আত্মানুসন্ধান – মাধৱী ভট্টাচাৰ্য্য (বাংলা) – ভাবানুবাদঃ নীলাক্ষি দেৱী ডেকা

“ফেচবুকৰ ডিপিত তোমাৰ নিজৰ ফটো নাই কিয়?”
“মই দেখাত বেয়া। ফটো দিনো কি হ’ব?”
“দেখিবলৈ বেয়া বুলি ভাৱি কোনোবাই নিজৰ ফটো নিদিয়াকৈ থাকে নেকি? তুমি যেনেকুৱা তেনেকুৱা ফটোৱেই দিয়া। নিজকে কিয় লুকুৱাই ৰাখিবলৈ বিচাৰিছা? নিজকে লুকুৱাব বিচৰাটো হীনমন্যতাৰ পৰিচায়ক হে।”
“ইমান বেছি বুজি নাপাওঁ মই। নিজৰ ফটো দিবলৈ ভাল নাপাওঁ। কথা সিমানেই।”
“সেইটোৱেইতো কৈছোঁ। কোনোবাই বেয়া লাগিছে বুলি ক’ব সেইটোৱেই ভয় নহয় জানো তোমাৰ? তুমি ইমান দুৰ্বল কিয়?”
মিথিলাই ভাৱিলে, সঁচাকৈয়ে কোনোবাই কিবা ক’ব বুলিয়েইতো তাই ফেচবুকত নিজৰ ফটো পোষ্ট কৰিবলৈ টান পায় বৰ। অৱশ্যে নিজকে লুকুৱাই ৰাখিলেই সকলোখিনি সলনি হৈ পৰিব জানো? তাতকৈ নিজৰ সকলো দুৰ্বলতাক আওকাণ কৰি আগুৱাই যোৱাটোৱেইতো বুদ্ধিমানৰ কাম।
বহুত ভাৱি গুণি ফেচবুকৰ ডিপিত নিজৰ এখন শেহতীয়া ফটো আপলোড কৰিলে মিথিলাই‌! লগে লগে ফটোত সপ্তৰ্ষিৰ লাভ ৰিয়েকশ্যন। ইনবক্সত মেচেজ দিলে,-

“তুমি সঁচাই বৰ মৰমলগা!”
মিথিলাৰ বুকুত শিহঁৰণ। যদিও তাই জানে যে এই সকলোবোৰ ভুৱা আচলতে। মিথিলাৰ বহুত ঘনিষ্ঠ মানুহেও কেতিয়াও তাইক মৰমলগা বুলি নকয় কাহানিও। কিন্তু ভালপোৱাৰ ইমানেই শক্তি যে এই মিছাবোৰকেই চোন সঁচা বুলি ভাৱিবলৈ মনে বিচাৰে। কিন্তু কাৰোবাক ভালপাবলৈয়ো যে কি ভয়, ভাল পাই হেৰুওৱাৰ বেদনা সহ্য কৰাৰ ক্ষমতা আছে জানো তাইৰ!
ইফালে সপ্তৰ্ষিয়ে মেচেজ দিয়েই আছে,-“মিথিলা, কেতিয়া লগ হ’বা কোৱা?’
“নকৰোঁ লগ কাহানিও।”-মিথিলাই উত্তৰ দিয়ে।
“কিয় লগ নকৰানো? মোৰ যে তোমাক লগ পাবলৈ ভীষণ মন গৈছে জানা? আৰুনো কিমানদিন এনেকৈয়ে মেচেজত আৰু ফোনত কথা পাতিম? এবাৰ সন্মুখত দেখা পাবলৈকোতো মন যায় মোৰ!”
“বাৰু হ’ব। কেতিয়া লগ কৰিবা কোৱা?” -ইচ্ছা অনিচ্ছাৰ দোলোদ্যমান অৱস্থাতেই লিখিলে মিথিলাই।
“কাইলৈ লগ হম। ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত। আবেলি চাৰিবজাৰ পৰত। আহিবা নহয় তুমি?”
“হুমম।”
লগ কৰিম বুলি ক’লে হয় কিন্তু এতিয়া মিথিলাৰ সঁচাকৈয়ে বৰ ভয় লাগিছে। সপ্তৰ্ষিয়ে যে তাইক দেখা পালে পচন্দ নকৰিব এই বিষয়ে নিশ্চিন্ত তাই।
লগ কৰিবলৈ যোৱাৰ দিনা দুৰু দুৰু বুকুৰে নিজকে সজালে পৰালে মিথিলাই। নিজৰ সকলোতকৈ সুন্দৰ কাপোৰসাজ পিন্ধি সামান্য প্ৰসাধনো কৰিলে। তথাপিও জানো কুৰূপা ৰূপৱতী হৈ উঠিব পাৰে? এঙাৰ গাখীৰেৰে পখালিলে জানো সি কাহানিবা বগা হয়? নিজৰ হুমুনিয়াহ চেপি ৰাখিয়েই পাৰ্কলৈ বুলি ওলালে তাই।
শংকৰদেৱ উদ্যানৰ সন্মুখত ৰৈ থাকোঁতে বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে মিথিলাৰ। লাহে লাহে মনৰ জোৰ কমি আহিছিল। ইমানেই নাৰ্ভাচ অনুভৱ হৈছিল যে এনে লাগিছিল যেন এইমাত্ৰই দৌৰি পলাই সাৰিব তাৰ পৰা।
অলপ সময়ৰ পাছতেই এখন অলা কেবৰ পৰা সপ্তৰ্ষি নামি আহিল। ইমানদিনে মিথিলাই সপ্তৰ্ষিক কেৱল ফটোতহে দেখিছিল আজি নিজ চকুৰে দেখা পাই তাইৰ মূৰ ঘূৰাই পৰি যোৱাৰ উপক্ৰম হ’ল। ফুল শ্লীভৰ গাঢ় নীলবৰণীয়া চাৰ্ট আৰু মাখনৰঙী পেণ্টত ভীষণ হেণ্ডচাম লাগিছে সপ্তৰ্ষিক। এনে এজন সুপুৰুষৰ আগত কি সাহসত থিয় দিব অতি সাধাৰণ চেহেৰাৰ মিথিলা! তাইক দেখা পালে সপ্তৰ্ষিয়ে হয়তো মুখ ঘূৰাই ল’ব, নতুবা কৰুণাৰ দৃষ্টিৰে চাব। এই দুয়োটাৰ এটাও নিবিচাৰে তাই। ইয়াতকৈ সপ্তৰ্ষিক লগ নকৰাটোৱেই সকলোতকৈ ভাল।

এখোজ দুখোজকৈ পিছুৱাবলৈ ধৰিলে মিথিলাই। তাৰপাছত সপ্তৰ্ষি অহাৰ দিশত পিঠি দি ৰাস্তাত ভৰি দিলে। এবাৰ উভতি চাই দেখা পালে যে সপ্তৰ্ষিয়ে তেতিয়াও বিচাৰি আছে তাইক। মিথিলাই চকুপানী ৰখাব পৰা নাছিল। ৰাস্তাৰ মানুহে অবাক হৈ চাইছিল, এজনী ক্ষীণমিন ছোৱালীয়ে কান্দি কান্দি তলমুৱাহৈ খোজ দিছে।

“এই তুমি কালি আহিও উভতি গ’লা যে? মই তোমাক কিমান বিচাৰি আছিলোঁ খবৰ আছেনে তোমাৰ?”
“মই কালি যাব নোৱাৰিলোঁ। যাবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু নিমিলিল গৈ। চ’ৰী।”
“তোমাৰ যদি কিবা অসুবিধা হৈছিল ফোন কৰি নজনালা কিয় মোক? মই যে অপেক্ষা কৰি আছিলোঁ।”
“ভুল হ’ল মোৰ। দুঃখিত।”
“তুমি মিছা ক’বলৈ কেতিয়াৰ পৰা শিকিলা মিথিলা?”
“মিথিলা নিৰ্বাক। তাই ধৰা পৰি গৈছে সপ্তৰ্ষিৰ আগত।”
“কি হ’ল মনে মনে আছা কিয়? মিছা কথা কিয় কৈছিলা কোৱা?”- ফোনৰ সিপাৰে সপ্তৰ্ষিৰ অস্থিৰ কণ্ঠ।
“তোমাৰ সমুখত ঠিয় দিয়াৰ সাহস নাছিল মোৰ।”-মিথিলাই ক’বলৈ বাধ্য হ’ল।
“আকৌ সেই হীনমন্যতা নে? নিজকে ইমান সৰু বুলি ভাৱা কিয় তুমি? মই তোমাক যে ভালপাওঁ সেইটো বুজি পোৱা নে নোপোৱা? কালি ইমান আশালৈ গৈছিলোঁ তোমাৰ লগত মুখামুখিকৈ বহি দুষাৰ কথা পাতিম বুলি! চব পানী কৰি পেলালা তুমি!”- সপ্তৰ্ষিৰ কণ্ঠত খঙ লুকাই নাথাকিল।
“তুমি মোক মুখৰ আগত দেখা পোৱা হ’লে গম পালাহেতেন। মোক ভালপোৱাতো দূৰৈৰ কথা, মোৰ ফালে চাই থাকিবলৈয়ো ইচ্ছা নোহোৱা হ’লহেতেন তোমাৰ।”

“এইবোৰ আজে-বাজে চিন্তা তোমাৰ মূৰত সোমাল ক’ৰ পৰা? ভালপোৱা কাক কয় সেইটো বুজি পোৱা জানো তুমি?”
ফোনটো কাণত চেপি নিৰৱে ৰ’ল মিথিলা। ভালপোৱাৰ অৰ্থ তাই বুজি পায়। ভালপোৱা হৈছে ফুলৰ দৰে। অলপ আঘাত পালেই সৰি মৰহি যায়। আৰু উঠি ঠিয় দিব নোৱাৰে কাহানিও। সেইটোৱেই বৰ কষ্টকৰ। সপ্তৰ্ষিয়ে সেইখিনি কাহানিও বুজি নাপাব।
“মই ফোন ৰাখোঁ দিয়া সপ্তৰ্ষি। পুৱা আকৌ স্কুল যাবলৈ আছেই! শোৱাত দেৰি হ’লে পুৱা উঠোতে অসুবিধা হ’ব।
সপ্তৰ্ষিক আৰু একো ক’বলৈ সুবিধা নিদি ফোন কাটি দিলে মিথিলাই! তাইৰ উপেক্ষিত জীৱনৰ যন্ত্ৰণা হাজাৰ চেষ্টা কৰিলেও সপ্তৰ্ষিক বুজাবলৈ অসমৰ্থ তাই।
ফোন থৈ আইনাৰ আগত আহি থিয় দিলে মিথিলাই! ক’লা বৰণ, উঠঙা কঁপাল, কোটৰত সোমোৱা দুচকু এই সকলোবোৰ মিলাই মিথিলাক এক কথাত কুৰূপা বুলিয়েই ক’ব পাৰি। ঈশ্বৰ ইমান নিৰ্দয় কিয়? সামান্য অলপ ৰূপো ঈশ্বৰে তাইক দিব নোৱাৰিলেনে!
কুৰূপা মিথিলাৰ বুকুভৰা ভালপোৱাৰ খবৰ অৱশ্যে কোনেও নাৰাখে। যাৰ সামান্য ৰূপেই নাই, তাইৰ ভালপোৱাৰ নো মূল্য কি! এই চেহেৰাৰ কাৰণেই মিথিলাৰ জীৱনলৈ প্ৰেম কাহানিও নাহিল। নিজকে এই কৰুণ বাস্তৱৰ লগত খাপ খুৱাই ল’বলৈ শিকিছিলেহে তাই, কিন্তু সপ্তৰ্ষি নামৰ ধুমুহাজাক আহি সকলোখিনি তচনচ কৰি পেলালে। গভীৰ ভালপোৱাত আচ্ছন্ন হৈছে মিথিলাৰ চেতনা! তীব্ৰ প্ৰেমত দুচকু অন্ধ হৈছে। যিটো কাহানিও সম্ভৱপৰ হোৱাৰ সম্ভাৱনা নাই তাকেই সম্ভৱ কৰিবলৈ অস্থিৰ হৈছে মন।
সপ্তৰ্ষিয়ে কেতিয়া ফেচবুকত তাইলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে, কেতিয়াৰ পৰা তাই তাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে ভালকৈ মনত নাই মিথিলাৰ। কেৱল মনত আছে প্ৰথমদিনাৰ পৰাই সপ্তৰ্ষিয়ে মিথিলাৰ মনৰ এটা কোণ অনায়াসে দখল কৰি পেলাইছিল। তেওঁৰ সুন্দৰ ভদ্ৰ ব্যৱহাৰ, বুদ্ধিদীপ্ত কথা-বতৰাত মুগ্ধ হৈছিল মিথিলা। আটাইতকৈ ডাঙৰ কথা সপ্তৰ্ষিয়ে কোনোদিনে মিথিলাৰ চেহেৰাক লৈ মূৰ ঘমোৱা নাই। প্ৰথমদিনাৰ পৰাই ভাল বন্ধুৰ দৰেই কথা-বতৰা হৈছে। যিকোনো ছোৱালীয়েই এনে ল’ৰাৰ প্ৰেমত পৰিব। মিথিলাও প্ৰেমত পৰিছিল।

কিন্তু সপ্তৰ্ষিয়ে যিমানেই কাষলৈ আহিবলৈ বিচাৰিছে আশংকাই সিমানেই গ্ৰাস কৰিছে মিথিলাক। প্ৰিয়জনক হেৰুৱাৰ আশংকাই মিথিলাক এনেদৰে গ্ৰাস কৰিছে যে তাই ভালকৈ বুজিয়েই পোৱা নাই আচলতে তাইৰ কি কৰা উচিত।

বহুত ভাৱি গুণি সপ্তৰ্ষিৰ লগত সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত ল’লে মিথিলাই! এনে কৰিলেই কষ্ট কম হ’ব তাইৰ। নিজৰ ফেচবুক একাউণ্ট ডিলিট কৰি দিলে প্ৰথমতে। তাৰপাছত নিজৰ ফোনৰ ছিম সলাই অন্য এখন ছিম ল’লে। সপ্তৰ্ষিয়ে আৰু কেতিয়াও বিচাৰি নাপাব তাইক। তথাপিও সপ্তৰ্ষিৰ অস্তিত্ব ৰৈ যাব মিথিলাৰ হৃদয়ৰ গভীৰ কোণত। এইখিনি প্ৰাপ্তিও জানো কম!

বহুমাহ পাৰ হৈ গৈছে। সপ্তৰ্ষিৰ লগত আৰু কোনো যোগাযোগ নাই মিথিলাৰ। প্ৰথম প্ৰথম তীব্ৰ বেদনাত ৰাতি ৰাতি টোপনি মাৰিব পৰা নাছিল মিথিলাই। ৰাতি চকুলোৰে শিতানৰ গাৰু তিতি যায় সদায়। বৰ মন যায় সপ্তৰ্ষিৰ মাতটো এবাৰ শুনিবলৈ। বহু কষ্টেৰে নিজকে তাই লাহে লাহে আঁতৰাই আনিছে সপ্তৰ্ষিৰ স্মৃতিৰ পৰা। এতিয়া নিজৰ কামৰ বাদে আন একো চিন্তা মনলৈ নানে মিথিলাই।
আৰু এসপ্তাহৰ পাছতেই স্কুলৰ বাৰ্ষিক অনুষ্ঠান। মিথিলা সেইখন স্কুলৰ সংগীতৰ শিক্ষয়িত্ৰী। প্ৰতিবছৰে ছাত্র ছাত্ৰীক লৈ গানৰ অনুষ্ঠান পৰিচালনাৰ দায়িত্ব তাইৰ ওপৰতেই আহি পৰে। সেয়েহে এইখিনি সময়ত মিথিলাৰ ব্যস্ততাৰ আদি অন্ত নাই।
আজি ৰাতিপুৱা দহবজাৰ পৰা স্কুলৰ অনুষ্ঠান আৰম্ভ হৈছে। স্কুলৰ প্ৰেক্ষাগৃহত ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ ভিৰ। গান, আবৃত্তি, নাচৰ একো একোটা অনুষ্ঠানে মুগ্ধ কৰিছে দৰ্শকক। ছাত্র-ছাত্ৰীৰ অনুষ্ঠান শেষ হোৱাৰ পাছত মিথিলা ষ্টেজত উঠিল গান গাবলৈ। চকু মুদোঁতেই এখন বিশেষ মুখ চকুৰ আগত ভাঁহি উঠিল। তেওঁৰ কথা মনলৈ আনিয়েই গান গাবলৈ আৰম্ভ কৰিলে মিথিলাই,-
“জিলমিলিয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি
বুকুতে মিঠা মিঠা বিহ ঢালিলি
………………..
ভৰিতে উলিয়ালে তেজৰ টোপাল কাঁইটীয়া গছৰ হুলে
সময় বালিত কাৰোবাৰ খোজ মচি দিয়ে সৰু সৰু ভুলে

হেঁপাহেৰে বালিঘৰ সাজিবহে পাৰি
তাত পিছে এপলকো থাকিব নোৱাৰি….”
গান শেষ হোৱাত মিথিলা ৰ’ল। ইমানপৰে এক অপূৰ্ব সুৰৰ মূৰ্ছনাত সকলো মুগ্ধ হৈ আছিল। এইবাৰ তীব্ৰ হাততালিৰ শব্দত প্ৰেক্ষাগৃহ ৰজনজনাই উঠিল। প্ৰতি বছৰেই এনে হয়। মিথিলাৰ অপূৰ্ব সুন্দৰ কণ্ঠত মুগ্ধ হয় সকলো।
গান গাই উঠি মঞ্চৰ পৰা নামি আহোঁতেই চক্ খালে মিথিলাই। হৃদয়ৰ স্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ’ল। সন্মুখত হাঁহিমুখেৰে ঠিয় দি থকা মানুহজন আন কোনো নহয়, সপ্তৰ্ষি! মিথিলাই কোনোমতে সুধিলে,-
“তুমি ইয়াত যে?”
“উম ইয়াতেই। কিন্তু তোমাৰ কাৰণে নহয়, নেহাৰ কাৰণেহে ৰৈ আছোঁ মই।”
“নেহা মানে?”
“ক্লাছ চিক্সৰ নেহা শৰ্মা। নেহা মোৰ ভটিজী হয়।”
“নেহা তোমাৰ ভটিজী?”
“ইয়েছ। মই যোৱাবছৰো আহিছিলোঁ এই অনুষ্ঠানলৈ। তেতিয়া তোমাৰ লগত পৰিচয় নাছিল মোৰ। ইয়ালৈ আহি তোমাৰ গান শুনি মুগ্ধ হৈছিলোঁ। কি যে প্ৰাণঢালি গাইছিলা তুমি! গানটোও মোৰ প্ৰিয় গীত। ভূপেনদাৰ,-
“বিমূৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূঁতাৰে বোৱা
এখনি নীলা চাদৰ…”
আৰু ঠিক তেতিয়াই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। মনত ভাৱ হৈছিল সেই গীতটি তুমি যেন মোৰ বাবেই গাইছিলা! সেই অনুভূতি কিমান গভীৰ আছিল কৈ বুজাব নোৱাৰোঁ তোমাক। তাৰপাছত ফেচবুকত তোমাক বিচাৰি বিচাৰি ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলোঁ। তোমাৰ ছবি নাথাকিলেও প্ৰফাইলত স্কুলৰ নাম ঠিকনা আছিল সেয়ে নিশ্চিত হৈছিলোঁ। তোমাৰ লগত কথা পাতি পাতি বুজিব পাৰিলোঁ যে কিমান ভুল ধাৰণাৰ চিকাৰ তুমি। কিমান হীনমন্যতাই আগুৰি আছে তোমাক। নিজৰ চেহেৰাকহে গুৰুত্ব দিলা তুমি, গুণখিনিক নহয়। ইমান সুন্দৰকৈ কেইজনে গাব পাৰে কোৱাচোন? মই মনে মনে প্ৰতিজ্ঞা কৰিছিলোঁ, এই হীনমন্যতা বোধৰ পৰা ওলাই আহিবলৈ সহায় কৰিম তোমাক। কিন্তু তুমি অলপো সুযোগেই নিদিলা মোক। হঠাতে এদিন মোক এৰি আঁতৰি গ’লা তুমি। কেৱল নিজৰ কথাই ভাবিলা তুমি, মোৰ কথা এবাৰলৈয়ো নাহিল তোমাৰ মনত। মই ইচ্ছা কৰা হ’লে তোমাৰ ঘৰ গৈ ওলাব পাৰিলোঁহেতেন। কিন্তু তোমাক অলপ সময় দিয়াটো প্ৰয়োজন আছিল। এতিয়া কোৱাচোন নিজকে কেতিয়া ভালপাবলৈ শিকিবা তুমি? নিজৰ প্ৰতি তোমাৰ ইমান অৱহেলা কিয়? এবাৰ মাথোঁ নিজকে ভাল পাই চোৱাচোন। চাবা, সকলো সলনি হৈ পৰিব।”
মিথিলাই অপলক দৃষ্টিৰে সপ্তৰ্ষিলৈ চাই আছিল। তেওঁ কোৱা এটা এটা শব্দ কেৱল কাণেৰে শুনি থোৱা নাছিল, হৃদয়ৰে অনুভৱো কৰিছিল।
এইবাৰ ফুচফুচাই ক’লে মিথিলাই,-
“এতিয়াৰ পৰা নিজকে ভাল পাম মই। তুমিও লগত থাকিবানে সপ্তৰ্ষি?”
সপ্তৰ্ষিয়ে উত্তৰ নিদি মুগ্ধ দৃষ্টিৰে মিথিলালৈ চাই ৰ’ল। এই মুগ্ধ নয়নযুৰিত নিজকে বিচাৰি পালে মিথিলাই। সেইজনী মিথিলা আছিল অনন্য আৰু সবাতোকৈ সুন্দৰ!”


০০০০০০০

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মৃদুস্মিতা শৰ্মা
10 months ago

বৰ ভাল লাগিল নিলাক্ষী

Karna kamal dutta
10 months ago

ভাল লাগিল বা। অনুবাদ বৰ সুন্দৰকৈ কৰে আপুনি। আগলৈ আৰু আশা কৰিলো পঢ়িব পাম বুলি ❤

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক