আত্মা, ধৰ্ম আৰু চিকিৎসা বিজ্ঞান ( কৰুণা ফুকন)

(বহুতে মৃত্যুৰ প্ৰথম অৱস্থাত অতি সুখহে অনুভৱ কৰে৷ ডাক্তৰে বা আন কোনোবাই তেওঁক মৃত বুলি ঘোষণা কৰা তেওঁ শুনে৷ তাৰ পিচত তেওঁ বহুতো শব্দ শুনে, যেনে ঘন্টা বজোৱাৰ নিচিনা, বতাহৰ হোঁ হোঁৱনিৰ দৰে শব্দ আদি৷ কেতিয়াবা ধুনীয়া সংগীতো শুনে৷ শব্দ শুনাৰ লগে লগে তেওঁ যেন এটা অতি আন্ধাৰ সুৰুঙাৰে অতি বেগেৰে গৈ আছে- এনে ভাব হয়৷)

জন্মৰ পিচৰ পৰাই এজন মানুহৰ মাজত সৃষ্টি হোৱা “মই” ভাবটো (the conception of self) মৃত্যুৰ লগে লগে শেষ হয় নে নহয়, সেইটো এটা ডাঙৰ প্ৰশ্ন ৷ অতীজৰ জ্ঞানীসকল, ধৰ্মগ্ৰন্থসমূহে ঘোষণা কৰি আহিছে যে মানুহৰ শৰীৰৰ ভিতৰত থকা আত্মা অমৰ৷ আত্মা ওলাই গ’লেই মানুহক মৃত বুলি ঘোষণা কৰা হয়; কিন্তু মানুহজনৰ “মই” ভাবটো থাকি যায়৷ এই চেতনাই আত্মা৷ আত্মাই আন মানুহৰ সতে যোগাযোগ কৰিব নোৱাৰে৷ আজান পীৰৰ মতে মানুহৰ দেহটো এটি সজা আৰু আত্মাটো ময়না চৰাই৷ চৰাই উৰি গ’লে সজাৰ কাম নাই৷
মানৱ দেহটো এটা কম্পিউটাৰৰ সতে ৰিজাব পাৰি৷ কম্পিউটাৰৰ বিভিন্ন অংগবোৰে সংঘবদ্ধ হৈ আচৰিত আৰু তীক্ষ্ম বুদ্ধিসম্পন্ন কাম কৰিব পৰাৰ দৰে মানুহৰ শৰীৰটোৱে কৌটি কৌটি স্মায়ু, ৰক্তবাহী নলী আৰু বাকী অংগবোৰৰ সহায়ত অকল্পনীয়ভাৱে নিখুঁত আৰু ক্ষীপ্ৰগতিত কাম কৰিব পাৰে৷ মানুহৰ মগজুৰ দৰে কম্পিউটাৰ এটাৰ CPU থাকে৷ এফালৰ পৰা চাবলৈ গ’লে মানুহৰ দেহটো এটা মেচিন৷ কিন্তু আন যিকোনো মেচিনতকৈ ইয়াৰ মূল পাৰ্থক্যটো হৈছে “মই” (Self) ভাবটো৷ মেচিনৰ “মই” ভাব নাথাকে৷ এটি কম্পিউটাৰ যিদৰে বিদ্যুৎ প্ৰবাহ নহ’লে নচলে, বা বিদ্যুৎ প্ৰবাহ বন্ধ হ’লে কম্পিউটাৰটো বন্ধ হৈ যায়, ঠিক তেনেদৰে মানুহৰ দেহৰ চালিকা হৈছে তেজ বা ৰক্তপ্ৰবাহ৷ কলিজাটো মানুহৰ UPS। কলিজা স্তব্ধ হ’লে মানুহৰ দেহত ৰক্তপ্ৰবাহ বন্ধ হয় আৰু মানুহজনক মৃত বুলি কোৱা হয়৷ যিদৰে এবাৰ বন্ধ হৈ যোৱা কম্পিউটাৰটোত বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ই পুনৰ চলি উঠে, তেনেদৰে কিন্তু মৃত মানৱ দেহত পুনৰ ৰক্ত প্ৰবাহিত কৰিলে মানুহজন জী নুঠে (ই অসম্ভৱও)৷ কম্পিউটাৰৰ অংগবোৰ ধাতুৰে নিৰ্মিত বাবে ব্যৱহাৰ হৈ নাথাকিলেও সেইবোৰ ক্ষয় নহয়। কিন্তু মানুহৰ জৈৱিক কোষবোৰ ৰক্তপ্ৰবাহ বন্ধ হ’লে মৰি যাব ধৰে৷ কম্পিউটাৰৰ parts বোৰৰো নিশ্চিতভাৱে আয়ুসকাল আছে৷ মানুহৰ ক্ষেত্ৰত কোষবোৰৰ আয়ুসকাল (ৰক্তপ্ৰবাহ বন্ধ হোৱাৰ পিচত) দুৰ্ভাগ্যৱশত: খুব কম৷ চকুৰ কৰ্নিয়া এজন মানুহৰ মৃত্যুৰ ৬ ঘন্টাৰ পিচলৈকে বাচি থাকে৷ সেই কালছোৱাৰ ভিতৰত মৃত মানুহজনৰ কৰ্নিয়া আন জীৱিত মানুহৰ চকুত সংস্থাপন কৰিলে অৰ্থাৎ মৃত মানুহজনৰ কৰ্নিয়াৰ মাজেৰে পুনৰ ৰক্তপ্ৰবাহ সঞ্চালন কৰিলে সি পুনৰ কাৰ্যক্ষম হৈ উঠে৷ কিন্তু কৰ্নিয়াৰ দৰে শৰীৰৰ বাকীবোৰ কোষ বেছি সময় বাচি নাথাকে৷ চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতি হৈছে৷ অদূৰ ভৱিষ্যতে যদিহে মৃত শৰীৰ অধিক সময় সতেজ বা কোষবোৰ বচাই থ’ব পৰা যায়, তেন্তে কৃত্ৰিম ব্যৱস্থাৰ দ্বাৰা current অৰ্থাৎ ৰক্তসঞ্চালন কৰিলে মৃত লোক আকৌ বাচি উঠিব পাৰে৷ কিন্তু এই ব্যৱস্থাটো accident হৈ মৃত হোৱা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ Accident হ’লে শৰীৰৰ অংগক্ষয় হয়৷ যিদৰে কুঠাৰ মাৰি ভাঙি পেলোৱা কম্পিউটাৰ বিদ্যুৎ সঞ্চালনে অন কৰিব নোৱাৰে, তেনেদৰে accident হোৱা মানুহক ৰক্তসঞ্চালনৰ দ্বাৰা জীয়াই তুলিব দিফিব্ৰিলেটৰ (defibrillator), হাৰ্টলাং মেচিন আদি অত্যাধুনিক ব্যৱস্থাৰ দ্বাৰা আজিকালি মৃত বুলি ঘোষণা কৰিব পৰা ৰোগীকো পুনৰ জীৱিত কৰিব পৰা গৈছে৷ অপাৰেচনৰ সময়ত সংজ্ঞাহীন কৰিবৰ সময়ত, হাৰ্ট-এটেকৰ সময়ত বা কোনো দুৰ্ঘটনাত পতিত লোকৰ হঠাৎ হৃদপিণ্ড বন্ধ হৈ যাব পাৰে৷ তেনে ৰোগীক কেতিয়াবা ২০ মিনিট বা আধা ঘন্টাৰ পিচতো পুনৰজীৱিত কৰা সম্ভৱ হৈছে৷ এনেদৰে পুনৰজীৱিত হোৱা কিছুমান মানুহে জ্ঞান পোৱাৰ পিচত তেওঁলোকৰ মৃত অৱস্থাত হোৱা কিছুমান অভিজ্ঞতা বৰ্ণনা কৰে৷ বিশ্ববিখ্যাত মনোবিজ্ঞানী ডা: ৰেণ্ডম মুডীয়ে এনে ১৫০জন Death Experienced মানুহক লৈ এটা অধ্যয়ন কৰে৷ মৃত্যুৰ সময়ত হোৱা অভিজ্ঞতাবোৰ সাধাৰণতে এনেধৰণৰ- বহুতে মৃত্যুৰ প্ৰথম অৱস্থাত অতি সুখহে অনুভৱ কৰে৷ ডাক্তৰে বা আন কোনোবাই তেওঁক মৃত বুলি ঘোষণা কৰা তেওঁ শুনে৷ তাৰ পিচত তেওঁ বহুতো শব্দ শুনে, যেনে ঘন্টা বজোৱাৰ নিচিনা, বতাহৰ হোঁ হোঁৱনিৰ দৰে শব্দ আদি৷ কেতিয়াবা ধুনীয়া সংগীতো শুনে৷ শব্দ শুনাৰ লগে লগে তেওঁ যেন এটা অতি আন্ধাৰ সুৰুঙাৰে অতি বেগেৰে গৈ আছে- এনে ভাব হয়৷ তেওঁ যেন নিজা শৰীৰৰ পৰা বেলেগহে ওলাই আহিল৷ তেওঁৰ নিজকে এইবাৰ তেওঁ মৃত্যু হোৱা কোঠালিটোৰ চিলিঙৰ তলত উপঙি থকা যেন লাগে৷ তেওঁৰ যেন কোনো ওজনেই নাই৷ তেওঁ নিজৰ শৰীৰটো দূৰৰ পৰা দেখে৷ ডাক্তৰ বা তেওঁৰ সম্বন্ধীয় মানুহে তেওঁৰ শৰীৰটো পুনৰজীৱিত কৰিবলৈ চেষ্টা কৰি থকা তেওঁ দেখে৷ তেওঁ সকলো দেখি থাকে৷ তেওঁ মানুহবোৰক কিবা ক’লেও কোনেও নেদেখে৷ কাৰোবাৰ হাতত ধৰি বাধা দিব খুজিলেও তেওঁ ধৰিব নোৱাৰে৷ তেওঁক কোনেও নেদেখে৷ তেওঁ জানে যে তেওঁৰ এটা নতুন শৰীৰ আছে৷ শৰীৰটো ডাৱৰৰ দৰে বা কুঁৱলীৰ দৰে স্বচ্ছ নাইবা আইনাৰ দৰে৷ নতুবা তেওঁৰ আগৰ শৰীৰটোৰ দৰেই৷ তেওঁ এৰি থৈ অহা শৰীৰটো দেখে আৰু ভাবে যে সেইটো তেওঁৰ শৰীৰ- তাতে পৰি আছে৷ তেওঁ বুজে যে তেওঁ মৰিল৷ তেওঁৰ দুখ লাগে- অসহায় অৱস্থাত পৰে৷ এতিয়া তেওঁ কি কৰা উচিত? অলপ পিচতে তেওঁ দেখে যে তেওঁক সহায় কৰিবলৈ আগতে মৃত্যু হোৱা তেওঁৰ পৰিয়ালৰ সদস্যসকল বা বন্ধুসকল আহিছে৷ তেওঁলোকে আনন্দ কৰে যেন এটা ভাল কামহে হৈছে৷ তেওঁ যেন ঘৰলৈ উলটি গৈছে৷ তেওঁ নিজেও এটা বিমল আনন্দ, সুখ আৰু পৰিতৃপ্তি অনুভৱ কৰে৷ মৃতকে এটা পোহৰ দেখে৷ প্ৰথমতে পোহৰটো সিমান উজ্জল নহয়৷ পিচত ইমান উজ্জল হয় যে তেওঁ তেনেকুৱা উজ্জল পোহৰ ক’তো দেখা নাই৷ পোহৰটোৱে তেওঁৰ চকুত নধৰে, নোপোৰেও৷ ই বৰ আনন্দদায়ক৷ তেওঁ বুজে যে পোহৰটো কোনো এক ব্যক্তি৷ পোহৰটোৱে তেওঁৰ সতে কথা পাতে৷ কিন্তু শব্দৰে নহয়, ভাব বিনিময়েৰে৷ পোহৰটোৱে তেওঁক সোধে-“তুমি মৰিবলৈ সাজুনে? জীৱনটোত তুমি কি কৰিলা?” তাৰ পিচত তেওঁক তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনৰ ঘটনা বা তেওঁ কৰা কামবোৰ দেখুৱাই দিয়ে৷ মৃতকে জীৱিত কালত কৰা ভাল বেয়া সকলো কামবোৰ, জীৱনৰ সকলো ঘটনাস্থলী পুংখানুপুংখৰূপে প্ৰতিফলিত হয়৷ মিছা মাতিবৰ কোনো উপায় নাথাকে৷ ইয়াৰ পিচত মৃত ব্যক্তিজনে কিবা এটা সীমা পায়, যেনে- এখন বেৰা, এডাল ৰেখা আদি৷ এজন Death Experienced য়ে কৈছিল যে তেওঁ এখন নাওত উঠি এটুকুৰা পানী পাৰ হৈ যাবলৈ ওলাইছিল৷ নাৱৰ পৰা তেওঁ সিপাৰে তেওঁৰ আগতে মৃত্যু হোৱা পৰিয়ালৰ লোকসকল আৰু বন্ধুবৰ্গক দেখিছিল৷ তেওঁলোকে তেওঁক আগ্ৰহেৰে মাতিছিল৷ তেওঁ পিছে ঘূৰি আহিল৷ এই সীমাবোৰ পাৰ হ’লে আৰু ঘূৰি নাহে৷ আচৰিতভাৱে Death Experienced সকলৰ এই বক্তব্যবোৰ সকলো ধৰ্মগ্ৰন্থৰ ধাৰণাবোৰৰ লগত সাদৃশ্য আছে৷
মানুহে মৰিব নুখুজে৷ কিন্তু দুৰ্ভাগ্যৱশত: মানুহৰ জীৱনটো বৰ চুটি৷ মৰাৰ পিচতো যদি “মই” বোলা অস্তিত্বটো থাকে, তেন্তে ই মৃত্যুভয় বহু পৰিমাণে কমাই দিয়ে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments