আত্ম-তুষ্টি – (জীতেন্দ্ৰ জীতু শইকীয়া)

আত্ম-তুষ্টি

জীতেন্দ্ৰ জীতু শইকীয়া

(এটি সঁচা ঘটনাৰ আলমত লিখা গল্প)

(১)

ব্যস্ত মহানগৰীৰ উৎকট গৰমৰ এটি আবেলি৷ অফিচৰ পৰা আহি লৰালৰিকৈ গা ধুই চাহ একাপ বনাই চকীখনত বহি ফেচবুকত ব্যস্ত হ’লো৷ “অসমীয়াত কথা বতৰা“ৰ সুন্দৰ লেখাসমূহত চকু ফুৰাই থাকোঁতেই মোৰ ভাড়া ঘৰৰ সংগী অম্লান অলস ভাবেৰে সোমাই আহিল৷ যুদ্ধত পৰাজিত ভাগৰুৱা সৈনিকৰ দৰে বিমৰ্ষ চেহেৰা৷ মুখমণ্ডলত গভীৰ চিন্তাৰ প্ৰলেপ৷ লগত অনা গধুৰ বেগ দুটা মজিয়াত থেকেচা মাৰি থৈ ভৰি হাত মেলি নিজকে দলিয়াই দিয়া দি চকী এখনত বহি পৰিল৷ দৃষ্টি কৰ্কশ শব্দ কৰি ঘূৰি থকা আমাৰ ভাড়া ৰূমটোৰ পুৰণি চিলিং ফেনখনত নিবদ্ধ৷ তাৰ ভাব-ভংগী দেখি কিবা এটা নঘটিব লগীয়া যে ঘটিছে, বুজি পালোঁ৷ দুদিনৰ আগতে সি গাঁৱৰ ঘৰলৈ গৈছিল৷ নতুন কাম এটাৰ বাবে তাক অলপ টকাৰ দৰকাৰ হোৱাত অৱসৰপ্ৰাপ্ত দেউতাকৰ সাঁচতীয়া টকা কেইটাকে আনিবলৈ গৈছিল সি৷ তাক একো নুসুধি চাহ একাপ খাবলৈ দিলোঁ৷ হাতত চাহৰ কাপটো লৈ বহু সময়লৈকে কিবা ভাবিয়ে থাকিল সি৷

“কি হ’ল অ’ তোৰ? মন-চন মাৰি আছ’ যে? অৱশেষত ৰ’ব নোৱাৰি সোধিয়েই পেলালোঁ৷ সি মোলৈ চালে৷ কিবা এটা ক’ব বিচাৰোতেই হঠাৎ তাৰ ফোনটো বাজি উঠিল৷

: ……হয়, মই অম্লানে কৈছোঁ৷

: …………………………

: হয়, হয়৷

: ……………………

: কি? সঁচাই কৈছে? আপুনি……আপুনি ক’ৰ পৰা কৈছে? ( লক্ষ্য কৰিলোঁ, অম্লানৰ মুখখন পোহৰ হৈ পৰিছে৷ )

: ……………………

: ঠিক আছে…ঠিক আছে৷ মই এতিয়াই গৈ আছো৷ আপুনি ঘৰতে থাকিব৷ মই এতিয়াই পাম গৈ৷ কথা পতা শেষ কৰি অম্লানে কিৰিলি এটা পাৰি মোক সাবটি ধৰি ক’লে-

: উলিয়া তোৰ ৰামপিয়াৰীক৷ এঠাইলৈ যাব লাগে৷ দেৰি নকৰ৷ একো নুবুজিলোঁ যদিও লৰালৰিকৈ কাপোৰ পিন্ধি বাইকখন ষ্টাৰ্ট কৰি সুধিলোঁ …কলৈ যাম?

: গৈ থাক৷ – অম্লানৰ চুটি উত্তৰ৷

: আৰে ভাই, কি হৈছে মোক ক’ কমচেকম৷ তোৰ হৈছিল কি? কাৰ ফোন আহিল? – কৌতুহল দমাব নোৱাৰি অৱশেষত সোধি পেলালোঁ মই৷

: ঘৰৰ পৰা আহি থাকোঁতে বেগ এটা কৰ’বাত পেলালো৷ দেউতাই দিয়া টকা ত্ৰিশ হাজাৰ আৰু বহুতো দৰকাৰী নথি-পত্ৰ আছিল তাত৷ বেগটো কোনোবা এজনে পাইছে৷ মোৰ আই- কাৰ্ডত নাম্বাৰটো পাই ফোন কৰিলে৷ ইচ্… বেগটো হেৰুৱা হ’লে যে কি যে হ’ল হয়…!

: হয়তো……৷ ত্ৰিশ হাজাৰ টকাৰ কথা……মামুলি নহয়৷ – মই ক’লো৷

: তাতকৈ দৰ্কাৰী বহুত কাগজ -পত্ৰ আছিল জাননে? সেইবোৰ নোহোৱা হ’লে মোৰ যে কি হ’ল হয়…! টকা আকৌ পালো হয়৷ কিন্তু নথি-পত্ৰবোৰ হেৰুৱা হ’লে মোৰ জীৱনটোৱে অৰ্থহীন হৈ গ’ল হয় জাননে…!

 

(২)

অম্লানৰ নিৰ্দেশত জৰাজীৰ্ণ ঘৰ এটাৰ সন্মুখত বাইকখন ৰাখিলো৷ হাঁহ আৰু কুকুৰাৰ বিষ্ঠাৰে লেতেৰা হৈ থকা বোকাময় সৰু চোঁতালখনৰ এচুকত এখন ৰিস্কা ৰখাই থোৱা আছে৷ বহুদিন নেলেপা মাটিৰ ঘৰটোৰ ভিতৰত ঢিমিক-ঢামাক চাকিৰ পোহৰ৷ মাজে মাজে কোনো মহিলাৰ উশাহ ল’ব নোৱাৰাকৈ মৰা দীঘল কাহৰ শব্দ৷ বাইকৰ শব্দ শুনি মলিয়ন গেঞ্জী আৰু লুঙী পিন্ধা মানুহ এজন ওলাই আহিল৷

: আহক৷ ভিতৰলৈকে আহক৷ – মানুহজনে ক’লে৷

ঘৰৰ ভিতৰখনত এক গোমা গোমা গোন্ধ৷ মানুহজনে আমাক বহিবলৈ কাঠৰ টুল দুখন উলিয়াই দিলে৷ কাষৰ বিছনাখনত এগৰাকী ৰুগ্ন মহিলা৷ দীঘলীয়া অসুস্থতাই মানুহগৰাকীক বয়সতকৈ বুঢ়া কৰি পেলাইছে৷ জুহালত ৭-৮ বছৰীয়া ছোৱালী এজনীয়ে কিবা ৰান্ধি আছে৷ বৈ থকা নাক ভালদৰে মচিব নোৱাৰাৰ বাবে নাকটো লেতেৰা হৈ পৰিছে৷

: কি হৈছে? – মানুহজনলৈ চাই সুধিলোঁ৷

: নাজানোঁ৷ চৰকাৰী হস্পিটালত বহুত বাৰ দেখুৱালোঁ৷ ভাল হোৱা নাই৷ – মানুহজনে ক’লে৷ তেওঁ বেগ এটা আনি অম্লানৰ হাতত দিলে৷

: ভাড়া মাৰি ঘৰলৈ আহি থাকোতে ৰাষ্টাত পাইছিলোঁ৷ – মানুহজনে ক’লে৷ অম্লানে বেগটো খুলি চালে৷ টকাখিনি গণিলে আৰু নথি- পত্ৰবোৰ মেলি চালে৷ তাৰ মুখখন উজ্জ্বল হৈ পৰিল৷ বুজিলোঁ, সকলো ঠিকে ঠাকে আছে৷ টকাখিনি উলিয়াই সি মানুহজনৰ হাতত দিলে৷

: লওক৷ বাইদেউক ভাল ডক্টৰক দেখুৱাব৷ – অম্লানে ক’লে৷ মানুহজনে টকাখিনি ল’বলৈ টান পাইছে৷

: লওক৷ এই টকাখিনি আপোনাৰে প্ৰাপ্য৷ সেইবাবে ভগৱানে বেগটো আপোনাৰ হাততে তুলি দিলে৷ – অম্লানে ক’লে৷

 

(৩)

অম্লানে বাইক চলাইছে৷ পৃথিৱীলৈ আন্ধাৰ নামিছে৷ বিজুলী বাতিৰ পোহৰত মহানগৰী তেতিয়া সপোনপুৰী৷

: গোটেইখিনি পইচা কিয় দি দিলি? তোৰ নতুন কামটোৰ বাবে এতিয়া টকা ক’ত পাবি?

: মোতকৈ তেওঁৰ প্ৰয়োজন বেছি আছিল৷ আৰু তেওঁ যদি বেগটো মোক ঘূৰাই দিব নিবিচাৰিলে হয়, মই জানো পালো হয় বেগটো? অম্লানে ক’লে৷ প্ৰত্যেকটো বস্তুক তুলনা কৰি ভালটো বাচিবলৈ সদায় চেষ্টা কৰা মই, দুজন মহান মানুহৰ ভিতৰত কোনজন বেছি মহান, সেই কথা তুলনা কৰিবলৈ নিবিচাৰিলোঁ আজি মই৷ ৰিভাৰ ভিউত অম্লানলৈ চালো৷ তাৰ মুখত তেতিয়া সন্তুষ্টিৰ হাঁহি৷

(অন্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments