আত্মীয় ৰঞ্জু শৰ্মা

 

ক্ৰমান্বয়ে ম্লান হৈ অহা পোহৰখিনিৰ স’তে সমগ্ৰ গাওঁজুৰি তেতিয়া আগন্তুক সন্ধিয়াটো আদৰাৰ প্ৰস্তুতি৷ চাৰিওদিশে ঘৰমুৱা পখীৰ চঞ্চল কোলাহ’ল৷ ঘন সেউজীয়া বাৰীৰ মূধচবোৰ চেৰেক –চেৰেক, কিচিৰ -মিচিৰ শব্দ কিছুমানেৰে মুখৰিত হৈ পৰিছে৷ কৰ্মব্যস্ত দিন এটিৰ অন্তত প্ৰিয়জনৰ স’তে ডেউকাৰ উম লৈ কটোৱা এটি অলস নিশাৰ বাবে যেন আটায়ে ব্যকুল৷ বাঁহনিখনৰ তলেৰে যোৱা ঠেক কেঁচা বাটবোৰো ব্যস্ত৷ ঘৰমুৱা গৰুজাকৰ টিলিঙাৰ টুং-টাং কৈ বজা মিহি মিহি শব্দবোৰৰ স’তে দুই এখন পাতি চাইকেলৰ শব্দ ল’গ হৈ এইয়া কি যে এক সুমধুৰ সৈন্ধ্যাৰাগ! ! একান্ত বাধ্য সন্তানবোৰৰ দৰেই গৰু-ছাগলীবোৰ নিজ নিজ ঘৰৰ পদূলিৰে সোমাই গৈছে৷ কোনোবা আচিন উৎসৰ পৰা ভাহি অহা সুগন্ধি ধোঁৱাৰ সুৱাহ এটি বাটটোৰ ইমুৰৰ পৰা সিমুৰলৈকে বিয়পি পৰিছে৷

এই বাটটোৰে মই ইমানপৰ খোজ কাঢ়ি আহি আছোঁ৷ বাটটোৰ একেবাৰে শেষৰ ঘৰটোলৈ এতিয়াও কিছুদুৰ বাকী৷ সমাজে এই ঘৰটোৰ মানুহবোৰৰ বিষয়ে বহু কথা কয়, কোনোৱে বদনাম কৰে, কোনোৱে ইছ-আছ কৰে, কোনোৱে কথাখিনি কৈ হুমুনিয়াহ কাঢ়ে৷ কথাবোৰ কিমান সত্য নাজানো, বিশ্বাস কৰিবলৈকো সত নাযায়, অথচ নকৰিবলৈও কোনো যুক্তি বিচাৰি নাপাও৷ বতাহত উটি ফুৰা ফুৰফুৰীয়া কথাবোৰে খোছা-বিন্ধা কৰি মনটো মাথো বিষাই তোলে৷

মোৰ চিনাকি আপোন গাওঁ এইখন, মোৰ প্ৰিয়জনৰ ঘৰ সেইটো, যাৰ স’তে এটা সময়ত মোৰ আত্মিক সম্পৰ্ক আছিল৷ বাটটোৱেদি ক্ৰমান্বয়ে আগবাঢ়ি যোৱাৰ ল’গে ভাল লগা স্মৃতিবোৰে নিজে নিজে আহি চিনাকি দিলেহি৷ শেৱালি.. মোৰ মনত ঢৌ খেলি যোৱা এটি নাম৷ মোৰ শৈশৱৰ বুকুৰ এফাল সখি শেৱালি৷ ৷ ৰাতিপুৱাৰে পৰা গধূলিলৈকে প্ৰায় একেল’গে ফুৰা, খেলা, খোৱা সকলো৷ বন্ধবোৰৰ শেষত যেতিয়া মামাহ’তে মোক ঘৰলৈ থবলৈ নিছিল আমি দুইটাৰে কি যে কন্দা-কটা চিঞৰ-বাখৰ, বগৰা-বগৰি! ! যেন শৰীৰ আৰু আত্মাক; এটাক আনটোৰ পৰা পৃথক কৰা হৈছে৷

দুৰ্দান্ত সাহসী প্ৰাণচঞ্চল ছোৱালীজনীৰ যেন কোনো দুখেই নাছিল৷ শেৱালিৰ সকলোৰে স’তে মিতিৰালি৷ নৈ..বতাহ ..আকাশ, পানী, বাঁহনি, পথাৰ, সকলো যেন তাইৰ বুকুৰ আপোন৷ দুপৰ নিশা সুবাস বিয়পোৱা এপাহি শুভ্ৰ ফুলৰ দৰেই আছিল শেৱালি যাৰ সান্বিধ্যত চহৰীয়া মইজনীয়ে অলপ উশাহ লৈছিলো৷
এইখন যদিও মোৰ মামাৰ গাঁও, প্ৰটিতো বন্ধত, পূজাত, বিহুৰ সময়ত শেৱালিৰ ঘৰখনেই আছিল মোৰ বাবে বেছি আপোন৷ এটা সময়ত মামাৰ ঘৰখন গাঁওখনৰ পৰা উঠি গৈ চহৰ পালেগৈ, দেউতাৰ চাকৰিৰ স’তে আমিও অনাই বনাই ঘূৰি ফুৰিলো৷ শেৱালিৰ স’তে কটোৱা মুহূৰ্ত্তবোৰ ক্ৰমান্বয়ে সোণোৱালী স্মৃতিৰ পৰা ধূসৰ অতীত হ’ল৷ আজি প্ৰায় পোন্ধৰ বছৰৰ পিছত গাওঁখনলৈ অহা সুযোগকণ পাই পোনে পোনে এইয়া শেৱালিৰ ওচৰলৈকে ঢপলিয়াই আহিছো৷ এবাৰ তাইক চাব পৰা হলে, এবাৰ তাইৰ মুখৰ মাত এষাৰ পোৱা হ’লে! গাঁওখনে কৈ থকাৰ দৰে শেৱালি বাৰু সচাঁকৈয়ে সলনি হৈ গল নেকি? …

ব্যাকুলতাখিনি মনতে সামৰি থৱলৈ যাওঁতে কব নোৱাৰাকৈয়ে মোৰ খোজবোৰ খৰ হৈ পৰিল৷ শেৱালি আৰু মোৰ সোণোৱালী শৈশৱৰ ৰোমন্থনে কেতিয়া আহি সিহঁতৰ পদূলি পোৱালেহি গমেই নাপালো৷ নঙলামুখত থিয় হৈ এপলক ঘৰটোলৈ চালো৷

ঠাইখিনি এতিয়াও একেই আছে৷ মুগাবৰণীয়া খেৰৰ চালখন, বোকা মাটিৰে লেপ দিয়া কেঁচা বেৰকেইখন, চোতালখন, গোৱৰৰ লেপ দিয়া কেঁচা কাথিখন, কাথিখনলৈ উঠা শিলচটা, চুকৰ পাৰবাহকেইটি, যেন এখন বহু পুৰণি তৈলচিত্ৰ৷ যিমান পুৰণি হ’লেও য’ত থাকে এক সদ্যসমাপ্তিৰ আভাস৷ আগচোতালৰ সেই আমলখিজোপা, তাৰ তলতেই সৰুকৈ এটি ভৰাল৷ ঘৰটোৰ সীমাৰ ফাললৈ থকা নাৰিকল কেইজোপা মাথোঁ ডেকা হ’ল৷ নাজানো কিয় মনতে সাহ এটি হ’ল..নাই শুনি অহা কথাবোৰ মিছা, শেৱালি সুকলমে আছে৷
‘শেৱালি’…. বুলি মাতষাৰ মাতিবলৈ গৈও মই ৰৈ দিলো৷ পোণে পোণে শেৱালিক বিচৰাটো উচিত হ’ব নে নাই জানো? ভিতৰৰ পৰিবেশটো বা এতিয়া কেনে? .
কথাবোৰ যিমানেই ভাৱিছো সিমানেই মোৰ উৎকণ্ঠা বাঢ়ি গৈ আছে৷ … অগত্যা চোতালখনৰ পৰাই মই এবাৰ দুবাৰ শেৱালিৰ মাককে মাত লগালো৷ নাই ঘৰটোৰ বাহিৰ ভিতৰ তেনেই নিঃসাৰ হৈ আছে৷ এক মুহুৰ্ত্ত চোতালখনত ঠিয় দিয়াৰ পিছত মই কাথিখনলৈ উঠি গলো৷ পিছচোতালৰ পৰা ভাহি অহা ফুচ-ফুচনি কিছুমান আহি কানত পৰিল৷ মাজে মাজে খিক খিক কৈ চেপা হাঁহি এটি দুটি৷

ঃ কাজলী, এই আন্ধাৰ হোৱালৈ তোৰ ঘৰলৈ উভতিবলৈ খৱৰ নাই হয়নে? মনলৈ কিমানযে বেয়া বেয়া চিন্তাবোৰ আহি থাকে নাজান হবলা? তই যে একেবাৰে বনৰী জনী হৈ উঠিছ? আজিও হাবিখন পাৰ হৈ সিপাৰৰ গাঁৱলৈ গৈছিলি হয়নে? .কিমানদিন বাধা দিলো, নাই তোৰ সেই বদস্বভাৱবোৰ নাযায় আৰু?
কিছুসময়ৰ নীৰৱতা, …মাজে মাজে খুত খাত শব্দ৷ ভাল লগা গোন্ধ এটাই খোলা দুৱাৰ খিৰিকি যেনিয়ে পাৰে তেনিয়ে আহি মোৰ নাকতে হেচা মাৰি ধৰিলেহি৷ শুকান বাহপাত পোৰা গোন্ধ৷ বহু পুৰণি মোৰ চিনাকি গোন্ধ৷ গধূলিৰ গাঁও এখনৰ নিজা গোন্ধ এইয়া৷

পিচফালৰ পৰা অহা নাৰীকণ্ঠটো কাৰ মই বুজিবলৈ চেষ্টা কৰিলো৷ কোন হ’ব পাৰে বাৰু সেইয়া? শেৱালিৰ মাতৰ লগত ইমান যে মিল! নে বৌৱেকৰ? ছোৱালীজনীক ডবিয়াই আছে হবলা৷ ….কিমান বা ডাঙৰ হ’ল৷ মইতো তাইক সেই তিনমহীয়া কেচুৱা থকাতে দেখা৷ শেৱালি আৰু মোৰ হাবিয়ে বনে অনাই বনাই খেলি থকাৰ বয়সতে৷ সেই অকণমানিজনীয়ে হ’ব চাগে৷ এতিয়ালৈ এয়া মাকৰ গালি খাব পৰা হৈও গ’ল দেহি৷

ঃ কি মই কেনেকৈ জানিলো? …মই হবলা খবৰবোৰ নাৰাখো বুলি ভাবিছ? …সৌ বাপধনে তোক বাটতে দেখি আহি মোক খৱৰ দিছেহি৷ সেই মতা কেইটাৰ মোহত বাৰে প্ৰতি সেইখন গাৱলৈ ঢাপলি মেলিবলৈ তোৰ লাজ নালাগেনে বাৰু? হেৰৌ মৰতী কিমানদিন কৈছো এইখন তোৰ মোৰ দৰে অবলা জীৱৰ ঠাই নহয়৷ ইয়াত যে দেখিছ, এইবোৰ মানুহ নহয় নৰখাদক বুইছ’৷ সুবিধা পালেই জপটিয়াই ধৰি হাড়ে মুৰে চোবাই খাব গম পাবি বাপ্পেকে! ….
নাৰীকণ্ঠটো খঙত ফোপাইছে৷ … এইবাৰ সেই কঠিন মাতখিনি অলপ নৰম হ’ল…
ঃ ফুটুকী অ’ মুখখন ওলোমাইছ কিয় অ’ আইজনী৷ যা সৌ কঠালজোপাৰ তলতে পেচাব-পাইখানা কৰি লগৈ, মই তহতলৈ খোৱা যোগাৰ কৰি আছো৷ আজি পিছে তোৰ ওপৰতো মোৰ অলপ খঙ নুঠা নহয়৷ এই কাজলীজনীৰ ওপৰত তোক অলপ নজৰ ৰাখিবলৈ কোৱা নাছিলোনে? এইজনী আজি আকৌ সেই সিপাৰৰ গাওখন পাইছেগৈ৷ এই কেতিয়াবা আমাৰ আটাইৰে নাক কাণ কটাই আহিবগৈহে দেখিছো৷ …
আৰু কিছু সময়ৰ মৌনতা৷ গালি পাৰোতাজনে অনৰ্গল বকিয়েই আছে, বকিয়েই আছে, শুনোতাজনে চাগে ভয়তে কোচ-মোচ খাই মুৰ তল কৰি শুনি গৈছে মাথো৷ নিমাতে, একান্ত বাধ্য ছাত্ৰৰ দৰে৷

পিছ-চোতালখন ইমাননো ব্যস্তনে? অত’পৰে আলহি আহি ৰৈ আছোহি অথচ কাৰো খবৰেই নাই৷ … এক মুহুৰ্ত ৰৈ মই আৰু অকণ আগুৱাই গলো৷ মানুহ বহা কোঠাটোৰ বাঁহৰ দুৱাৰখন কানিদুৱাৰিকৈ থোৱা আছিল, ঠেলি দিওতে কেৰেককৈ শব্দ এটি হ’ল৷ ভিতৰখনত লেম-চাকি একো এটা নাই, গধূলিটোও ইতিমধ্যে শেষ হ’ল৷ ৰাতিৰ আন্ধাৰখিনি যেন ঘৰটোৰ কোঠাবোৰলৈ নিৰ্বিঘ্নে বিয়পি পৰিছে৷ …

ঃ আইজনী কাজলী ও, খা আই খা৷ , গপটো ধৰি নাথাকিবি৷ ..চা –চোন চা, ভনীয়েৰা কেইজনীয়ে কিমান ধুনীয়াকৈ মচি মচি থালবোৰ চাফা কৰিছে৷ কণমানি ভায়েৰে চাৰিটাও টোপনিয়ে গ’ল৷ সোণকালে শেষ কৰ আই৷ মোৰ আৰু ঢেৰ কাম আছে নহয়৷ ঘৰটো তেনেই অন্ধকাৰত ডুব গৈ আছে৷
প্ৰত্যুত্তৎ অস্ফুট গেঙনি এটি ভাঁহি আহিল…৷ আদৰৰ কথাকেইষাৰিয়ে চাগে ভেমবোৰ গলাই তেনেই পানী কৰি দিলে৷ ..

শব্দবোৰৰ উৎস বিচাৰি মই আৰু অলপ ভিতৰলৈ সোমাই গ’লো৷ পিছ-চোতালখনলৈ যোৱা বাটটো মোৰ পুৰণি চিনাকি৷ এই এখন মাথো দুৱাৰ৷ ওখ ভেটিটোৰ পৰা দ’ চোতালখনলৈ নামি যাবলৈ সুবিধা হোৱাকে দুৱাৰখনৰ তলতেই এছটা শিল৷ অকনো খোকোজা নলগাকৈ মই শিলছটালৈ ভৰিখন নমাই দিলো৷ আচৰিত! ইমান বছৰ পিছতো মই এই ঘৰখনৰ একো কথাই পাহৰা নাই! ! ..

চোতালখনৰ এচুকত এঙাৰ ফুৱাই জ্বলি আছে একুৰা জুই৷ জুইখিনিৰ পৰা মাজে মাজে দুই এচাটি ফিৰিঙতি উৰি যায়, আকৌ নিজাম পৰে৷ ..ওচৰতে ক’লা হৈ পৰি থকা ছাইবোৰ দেখিলে বুজিব পাৰি, অলপ আগলৈকে এইকুৰা জুইয়ে ই দপদপাই জ্বলিছিল৷ এতিয়া ধোৱা আৰু ফিৰিঙতিৰ মাজত ভাগৰ জিৰাইছে৷

ভৰিপতাদুখনৰ পৰা মোৰ মুৰলৈ অদ্ভুট শিহৰণ এটি বগুৱা বাই উঠি আহিল৷ জুইকুৰাৰ ওচৰত ধোৱালেতীয়া বগা সাজেৰে বয়সস্থ যেন লগা মানুহজনী শেৱালি৷ অবিন্যস্ত একোচা পখৰা চুলিৰে গোটেই মুৰ ঢকা৷ জুইকুৰাৰ পোহৰত মই স্পষ্টকৈ দেখিছো তাইৰ নিস্প্ৰভ মুখমণ্ডল৷ অবিন্যস্ত চুলি, মলিয়ন গা আৰু উকা কপালেৰে এইজনী মোৰ অচিনাকি শেৱালি৷ মানুহজনীয়ে গাই এজনীক সাৱটি ধৰি আলফুলে মৰম কৰি আছে৷ মানুহজনীৰ মাতটো এবাৰ আৱেগিক হৈ পৰে, পিছ মুহুৰ্ততে আকৌ খঙত ফোপাই গৰুজনীৰ পিঠিতে কেইঢকামান মাৰে৷ সন্মুখৰ চৰিয়াটোত থকা দানাখিনিত গৰুজনীয়ে মুখ লগোৱা নাই৷ গৰুজনীৰ কানত ফুচফুচাই শেৱালিয়ে কিবা কিবি কৈছে, এবাৰ সেই দানাবোৰ নিজৰ মুখত দিছে, এবাৰ গৰুজনীৰ মুৰটো দানাৰ পাত্ৰটোত হেঁচা মাৰি ধৰিছে৷ .. ওচৰতে আন এজনী গাই৷ একান্তমনে তাই সন্মুখৰ চৰিয়াটোৰ পৰা চুৰুপ চুৰুপকৈ সিজোৱা দানা খাই আছে৷ কাষৰ গঢ়াল এটাত কেইজনীমান হাঁহ৷ ওলমি পৰা পেটকিটাৰে কোনোমতেহে যেন ঠিয় হৈ আছে৷

ঃ কাজলী ও গপ নকৰিবি আই৷ দিনটো ভোকত থাকিছ’, এতিয়া খোৱাখিনি বেগেতে খা৷ চা তোৰ সন্মূখতে ময়ো খাইছো চা৷ …..ফুটুকীয়ে শেষ কৰিলেই৷ …আমাৰ মাইকী মানুহবোৰৰ জীৱন এনেকুৱাই ও৷ মতা জাতিটোৰ আটাইবোৰ একেই৷ প্ৰাণভৰি ভালপোৱাৰ বিনিময়ত আমাৰ মন আৰু শৰীৰ মহতিয়াই থৈ কিমান সহজে সিহঁতবোৰ পৰ হৈ যাব পাৰে৷ আৰু আমি কি কৰো? ..গোটেই জীৱন সিহঁতলৈ কৰা অপেক্ষাৰ হুমুনিয়াহ কাঢ়ো৷ নাযাবি আই, সেই বলধকিটাৰ ওচৰলৈ তয়ো নাযাবি, ময়ো নাযাও৷
শেৱালিক এই অৱস্থাত দেখি অ’তদিনে শুনি অহা কথাবোৰ স্বতঃৰ্স্ফূতভাৱে কান দুখনত আহি হেচা মাৰি ধৰিলে৷
শুনামতে দুখীয়া ঘৰৰ ছোৱালী হ’লেও শেৱালিৰ হেনো এখন আঢ্যবন্ত ঘৰলৈ বিয়া হৈছিল, খুৱ ধুম-ঢামেৰে৷ পিছে বিয়াৰ পিছদিনাই তাইৰ শাহুৱেক ঢুকাল, তাৰ কিছুদিন পিছত শহুৰেকটোও৷ ল’গে ল’গে নতুন কইনাজনীৰ আগে পিছে ‘অসূয়া’ নামৰ অদৃশ্য শব্দকেইটিমান ঘূৰি থাকিবলৈ ধৰিলে৷ তথাপি সময় গৈ আছিল, বিষাক্ত হ’লেও জীৱন জী আছিল তাই৷ পিছে বিয়াৰ এবছৰ পিছত যেতিয়া শেৱালিয়ে মৃত সন্তানটি জন্ম দিলে, এইবাৰ ঘৰখনেই নহয়, গাওঁখনৰ মানুহেই জাঙুৰ খাই উঠিল৷ চৰ, ঢকা, লঠিওৱা-গুৰিওৱাবোৰ প্ৰথমতে ঘৰতেই আৰম্ভ হ’ল, গিৰীয়েকৰ পৰা৷ তাৰ পিছত লাহে লাহে জা, ননদ ইত্যাদি ইত্যাদি….৷ সময়মতে ককায়েক গৈ নোপোৱা হ’লে সেইদিনা শেৱালি আৰু বাছি নাথাকিলহেতেন৷ গাওঁখনৰ মানুহক কোনোমতে বুজাই বঢ়াই ককায়েকে শেৱালিক লৈ আহিল৷ .. সেইদিনাৰ পৰাই শেৱালিৰ নামৰ আগত দাইনী, পিশাচিনী জাতীয় বিশেষন কিছুমানে আহিও লগ লৈছিলহি৷
শূন্য দৃষ্টিৰে মই মাথো সিহঁতকেইজনীলৈ চাই আছো, মুক হৈ সিহঁতৰ কথোপকথন শুনিছো৷ .. এৰা শেৱালি আগৰে পৰাই পৃথক৷ নৈ..বতাহ ..আকাশ, পানী, বাঁহনি, পথাৰ ভাল পোৱা ছোৱালী শেৱালি৷ আপোনবিভোৰ হৈ কথা পাতি থকা প্ৰাণীকেইটিৰ ওচৰলৈ আৰু এখোজো আগবাঢ়ি যাবলৈ মোৰ সাহস নহ’ল৷ …অহা বাটটোৰেই কোবাকুবিকৈ মই বাহিৰ ওলাই আহিলো৷ পদূলিটো পাৰ হৈ কোন মুহুৰ্ত্তত বাট উঠিলোহি নাজানো, মানুহৰ মুখে শুনা ফুৰফুৰীয়া কথাবোৰ মাথো মোৰ মুৰত পাকঘূৰণি খাই থাকিল৷ ..
. ‘আজিকালি শেৱালি পাগল হ’ল, ’..’শেৱালিয়ে মানুহৰ ওচৰলৈ নাহে, ভয় কৰে, ঘৰৰ গৰু-ছাগলী কেইটিৰ লগতে কথা পাতে, সিহঁতৰ লগতে খাই, থাকে শোৱে’…’ এতিয়া আৰু তাই মানুহৰ শাৰীত নাই৷ ‘……
গাঁওখন তেতিয়ালৈ গভীৰ অন্ধকাৰত ডুৱ গৈছিল৷ কোনোবা ভকতে লেনিয়াই লেনিয়াই গোৱা সুৰীয়া শব্দলানি কিছুমান বহুদুৰৈৰ পৰা বতাহৰ স’তে আহি আছিল, গৈ আছিল, …
“ অথিৰ ধন জন..জীৱন যৌৱন
অথিৰ এহু সংসাৰ….৷
আনে নুবুজিলেও মোৰ অন্তৰে ঠিকেই অনুভৱ কৰিলে.. শেৱালিৰ বিষয়ে গাঁওখনে কোৱা কথাবোৰ সঁচা নাছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক