আত্ম প্ৰেম – পপী কলিতা

: তুমি ইমান ধুনীয়া, তোমাক দেখিলে কোনেও আৰু এবাৰ নোচোৱাকৈ পাৰ হৈ যাব নোৱাৰে। আবিৰে কিন্তু তোমাক সাধি সাধি পালে দেই। তোমাক চাগৈ ভগৱানে বৰ মনপুতি গঢ়িছিল। চকুৱেই চাবানে, চুলিয়েই চাবানে, ফিগাৰটোযে… উস! মই ল’ৰা হোৱাহেতেন খাটাং তোমাৰ প্ৰেমত পৰিলোহেতেন।
ওচৰ সম্পৰ্কীয় নন্দেক পাখিৰ কথাবোৰত মিচিকিয়া হাঁহি এটাৰে সম্ভাষণ জনালে বন্যাই। পাখি তাইতকৈ বয়সত এবছৰমান সৰু হ’ব। বিয়া হৈ অহা দিনাৰেপৰা ছোৱালীজনী তাইৰ লগে লগে ফুৰে। কথা বেছি কয়, কিন্তু মনটো নিকা। মৰম কৰে বন্যাক। বন্যায়ো দিনটোত এবাৰ পাখিক লগ নাপালে শান্তি নাপায়। পিছে বেছিভাগ সময়তে পাখিৰ অনৰ্গল কথাবোৰৰ স্ৰোতা হৈয়ে ৰয়। জীৱনৰ উৰুঙা মনৰ কোঠৰীটোযে বৰ অসহনীয়। তাতকৈ অদৰকাৰী হ’লেও পাখিৰ কথাবোৰে জীয়াই থকাৰ সকিয়নি দিয়ে বন্যাক।

: অ’ বৌ, কিনো ভাবি-গুণি দিনতে আকাশৰ তৰা লেখি আছা? চাহকাপ মোলৈকে বনাইছিলা হ’বলা, পিছে খোৱাৰ সৌভাগ্য মোৰ নহ’ল। এতিয়া পিছে চাহপাত কেইটাও আলকতৰাৰ দৰে চচপেনত লাগি নধৰোঁতেই গেছটো বন্ধ কৰা।
: অস হ! ছে: ! মোৰযে মগজটো গৈছেই আৰু বুইছা।
ততাতৈয়াকৈ গেছটো বন্ধ কৰি খন্তেকৰ বাবে পাখিৰ কাষতে বহি পৰিল বন্যা।
: হ’ব আৰু দিয়া। মানুহহে তুমি। ভুলটো হ’বই। পৃথিৱীত কোনগৰাকী ৰান্ধনীয়ে ক’ব পাৰিব যে, এদিনলৈ উতলা গাখীৰেৰে গেছষ্ট’ভ ধোৱাই পোৱা নাই বা জুইৰ ওপৰতে ভাত ডেয়াই ক’লা ৰং দি পোৱা নাই বুলি।

বন্যাই আন এটা চচপেনত চাহৰ পানী দুকাপ উঠাই দিয়ে।
: অ’ বৌ, কালি কলেজৰপৰা আহি থাকোঁতে আবিৰক দেখিছিলো। ….ক’ত নোসোধা?
: ক’তনো?
: টিউলিপৰ ফ্ৰণ্টত।
বন্যাৰ বুকুখন চিৰিংকৈ মাৰে। টিউলিপ নামৰ ৰেষ্টুৰেণ্টখনলৈ বিয়াৰ আগতে আবিৰৰ লগত কেইবাবাৰো গৈছে বন্যা। প্ৰেমাস্পদৰ বাবে বিশেষ সুবিধা থকা বিলাসী ৰেষ্টুৰেণ্ট। লগতে লজৰ সুবিধাও আছে। লজখন বিলাসী নহয়, সাধাৰণ। পাখিৰ লগত ইমান গোপন ভাৱৰ বিনিময় নকৰে বন্যাই। বুকুত যাতনাবোৰ নীৰৱে চেপি ধৰি সহজ হোৱাৰ অভিনয় কৰে।
: অ’ হয় নেকি? ময়েই কৈছিলো ফোন কৰি তাতে খাই ল’বলৈ। তেওঁ লৰালৰিত টিফিন এৰি থৈ গ’ল কালি।
: অ’ হয় নেকি? মই অৱশ্যে তাক পিছফালৰপৰাহে দেখিছিলো। মাতিবলৈ নাপালো।

যোৱা কেইমাহমানৰেপৰা আবিৰৰ চাল-চলন কিবা অচিনাকি মানুহৰ দৰে লগা হৈছে বন্যাৰ। পুৱা সাত-আঠ বজাতে অফিচৰ ব্যস্ততা অথবা দৰকাৰী মিটিঙৰ কথা কৈ ঘৰৰপৰা ওলাই যায় সি। কোনোবাদিনা বৰকৈ জোৰ কৰিলে ব্ৰেকফাষ্টখিনিৰ চাৰিভাগৰ এভাগমান খায় আৰু কোনোবাদিনা পাকঘৰৰপৰা ডাইনিঙলৈ বুলি অনা খাদ্যৰ প্লেটখন হাততে নিথৰ হয়। তাৰ পিছত দিনটো কোনো খবৰ নাথাকে। তাই ফোন কৰিলেও ৰিচিভ নকৰে। কিয়নো ৰিচিভ নকৰে সেইটোও ঘৰত আহি কোৱাৰ প্ৰয়োজনবোধ নকৰে। ধেমেলীয়া মানুহটো এতিয়া চকুতলগাকৈ গহীন। নিশাৰ বিছনাত বাৰে বাৰে বাগৰ সলায়। বন্যা কাষ চাপি কিবা সুধিব খুজিলে অশান্তি পায়। সংসাৰখন আৰম্ভ কৰাৰ তিনিটা বছৰ পাৰ হ’বৰ হ’ল। তৃতীয় সদস্য এজনৰ কথা ভবাৰ অৱকাশ নাই তাৰ। বন্যাৰ বুকুত মমতাৰ হাঁহাকাৰ। সি যেন ঘৰত থকা সময়খিনিতো থাকিও নথকাৰ দৰেই। অনবৰতে ফোনত ব্যস্ত। ফোনটো আহিলেই বাহিৰলৈ ওলাই যায়। বন্যাই পৰ্দাৰ ফাকেৰে চায়। মুখখন দেখা নাপায়। ঘৰৰ ফালে পিঠি দি কথা পাতে সি। এদিন সি বাথৰুমত থাকোঁতে ফোনটো চেক কৰে। পাচৱৰ্ড লক লগাই থয় সি। নিৰাশ হয় বন্যা।
জীৱনটো হতাশাই আৱৰিবলৈ লৈছে বন্যাৰ। সংসাৰখনেই যেন ইয়াৰ কাৰণ হৈ ধৰা দিছে। নিজতকৈও বেছি ভালপোৱা মানুহজনৰ প্ৰতিটো নিঃশব্দ অনুভৱ ধৰা পেলাইছিল এসময়ত তাই। আজি কিয় কোনো এটা সাঁথৰেই ভাঙিব পৰা নাই? সিদিনা তাৰ পেণ্টটো ধুবলৈ লওঁতে পকেটত খাৰু এযোৰ পাইছিল। পুৰণি, মলিয়ল, ৰোলগোলৰ। আবিৰক সোধা নাই তাই একো। অজানিতে দুটোপাল চকুলো খাৰু দুপাতত পৰিছিলগৈ। কি ভুল কৰিলে তাই? নিজৰ সংসাৰখনতে সুখী হোৱাৰ অভিনয় কৰিবলগীয়া হ’লযে আজি? এনেকুৱা অভিনয় য’ত কোনো ৰ’দৰ পোহৰ নাই। আছে মাথোঁ মুনিচুনিৰ অস্পষ্টতা…ধূসৰতা। প্ৰেমৰ পখিলাজাক তেনেই দুদিনৰ আলহী। ভালপোৱাৰ মিঠা আৱেশ, বিলীন হোৱাৰ মাদকতাবোৰ লাহে লাহে হেৰাই গ’ল। তাৰ পৰিৱৰ্তে নুবুজা কথাবোৰো বুজাৰ ভাও ধৰি সৰগী সংসাৰ পালনেৰে লখিমীজনী হোৱাৰ ভাও কৰিবলগীয়া হ’ল। এই একাকিত্বই তাইক কেকুৰাৰ দৰে খুলি খুলি খাইছে। মাক-দেউতাককো একো ক’ব নোৱাৰে। সহিব নোৱাৰিব তেওঁলোকে। এনেইও জীৱনৰ অস্তমিত সুৰুযৰ নিৰ্লস আভাত ভাগৰুৱা তেওঁলোকৰ দেহ-মন।
জোনাক নিশা। আবিৰৰ অপেক্ষাত খিৰিকীৰ মুখত বহি ম’বাইলৰ আটাইবোৰ ভাললগা গান শুনি শেষ কৰিছে বন্যাই। গানৰ কথা-সুৰৰ গভীৰত গৈ কোনোবাবাৰ উচুপিছে, আকৌ নিজেই মচি লৈছে সিক্ত দুগাল। তাৰ মাজতে উঠি গৈ শহুৰেকৰ কোঠাত ভূমুকিয়াই চাইছে। বেৰৰ ঘড়ীটোৰ টিক টিক শব্দবোৰ নীৰৱতাৰ একক প্ৰহৰী হৈ শহুৰেকৰ কোঠাটোত সময়ৰ জাননী দি গৈছে। তেওঁ ইতিমধ্যে টোপনি গৈছে। বিশাল ঘৰখনত অকলশৰে খোজ কাঢ়িছে বন্যাই। এৰা, অকলশৰে..। এই প্ৰতীক্ষাবোৰ অভ্যাসত পৰিণত হ’লেও অশান্ত ভাৱবোৰে বাৰে বাৰে বিন্ধে বন্যাৰ মনটোত। তাই নিৰুপায়। সঁচাকৈ, মানুহে মনৰ ভাৱ বিনিময় কৰিব নোৱাৰাতকৈ বেছি যাতনা হয়তো পৃথিৱীত নাই। লুকুৱাই কান্দিবলগীয়া হোৱাতকৈ দূৰ্ভাগ্য নাই। চকুলোটো সুখ আছে, যদি মুখ গুজি উচুপিবলৈ এখন বুকু পোৱা যায় নিচেই কাষত।

দুপৰ নিশা আবিৰ আহি পালে। গধুৰ মন, গহীন মুখ। ভাত নাখালে সি। বন্যায়ো। নীৰৱে কাপোৰকেইটা খুলি হাফপেণ্টটো পিন্ধি শুই পৰিল। দুয়োৰে মনৰ জটিলতা বাঢ়ি গ’ল। ডিম লাইটৰ ঈষৎ নীলা পোহৰত লাহে লাহে তাই আবিৰলৈ চালে। তাৰ দুচকুৰে বৈ থকা নিথৰ বিষাদবোৰ কোঠাটোৰ নীলাত বিলীন হৈ পৰিছিল। অসহায় হৈ তালৈ চাই ৰোৱা বন্যাক দেখি সি আৰু গোপনীয়তা ৰক্ষা কৰিব নোৱাৰিলে। সি হুকহুকাই কান্দি বন্যাক সাৱটি ধৰিলে। সৰু ল’ৰাৰ দৰে উচুপি উঠা আবিৰক বন্যায়ো মমতাময়ী দুহাতেৰে আঁকোৱালি ল’লে।

: কোৱা আবিৰ, আজি তুমি মোক ক’বই লাগিব। কিয় তুমি মোক সকলো থকাৰ পিছতো নিসঙ্গ কৰিছা? কিয় তুমি মোক তোমাৰ পৰা আঁতৰাই ৰাখিছা? মোক কিয় জীয়াশ’ সজাইছা? কোৱা আবিৰ। তোমাৰপৰা নিলগে থাকিব লগা হোৱা প্ৰতিটো মুহূৰ্তত মোৰ জীৱনৰ আশাবোৰ হেৰাবলৈ ধৰিছে। মই শূন্য হৈ পৰিছো আবিৰ।

আবিৰে উচুপি উচুপি ক’বলৈ আৰম্ভ কৰিলে।
: মোৰ এঘাৰ বছৰ বয়সত দেউতাই মাক ঘৰৰ ড্ৰাইভাৰটোৰ লগত সন্দেহ কৰি খেদি দিলে। তাৰ আগতেও বহুদিন দেউতাই মাক মাৰ-ধৰ কৰি অনেক অত্যাচাৰ কৰা দেখিছিলো। ভিতৰি ভিতৰি ভাঙি পৰিছিলো মাৰ অসহায় কান্দোন দেখি। তেতিয়াই ভাবিছিলো, জীৱনত এদিন হ’লেও মাৰ সেই চকুলো মচি সাহসেৰে জীয়াই থকাৰ পথ দেখুৱাম মই। মা গুচি যোৱাৰ দিনা মোলৈ উভতি চাব পৰা নাছিল। মোৰ কিন্তু চকুৰপানী ওলোৱা নাছিল। ভিতৰি ভিতৰি আক্ৰোশত জ্বলিছিলো। দেউতালৈ ঘৃণাৰে উপচিছিল হৃদয়। তেতিয়াৰেপৰা মই কোনোদিন দেউতাক আন্তৰিকতাৰে মাতি পোৱা নাই। কৰ্তব্য কৰিছো মাথোঁ। মা সম্পৰ্কীয় জেঠাই এজনীৰ ঘৰত থাকিল। মামাহঁতেও নিজৰ সংসাৰৰ মাজত মাক বাধা বুলি ভাবিলে। জেঠাইহঁতৰ ঘৰত মা আওপকীয়াকৈ বন কৰা তিৰোতা হৈ থাকিল। পেটটোৰ তাগিদাত দিনৰ দিনটো গেবাৰি খাটে। মই এদিন স্কুললৈ নগৈ প্ৰমীলা মাহীৰ লগত জেঠাইহঁতৰ ঘৰলৈ গৈ মাক লগ কৰিছিলো। আৰু মাক কথা দিছিলো খুব সোনকালে মই মাক সুখৰ পোহৰ দেখুৱাম বুলি। সেইবাবেই গ্ৰেজুৱেশ্বন কমপ্লীট কৰিয়েই দেউতাৰ কথা নামানি চাকৰিটোত জইন কৰিলো। তাৰ পিছতে মাক অফিচৰ ওচৰৰে ভাৰাঘৰ এটালৈ আনিলো। মোৰ উদং বুকুখন মাৰ মৰমেৰে ভৰি পৰিল। আৰু একো বাসনা নাছিল মোৰ। তোমাক লগ পালো। প্ৰেম হ’ল। মায়ে সকলো জানে। বিয়া পাতিলো। এদিনযে মন্দিৰলৈ যাওঁতে লগ পাইছিলা অকালবৃদ্ধাগৰাকীক …
: সেয়া তোমাৰ মা আছিল আবিৰ?
: ও। তেওঁ বিচৰা নাছিল তোমাৰ আগত পৰিচয় দিবলৈ। ময়ো সৈমান কৰাব নোৱাৰিলো। ক’লে, তোৰ সংসাৰখন মোৰ বাবে থানবান কৰিব নোৱাৰো বাবা। বন্যাই যদি মোকে ভুল বুলি ভাবে তই কষ্ট পাবি।
সকলো ঠিকেই আছিল। কিন্তু ভগৱানৰ তুলাচনীত মাৰ দুখবোৰ পাতল হ’ল হ’বলা। আজি ছমাহ মানৰ আগত মাৰ অসহ্য পেটৰ বিষ হ’ল। ডাক্তৰে সকলো টেষ্ট কৰি ৰিজাল্ট দিলে, মাৰ হেনো এবিধ দুৰাৰোগ্য ব্যাধিৰ থাৰ্ড ষ্টেজ। হাতত সময় মাত্ৰ ছমাহ। মাৰ দুখবোৰ, আঘাতবোৰ ভালকৈ নিৰাময় কৰিবলৈকে নাপালো। মই মাক সুখৰ পোহৰ দিব নোৱাৰিলো বন্যা। মায়ে আজি এমাহ ধৰি হস্পিটালত মৃত্যুৰ লগত যুঁজি আছে। মই সকলো ধৰণে চেষ্টা কৰিছো, কিন্ত্ত মাৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ গৈছে। অতি কম সময়ৰ ভিতৰত মা মোৰপৰা আঁতৰি যাবগৈ বন্যা। মই হাৰি গ’লো। মা হাৰি গ’ল। দেউতাৰ পশুত্ব জিকিল।

কথাখিনি কৈ আবিৰে বন্যাক আৰু জোৰকৈ সাৱটি ধৰি হুকহুকাই কান্দি উঠিল। বন্যাৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।
: বিয়া হৈ অহা দিনাই দুয়ো শপত লৈছিলো, প্ৰতিটো সুখ-দুখ ভগাই ল’ম বুলি। তুমি ইমানবোৰ যাতনা অকলে কিয় সহি থাকিলা আবিৰ? মই তোমাৰ এই পৰিৱৰ্তনক কি বুলিযে ভাবিবলৈ লৈছিলো! জীৱন এনেকুৱাই। সকলো হেৰুৱাইও আমি জীয়াই থাকিব লাগে। হতাশাক পৰাজয় কৰিব লাগে। কিন্তু আৰু কেতিয়াও তুমি তোমাৰ দুখবোৰ অকলে সহি নাযাবা প্লিজ। মই তোমাৰ লগত একেলগে কান্দি সুখী হ’ব বিচাৰো। একাকীত্বই মোক শেষ কৰি পেলালেহেতেন।
: মোকো বন্যা। অনুভৱবোৰ ভগাই দিব নোৱাৰিলে জীৱনটো অকাম্য হৈ পৰে। মৃত্যু সহজ পথ যেন লাগে…
: চুপ। একদম চুপ। মৃত্যু শব্দ টোত একমাত্ৰ ভগৱানৰ অধিকাৰ আছে, মানুহৰ নহয়। সপোনতো এইটো কথা মনলৈ নানিবা। আজিৰপৰা মোৰ হতাশা, নিৰাশা, একাকীত্বৰ অৱসান হ’ল। বুকুখন পাতল হ’ল। তোমাৰ বিষাদবোৰ ভগাই ল’ম দুয়ো। মা কোনখন হস্পিটালত আছে?
: কেয়াৰ চেণ্টাৰ নাৰ্চিং হোম, টিউলিপৰ ওচৰত।
: খাব পৰিছেনে কিবা?
: জুলীয়া বস্তুহে গিলিব পাৰে।
: কাইলৈ পুৱাতে মই মালৈ পাতলকৈ ক্ষীৰ অকণ বনাই লৈ যাম। নিবানে মোক?
: নিম।

আবিৰৰ গধুৰ বুকুখন কিছু পাতল হ’ল। জীৱনটোত কিছু আশাৰ জিলিঙনি জলমলালে। উৰুঙা মনাকাশত এধানমান আত্মপ্ৰেমৰ অনুভূতি জাগ্ৰত হ’ল।
বন্যাৰ বুকুত জীৱনৰ পোহৰ দেখা পালে আবিৰে। বন্যাৰ আলিঙ্গনৰ মাজত সি লাহে লাহে টোপনি গ’ল। আজি বহু দিনৰ মূৰত অকণমান স্বস্তিৰে টোপনি গ’ল সি। তাৰ চুলিবোৰত আলফুলে হাত বুলাই থাকিল বন্যাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments