’ল৷ স্বভাৱত ল’ৰা-ছোৱালী দুটা শান্তই৷ বাহিৰত এনে নকৰে৷ কিন্তু ঘৰত খুব কাজিয়া লাগে সিহঁতে মাক-দেউতাকৰ লগত৷ আৰু দেউতাকৰ মদ খাই কৰা মাতলামিয়েই ঘৰখনৰ কাজিয়াৰ প্ৰধান কাৰণ আছিল বুলি ওচৰ চুবুৰীয়া হিচাপে আমি গম পাঁও৷

মাকে আৰু কবলৈ ধৰিলে-“তাই নিঃসন্তান বাবেইটো মোৰ চিন্তা৷ মই সন্তান থকা স্বত্তেও এসাঁজ সুখৰ ভাত, এষাৰ মিঠা মাত নাপালো৷ তাইক যদি অকলশৰীয়াকৈ পায় সি মানসিক কষ্ট দিয়ে, তেতিয়া? তাই যে সন্তান জন্ম দিব নোৱাৰে সেয়া প্ৰমাণিত হোৱাৰ পিছত মই কি ভৰসাত তাৰ লগত তাইক যাব দিম৷ সন্তানৰ বাবে কৰা চিকিৎসা আৰু ইচ্ছাত তাইৰ দেহ ভাঙি গৈছে৷ পেটৰ বিষত তাই প্ৰতি মাহৰ মাহেকীয়াৰ সময়ত চটফটাই থাকে, তেতিয়া তাইক কোনে যত্ন ল’ব৷ কোনে তাইক পানী অকণ আগবঢ়াই দিব৷ এইবোৰ, এইবোৰেই মোৰ স্বাৰ্থ বাইদেও৷ সেইবোৰ উপলব্ধি সিহঁতে নকৰে, সিহঁতে ভাবে সিহঁতৰ টকা, সিহঁতৰ গাড়ীত খাই ঘূৰি থকাৰ স্বাৰ্থত হে মই এনে কৰো৷ নিঃসন্তান যে সন্তানৰ প্ৰতি থকা আৱেগ নুবুজে৷”

কথাৰ মাজতে ল’ৰাটোৱে মাকৰ যত্নত লাগি থাকিল৷ মনটো মোৰ দুটা স্থিতিত দগমগাই আছে৷ কাকো বুজিব নোৱাৰাৰ দোমোজাত ময়ো পিড়িত হৈছো৷

“জোৱাইটোৱে মোৰ ছোৱালী জনীৰ লগতে ল’ৰাটোকো হাত কৰি লৈছে৷ সিহঁতে তাক লগত লৈ যাব৷ নিঃসন্তান যেতিয়া ভায়েকক নিজৰ কৰি ৰাখিব৷ মই কি কৰো কওঁক বাইদেউ! মই নমৰি কি কৰিম বাইদেউ? “

মই কি কম ভাষা হেৰুৱাই পেলালো৷

“সিহঁতক ধৰি ৰখাৰ চেষ্টাত চাকৰণীৰ দৰে কাম কৰো৷ গাৰ কাপোৰ ধুই দিওঁ৷ চাহে ভাতে যেতিয়াই যি লাগে সকলো যতাই পিতাই দিওঁ৷ আজি জোৱায়ে কি কলে জানে এইবাৰ যদি মাৰে আমাক বিচাৰি ভাড়া ঘৰলৈ যায় চেণ্ডেলেৰে কোবাই উলিয়াই দিবি৷”

মই মানুহ গৰাকীক বুজাবলৈ যত্ন কৰিলো মানা কৰিছে যদি নাযাব চোন৷ অলপ চাওঁক সিহঁতক অকলে এৰি দি৷ ই বাবু নাযায় নহয় সিহঁতে নিব খুজিলেও৷ ল’ৰাটোইও কৈ উঠিল যে সি কোনো কাৰণতে মাকক এৰি নাযায়৷ দেউতাকৰ সতে মাকক অকলে এৰি যোৱাৰ তাৰ সাহস নাই৷ কি ঘটি যায় একো ঠিক নাই এইখন ঘৰত৷ মই তাৰ মাজতে কলো এতিয়ানো কি অঘটন ঘটিবলৈ বাকী থাকিল৷ কাজিয়াখন লাগি থাকোতে মাক নামাৰি মোক বা আন কাৰোবাক মাতি কথাটো মাক বুজাবলৈ কব পাৰিলাহেঁতেন৷ মানুহজনীয়ে আকৌ কলে-

“মই নিলাজৰ দৰে আকৌ গুচি যাম৷ মোৰ ভয়ে মোক কৰা অপমান পাহৰাই দিয়ে৷ সি কেতিয়াবা সন্তানৰ আশাত ইজনীক লৈ আহিব৷ মোৰ ছোৱালী জনীয়ে সহিব নোৱাৰি হয় আত্মহত্যা কৰিব নহয় সি মাৰি পেলাব৷ আপুনি তাক নাজানে বাইদেউ৷ সি দেখাত যেনে স্বভাৱত তেনে নহয়৷”

মই কলো এয়া আপোনাৰ ভ্ৰান্ত ধাৰণাও হ’ব পাৰে৷ ইমান নিষ্ঠুৰ নহয় তেখেত৷ ল’ৰাটোৱেও কলে নাজানো মায়ে কিয় এইবোৰ ভাবি থাকে, অথচ এনে ভাব আনিব পৰাকৈ ভিনদেউৱে একো কৰা নাই আজিলৈ৷ এনেতে বাহিৰত গাড়ী ষ্টাৰ্ট কৰাৰ শব্দ শুনি মানুহজনী ল’ৰ মাৰিলে বাহিৰলৈ৷ বাহিৰত বৰষুণ৷ ল’ৰাটোৱে মাকৰ পিছে পিছে ওলাই গৈ মাকক বাৰান্দাৰ চকীখনত বহুৱাই হেচি ধৰি থাকিল৷ ময়ো ওচৰতে ৰ’লো গৈ৷ জীয়েকে হাতত বেগ দুটা লৈ ওলাই আহিল সিহঁতৰ কোঠাটোৰ পৰা৷ মাকক বা ভায়েকক এবাৰো ঘূৰি নোচোৱাকৈ জোৱায়েকৰ কাষত বহি পৰিল৷ গাড়ী চলিল৷ সিহঁতে নিষ্ঠুৰতাৰ আঘাত হানি সকলো কথাক আওকাণ কৰি নিজৰ সুখ বিচাৰি ওলাই গুচি গ’ল৷ মই স্তব্ধ সময়কণৰ সতে যুঁজিলো৷ মানুহজনীয়ে কান্দি বাউলি হ’ব বুলি আশা কৰিছিলোঁ৷ নাই তেনে নহ’ল৷ মই মানুহজনীৰ চকুকেইটালৈ চালো৷ শিলৰ দৰে লাগিল৷ মোৰ এনে লাগিল লাহে লাহে মানুহজনীৰ গোটেই শৰীৰটো শিল হ’ল৷ মই হাতখন চুই সান্ত্বনা দিবলৈ গৈ ৰৈ গ’লো৷ শিলে জানো বুজে সান্ত্বনাৰ ভাষা৷ মই ল’ৰাটোৰ সহায়ত মাকক আনি বিছনাত শুৱাই দিলো৷ সি সেই নিৰৱতাত ভয় খালে৷ মই তাক কলো মাৰ কাষতে থাকিবা৷ মই কালিলৈ ৰাতিপুৱা আহি মাক বুজাম৷ মনৰ কষ্টই তেখেতক মুক কৰিছে৷ ঠিক হৈ যাব৷ ভাগৰিছেও নহয়৷ শুব দিয়া এতিয়া৷ কিবা অসুবিধা হ’লে মাতি দিবা হা বুলি কৈ মই ঘৰলৈ আহিলো৷ এওঁৰ ওচৰ পায় মোক চেপি ধৰা কান্দোনটোৱে আসৈ পায় ওলায় আহিল৷ এওঁ মোলৈ চাই সুধিলে মানুহজনীলৈ বেয়া লাগিছে! মই ও বুলি শলাগিলো৷ হঠাৎ মোৰ মনলৈ কথা এটা আহিল মই জাপ মাৰি চকীখনৰ পৰা উঠিলো৷

জাপ মাৰি উঠি মই পঢ়াকোঠাৰ আলমিড়াটো খুলি কিতাপ এখন বিচৰাত লাগিলো৷ “স্কিজ’ফ্ৰেনিয়া” এটা জটিল মানসিক ৰোগৰ বিষয়ে বহুদিনতে পঢ়া কথাকেইটামান মনত অহা বাবে অলপ আকৌ চাই লও বুলি কিতাপখন উলিয়াই পৃষ্ঠাবোৰ লুটিয়াই চাই গ’লো৷ প্ৰতি এশজন লোকৰ মাজৰ এজনে তেওঁৰ জীৱন কালৰ কোনো এক সময়ত এই ৰোগত ভোগা দেখা যায়৷ এই ৰোগৰ লক্ষণবোৰত ভ্ৰান্তি আৰু অহৈতুক ভয়ে প্ৰতিক্ৰিয়া কৰি মানুহক অস্থিৰ কৰি তোলাৰ বৰ্ণনাও আছে৷ কিতাপখনৰ বিষেয়ে পাত কেইটামানত চকুফুৰাই মই বিছনাত পৰিলো৷ বহুদেৰিলৈ ইকাতি-সিকাতি কৰি ভাবি থাকিলোঁ৷

মানুহজনীৰ গিৰিয়েক এটা অফিচৰ নাইট চকীদাৰ৷ মনটো ৰাতিটোৰ দৰেই এন্ধাৰ৷ মাক নাইকিয়া ছোৱালী বুলি মাহীমাক আৰু দেউতাক, খুড়াক হ’তে পোন্ধৰ বছৰ বয়সতে বিয়া দিছিল এনে এজন মানুহলৈ যাৰ অন্তৰত ভালপোৱাৰ কোনো তাৰণা নাছিল৷ মাত্ৰ আছিল এটা জৈৱিক তাৰণা৷ সেই মানুহজনৰ লগত জীৱনটো নিশ্চয় নৰকতকৈ কম নাছিল৷ তথাপি দুয়োটা সন্তানক বুকুত সাৱটি চলি আছিল৷ অত্যন্ত মানসিক চাপ আৰু গিৰিয়েকৰ পৰা পোৱা মানসিক কষ্টই হয়তো মানুহজনীক ভয়াতুৰ কৰি তুলিছিল৷ সেয়ে মানুহজনীয়ে জীয়েকক জোৱায়েকৰ পৰা আঁতৰাই ৰখাৰ চেষ্টাত লাগি থাকে দিন ৰাতি৷ তেওঁৰ নিঃসন্তান ছোৱালীজনীয়ে কৰবাত দুখ পাব, মানসিক উৎপীড়নৰ বলি হ’ব এইবোৰ ভাৱত মানুহজনী অস্থিৰ হয় আৰু খোৱা লোৱা নকৰি, মৰিবলৈ ওলাই সিহঁতক ৰখোৱাৰ চেষ্টা কৰে৷ ছোৱালীজনীয়ে সন্তান নথকা দুখ পাহৰাবলৈ মানুহজনীয়ে কিমান যে কি কৰা দেখিছোঁ৷ ওচৰৰ কণকণ ল’ৰা-ছোৱালীবোৰক খুৱাই ধুৱাই ৰাখি থয়৷ মাকৰ এই আতুৰতাক সিহঁতে নুবুজিলে৷ মাক যে এটা জটিল মনসিক ৰোগত আক্ৰান্ত হৈ পৰিছে সিহঁতে নাজানে৷ সেয়ে মানুহজনীক চম্ভালিবলৈ মাৰধৰ কৰিলে৷ ভাবিলোঁ কালিলৈ আটাইকে মাতি বুজাব লাগিব৷ মানুহগৰাকীক মৰম আৰু সু-চিকিৎসাৰ প্ৰয়োজন৷ নিজৰ দুখ-কষ্টক পাহৰি চলি থকা মানুহজনী ছোৱালীজনীৰ বাবেহে ইমান আতুৰ হ’ল৷ হয়টো সেয়া তেওঁৰ মাতৃ হৃদয়ৰ মমতা৷ কাৰণ সিহঁত মানে সন্তান দুটা মানুহগৰাকীৰ “আত্মজ৷”

(সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments