আত্মবিশ্বাস(কুলেন্দু বৰদলৈ)

এদিন এজন ডেকা ল’ৰা এখন অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ আছিল। তাৰ বৰ ভোক লাগিছিল আৰু অলপ দূৰত এজোপা ফলৰ গছ দেখা পালে। সি তৎক্ষণাত গছ জোপাত বগাই, দুটামান ফল চিঙি খালে। গছ জোপাৰ ওপৰৰ ফালে ডাল বিলাকতো আন বহুতো পকা, সু-গন্ধি আৰু সু-স্বাদু ফল লাগি আছিল। যেতিয়া ডেকাজনে ফলবোৰ চিঙিবলৈ ওপৰলৈ বগালে, তাৰ ভৰ সহিব নোৱাৰি গছ জোপাৰ ডালটো ভাঙি থাকিল।

তেতিয়া তৎক্ষণাত সি আন এটা ডালত ধৰি ওলমিবলৈ লাগিল আৰু ভয়তে কঁপিবলৈ ধৰিলে । যেতিয়া হঠাতে এবাৰ তললৈ চালে, সি আৰু বেছি ভয় খালে। চকু দুটা মুদি সি সহায়ৰ বাবে চিঞৰিবলৈ ধৰিলে, আনহাতে মিঠা ফলৰ বাবে তাৰ হাত খনো ডালৰ পৰা পিছলিবলৈ ধৰিলে।

তেনেতে এজন বৃদ্ধ লোক কোনো কামত সেইফালে আহি আছিল আৰু ডেকাজনক গছৰ ডালত ওলমি থকা দেখা পালে । কিন্তু সহায় কৰাতকৈ ,  তেওঁ এটা সৰু শিলগুটিহে ডেকা ল’ৰাজনলৈ দলিয়াই দিলে। ল’ৰাজনে দুঃখ পাই  তললৈ চালে আৰু বুঢ়াজনৰ কাণ্ড দেখি খং উঠিল আৰু খঙতে সি চিঞৰি উঠিল, “ঐ বুঢ়া! মই সহায় বিচাৰি চিঞৰি আছো, কিন্তু তই শিলগুটিহে দলিয়াইছ যে? এইকণ  কাণ্ডজ্ঞানো নাই নে?” বুঢ়া জনে একো উত্তৰ নিদিলে, কিন্তু তেওঁ আন এটা শিলগুটি ডেকাৰ গালৈ আকৌ দলিয়াই দিলে। ডেকা জনৰ প্রচণ্ড খং উঠিল আৰু অলপ জোৰ দি ওপৰৰ ডালটোত ধৰি বুঢ়া জনক ধমকি দিলে, “মই যদি কেনেবাকৈ তললৈ যাব পাৰো নহয়, তই কিন্তু শাস্তিপাবি চাবি।”
বুঢ়ালোকজনে ডেকাৰ কথাত কোনো কাণষাৰ নকৰি আন এটা শিলগুটি তাৰ গালৈ দলিয়াই দিলে। এইবাৰ ডেকাজনে সম্পূৰ্ণ জোৰ দি যেনে-তেনে আন এটা ডাললৈ বগাই গ’ল। সি লগে লগেই তললৈ নামি আহি বুঢ়াৰ কাষ পালেহি আৰু চিঞৰি- চিঞৰি তেখেতক বহুত গালি পাৰিলে। সি খঙতে ক’লে, “ মই সহায় বিচাৰোতেআপুনি কিয় শিল দলিয়াইছিলে? সহায় যদি কৰিব নোৱাৰে, অসুবিধা কিয় দিয়ে?”

বুঢ়া মানুহজনে এটা মিচিঁকিয়া হাঁহি মাৰি ক’লে, “হে’ ডেকা ল’ৰা, মই মাত্র তোমাক সহায়হে কৰি্লো” । ডেকাজনে একো বুজিব নোৱাৰি বুঢ়া জনলৈ ৰ’ লাগি চাই থাকিল। বুঢ়াজনে বুজাই ক’লে, “মই যেতিয়া তোমাক প্রথম দেখিছিলো, তুমি ভয়তে কঁপি আছিলা । তোমাৰ মগজুৱে কোনো কাম কৰিব নোৱাৰা অৱস্থাত আছিল । কিন্তু যেতিয়া মই তোমাক এটা শিলগুটি দলিয়ালো, তোমাৰ ভয় নাইকিয়া হ’ল আৰু মোক কেনেকৈ ধৰি শাস্তি দিব পাৰা তাকে খঙতে ভাবিবলৈ  ধৰিলা আৰু  যেতিয়াই তুমি এনেকৈ ভাবিলা , তুমি নিজকে বচাব পাৰিলা আৰু গছৰ পৰা নামিব পাৰিলা । চোৱা, প্রথমতে তোমাৰ নিজকে বচাবলৈ কোনো আত্মবিশ্বাস নাছিল, আৰু ভয়তে তুমি চকু মুদি দিছিলা। মই মাথো তোমাৰ মনোযোগ তোমাৰ আত্মবিশ্বাসৰ ফালেহে লৈ আনিবলৈ চেষ্টা কৰিছিলো” ৷ এইবুলি কৈ বৃ্দ্ধজন তাৰ পৰা গুছি গ’ল।

নীতি শিক্ষাঃ “জীৱনত ভয় কৰিবলগীয়া একো নাই, মাথো ইয়াক বুজিবলৈ  চেষ্টা কৰিব লাগে আৰু ‘সেয়াই হৈছে আত্মবিশ্বাস!!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক