আত্মিক (নিতুমণি চেতিয়া)

আত্মিক

নিতুমণি চেতিয়া

এটা গোন্ধ
ঠিক যেন নেমুফুলৰ দৰে
গৰখীয়া ফুল বুটলোঁতেই
তেজৰ সোঁতেদি উজাই আহি
বহুতো পৰিক্ৰমা পাৰ কৰিলে
বিষণ্ণ পৃথিৱীৰ হৰ্ষিত জোন যেন
সেই গোন্ধে মোৰ ৰূপ-বৰ্ণ-বাকৰি পথাৰখন
চহাই মৈয়াই
কি এই গোন্ধ
যি শঙ্খধ্বনিৰ দৰেই নিৰাময় কৰে
সকলো কলুষতাৰ জড়
মোক মই হৈ থাকিবলৈ
আত্ম প্ৰশস্তিৰ মন্ত্ৰেৰে মুগ্ধ
কৰি ৰাখে এই গোন্ধেই
তেজৰ সোঁতৰ পৰা আত্মালৈ
প্ৰসাৰিত এই আত্মিক গোন্ধে
ঠিক নেমুফুলৰ দৰেই
খোলা খিৰিকীৰে ওলাই-সোমাই
সৰ্বদা জীপাল কৰি ৰাখিছে মোক …. !!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক