আদৰ — বৰ্ণালী বড়া সোণোৱাল


 পুৱা শুই উঠি চকু দুটা মোহাৰি ললে তাই। তাই শোৱা কোঠাৰ কাষতেই তাইৰ কুকুৰাৰ গড়ালটো। ৰাতি পৰে পৰে ঘাই মতা কুকুৰাটোৰ ডাকত সাৰ পাই যায়। মনটো ভাল লাগে তাইৰ কুকুৰাবোৰৰ মাতবোৰ শুনিলে। 

 ঘাই মতা কুকুৰাটো যেন এখন ৰাজ্যৰ ৰজা। মাইকী কুকুৰাবোৰক লগত লৈ সি বীৰদৰ্পে বাৰীখন খুচৰি খুচৰি লগত লৈ ফুৰে। দিনটোত কেইবাৰ যে গড়ালটোত ভূমুকিয়াই তাই। মাইকী কুকুৰাবোৰে পৰা কণীবোৰ তাই ৰঙা কলমটোৰে তাৰিখ লিখি যায়। উমনিত বহাৰ লগে লগে তাৰিখ লিখা মতে কণীবোৰ চৈধ্য পোন্ধৰটাকৈ উমনি লবলৈ যোগাৰ কৰি দিয়ে। এনেকৈয়ে গড়ালটো পোৱালি কুকুৰাবোৰ থাকিবলৈ ঠাই নোহোৱা হৈ পৰিছে। 

 গতিকে গড়াল আৰু এটা সাজিবলৈ তাই গাঁৱৰে ভোলাক কালিয়েই মাতি থৈ আহিছে। সি অকলেই বাঁহ কাটি এদিনতে গড়ালটো সাজি দিব পাৰিব। বৰ কৰ্মী সি। কিন্তু দিনটোৰ হাজিৰা আৰু খোৰাকী দিব লাগিব। দিব, তাই চাৰিশ টকা হাজিৰা তাক দিব। ডেকেৰা কুকুৰা এটা মাৰি তাক মঙহ ভাতো খুৱাব। তাই মতা কুকুৰাবোৰ নাৰাখি বেচি দিয়ে। কাৰণ বেছিকৈ মতা কুকুৰা ৰাখি লাভ নাই। অৱশ্যে পুহ মাহত মতা কুকুৰাবোৰ যুঁজৰ বাবে দাম দি হলেও কিনি নিয়ে। সেয়ে তিনিটামান ডাকুৱা কুকুৰা ৰাখি থয়। যোৱাবছৰ তাই এটাত নশ টকাকৈ বেচিছিল। কাষৰ বাগানৰ পৰা নকৈ দাঢ়ি ঠুটিওৱা ডেকা লৰাবোৰ আহিছিল। সিহঁতে যুঁজত বাজি ধৰিবলৈ ভাল কুকুৰা বিচাৰি আহিছিল। তাই কোৱা দামটো অলপো নকমাই সাতাইছশ টকা নগদ হাতত গুজি থৈ গল। 

 শুই উঠিয়েই গড়ালটো খুলি দি তাই কুকুৰাখিনিক ধান এঢকুৱা চোতালখনত কেইবা ঠাইতো ছটিয়াই দিলে। এনেদৰে নিদিলে নিশকতীয়াবোৰে খাবলৈ নাপাই দৌৰ মাৰি ফুৰিব লগীয়া হয়। কেইটামানে আকৌ নিজৰখিনি এৰি আন এঠাইত খাই থকাটোক খোঁট মাৰি দি সেই স্থান অধিকাৰ কৰি লয়। ৰজা মতা কুকুৰাটোৱে এক বিশেষ মাত দি মাইকী বোৰক খাবলৈ মাতিলে। সিহঁতক হেঁপাহ পলুৱাই চাই এইবাৰ বাহী বনকেইটা কৰি বাৰীৰ পাছফালে থকা পুখুৰীৰ পৰা পানী তুলি বাঁহৰ বেৰা দিয়া গাধোৱা ঘৰটোত গাটো ধুই ললে। 

 ঘৰত মানুহ বুলিবলৈ কেৱল তাই। দেউতাক বেমাৰ পৰি আগৰবছৰ কাতিতে ঢুকাল। সেই সবাহ পাতিবলৈ ভায়েক কেইটা নগৰৰ পৰা আহিছিল। তাৰ পাছত নহা হল। তায়ো জানে সিহঁতৰ সময় নাই। মাত্ৰ দেউতাকৰ মৃত্যুৰ পাছত তাই অকলে খেতিখিনি কৰিব নোৱাৰিব বুলি আধিয়াৰকৈ কৰিবলৈ দি থৈ গল। 

 কিমান বাৰু বয়স হল তাইৰ! । মানুহে কোৱা মতে অসম আন্দোলনৰ সময়ত তাইৰ জন্ম। গাঁৱৰ ডেকা জীয়ৰী সবেই আন্দোলনত যোগ দিছিল। ওচৰৰ নগৰখনত কোনোবা আন্দোলনকাৰীৰ বন্দুকৰ গুলীত মৃত্যু হোৱাৰ বাবে পাছদিনা নগৰত কাৰ্ফিউ দিছিল। প্ৰসৱ বেদনাত ছটফটাই থকা তাইৰ মাকক ডাক্তৰৰ ঘৰলৈ নিব পৰা নিছিল। তাইক জন্ম দি মাকজনী বিনা চিকিৎসাই মৰি থাকিল। ভোকত কান্দি থকা বাবে জন্মৰ পাছতে তাইক হেনো পিঠা গুৰি মিহলি পানী খুৱাই দিছিল পেহীয়েকে। মাকৰ গাখীৰ খাবলৈ নাপাই কেৱল পিঠাগুৰি মিহলি পানী খাই খাই তাইৰ জিভাত পিঠাগুৰিবোৰ আঠা লাগি ধৰিছিল। কান্দি কান্দি তাইৰ নাড়ীটো বাহিৰলৈ ওলাই গৈছিল। মাক মৰাৰ এমাহৰ ভিতৰতে কেঁচুৱাজনী চাবলৈকে আন এজনী বিয়া পাতি আনিছিল দেউতাকে। মাহীমাকক অনা বাবেই তাই নমৰি জীয়াই থাকিল। মাহীমাকে নকইনাৰ বেশেৰেই নিশকতীয়া কেঁচুৱাজনী কোলাত তুলি লৈছিল। জিভাত লাগি থকা পিঠাগুৰিবোৰ কোমল কাপোৰেৰে চুঁচি আনি চাফা কৰিছিল। মাকৰ ঘৰৰ পৰা লৈ অনা গৰুৰ গাখীৰখিনিত পানী মিহলি কৰি খুৱাই দিছিল। দেউতাকক ওচৰৰ কৰবাত গৰুৰ গাখীৰ পায় যদি খাটিছিল আৰু দুদিনৰ পাছত দেউতাকে খীৰতী গাই এজনী বন্ধকত পাই লৈ আনিছিল পোৱালিৰ সৈতে। মাহীমাকৰ মৰমত তাইৰ এবছৰ হওঁতে এটা ভায়েক আৰু তাৰ পাছৰ বছৰত আনটো ভায়েকৰ জন্ম হল। মাহীমাকে চৰকাৰী বন্ধ্যাকৰণ আঁচনিত আৰু সন্তান নহবলৈ অপাৰেচন কৰি লৈছিল। ঘৰখনত আকালো নাছিল ভঁৰালো নাছিল। 

 পাঁচবাৰ মেট্ৰিক দিও পাছ কৰিব নোৱাৰি তাই ঘৰৰ কামত মনোযোগ দিছিল। ভায়েকহঁত পঢ়া শুনাত ভাল আছিল। সেয়ে সিহঁতে মেট্ৰিক পাছ কৰি চহৰত পঢ়ি শুনি ভাল ভাল চাকৰি পাইছিল। সিহঁতৰ সংসাৰো চহৰতে চলিছে। 

 মাহীমাক আৰু দেউতাকক লৈ তায়ো সুখী আছিল। মাহীমাকে তাইক দুবাৰমান বিয়া দিবলৈ চেষ্টাও কৰিছিল। কিন্তু এদিন হঠাতে মাহীমাকজনীও মূৰ ঘূৰাই পৰি গৈছিল। ডাক্তৰৰ ঘৰলৈ নিছিল যদিও ৰাস্তাতে ঢুকাল। ডাক্তৰে প্ৰেচাৰ ষ্ট্ৰক হল বুলি কলে। বগা কাপোৰে ঢকা মাহীমাকৰ শটোৰ ওপৰত পৰি তাই চিঞৰি চিঞৰি কান্দিছিল। তাৰ পাছতেই গোটেই ঘৰৰ দায়িত্ব তাইৰ ওপৰতে পৰিছিল। ৰোগীয়া দেউতাকক চোৱা-চিতাৰ পৰা খেতি-খোলালৈকে। মাকৰ গাখীৰ খাবলৈ নোপোৱাৰ বাবেই হবলা তাইৰ দেহশ্ৰী ভাল নহল। কাৰোবাৰ প্ৰতি মৰম ওপজাৰ সময়খিনিত তাই নিজৰ বেয়া চেহেৰাৰ বাবে সংকোচ কৰি ৰৈ গৈছিল। কাৰোবাক ভাল লাগিছিল যদিও মনৰ আশা মনতে ৰাখি থৈছিল। তাইৰ এতিয়া বয়স চল্লিশ হোৱাগৈ নাই। তথাপি তাইৰ কেতিয়াবা আইনাতো নিজকে চাবলৈ মন নেযায়। এতিয়া হাতত তাইৰ অনবৰত টকা-পইচাও থাকে। চৰকাৰী আঁচনিয়ে আবিয়ৈ ছোৱালীলৈ দিয়া ধনো পায়। ভায়েকহঁতেও পইচা পঠায় তাইলৈ। তাই পইচা নালাগে বুলি ফোন কৰে। কিন্তু সিহঁতে নিদিয়াকৈ নাথাকে। কিন্তু ভাল কাপোৰ এসাজ লবলৈও মন নাযায় তাইৰ। এই বয়সত আবিয়ৈ ছোৱালী এজনীয়ে সাজি-কাচি থাকিলে মানুহে হাঁহিবহে। সেয়ে তাইৰ পৃথিৱী এতিয়া কুকুৰাগালেই। ঘৰটোত অকলশৰীয়া হলেও চুবুৰীটো ঘন। অকলে থাকিবলৈ তাইৰ আজিকালি ভয় নালাগে। কেতিয়াবা নগৰলৈ যাবলৈ হলে পেহীয়েকৰ পাটগাভৰু নাতিনীয়েকজনীক লগত লৈ যায়। 

 আজি ভোলা গড়াল সাজিবলৈ আহিব কথাটোৱে মনটোত ধিয়াই আছে। কুকুৰাখিনিৰ লগতে তাই সময় কটায়। পোৱালিবোৰক কেতিয়াবা তাই হাততে চাউল লৈ খাবলৈ দিয়ে। পোৱালিবোৰে খুটি খুটি খোৱা চাই বৰ আমোদ পায়। তাই চাহৰ কেটলীটো ধোঁৱাচাঙৰ লগত বিশেষ কায়দাৰে ওলোমাই থোৱা কলীয়া লোৰ চেইনডালৰ আঁকোটাটোত আঁৰি দিলে। কেটলীটোও জুইত পুৰি কলা হৈ গল। 

 পুৱা সাত বাজিছিল তেতিয়াই ভোলা আহিল। আহিয়ে তাইক মাতষাৰ দি অকণো নৰৈ পাছফালৰ বাঁহনিৰ পৰা বাঁহখিনি কাটি আনিলেগৈ। বাঁহখিনি গড়াল সাজিবৰ বাবে লোৱা ঠাইৰ ওচৰত জোখমতে কাটি ললে। পাছফালৰ বাৰাণ্ডাতে বহি তাই দিয়া চাহপানীটোপা খাই সি কামত লাগি গল। কাঁহীবাতিকেইটা ধুই তাইৰ বিশেষ কাম নাথাকিল। মাজতে এবাৰ কি কৰিছেনো বুলি তাৰ ওচৰত তামোলৰ বঁটাটো লৈ থিয় হৈছিলগৈ। সি তাৰ নাকেৰে ওলোৱা মাতটোৰে গড়ালটো কেনেকৈ সাজিব তাকে দুষাৰমান সুধিলে। তাইয়ো অলপ দিহা দি মেলি নিজৰ শোৱনি কোঠাত সোমালগৈ। 

 শোৱনিকোঠাৰ নেট পৰ্দাৰ মাজেদি তাই তাক দেখি পালে। সি পিছে তাইক ভিতৰলৈ দেখা নাপায় কাৰণে তাই তাক চাবলৈ সুবিধা হল। ভোলাই গাত থকা চোলাটো খুলি লৈ অকল হাফপেণ্টটো পিন্ধি খালী গাৰে কাম কৰিছে। তাইতকৈ সি বয়সত অলপ সৰুৱে হব চাগে। 

 তাৰ দেহাটো পৰিশ্ৰম কৰাৰ বাবে সুঠাম। ঘাম লাগি জিলিকণি উঠিছে মাংশপেশীবোৰত। তাৰ জন্মতে ওঁঠ ফটা আছিল আছিল বাবে ফঁটা ওঁঠৰ মাজতে দাঁত এটা ওলাই থাকে। কথা কলে নাকেৰে উচ্চাৰণ হয়। ফটা ওঁঠৰ বাবে তালৈ কোনো ছোৱালীয়ে নাহিল। নিজৰ ককাই ভাইবোৰৰ ঘৈণীয়েকবোৰে তাক ভাল ব্যৱহাৰ নকৰে। খেতি-খোলা কৰে কাৰণেহে ভাত পানী দি ৰাখিছে। 

 ভোলালৈ চাই থাকি তাইৰ গাটো কেনেবা লাগিল। খিৰিকিখন জপাই দিলে তাই। বহুদিন কাপোৰে ঢাকি থোৱা ডাঙৰ আইনাখন আজি চাবলৈ মন গল তাইৰ। চুলি দুডালমান পকিছে। মুখখনৰ হনুবোৰ ওলাই পৰিলে, চকুকেইটা যেন গাঁতত সোমাই গল। নিজৰ শুকান ৰস পম নথকা দেহাটো চাই তাই গভীৰ হুমুনিয়াহ এটা কাঢ়িলে। শোৱনি কোঠাৰ পৰা ওলাই গৈ তাই কালি ৰাতিয়ে জুলুকীটোৰে ঢাকি থোৱা কুকুৰাটো মাৰি, কুটি বাছি ঠিক কৰিলে। 

এনেয়ে ভোলাৰ হাত বৰ খৰ। ভাত ৰন্ধাৰ মাজতে তাই এবাৰ কাম কিমান হল চাই থৈ আহিলগৈ। ভোলাই গড়ালটোৰ বেৰ বান্ধি আছিল। তাই ভোলাক কলে, “আজিয়ে শেষ নকৰিলেও হব দে। গড়ালৰ চালখন টকৌ পাতেৰে ডাঠকৈ চাই দিবি কাইলৈ নহলে।“

 সি তাইলৈ চাই কলে, “আজিয়ে শেষ হবই তই চিন্তা নকৰিবি।“

 তাই যেন আশা কৰিছিল ভোলা তাইৰ ঘৰলৈ কাইলৈও আহক কাম কৰিবলৈ। অকলে ভাতকেইটা খোৱাতকৈ কাৰোবাক ৰান্ধি বাঢ়ি খুৱাবলৈ তাইৰ ভাল লাগিলহেতেন। কিন্তু নকলে। জুইশালত কেৰাহীত মঙহৰ আঞ্জা উতলিছিল। ধুনীয়া গোন্ধ এটা ওলাইছিল। 

 তাই এটা কাম কৰিলে। এনেয়ে তাই নিজে ষ্টীলৰ থাল এখনত ভাত খায়। তাই ধুনীয়াকৈ কাঁহৰ কাঁহী বাতি এযোৰ উলিয়াই ফুটছাঁইৰে ঘঁহি ঘঁহি ধুলে। ছাঁইৰে ঘঁহি দিয়াত কাঁহী-বাতিযোৰ চিকচিকাই উঠিল। পাকঘৰলৈ গৈ তাই কাঁহীখনত ভাত বাঢ়িলে। বাতিটোত মঙহৰ আঞ্জাখিনি দি ভাতৰ কাষতে বাতিটো সজালে। জুহালৰ কাষতে যত আগতে তাইৰ দেউতাকে বহি ভাত খাইছিল তাতে ঠাইখন মচি পীৰাখন পাৰি দিলে। মঙহৰ বাতিৰ সৈতে ভাতৰ কাঁহীখন, কাষতে পিতলৰ ঘটিটোত এঘটি পানী থৈ ভোলাক ভাত খাবলৈ মাতিলে। বৌয়েকহঁতে সদায় থেকচ নেকেচকৈ দিয়া ভাত খাই থকা ভোলাই নিজৰাই ধুনীয়াকৈ সজাই দিয়া ভাতৰ কাঁহীখনলৈ সজল দৃষ্টিৰে একেথৰে চাই ৰল। 

 (সমাপ্ত)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Debosri
7 months ago

সদায়ৰ দৰেই আজিও বহুত ভাল লাগিল পঢ়ি৷আগতে যদিও পঢ়িছিলোঁ একে উশাহতে আকৌ পঢ়িলোঁ দেই বা