আধা+আধা মিনিটৰ গল্প – দিগন্ত বৰা

বান্দৰ দুটা ঘৰত সোমাল বুলি টেটুঁফলা চিঞৰ কেইটামান মাৰি মায়ে মোক পুৱাতে জগাই দিয়াত লেপৰ তলৰ উমখিনিৰ উমাল স্পৰ্শ অনিচ্ছাসত্ত্বেও এৰি জাপ মাৰি নামি যুদ্ধৰ আধুনিক সৰঞ্জাম হাতত নথকাত দুৱাৰ চুকতে থকা মস্ত টোকোন ডালকে লৈ ‘ইন্দ্ৰজীত’ হৈ যুদ্ধংদেহি ৰূপেৰে ওলাই আহিলো৷ মায়ে ভিতৰৰ পৰাই বাৰাণ্ডাৰ আৰামী বেঞ্চখনলৈ আঙুলিয়াই দিলে৷ কিন্তু এইয়া কি! সচাকৈ দুটা প্ৰকাণ্ড মলুৱা বান্দৰে হাতত কাগজ এখন লৈ বাৰাণ্ডাত থকা আৰামী বেঞ্চখনত বহি আছে৷ পৰহি আমাৰ পাকঘৰৰ পৰা ইহঁতৰ আত্মীয়কেইটায়েই বজাৰৰ পৰা আনি থোৱা এক কেজি মচুৰ দাইলৰ মোনাটো উঠাই নিছিল! গতিকে উমি উমি গোটেই প্ৰজাতিটোৰ প্ৰতি ক্ষোভ এটা আছিলেই৷ লগে লগে টোকোনডাল লৈ খেদি গলো৷ মোৰ উগ্ৰমূৰ্তি দেখি বাৰাণ্ডাৰ মজিয়াতে কাগজখন পেলাই ‘সুগ্ৰীব’ আৰু ‘বালী’ দুয়োটা পলাল৷

সিহঁতক মাৰিবলৈ নাপাই এৰি থৈ যোৱা কাগজখনকে ফালি চিৰাচিৰ কৰো বুলি হাতত তুলি ললো৷ কিন্তু এইয়া কি! এইখন দেখোন বৃদ্ধ পেঞ্চনৰ ফৰ্ম!

মাক কলো, “আকৌ কিবা ইলেকচন চিলেকচন আহিছে নেকি বাৰু?”

মায়ে কলে, “অ’তো৷ পঞ্চায়ত ইলেকচন পাইছেহি আকৌ!”

: “সেইকাৰণেই ইহঁতজাকৰ আকৌ ইমান উৎপাত!” ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক