আধামিনিটৰ গল্পৰ জোলোঙা

সিদ্ধার্থ শর্মাঃ

কন্যা
মানুহজন বৰ বিষম মনেৰে থাকে । দুজনী ছোৱালীৰ পিতৃ । ছোৱালী দুজনী মাকৰ গৰ্ভত থাকোঁতে ডক্টৰক সুধিব বিচাৰিছিল ‘ লৰা নে ছোৱালী?’ আইনমতে দণ্ডনীয় চাইনবর্ডখন দেখি মনৰ কথা মনতে ৰাখিল । সেইদিনা বজাৰলৈ যাওঁতে ডাষ্টবিনত কেঁচুৱাৰ কান্দোন শুনি ওচৰলৈ গৈ অলপ সময় কেঁচুৱাটোৰ নিম্নাংশৰ পিনে চালে আৰু এটি হুমুনিয়াহ কাঢ়ি এজন পথচাৰীক কলে’ এটি কেঁচুৱা এৰি থৈ গৈছে’। তাৰপিছত তেখেত অকলশৰে খৰ খোজেৰে বিদায় ল’লে ।

 

 

বিশ্বাস

তীব্ৰ বেগে মেকুৰীটো গাড়ীখনৰ আগেৰে পাৰ হৈ গ’ল । বৃদ্ধ চালকজনে জোৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰখাই তিনিবাৰ আগা-পিছা কৰাৰ সংস্কাৰ অনুযায়ী পিছুৱাই দিলে । ধমকৈ এটা শব্দ হ’ল । লগে লগে পিছফালৰ পৰা এষাৰ মাত ভাহি আহিল ‘ এক্সিডেণ্ট কৰিবলৈ গাড়ী চলাই কিয় ?’ চালকজনে মূৰ দোৱাই অদৃষ্টক কলে ‘ ডাঙৰ এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিলা প্ৰভু ।’

*****************************************

 

লাকী আহমেদঃ
এটা বাঘ আৰু এটা আধালিখা প্ৰেমকাহিনী ::

সকলো দৌৰিছে । ময়ো প্ৰাণ-টাকি দৌৰিছোঁ বায়ু বেগেৰে চিৰিয়াখানাৰ মূল গেটখনৰ ফালে । গেটৰ বাহিৰ হৈ ফোঁপাই-জোপাই মাটিতে বহি পৰিলোঁ । কি’নো হৈছিল…সকলো যেন পাহৰি পেলাইছোঁ মই । কোনো কোনোৱে চিঞৰিছে “বাঘ বাঘ” । লাহে লাহে এক মিনিট আগৰ দৃশ্যবোৰ ভাহি আহিল মোৰ মানসপটত…

আওহতীয়া সুবিধাজনক জেগা এডোখৰ বিচাৰি বহি পৰিছিলোঁ আমি দুয়ো । তাই ক্ৰমশঃ কাষ চাপি আহিছিল মোৰ । ময়ো চাৰিওফালে এটা সন্ধানী দৃষ্টি দি তাইৰ তপত নিশ্বাসবোৰৰ ফালে ঢাপলি মেলিছিলোঁ । নিজকে ইমৰান হাছমী ইমৰান হাছমী যেন লাগিছিল । অত্যন্ত আবেগিক হৈ তাই সুধিছিল-“ কিমান ভালপোৱা মোক ? সদায় মোৰ কাষত থাকিবানে ?..”!মোৰো দুৰ্দান্ত উত্তৰ-“নিজতকৈয়ো বহুত বেছি…আজীৱন তোমাৰ কাষত থাকিম,যিকোনো পৰিস্থিতিতে..কেতিয়াও লগ নেৰোঁ তোমাৰ..”!..
ভগৱানৰো যে কি লীলা । বুজি নাপালোঁ মইনো কি ভগৱানৰ পানী খোৱা পুখুৰীত বিহ ধালিছিলো যাৰ বাবে মোৰ লগত এনেকুৱা খেল খেলিলে তেওঁ । সন্মুখৰ পিঞ্জৰাৰ পৰা উলাই অহা প্ৰকাণ্ড বাঘটোৰ গোঁজৰণি শুনি আমাৰ প্ৰেম,আবেগ সকলো ছিটিকি পৰিছিল কৰ’বাত । তাইক বাঘৰ সন্মুখতে এৰি নিজৰ প্ৰাণটো লৈ পোহৰৰ বেগত মই দৌৰিছিলোঁ চিৰিয়াখানাৰ মূল গেটখনৰ ফালে…মোৰ প্ৰেমকাহিনীৰ তাতে অন্ত পেলাই ।
********************************************
নিৰ্মালি বৰঠাকুৰ :
অনুশোচনা
স্মৃতিয়ে বন্ধুৰ ঘৰলৈ বুলি যাত্রা আৰম্ভ কৰিলে ।বাচৰ পৰা নামি নৈখন পাৰ হ’ব লাগে….কি কৰা যায় এতিয়া ! এনেয়ে পানীলৈ ভয় তাতে ভৰ বাৰিষা । হাত-নাও এখন ৰৈ আছিল । কিন্তু নাৱত গ’লে যে আধা বাটতে আধামৰা হ’ম গতিকে তাই নাৱত নাযায় ,ফেৰিত হে যাব …..সেইদিনা “পানী আৰু নাৱৰ” ওচৰত মানুহজনৰ কথা মানি লোৱাতো সম্ভৱ নাছিল তাইৰ বাবে  । যাহওক তাইৰ যাত্রাপথৰ বন্ধু ফেৰিখন আহিল । ফেৰিখনত উঠিলেহে কিন্তু তাইৰ ডিঙি শুকাই গৈছিল,বুকুখনৰ শব্দবোৰ কাণত বাজিব লৈ ধৰিছিল । মানুহজনৰ হাত খনেই একমাত্র সাৰথি কৰি এনে এটা জোৰেৰে ধৰিছিলে যে হাতত দাগ বহি গৈছিল । গৈ আছে… গৈ আছে …..নদীৰ মাজ পাইছেহে মাত্র ফেৰিৰ মেছিনত কিবা এটা বিজুতি হৈ ৰৈ গ’ল । মানুহবোৰৰ মাজত হাহাকাৰ লাগিল । তাইৰ অৱস্থা দেখি সকলোৱে শান্তনা দিবলৈ ধৰিলে । তেনে সময়তে সেই হাত-নাওখন আহি আছিল । নাওখনত উঠিবলৈ মানুহবোৰৰ হেতাওপৰা লাগিল । কিন্তু নাওখনত চিটেই নাছিল ,তথাপি তাইলৈ পুতৌ দেখুৱাই সকলোৱে সিহঁত দুজনক নাওখনত উঠাই দিলে । নাওখনত উঠিহে যেন তাই সকাহ পালে । ইফালে লাজ আৰু অনুশোচনাত মুৰ ওপৰলৈ তুলিবলৈ সাহ গোটাবও পৰা নাছিল তাই । অৱশ্যে নামিবৰ সময়ত নাৱৰীয়া জনক ধন্যবাদসূচক হাঁহিটো মাৰিবলৈ কিন্তু নাপাহৰিলে ।
******************************************
দেৱব্ৰত বৰা:
বিষ
চহৰখনৰ অতি সৎ ব্যক্তি ৰূপে পৰিচিত বিশিষ্ট ব্যৱসায়ীজন চিকিৎসকৰ কাষ চাপিছে । তেওঁ সোঁহাতৰ বুঢ়া আঙুলিত আজি কেইদিনমানৰ পৰা এক তীব্ৰ বেদনা অনুভৱ কৰিছে । ৰোগৰ বিৱৰণে চিকিৎসকৰ মুখৰ মাত নোহোৱা কৰিলে । ৰোগীৰ সোঁহাতখন বাহুতে নাই। দুবছৰমান আগতে উগ্ৰপন্থীসকলক ধন আদায় নিদিয়াত গুলীৰে তেওঁৰ সোঁহাত খন থকা-সৰকা কৰে । ফলত সেইজন চিকিৎসকৰ তত্বাৱধানতে হাতটো বাহুতে কাটি পেলাব লগা হয় ।
সহযাত্রী
ঘৰ মুখী বাছত । সহযাত্রী এজন খুড়াৰ বয়সৰ লোক । অৱধাৰিত ভাবেই চিনাকি হ’ল। মই সেই সময়ত ব্যক্তিগত খণ্ডৰ চাকৰি এটা কৰো। কম দৰমহা। সহযাত্রীজনে কেন্দ্ৰীয় চৰকাৰৰ বিভাগ এটাত কাম কৰে। তেওঁ মোক কলে যে তেওঁৰ বিভাগতে মই কাম পাব পাৰোঁ । সেই বিভাগত পদ খালী হ’লে কেতিয়া, ক’ত, কেনেদৰে বিজ্ঞাপন দিয়ে তাকো ক’লে । লগতে ক’লে যে ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত তেওঁৰ সম্পৰ্ক আছে। সেয়ে অলপ চাহ-তাহৰ খৰচ কৰিব পাৰিলে মোৰ চাকৰি হৈ যাব। এনেদৰে চাকৰি প্রায় খাটাং হওঁতেই মোৰ বাছৰ পৰা নামিবৰ হ’ল। খুৰাই ক’লে “ তুমি পালাহি। আৰু দহ মিনিট পাছত ময়ো পামগৈ । ঘৰখন পায়ে বৰ বেয়া লাগে বুইছা। দুটাকৈ স্নাতক ভতিজা । বেকাৰ হৈ ঘৰতে বহি আছে ।“

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments