আত্মবিশ্বাসে মূৰ্খকো মহান কৰে- (মূল: ৰোহিত মিশ্ৰ)—মনালিছা পাঠক নেওগ

এইটো কাহিনী এটা বৰ দুষ্ট ল’ৰাৰ যাৰ পঢ়া শুনাত অলপো মন নাছিল৷ এদিন তাৰ স্কুলৰ প্ৰধান শিক্ষকে এখন চিঠি তাৰ হাতত গুজি দি কলে-

-“ এই চিঠিখন ঘৰলৈ গৈ তোমাৰ মাৰাৰ হাতত দিবা৷ মনত ৰাখিবা মাৰ বাহিৰে চিঠিখন অন্য কাকো নিদিবা“

সেই ল’ৰাটো ঘৰলৈ গৈ চিঠিখন মাকৰ হাতত তুলি দি ক’লে-
-“মা এইখন লওক, এই চিঠিখন আমাৰ স্কুলৰ প্ৰধান শিক্ষকে কেৱল আপোনাৰ হাততহে দিবলৈ কৈছে৷“

ল’ৰাটোৰ মাকে সেই চিঠিখন খুলি পঢ়িবলৈ ধৰিলে আৰু পঢ়াৰ অন্তত তেওঁ মনটো অতিশয় দুখী হৈ পৰিল৷ মাকৰ মৰহি যোৱা মুখখন দেখি লৰাটোৱে মাকক সুধিলে-
-“ মা চিঠিখনত এনে কি লিখা আছে যে আপোনাৰ মুখৰ ৰঙেই সলনি হৈ গল৷ দিয়ক চোন ময়ো পঢ়ি চাওঁ“

মাকে ক’লে, “তুমি পঢ়িব নালাগে মই পঢ়ি শুনাও ৰবা৷“ তেওঁ মাতটো যথাসম্ভৱ ডাঙৰ কৰি পঢ়িবলৈ আৰম্ভ কৰিলে, “ আপোনাৰ লৰাটো সাংঘাতিক মেধাসম্পন্ন আৰু তাৰ কাৰণে স্কুলখন বহুত সৰু হৈ পৰিছে৷ ইয়াত তাক পঢ়ুৱাবলৈ ভাল শিক্ষকৰো অভাৱ হৈছে৷ সেইকাৰণে যদি আপোনাৰ দ্বাৰা সম্ভৱ হয় আপুনি নিজেই পঢ়ুৱাওক৷“

লাহে লাহে সময় পাৰ হৈ যোৱাৰ লগে লগে সেই ল’ৰাজন আগলৈ গৈ এজন বহুত ডাঙৰ আৱিষ্কাৰক হ’লগৈ৷ এসময়ত তেওঁৰ মাকৰ মৃত্যু ঘটিল৷ এদিন সেই ল’ৰাজনে কিবা এটা ফাইল বিচাৰি থাকোঁতে তাৰ দৃষ্টি ড্ৰয়াৰত জাপি থোৱা কাগজ এখনত পৰিল৷ লৰাজনে সেই কাগজখন উলিয়াই আনি পঢ়িলে৷ সেইখন সেই চিঠিখন আছিল যিখন তাক স্কুলৰ পৰা দিয়া হৈছিল৷ তাত লিখা আছিল- “আপোনাৰ লৰাটো বৰ দুষ্ট৷ ইয়াৰ পঢ়া শুনাত অলপো মন নাই৷ সেইকাৰণে এই স্কুলত ইয়াক আৰু পঢ়ুওৱা সম্ভৱ নহয়৷ আপুনি ইয়াত অন্য স্কুললৈ লৈ যোৱাৰ ব্যৱস্থা কৰক৷“

এইটো কোনো কাল্পনিক কাহিনী নহয়৷ এটা সত্য ঘটনা আৰু এই ঘটনাটো হ’ল বাল্বৰ আৱিষ্কাৰক মহান বিজ্ঞানী থমাছ আলভা এদিছন (Thomas Alva Edison) ৰ জীৱনৰ৷ তেওঁ সৰুতে Autism নামৰ এক মানসিক ৰোগত আক্ৰান্ত আছিল৷ কিন্তু তেওঁ নিজৰ মাকৰ বুদ্ধিমত্তাৰ কাৰণে Genius হৈ পৰিছিল৷ যদি তেওঁৰ মাকে সেই চিঠিখন যেনেকৈ তেওঁৰ শিক্ষকে লিখিছিল ঠিক তেনেদৰে পঢ়ি শুনাই দিয়াহেঁতেন আমি আজিও চিমনি, মমবাতি বা লেম্প জ্বলায়েই থাকিব লগা হ’লহেঁতেন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক