আত্মা আৰু মৃত্যু—(লিখক-দুলাল বৰু‌ৱা)

আত্মা হৈছে সৃষ্টিকৰ্তাৰ সৃষ্ট আধ্যাত্মিক অস্তিত্ব|আধ্যাত্মিক জগততহে আত্মাৰ উৎপত্তি আৰু ই ভৌতিক জগতৰ উৰ্দ্ধত বিৰাজ কৰে|আত্মাই কেতিয়াও শৰীৰত প্ৰবেশ নকৰে বা শৰীৰক ত্যাগো নকৰে আৰু ভৌতিক স্থানো গ্ৰহণ নকৰে|আত্মা ভৌতিক জগতৰ অধীন নহয় আৰু আত্মা শৰীৰৰ ভিতৰত নাথাকে;শৰীৰ আৰু ইয়াৰ মাজত এটা বিশেষ আধ্যাত্মিক সম্পৰ্ক আছে|মৰণশীল মানুহৰ জীৱনৰ লগত এই সম্পৰ্ক অতি ক্ষন্তেকীয়া|এই সম্পৰ্ক অব্যাহত থাকে যেতিয়ালৈকে মানুহ জীয়াই থাকে, মৃত্যুৰ পিচত এই সম্পৰ্ক বন্ধহৈ যায়|শৰীৰৰ প্ৰতিটো উপাদান তাৰ মৌলিক অৱস্থালৈ উভতি যায়, অৰ্থাৎ শৰীৰ ধূলিৰ জগতলৈ আৰু আত্মা আধ্যাত্মিক জগতলৈ গতি কৰে|মৃত্যু কেৱল অৱস্থাৰ সলনি মাথোন, শৰীৰৰ পৰা পৃথক হোৱাৰ পিচত আত্মাই আধ্যাত্মিক জগতত উপস্থিতি লৈ অগ্ৰসৰ হয়|এইটো এনেকুৱা এটা অৱস্থা যে পৃথিবীৰ বৈচিত্ৰপূৰ্ণ পৰিবৰ্তন আৰু ঘটনা প্ৰবাহে তাৰ ওপৰত কোনো প্ৰভাব পেলাব নোৱাৰে|মৃত্যুৰ পিচৰ জীৱন কেনেকুৱা হয় তাক আমি বৰ্ণনা কৰিবলৈ অসমৰ্থ|এই জ্ঞান কেৱল সৃষ্টিকৰ্তা ওচৰত হে আছে|মানৱ জাতিৰ সৃষ্টিৰ এটা উদ্দেশ্য হৈছে সৃষ্টিকৰ্তাক জানিবলৈ আৰু তেওঁৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম কৰি তোলা |সকলো পবিত্ৰ গ্ৰন্থ আৰু তত্ত্বগধূৰ শাস্ত্ৰবোৰেও নিঃসন্দেহে সেই লক্ষ্যৰেই প্ৰমাণ বহন ক ৰে|সৃষ্টিকৰ্তাই মানুহক তেঁওৰ কাম আৰু গুণ প্ৰদান কৰে|মানুহৰ ক্ষমতা সুপ্ত হৈ থাকে, সেইবোৰ কেৱল শিক্ষা আৰু আধ্যাত্মিক জ্ঞানৰ সহায়তহে বিকশিত কৰিব পাৰে|

আধ্যাত্মিক শিক্ষাৰ জৰিয়তেহে আমাৰ মাজত লুকাই থকা শক্তিসমুহক প্ৰকাশ কৰিব পাৰি|যি জনে সৰ্বোত্তম সৃষ্টিকৰ্ত্তাক জানিব পাৰিছে বা অনুভৱ কৰিব পাৰিছে তেওঁ ভক্তিপুৰ্বক অৱস্থা আৰু চিৰন্তন সুখ লাভ কৰে|সৃষ্টিকৰ্তাক চিনি পাবলৈ অকৃতকাৰ্য্য হোৱাজনে দূৰৈত চিৰন্তন অনুতাপ ভোগ কৰি থাকি নিজকে এটা যন্ত্ৰনাময় জীৱনলৈ ঠেলি দি আধ্যাত্মিক জ্ঞানৰ পৰা লাহে লাহে আঁতৰি যায়|পৃথিৱীত জীয়াই থকাৰ বাবে উপযোগী কৰি তুলিবলৈ মানুহক উপযুক্ত শক্তি আৰু কৰ্ম্মক্ষমতা প্ৰদান কৰা হৈছে|আত্মা হৈছে সৃষ্টিকৰ্তাৰ চিহ্ন স্বৰূপ|আজি মানুহ যিমানে শিক্ষিত আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন নহওক কিয় এই ৰহস্যৰ তত্ত্ব জানিবলৈ সক্ষম হোৱা নাই|পৃথিৱী আৰু তাত থকা জীৱন্ত আৰু গতিশীল সকলোবস্তুৰ ভিতৰত মানুহে অকল এই মহৎ কাৰ্য্যৰ বাবে উপযোগী বুলি সৃষ্টিকৰ্তাই বিবেচনা কৰি সকলো দায়িত্ব অৰ্পণ কৰিছে|

কাৰণ মানুহেই অমূল্য জ্ঞানৰ ভৰাল, শিক্ষাই এই জ্ঞানৰ ভৰালক উম্মুক্ত কৰিব পাৰে আৰু মানৱ জাতিক উপকৃত কৰাৰ বাবে এই জ্ঞানৰ পৰিসীমা বিস্তাৰ কৰিব পাৰে|এই পবিত্ৰ আধ্যাত্মিক কথাবোৰ মানুহৰ অন্তৰত স্পন্দিত হয় যাতে ক্ষমা, দয়া, উদাৰতা আদিয়ে মানৱ সমাজক আলোকিত কৰিব পাৰে |পাপীক ক্ষমা কৰা উচিত, যাতে সি অনুতপ্ত হৈ আধ্যাত্মিক চিন্তাৰে নিজৰ উন্নতি সাধন কৰি আত্মপ্ৰচেষ্টাৰে এটা নতুন জীৱনৰ পাতনি মেলিব পাৰে|ক্ষমা কৰাজনে তাৰ বাবে কোনো অনুতপ্ত হোৱা উচিত নহয়|শৰীৰৰ পৰা আত্মাৰ বিয়োগ ঘটাৰ অন্তত ই কেনেকুৱা অৱস্থান কৰে এইটো মানৱ জাতিৰ বাবে আজিও ৰহস্য!কিন্তু মানুহৰ বিশ্বাস, ই এনেকুৱা এটা স্থান পায় যিটো লিখনি বা কথাৰে বৰ্ণনা কৰিব নোৱাৰি|এই পৰম সুখাত্মক দিন সকলোৰে বাবে সংৰক্ষিত আৰু পবিত্ৰ আধ্যাত্মিক দৃষ্টিত ই উন্মুক্ত|পৃথিৱীত আমাৰ এই জীৱনটো, অনন্ত জীৱনৰ এটা ক্ষুদ্ৰ অংশহে|এইটো জানি বুজি আমি সকলোৱে এক উদ্দেশ্যপূৰ্ণ ভাৱে আৰু অধ্যাৱসায়েৰে জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজকেই তাৰবাবে প্ৰস্তুত কৰি লব লাগিব|

আমাৰ দৃষ্টি হওঁক পবিত্ৰ আৰু আমাৰ অন্তৰ হওঁক প্ৰজ্বলিত”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক