আত্মহত্যা-হঠাতে যেতিয়া হেৰাই জীৱন (দেৱীকা ফুকন)

যি বয়সত ভৱিষ্যত গঢ়াৰ সপোন দেখি বহুসংখ্যকলোকে আপোনপাহৰা হয়, কোনো ভয়-ভীত নোহোৱাকৈ উদ্যমেৰে নিজ সপোনৰ দিশলৈ অগ্রসৰ হয়; সেইসময়তে কিছুসংখ্যকে নিমাতে নিজৰ সকলো সপোন, আপোনৰপৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। হাঁহি-মাতি লগৰীয়াৰ লগত দিন পাৰ কৰা সেই নিৰ্দিষ্ট সংখ্যক লোকৰ মনত এনে কি কথাই বাহ লয়, যাৰবাবে ন-মাহ গৰ্ভত ৰখা মাকগৰাকীয়ে নজনাকৈ ৰৈ যায়, তেওঁৰ সন্তানৰ ‘আত্মহত্যা’ৰ কাৰণ!
“আত্মহত্যা” – বৰ্তমান সমাজৰ বাবে এক বিশেষ প্রত্যাহ্বান। পোন্ধৰৰ পৰা চৌব্বিশ বছৰ বয়সৰ যুৱচামৰ মাজত ব্যাপক হাৰত বৃদ্ধি হোৱা আত্মহত্যাৰ ঘটনাই সমাজৰ প্রত্যেকজন সচেতন আৰু অনুভৱী লোকক জোঁকাৰি পেলায়। বয়স আৰু আত্মহত্যাৰ মাজত এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্ক সময় সাপেক্ষে পৰিৱৰ্তন হয়। কেতিয়াবা যদি অৱসৰপ্রাপ্ত বয়সৰ লোকৰ মাজত আত্মহত্যাৰ প্রৱণতা বৃদ্ধি পোৱা দেখা যায় , তেনেহ’লে কেতিয়াবা এই প্রৱণতা বৃদ্ধি পাই যুৱচামৰ মাজত। এই দুয়োচামৰ ক্ষেত্রত আত্মহত্যাৰ কাৰণসমূহ পৃথক। এখিনিয়ে জীৱনৰ ভাল-বেয়া সকলো অভিজ্ঞতাপুষ্ট হৈও এই পথ বাছি লয়, আৰু আনচামে অনভিজ্ঞ হোৱাৰ বাবে এই চৰম পন্থা বাছি লয়। Emile Durkheim ৰ মতে ‘আত্মহত্যা’ এক নগৰীয়া ধাৰণা। অৱশ্যে এই কথা বৰ্তমান অপ্রযোজ্য । কিয়নো এই পথ বাছি লোৱাসকলৰ বহুতো গ্রামাঞ্চলৰো।
মুঠৰ ওপৰত আত্মহত্যাৰ দৰে একোটা ধাৰণাৰ প্রকৃত সংজ্ঞা বা কাৰণ দৰ্শোৱাটো অতিকৈ কঠিন কাম। তথাপিও অভিভাৱক, শিক্ষক আৰু উপযুক্ত বন্ধু-বান্ধৱীৰ সহযোগত এনে এক ব্যাধিক বাধা প্রদান কৰাৰ ক্ষেত্রত কিছু পদক্ষেপ নিশ্চিতভাৱে ল’ব পাৰি। আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে আমাৰ অজ্ঞাতে কেতবোৰ লক্ষণে দেখা দিয়ে, যিবোৰক আৰম্ভণীতে নোহোৱা কৰিব পাৰিলে সমাজৰ এই প্রত্যাহ্বানক নিঃশেষ কৰিব পৰা যাব। তাৰবাবে প্রয়োজন হ’ব ইয়াৰ প্রাৰম্ভিক লক্ষণসমূহক চিনাক্ত কৰা। এই লক্ষণসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে হতাশা। হতাশাগ্রস্ত লোকৰ আচৰণ, কাম-কাজ আনতকৈ ভিন্ন হয়। অকলশৰীয়াকৈ থকাৰ প্রৱণতা, উদ্বিগ্নতা আদিয়েও এজন লোকৰ মানসিক অসু্স্থতাক বুজাত সহায়ক হয়। তদুপৰি, যুৱক-যুৱতীয়ে সাধাৰণভাৱে দিয়া আত্মহত্যাৰ ভাবুকিও সহজভাৱে ল’ব নালাগে। বহু সময়ত প্রত্যক্ষভাৱে ঘোষণা কৰাৰ দৰে সকলোকে জনাইহে এনেলোকে নিজক নিঃশেষ কৰে।
হতাশাগ্রস্ত , উদ্বিগ্ন সন্তানসকলক লৈ অভিভাৱক আৰু শিক্ষকসকল অধিক সতৰ্ক হ’ব লাগে। পিতৃ-মাতৃয়ে ৰক্ষণশীল আচৰণ পৰিহাৰ কৰি বন্ধুসুলভ আচৰণেৰে সন্তানক সাহস দিয়াৰ প্রয়োজন। ঘৰত এনে পৰিবেশৰ প্রয়োজন, যি পৰিবেশত সন্তানে মুকলিকৈ নিজৰ মনত দেখা দিয়া শংকা, হতাশা, ভয় আদি অভিভাৱকৰ আগত প্রকাশ কৰিব পাৰে। ঠিক সেইদৰে, শিক্ষানুষ্ঠানসমূহত শিক্ষকসকলে কেৱল জ্ঞান প্রদান কৰাৰ লগতে জড়িত নাথাকি শিক্ষাৰ্থীৰ friend, philosopher আৰু guide হোৱাৰ কৰ্তব্যও পালন কৰিব লাগে।
বৰ্তমান সময়ত যি হাৰত যুৱচামৰ মাজত আত্মহত্যাৰ প্রৱণতা বাঢ়িবলৈ লৈছে, তালৈ চাই অসমৰ শিক্ষানুষ্ঠানসমূহে নিজৰ কৰণীয়খিনি পালন কৰাত বিফল হোৱা পৰিলক্ষিত হৈছে যেন লাগে । স্কুলীয়া তথা কলেজীয়া শিক্ষাৰ্থীৰ বাবে ‘মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞান’ৰ সম্যক জ্ঞান অতীব প্রয়োজনীয়। কিয়নো এই মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানে একোজন ব্যক্তিক বিভিন্ন ধৰণৰ মানসিক সমস্যাৰ লগত মোকাবিলা কৰিবলৈ সহজ কৰি তুলে। এই বিজ্ঞানৰ অধীনৰ সমাযোজনৰ কৌশলসমূহে (adjustment mechanisms) এজন ব্যক্তিক নিজৰ মানসিক বা শাৰীৰিক আসোঁৱাহসমূহৰ লগত মোকবিলা কৰিবলৈ শিকায়। কিন্তু বৰ্তমান এই বিষয়সমূহ একোটা নিৰ্দিষ্ট সন্মানীয় বিষয় অথবা সাধাৰণ বিষয়ৰ লগতহে জড়িত। যাৰবাবে নিৰ্দিষ্ট সংখ্যক শিক্ষাৰ্থীৰ মাজতহে এই জ্ঞান সীমাবদ্ধ।
তদুপৰি আটাইতকৈ পৰিতাপৰ কথা এয়ে যে যি সময়ত শিক্ষানুষ্ঠানসমূহত “মনোবৈজ্ঞানিক পৰামৰ্শদান কেন্দ্র” সমূহৰ প্রয়োজনীয়তা অধিক হৈছে, সেইসময়ত এই বিষয়টোক সকলো স্তৰৰ প্রায়বিলাক শিক্ষানুষ্ঠানেই এৰাই চলিছে। বৰ্তমানৰ যুৱচামৰ আত্মহত্যাৰ প্রৱণতাক ৰোধ কৰিবলৈ ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ সকলো শিক্ষানুষ্ঠানসমূহে এইক্ষেত্রত আগবাঢ়ি অহা অতি প্রয়োজনীয়। যুৱচামৰ এই মানসিক সংকটৰ লক্ষণসমূহ ধৰা পৰাৰ পিছত তেওঁলোকক বিপথগামী হোৱাৰপৰা ৰক্ষা কৰাটো প্রত্যেকজন ব্যক্তিৰে কৰ্তব্য। সেয়েহে, প্রতিখন শিক্ষানুষ্ঠানসমূহত এই মানসিক সংকটক চিনাক্ত আৰু নিৰাময়ৰ বাবে ‘মনোবৈজ্ঞানিক পৰামৰ্শদান কেন্দ্র’ স্থাপন কৰাটো বাধ্যতামূলক হ’ব লাগে। এই শিক্ষানুষ্ঠান, শিক্ষক অথবা অভিভাৱকৰ দ্বায়িত্ব কেৱল যুৱচামৰ মাজৰপৰা মানসিক ব্যাধিসমূহ আঁতৰ কৰাতেই সীমাবদ্ধ নহয়, যুৱচামৰ মাজত এই সকলে সু-ৰুচীপূৰ্ণ জীৱনবোধ গঢ়ি তোলাও এক উচিত পদক্ষেপ হিচাবে পৰিগণিত হ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments