আদিপাঠ (নিপন নিয়ৰ শেনচোৱা )

আদিপাঠ

 

নিপন নিয়ৰ শেনচোৱা

(১)
নামনিমুৱা ৰে’লখনে এটা উকি মাৰি লাহে লাহে ষ্টেচনৰ পৰা ওলাই আহিল । সৰ্পিল গতিৰ ৰেলআলিটো সম্পূৰ্ণ সেউজীয়াৰে আৱৰা। দুয়োকাষে বিস্তীৰ্ণ পথাৰ আৰু পাতলীয়া হাবি। সুৰঞ্জনাৰ বাবে আজিৰ দিনটোৱে কেনে এক অনুভৱ কঢ়িয়াই লৈ আনিছে তাক তাইৰ অন্তৰে ঢুকি পোৱা নাই। বাট চাই আছিল নেকি এই দিনটোৰ বাবেই তাই অত দিনে ? তাইৰ অত দিনৰ আকাংক্ষাবোৰে আজি পাহি মেলিব পৰা হৈছে নেকি? ৰে’লৰ খিৰিকীৰে তাই বাহিৰলৈ চালে। নামৰূপ ষ্টেচন। ভাৱনাত বুৰ গৈ থাকোঁতে কেতিয়ানো তাই নাহৰকটীয়া পাৰহৈ আহিল গমকে নাপালে। সুৰঞ্জনাই ম’বাইলত এটা নম্বৰ ডাইল কৰিলে। এটা মিঠা মাতে সঁহাৰি জনাই ক’লে, -“আন্টি আমি নুমলিগড়ৰ পৰা ওলাইছোঁ। আপুনি ক’ত পালেহি? ” গভীৰ আত্মিয়তাৰে ভৰা শব্দকেইটাত তাই অলপো বিচলিত নহ’ল। বৰঞ্চ এক শীতল কণ্ঠেৰে তাই উচ্চাৰণ কৰিলে, -“নামৰূপ। আহি থাকা তোমালোক।” লাহেকৈ ফ’নটো দিচকানেক্ট কৰি দিলে। মনটো বিভিন্ন ভাৱনাই ঢৌৱাই গ’ল। সঁচাই কি পালে কি হেৰুৱালে তাই এই কেইদিনত…। কিমাননো দিন হৈছে বাৰু?
সকলো সেউজীয়া পথাৰ-পাহাৰ এৰি এৰি ৰে’লখনে গতি কৰিছে। বিকট শব্দ এটা কৰি চফ্ৰাই নে ভজো কোনোবা এটা ষ্টেচনত ট্ৰেইনখন ৰৈছে। ষ্টেচনৰ পকী চকীত বহি মানুহ এজনীয়ে অকণমান কেঁচুৱা এটাক গাখীৰ খোৱাই আছে। মানুহজনীৰ প্ৰতি তাইৰ এক গভীৰ কৰুণা জাগিল। কি পাব তাই এইদৰে, ইমান আদৰেৰে লালন পালন কৰি এই সন্তানৰ পৰা। কি আশা কৰে তাই? কৰেনে এই সন্তান এদিন ডাক্তৰ হ’ব- ইঞ্জিনিয়াৰ হ’ব? যিদৰে কৰিছিল তাই? জীৱনৰ প্ৰতিটো মুহূৰ্ত ফটোগ্ৰাফ কৰি ধৰি ৰাখিব নোৱাৰি। কিছুমান থাকে আমাৰ মনৰ মণিকোঠত আৰু কিছুমান তেনেই চকুৰ সমুখত। তাই দূৰলৈ চাই পঠিয়ালে। পথাৰত বনুৱাবোৰে কাম কৰিবলৈ আৰম্ভ কৰিছে।

(২)
সিহঁতৰ একমাত্ৰ পুত্ৰ নিয়ৰ বৰ আলাসত ডাঙৰ হৈছিল। যেনেদৰে নিয়ৰৰ টোপালটো দুবৰী বনত আলফুলকৈ ওলমি থাকে তেনেকৈ ৰাখিছিল তাক, আলফুলে। কোনো ধৰণৰ দুখ-ক্ষোভ বতাহৰ হেন্দোলনিয়ে চুব নোৱাৰিছিল তাক। প্ৰত্যেকৰ দৰেই তায়ো যিকোনো বস্তু তাৰবাবে সাঁচি থৈছিল আৰু পিছত দিওঁতে তাৰ চকুত যি আনন্দ দেখা পাইছিল সেয়া অতুলনীয় আছিল। এনে লাগে যেন আৰু বহুত বস্তু তাই তাৰ বাবে লুকুৱাই থ’ব আৰু পাছত দি তাৰ আনন্দ উপভোগ কৰিব। নিয়ৰক স্কুলৰ গেটৰ মুখত এৰি দি তাইৰ মনত দুই ধৰণৰ প্ৰতিক্ৰিয়া হয়- তাৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ দুখ, আৰু সি যে ডাঙৰ হৈ অকলে যাব পৰা হৈছে তাৰ আনন্দ। লাহে লাহে সিও ডাঙৰ হ’ল….।

(৩)
কোম্পানীৰ কোৱাটাৰৰ কাষত থকা সৰু ঠাইখনতে ৰঞ্জনে এখন বাগিচা পাতিছিল। দেওবাৰে পুৱাৰে পৰা বাগিচাখনত লাগি থাকি বৰ ভাল পায় সি। বিয়াৰ আগৰ পৰাই ৰঞ্জনে বৰকৈ চিগাৰেট হুপে। এদিন দেওবাৰে ঘৰৰ সকলো কামত ব্যস্ত হৈ আছিল। নিয়ৰ তেতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ। ৰঞ্জনক পুৱাৰ চাহকাপ দিবলৈ আহি সুৰঞ্জনাই দেখিলে যে নিয়ৰে গেটৰ ওচৰত গৈ চিগাৰেটৰ টুকুৰা এটা একান্তমনে হুঁপি আছে। কাৰো ফালে খবৰ নাই কেৱল চিগাৰেটটোতে সমস্ত ধ্যান । চিগাৰেটৰ ৰঙা জুই টুকুৰাৰ ফালে একান্তমনে চাই ধোৱা উৰুৱাইছে। পুৱাই এনে এটা দৃশ্য দেখি তাইৰ মূৰ ঘূৰাই গ’ল। তাইৰ পৰা চাহৰ কাপটো ল’বলৈ লৈ তাইৰ দৃষ্টি অনুসৰণ কৰি নিয়ৰক দেখি ৰঞ্জনৰো চকু কপালত উঠিল। কিন্তু সুৰঞ্জনাক কিবা কোৱাৰ সুবিধা নিদি তাইক টানি নি চিধাই ভিতৰ পোৱালেগৈ। ক’লে- “চোৱা মুন সি এতিয়া সৰু হৈ আছে, একো বুজিব পৰা হোৱাই নাই। মোৰেই ভুল। মই পেলাই দিয়া টুকুৰাটোহে হুঁপিছে৷ তুমি এতিয়া তাক একো নক’বা। মই বুজাম তাক।” খঙত ফাটি পৰিব খোজা সুৰঞ্জনাই আচৰিত হৈ ৰঞ্জনৰ মুখলৈ চালে। ৰঞ্জনৰ শান্ত হৈ থকা চকুকেইটালৈ চাই তাই তভক মাৰি ৰ’ল। তাই আচৰিত হৈ পৰিল কেনেকৈ ইমান সহজ ভালে ল’ব পাৰে ৰঞ্জনে এনে এটা ঘটনা। একমাত্ৰ পুত্ৰ নিয়ৰৰ জন্মৰ সময়তে ডাক্তৰে যেতিয়া ঘোষণা কৰিছিল যে তাই আৰু মাক হ’ব নোৱাৰে তেতিয়া সুৰঞ্জনাই হুক-হুকাই কান্দি পেলাইছিল। কিন্তু খুব শান্ত হাঁহিৰে ৰঞ্জনে তাইক বুজাইছিল –“আৰু সন্তান কিয় লাগে মুন। এই এটা সন্তানকে আমি এনে ভাৱে ডাঙৰ কৰিম চাবাচোন, সকলোৱে আমাক হিংসা কৰিব।… ” আৰু সেই সন্তানৰ আজিৰ ব্যৱহাৰত সি ইমান শান্ত হৈ আছে। অদ্ভুত মানুহ এই ৰণটো। সি কি কৰিব খুজিছে। কি হ’ব এই সন্তানৰ। ইমান সৰুতেই এনে কামৰ প্ৰতি আকৃষ্ট ? ৰঞ্জনে তাইক একো কৰিবলৈ নিদি নিজেও একো নকৰিলে। মাথো সিদিনাৰ পৰা নিজেই এৰি দিলে চিগাৰেট। সিদিনাৰপৰা তাক এদিনো চিগাৰেট স্পৰ্শ কৰা নেদেখিলে তাই। দুপৰীয়া ভাত খাই উঠি তিনিওটাই নতুনকৈ ৰিলিজ হোৱা ‘তাৰে জমিন পৰ’ নামৰ চিনেমাখন চাই থাকোঁতে গভীৰ মমতাৰে ৰঞ্জনে নিয়ৰক ওচৰ চপাই আনিলে। নিয়ৰে “আহ পাপা” বুলি চিঞৰি উঠিল।“কি হ’ল নিয়ৰ” বুলি চাই দেখে যে তাৰ মধ্যমা আঙুলিটোত পুৰাৰ দাগ। সুধিলত হেহু-নেহুকৈ সি ক’লে–“অথনি পুৰিলে।” কাৰো বুজিবলৈ বাকী নাথাকিল যে চিগাৰেটে তাৰ আঙুলি পুৰিছে। ৰঞ্জনে বৰলীনটো আনি তাৰ আঙুলিত লাহে লাহে লগাই লগাই ক’লে –“চোৱা বেটা। তুমি বৰ ভাল ল’ৰা। ভাল ল’ৰাই এনেবোৰ বেয়া কাম কৰে নেকী? আজি এইটো বেয়া কামে নিজৰ আঙুলিটো পুৰিলা, কিন্তু কাইলৈ তুমি কৰা এটা বেয়া কামে আমাক সকলোকে পুৰি নিব জানানে? আৰু শুনা জীৱনত যদি কেতিয়াবা কিবা কাম কৰিব মন যায় যিটো তুমি বেয়া বুলি জানা, মোক ক’বা আৰু তাৰ পাছত কৰিবা অকে’ ?”
ৰঞ্জনে নিয়ৰক বেয়া কাম কৰিবলৈও পূৰ্ণ স্বাধীনতা দিছিল। তেওঁ ভাবিছিল ইমান মৰমত তুলা ল’ৰাটোৱে বেয়া কাম কৰিবই নোৱাৰে। কিন্তু এটা যে বয়স আছে যেতিয়া বেয়া ভালৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰে। আৰু এইটো বয়সৰ ওপৰত যে ভাল মাক-দেউতাকৰো কোনো নিয়ন্ত্ৰণ নাথাকে সেয়া ৰণে কল্পনাও কৰিব পৰা নাছিল।

(৪)
মেট্ৰিক পৰীক্ষা দি উঠি নিয়ৰৰ জেদ বাঢ়িল যে এখন মটৰ চাইকেল লাগে। নিতৌ ন ন বাহানা তাৰ বাইক খনৰ সপক্ষে- মাকে কাটি থকা পাচলিৰ খৰাহিটো আৰু কটাৰীখন কাঢ়ি নিজে কাটি কাটি কৈ যায়- “জানা মা, আজি বিকিৰ এফ জেদ আৰ খন চলালোঁ কি যে মজা…একেবাৰে নাইনটি-হান্দ্ৰেদত গ’লেও গমেই পোৱা নাযায় বে..কোৱানা মা কোৱানা পাপাক মোকো এখন দিবলৈ…প্লিজ কোৱানা”। কথাৰ মাজতে আলুখিনি বিভিন্ন ভাজত কাটি কাটি যায় সি। ফুলৰ টাবত মাটি খুচৰি থকা মাকক সাৱটি ধৰি কয়- “চোৱা মা, তুমি ক’লে পাপাই কিবা কথা পেলাই নেকি…কোৱা না মোৰ প্ৰতি তোমাৰ অলপো বেয়া নালাগেনে, লগৰ সকলোৰে বাইক আছে মোৰহে নাই…চাবা তোমালোকে বাইক নিদিলে মই কেতিয়াবা গুচি যাম কিন্তু ঘৰৰ পৰা..তেতিয়া কান্দি নেদেখাবা কিন্তু মোক.. ।” কথা শেষেই নহ’ব যেন তাৰ। মাকে তধা লাগি তালৈ চাই থাকিবহে পাৰে। নিয়ৰ সঁচাকৈ ডাঙৰ হৈছে তাৰমানে? কিন্তু ইমান ডাঙৰ হৈছেনে সি, গুচি যাম ঘৰ এৰি বুলি ক’ব পৰাকৈ? এয়াইনে তাইৰ মৰমৰ আলফুলীয়া নিয়ৰৰ টোপালটো? ক’ব নোৱাৰাকৈয়ে বৈ আহে চকুপানী। ৰঞ্জনে তাইক এই কথাটোৰ বাবেই বকি থাকে। এই যে হোৱাই নোহোৱাই চকুপানী বৈ যায়।

কি কৰিব তাই? ক’বই নোৱাৰে কেতিয়া বৈ আহে। অলপ উত্তেজনাতে দুগালত অনুভৱ কৰে এই লোটক। বহুত অশান্তি, যুঁজ বাগৰ, কথা কটা-কটি, ভাত নোখোৱা, জেদ-আব্দাৰৰ মাজত এদিন পালচাৰ টু-টুৱেন্তি এখন ঘৰ পালেহি। উহঃ সিদিনা কিমানযে সুখী হ’ল নিয়ৰ। সি যেন লাচিত আৰু এইমাত্ৰ যেন শেষ হ’ল শৰাইঘাট। লিৰিকি বিদাৰি সি কেনেকে যে মৰম কৰিছিল মটৰচাইকেলখনক। তাই ভাবিবলৈ বাধ্য হৈ গ’ল -আহঃ ইমান সুখ যদি এখন মটৰচাইকেলৰ মাজত সোমাই আছিল তেন্তে কিয় বঞ্চিত কৰি থৈছিল তাই তাইৰ সন্তানক। আৰুনো কি লাগে সিহঁতক? সন্তানৰ সুখেই জানো সুখ নহয় সিহঁতৰ?

সিহঁতি ক’ব নোৱাৰাকৈয়ে নতুন নতুন সমস্যা লৈ মটৰচাইকেলখনে সলাই থাকিল নিজৰ সাজ। আৰু নিয়ৰক প্ৰতিদিনাই প্ৰয়োজন হ’ল শ-শ টকাৰ। আজি গ্ৰাফিক্স সলাইছে, কাইলৈ মদিফাই কৰিছে, পৰহিলৈ নম্বৰপ্লেট সলাইছে…এদিন দেখিলে পাছফালৰ নম্বৰ প্লেটত নম্বৰবোৰৰ সমান্তৰালকৈ এশাৰী বাক্য লিখা আছে-দিচ ইজ মাই ফাদাৰচ্ ৰোদ। তাই একো কৰিব নোৱাৰে, ক’ব নোৱাৰে-মাথো সৰ সৰকৈ বৈ আহে চকুলো।
মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট খুব ভাল হ’ল তাৰ। কিন্তু ৰিজাল্টৰ সুখ্যাতি তল পেলাই মানুহ এজনে লৈ আহিল এটা গোচৰ- বোলে তোমাৰ ল’ৰাক ভাল শিক্ষা নিদিয়া কিয়? ল’ৰাক কেৱল দামী বাইক কিনি দিলেই নহয়, ট্ৰেফিক ৰোল মানি চলাবলৈ শিকোৱাটোও তোমাৰ দায়িত্ব নহয় জানো? ল’ৰাই যে ওভোতাফালে মটৰচাইকেল চলাই মোক খুন্দিয়াই গৈছে খবৰ লৈছানে?
: মানে ?
: মানে সোঁ-বাওঁ নজনাকে বাহন চলোৱাটো ক’ৰ নিয়ম?
: মানে?
: কি মানে মানে কৰি আছে? আজি সি ৰাষ্টাৰ সোঁফালেৰে বাইক চলাই মোক খুন্দিয়াই মাৰিছিলেই। কথমপি বাচিছোঁ।
: বেয়া নাপাব দাদা। ই দিনে দিনে বৰ উদণ্ড হৈ গৈছে। আপুনি তাতে তাক চৰ এটা মাৰিব লাগিছিল।
: চৰ মৰাৰ কথা কৈছা? তাক মই ৰখাই সুধিলো- বোলো অ’ বোপাই বাওঁফালেহে যাব লাগে বাপেৰে মাৰে সৰুতে নিশিকালে নি? সি কি ক’লে জানে- বোলে ককা, মই সদাই সোঁফালেই যাওঁ- বাওঁফালে গ’লে মোৰ সদায় কাৰোবাৰ পাছে পাছে যোৱাৰ দৰে লাগে- নহ’লে কোনোবা মোৰ পাছে পাছে আহি থকাৰ দৰে লাগে। দুয়োটা কথাই মই বেয়া পাও। বুজিলে? এই বুলি সি ফু-ফুৱাই গুচি গ’ল। এনেদৰে হ’লে কোনোবা এদিনা কোনোবাই মাৰ মাৰি ল’ৰা মাৰি পেলাব গমেই নাপাব আপোনালোকে। সময় থাকোঁতেই বুজাওক তাক।
এনেকুৱা ভাষণৰ পাছত পাৰিনে ল’ৰাক ভাল ৰিজাল্টৰ বাবে এসাঁজ ৰান্ধি খোৱাব, নিজ হাতেৰে? সকলোৰে মাজত চকুপানী মাথো চকুপানী।

(৫)
যেতিয়া নিয়ৰক নাৰ্চাৰিত নাম লগাই দিয়ে তেতিয়া সুৰঞ্জনাই শিকোৱা মতেই তাৰ প্ৰিয় ৰং হৈ পৰিছিল সেউজীয়া। কোনোবাই তাক সুধিলে সি মাকক নকল কৰি কয়-“ইট ইজ দা কালাৰ অৱ লাইভলিনেচ।” কিন্তু সেই ল’ৰাটোৰ প্ৰিয় ৰং কেতিয়ানো ক’লা হৈ পৰিল তাই ততকে ধৰিব নোৱাৰিলে। কলা চাৰ্ট, কলা জেকেট, ক’লা জিনচ্- উহঃ। ৰঞ্জনৰ প্ৰিয় ৰং গাঢ় নীলা ৰঙৰ পালচাৰখনো এদিন সি ক’লা কৰি আনিলে।

তাই শনিবাৰে শনিবাৰে সভক্তিৰে শনি মন্দিৰলৈ যোৱা কৰিলে। প্ৰভু মোৰ ল’ৰাটোক তুমি সুমতি দিয়া। ক’লা ৰং শনিৰ প্ৰতীক। কেজিয়ে কেজিয়ে তাই মন্দিৰত তিল, কলা কাপোৰ দান দিয়া কৰিলে। তথাপি সুমতি নাহিল তাৰ। তাইৰ সপোনতো খহি পৰা হ’ল চপৰা চপৰ ক’লা ৰং। দিঠকতো ক’লা কাপোৰ পিন্ধি শনিয়ে খেদি ফুৰে তাইক।
নিয়ৰক মাহেকে-পষেকে চেলুনলৈ নি চুলিখিনি চুটিকৈ কটোৱাই অনাটো ৰঞ্জনৰ এটা দিউটিয়েই আছিল। চুলি চুটিকৈ নাকাটিলে তাৰ স্কুলখনত দুটা পিৰিয়দৰ বাবে কাণত ধৰাই থয়। কিন্তু বিজ্ঞানৰ ছাত্ৰ হৈয়ো সি নতুন চখ পুৰাবলৈ ললে। চল্লিশ টকা দি সি পাৰ্লাৰত চুলি কটাব। জপৰাকৈ চুলি থ’ব। চুলি কটাবলৈ সি অকলে যায়। উহঃ কিমানযে অশান্তি প্ৰত্যেক চুলি কটাৰ দিনটোত। চুলি কাটি অহাৰ পাছত তাক ঘূৰাই পকাই চাব লগা হয়- কোন খিনিনো কটালে সি? সিটো চুলি কটাই অহাৰ দৰে লগা নাই। কত বুজায় তাক- বাবা কিয় নুবুজা তুমি, ধুনীয়াকৈ- চিকুণকৈ চুলিখিনি কটালে কিমান ধুনীয়া দেখি তোমাক। কিমান মৰম লগা ল’ৰা তুমি। কিন্তু তাৰ মুখৰ পৰা অদ্ভুদ ধৰণে উচ্চাৰিত হয়- ‘মাঠা নাখাবা না।’

এদিন গধূলি চুলি কটাই অহাৰ পাছত ঘৰখনত হুলস্থুল লাগিল। সুৰঞ্জনাৰ এটাই জেদ- ‘কিয় সি এনেকৈ চুলি কটাব ? কিয় থ’ব সি পাছফালে দীঘল চুলি ? ছোৱালী নেকী? তাক কটাবলে পঠাইছিলোঁ নে দীঘল কৰিবলৈ পঠাইছিলোঁ? ধৰা ৰণ কাটি দিওঁ তাৰ পাছফালৰ চুলিখিনি। প্লিজ নিয়ৰ, তোমাক মই কেতিয়াও এনেকৈ দীঘল চুলিৰে মানুহৰ মাজত টিঘিল-ঘিলাই থাকিবলৈ নিদিও। আমাৰ ইমান মৰমৰ ল’ৰাটো কিয় নষ্ট হৈছ দিনে দিনে?’ কেচি লৈ সুৰঞ্জনা তাৰ ওচৰ চাপিল। কম্পিউটাৰৰ গেম খেলি থকা নিয়ৰে ‘যোৱা আঁতৰাচোন’ বুলি ঠেলা মাৰি দিলে মাকক৷ সোতৰ বছৰীয়া চফল ডেকা নিয়ৰৰ সামান্য ঠেলাতে উফাল খাই পৰিল সুৰঞ্জনা। নিয়ৰৰ কাণ্ড-কাৰখানাই এনেও দুদিনমানৰ পৰা ৰঞ্জনৰ সহ্যৰ সীমা চুই গৈছিল। আজি হাতত এচাৰি লৈ খেদি আহিল-
:তোৰ ইমান ডেমাকী? মাৰলৈ হাত দাঙ। কি লাগে তোক? তেজ খাবলৈ আহিলি আমাৰ। যত চব তোৰ কাৰণেই ঘৰখনত অশান্তি। মাৰিবি নেকি আমাক? কিয় মাৰলৈ হাত দাঙিছ?
:মোৰ পাছত কিয় লাগি থাকে?
:কিয় নালাগিব। আমি তোৰ শত্ৰু নেকি? মাৰে বাপেৰে আমি?
:মাৰে-বাপেৰে হ’লে চব নেকি? মোৰ নিজৰ চইচ নাই নি?
আৰু ৰ’ব নোৱাৰিলে ৰঞ্জন। মৰমৰ সন্তানৰ পিঠিয়ে বুকুয়ে ফুল বাচি গ’ল সাৰোপ সাৰোপ কৈ। সুৰঞ্জনাই হেৰুৱাই পেলালে সমষ্ট শক্তি। কাক ধৰিব? ৰঞ্জনক ৰখাবনে- ‘নামাৰিবা নামাৰিবা, সি যে মোৰ মৰমৰ সন্তান’ বুলি। নে উচিত্ শিক্ষা পাওক সি বুলি চাই থাকিব? সুৰঞ্জনাই একোৱেই কৰিব নোৱাৰিলে। মাথো আন্ধাৰ হৈ পৰিল তাইৰ সমুখৰ পৃথিৱীখন। চকুপানী- মাথো চকুপানী….। ক’লা ক’লা চপৰা চপৰ এন্ধাৰ…।যেতিয়া তাই চকু মেলিছে-তাইৰ সমুখত অধোবদনে বহি আছে নিয়ৰ আৰু এজনী নাৰ্ছ।

(৬)
লাহে লাহে চকু মেলি সুৰঞ্জনাই অনুমান কৰিলে তাই অইল হস্পিটেলৰ বিচনাত পৰি আছে। সমুখত অধোবদনে বহি আছে নিয়ৰ। আৰু এজনী নাৰ্ছ। নিয়ৰৰ মুখত এক নিৰ্লিপ্ত চাৱনী সানি লাহে লাহে খিৰিকীৰ ফালে মুখ ঘুৰালে। নাচায় তাই এনে সন্তানৰ মুখ, যি চিঞৰি চিঞৰি দেউতাকক কব পাৰে মাৰা মাৰা মাৰি পেলোৱা মোক। নহলে মোৰ মোৰ মতে থাকিবলৈ দিয়া। অলপো হেৱ নহয় আজিৰ যুগৰ সন্তান। এক গভীৰ শুকে খুন্দা মাৰি ধৰিলে তাইক। দুচকুৰে বাগৰি আহিল তপত চকুপানী। এয়াইনে অমৃতৰ সন্তান, যাক লৈ তাই এদিন অলেখ সপোন দেখিছিল। তাই শব্দ কৰিয়েই হুক-হুকাই কান্দি উঠিল। অকস্মাত নিয়ৰে অদ্ভুত কাম এটা কৰি পেলালে। তাইৰ দুভৰি সাৱটি ধৰি চিঞৰি উঠিল-
:
চৰি মা। প্লিজ ভৰিত ধৰিছোঁ, নাকান্দিবা না। চৰি চৰি চৰি। আৰু কেতিয়াও মই তেনে বিহেভ নকৰোঁ। প্লিজ নাকান্দিবা। প্লিজ চৰি….।
নিয়ৰৰ চকুপানীৰ স্পষ্ট-চেঁচা পৰশ তাই দুভৰিত অনুভৱ কৰিলে। মমতাৰে ভৰি পৰিল তাইৰ মন। নিয়ৰক ভৰিৰ পৰা বুকুৰ মাজলৈ টানি আনিলে তাই। সচাঁই খং কৰি থাকিব পাৰিনে এনে আত্মজক, যি মৰ্মে মৰ্মে সোমাই আছে প্ৰতিটোপাল তেজত। বৈ আছে চাৰিওকাষৰ প্ৰতিটো অম্লজান কণিকাত।
:
পাপা কত সোণ? একমাত্ৰ সন্তান তুমি আমাৰ, কিয় কৰা তেনে কাম যি চুহি চুহি খাই আমাৰ প্ৰতিটোপাল তেজ?
:
নকৰোঁ। আৰু কেতিয়াও নকৰোঁ। কিন্তু তোমালোকেও মোক তেনে বিহেভ্ নকৰিবা।
:
তেনে বিহেভ নকৰিবা মানে?
:
অলপ স্বাধীনতা দিয়া মোক, মোৰ মতে থাকিবলৈ। লগৰ সকলোৱে কয় তোমালোক ইমান কামোৰ বুলি। সিহঁতি নিজৰ চোলা-টি চাৰ্ট বোৰ শ্লিম ফিটিং কৰি পিন্ধে। মই কৈছোঁনে তোমালোকক? সকলোৱে জিনচ্ বোৰ চুইচ কৰি লৈছে, কৈছোঁনে ময়ো কৰো বুলি? জানো- এইবোৰ কৰাটোতো বাদেই কলেও এখন ডাঙৰ ঝেং হব। কিন্তু অলপো ফ্ৰিদম নিদিবা নেকী মোক?

তাই কি কব এই সন্তানক? এইমাত্ৰ তাইৰ বুকুৰ ঢপ-ঢপনি অনুভৱ কৰি উচুপি উঠা সন্তানটো ইয়েইনে? উঃ ভগবান- কিহৰ বাবে এই অনুকৰণপ্ৰিয়তা? কি বিচাৰি ফুৰে এই অশান্ত চকুহালে? মাক দেউতাকৰ সতে পাঁচমিনিট ভগাই ল’ব নোৱাৰা কিহৰ এই ব্যস্ততা? নিয়ৰক বুকুৰ মাজত লৈয়েই তাই লাহে লাহে উচ্চাৰিলে-
:
পাপক মাফ খুজিবি বেটা, তেওঁক কবি এইবোৰ কথা। তেওঁহে তোক খোৱাইছে-পিন্ধাইছে আৰু গঢ় দিছে নিজৰ মতে।
জপিয়াই উঠিল নিয়ৰ-
:
অ’কে মা। এতিয়াই মই পাপাৰ ভৰি চুই চৰি কম। তুমি খালি মোক এটা পাৰমিচন উলিয়াই দিবা।
বোবা-প্ৰশ্নবোধক-অবাক অবাক চাৱনিৰে তাই নিয়ৰৰ ফালে চাই থাকিল। সি হেহো নেহোকৈ কলে-
:
চোৱা মা। মাৰ্চত যে এনুৱেল এক্সাম আছে তাৰ বাবে কষ্ট কৰি পঢ়িম। ৰিজাল্ট ভাল নহলে তুমিয়েতো বকিবা।
:
হয় হয়, সোণ- এতিয়াৰ পৰাই পঢ়িবৰ হল তোৰ। তেতিয়াহে…
তাইৰ কথা শেষ হবলৈ নিদিলে নিয়ৰে-
:
এ ৰবাচোন। চাঞ্চ পালেই খালি পঢ়াৰ কথা। পঢ়িমতো। এতিয়া অক্টোবৰ সোমাইছেহে। কিন্তু নৱেম্বৰৰ টুৱেন্টি-ফিফথত স্কুলৰ পৰা এটা এস্কাৰচন ওলাইছে, হিল্ ষ্টেচন- শ্বিলং-গেংটক আৰু চিমলা। তুমি প্লিজ পাৰমিচনটো দিয়াই দিয়া পাপাৰ পৰা। আহি পুৰা পঢ়িম। প্ৰমিচ।
নিয়ৰে আনদিনাৰ দৰেই মাকলৈ হাতখন আগবঢ়াই দিলে। প্ৰমিচ কৰিবলৈ। কি কব সুৰঞ্জনাই? এৰি দিবনে সময়ৰ সতে খাপ খাই সময়ৰ সোঁতত উটি যাবলৈ তাক? নে গেলা পুখুৰীৰ পানীৰ দৰেই, জপাৰ সাঁচতীয়া কাপোৰৰ দৰেই আবদ্ধ কৰি ৰাখিব? ব নেকি তাক- নোৱাৰ যাব তই কলৈকো আনৰ লগত। আমাৰ সতে যাবি। আমি লৈ যাম তোক।

নাই নাই একো নকলে তাই। মাথো কব নোৱাৰাকৈয়ে হাতখন পাতি দিলে- তাৰ প্ৰমিচৰ হাতখনত। মনে মনে ভাবিলে এইবাৰ গাঁৱলৈ গলে সৰুআইৰ ওচৰত চোৱাই চাব লাগিব, কোনোবাই দৰব যাদু-মন্ত্ৰই কৰিছে নেকি মোৰ সোণটোক।
(
আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments