আধালেখা প্ৰেম কাহিনী (ৰূপাঙ্কৰ চৌধুৰী)

RupankarChoudhury_AdhaLekhaPremKahani

– তুমি সেই বদমাচ ছোৱালীজনীৰ পিছে পিছে ঘূৰি থাকিবা নে মোৰ লগত কথা পাতিবলৈ সময় হ’ব?
– নন্দিনী! মুখ চম্ভালি কথা কবা! তোমাৰ অধিকাৰ নাই? কোনো আগ-গুৰি নজনাকৈয়ে তুমি শেৱালিক বদমাচ বুলি কোৱাৰ সাহস ক’ত পালা?
– আচ্ছা? এতিয়া মইহে মুখ চম্ভালি কথা ক’ব লাগে? আৰু তুমি নিজে? তাইৰ হাতত হাত ৰাখি যে গোটেই জালুকবাৰীৰ কৃষ্ণচূড়াৰ ৰঙাবোৰক সাক্ষী কৰি ঘুৰি ফুৰা?
– খবৰদাৰ নন্দিনী? মই আৰু এটা টু শব্দ শুনিব নিবিচাৰো শেৱালিক লৈ!
– কিন্তু কিয়? কিয় তুমি পাহৰি গ’লা আমাৰ দহ বছৰীয়া প্ৰেম-সম্পৰ্কক? আজি তোমাৰ নিজৰে লাজ নালাগে? এজনী বিয়াৰ তাৰিখ পৰ্য্যন্ত ঠিক হৈ থকা ছোৱালীৰ পিছে পিছে এক নিলাজ পিশাচৰ দৰে ঘূৰি থকা তুমি? কি কৰা নাছিলোঁ তোমাৰ বাবে? নিজৰ সৰ্বস্ব তোমাৰ নামত সঁপি দিছিলোঁ!
– নন্দিনী????
খংত একো নাই হৈ দাং খাই উঠা হাতখন কেনেবাকৈ নন্দিনীৰ গাত দিয়াৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিলোঁ।….
ফৰেষ্ট স্কুলত থকা এটা প্ৰাইভেট হোষ্টেলত থাকে নন্দিনী। মোৰ হৃদয়ত প্ৰেমৰ বীজ অংকুৰণ কৰা মোৰ হিয়াৰ এফাল নন্দিনী। শৈশৱৰ পৰা বিশ্ববিদ্যালয়ৰ পদূলিলৈকে মোৰ জীৱন-যাত্ৰাৰ সহযাত্ৰী নন্দিনী। আনুষ্ঠানিকতাহে বাকী- দুয়োৰে ঘৰ দুখনে আমাৰ এই যাত্ৰাক স্বীকৃতি দিছেই ইতিমধ্যে। মোৰ সকলো সিদ্ধান্তৰ চাবি-কাঠী নন্দিনীৰ হাতত। শেৱালিৰ লগত মোক চিনা-পৰিচয় কৰি দিয়োতা আন কোনো নহয়- নন্দিনীয়েই।
আবতৰীয়া বৰষুণ দি আছিল সেইদিনা। ঘৰৰ পৰা মায়ে যতনাই দি পঠোৱা জলফাইৰ মিঠা আচাৰৰ টোপোলাতো লৈ মই নন্দিনীৰ হোষ্টেলত ৰৈ আছোঁ- ভিজিটৰ ৰূমত। তাতেই এচুকত বহি বহীত কিবা টুকি আছিল এজনী ছোৱালীয়ে। ইউনিভাৰ্ছিটিৰেই। চকুৰ চিনাকি। মোৰ পিনে চোৱাত হাঁহি এটা মাৰি মই অপেক্ষা কৰি আছো নন্দিনী অহালৈ। নন্দিনীয়ে তাইৰ প্ৰিয় জলফাইৰ আচাৰ ল’বলৈ আহিল- বৰষুণত তিতি।
– আচাৰৰ বটল আধা খালি যে?
– মোৰ বাবে ৰাখিছোঁ অলপ।
– বৰমাই মোৰ বাবে হে কৰিছে আচাৰ? তুমি আকৌ কিয় ৰাখিছা? নহ’ব। মোক গোটেইখিনি লাগিব।
– এইবাৰ ঘৰ গলে আনিম দিয়া সৰহকৈ।
– তুমি প্ৰত্যেকবাৰেই এনেকুৱা কৰা। সিদিনা চুঙা পিঠাও তুমি বেছিকৈ ৰাখিছিলা!
নন্দিনী আৰু মোৰ শিশু-সুলভ কথা অথনিৰে পৰা শুনি শুনি হাঁহি আছিল ভিজিটৰ ৰূমত থকা ছোৱালীজনীয়ে।
– নন্দিনী, জলফাইৰ আচাৰ মোৰো খুব প্ৰিয়।
– ওহ শেৱালি! তোমাক মনেই কৰা নাছিলোঁ। চোৱাচোন বৰমাই দিয়া জলফাইৰ আচাৰখিনিত ই হামলা দিলে। ওহ। ই নিয়ৰ। মোৰ সৰুকালৰে বন্ধু দেই। (মোৰ পিনে চাই) এয়া শেৱালি।
– অকল বন্ধুয়েই নে?
শেৱালিৰ প্ৰশ্নত নন্দিনীয়ে লাজ লাজ ভাৱত ৰঙা পৰিছিল। সেয়াই প্ৰথম আনুষ্ঠানিক পৰিচয় শেৱালিৰ লগত। সাহিত্যৰ ছাত্ৰী শেৱালি। তাৰ পিচত বহুত দিন লগ পাইছোঁ তাইক। লাহে লাহে সহজভাৱে কথা পতা হ’লোঁ তাইৰ লগত। নন্দিনী আৰু মোৰ বহুতো যাত্ৰাৰ তাই সংগী হ’ল। সুযোগ পালেই জলফাইৰ আচাৰৰ কথা কৈ নন্দিনী আৰু মোক জোকায়- কেতিয়াবা আৰ্টচ কেণ্টিনত নাইবা কেতিয়াবা ফৰেষ্ট স্কুলৰ পিয়াঁজী-পকোৰা পোৱা ৰেষ্টোৰেণ্টখনত। মাজে মাজে আমাৰ যাত্ৰাৰ দূৰত্ব বৃদ্ধি পায় মালিগাঁৱৰ শিখা ৰেষ্টুৰেণ্টলৈ। সহযাত্ৰী আন এজন লগ হয় সেইদিনাখন- হৃদয়।
শেৱালিৰ হৃদয়। হৃদয় বৰুৱা। হৃদয় বৰুৱা পেচাত অধিবক্তা। গুৱাহাটীত থাকে। বয়সত আমি কেইজনতকৈ কিছু ডাঙৰ যদিও মোক আৰু নন্দিনীক বন্ধুৰ দৰেই আকোঁৱালি লৈছে। ব্যস্ততাৰ মাজতো শেৱালিক লগ কৰিবলৈ পষেকত এবাৰ আহে। যোৱাৰ সময়ত মোক কৈ যায়-
– এইক অলপ চাবা তুমি। শেৱালি বৰ আবেগিক। যদিও হাঁহি-তামাচা কৰি থাকে- বহুত ধুমুহা পাৰ হৈ গৈছে তাইৰ জীৱনত। পিচত ক’ম বাৰু। তাইক এই বিষয়ে একো নুসুধিবা। আঘাত পাব তাই।
সহজ-সৰল যেন লাগি থকা তথা অতিকে চিনকি যেন লগ মানুহবোৰক যেন আমি মুখতহে চিনি পাওঁ। আমিবোৰ কম যান্ত্ৰিক হৈ গৈছো নে? অতি কম সময়তে ভাল বন্ধুত্ব গঢ় লৈ উঠা শেৱালিজনীৰ জীৱনত এনেকুৱা কি ধুমুহা পাৰ হৈ গৈছে? তাইৰ হাঁহি থকা মুখখনত দেখোন কোনো ধৰণৰ দুখৰ প্ৰলেপ চকুতেই নপৰে? কথাতো নন্দিনীৰ লগত আলোচনা কৰিম বুলি ভাব এটা আহিছিল মনত। কিন্তু পেটত একো কথা ৰাখিব নোৱাৰা নন্দিনীজনীয়ে যদি শেৱালিক সুধি দিয়ে? …..
-নিয়ৰ দা? আপোনাক লগ কৰিবলৈ কোনোবা আহিছে।
ৰূমমেট জাহিৰৰ মাতত সাৰ পালোঁ। ৰবিবাৰ। যোৱাকালিৰ শনিবাৰ বিশেষ ভাৱে উদযাপন কৰা গৈছিল আবাসত। কামখ্যা গেটৰ পৰা অনা গাহৰিৰ মাংস আৰু ৰাতি দুবাৰকৈ গৈ আমিনগাওঁৰ ‘লহকৰ ধাবা’ আৰু ‘এইচি’ৰ কাষৰ গোপনীয় উৎস এটাৰ পৰা আমদানীকৃত পানীয়। সাত-মাইলৰ ‘পানীয়’ৰ উৎসটো বন্ধ হৈ আছিল কিছুদিনৰ পৰা। দিবাকৰ দাৰ চাকৰি পোৱা পাৰ্টি। ভাত খাইছিলোঁ নে মনতে নপৰে দেখোন!
– কোন আহিছে অই জাহিৰ এই ৰাতিপুৱাই?
– ইউনিভাৰৰ্ছিটিৰে হোষ্টেলত থকা বা এজনী। আপোনাৰ লগত প্ৰায়ে দেখি থাকোঁ ‘আৰ্টচ কেণ্টিন’ত।
– শেৱালি? অকলেই নে আৰু কোনোবা আছে লগত?
– অকলে।
ৰাতিৰ নিচা একেকোবে নোহোৱা হ’ল। ততাতৈয়াকৈ টি-চাৰ্ট আৰু পেণ্ট পিন্ধি ওলাই আহিলোঁ।
– আৰে শেৱালি? ৰাতিপুৱাই? কিবা কথা থাকিলে ফোন কৰিব লাগিছিল। মই আহি গ’লোঁহেঁতেন।
– ৰবিবাৰে পুৱাই তোমাক মাতি আমনি দিব মন নগ’ল। মেচেজ কৰিছিলোঁ মই আহি আছোঁ বুলি। তুমি দেখাই নাই চাগে।
– অহ। মবাইল টেবুলতে আছে। কোৱাচোন কি কাম আছিল?
– তুমি জল্‌দি ফ্ৰেছ-আপ হোৱা। এঠাইলৈ যাবলগীয়া আছে।
দৌৰা-দৌৰিকে ফ্ৰেছ-আপ হৈ ওলাই সাজু হ’লোঁ। নানা ভাৱে মনত খেলি-মেলি লগাই দিলে। কি কাম থাকিব পাৰে শেৱালিৰ?
শেৱালিৰ কথামতেই বাইক দীপৰ বিলৰ দিশে পোনালোঁ। এতিয়ালৈ কোনো কথাৰে পাতনি মেলা নাই শেৱালিয়ে। মাথোঁ দিপৰ বিলৰ দিশে যাম বুলি কৈছে।
-ইয়াতে ৰখোৱা।
শেৱালিৰ কথামতেই গড়চুক হৈ পামহিৰ গাঁৱৰ ভিতৰলৈ আহি বাইক ৰখালোঁ এক নিৰ্জন ঠাইত- দীপৰ বিলৰ পাৰ।
– পিছে ইয়াত দেখোন কোনো নাই?
– মই কাকো লগ কৰিবলৈ অহা নাই নিয়ৰ? তোমাক এটা বিশেষ কথা ক’বলৈ লৈ আহিছোঁ ইয়ালৈ।
– কি? মোৰ লগতেই যদি কথা পাতিব লগা আছিল হোষ্টেলত কিয় নক’লা?
– য’তে-ত’তে যিকোনো কথা পাতিব নোৱাৰি নিয়ৰ। সৌ দূৰত ৰেল-লাইন পাৰ হৈ মুকলি ঠাইখিনি দেখিছা বিলৰ পাৰত?
– অ। তাৰে কাষতে এটা ম’হৰ খুটি আছে। ডিপাৰ্টমেণ্টৰ চাৰ্ভেৰ কামত বহুতবাৰ আহিছোঁ। কি আছে তাত?
– একো নাই নিয়ৰ। মোৰ সকলো তাতেই শেষ কৰি দিছিল কেইজনমান পিশাচে।
– কি??
– বহুত দিনৰ পৰাই মোৰ পিছত পৰি আছিল। কলেজৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে উঠাই লৈ আনিছিল ইয়ালৈ। নিশা নামি অহাত নিৰ্জনতাৰ সুযোগ লৈ মোক উপভোগ কৰিছিল পিশাচকেইটাই। দলিয়াই পেলাই থৈ আহিছিল মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাত। সিহঁত এতিয়া ৰঙাঘৰৰ আলহী।
হৃদয় বৰুৱাই কোৱা শেৱালিৰ জীৱনৰ ধুমুহাজাক তেন্তে ইমানেই ভয়ানক আছিল? শেৱালিৰ পিনে চকু থৈ কিবা আৰু প্ৰশ্ন কৰাৰ সাহসকণ মোৰ নোহোৱা হৈ পৰিল। থাকিল মাথোঁ কিছুপৰ স্তব্ধতা। অতি চিনাকি বান্ধৱী বুলি ভাবি অহা শেৱালিজনী মোৰ তেনেই অচিনাকি যেন লাগিল। অৱশেষত মৌনতা ভংগ কৰি শেৱালিয়ে কৈ গ’ল-
– হৃদয়ে সকলো কথা জানিও মোক আঁকোৱালি লৈছিল। মোৰ কেচটো তেখেতেই আইনী যুঁজ দি আছে। সিহঁতৰ ঘৰখনে প্ৰথম অৱস্থাত দুৰ্ঘোৰ আপত্তি কৰিছিল। কিন্তু হৃদয় বেলেগ ধাতুৰে গঢ়া। তাৰ যুক্তিনিষ্ঠ কথাৰে সকলোকে মান্তি কৰাইছিল। তেওঁৰ ওচৰত মই জীয়াই থকালৈকে ঋণী।
– হৃদয়ৰ দৰে পুৰুষ এজনৰ লগত তুমি সঁচাকৈ সুখত থাকিব পাৰিবা শেৱালি। অতীতৰ সেই ধুমুহাজাক পাহৰি জীৱনটো এক নতুন দিশলৈ লৈ যোৱা তুমি- য’ত থাকিব মাথোঁ সুখ আৰু আনন্দ।
– ইমান সৰলভাৱে সকলো কথা আগবঢ়াৰ পথ মুকলি থাকিলে আজি মই তোমাক ইয়ালৈ লৈ নাহোঁ নিয়ৰ। মোৰ জীৱনৰ সেই ধুমুহাজাকতো ভাঙি পৰা নাছিলোঁ। কিন্তু যোৱাকালি যি এক সত্য শুনিলোঁ তাৰ পিছত মই আকৌ হৃদয়ৰ লগত অন্যায় কৰিব নিবিচাৰোঁ।
– কি সেই সত্য? মই যিমান পাৰোঁ সহায় কৰিম তোমাক। এয়া নিয়ৰৰ শেৱালিৰ প্ৰতি থকা বন্ধুত্বৰ শপত।
– তুমি অভিনয় কৰিব লাগিব। প্ৰেমৰ অভিনয় কৰিব লাগিব মোৰ লগত। মাথোঁ কিছুদিনৰ বাবে- যেতিয়ালৈ মই এই পৃথিৱীৰ আলহী। একেবাৰে সঁচা যেন লগা প্ৰেমৰ অভিনয়। জালুকবাৰীৰ ৰঙাবোৰেও বিশ্বাস কৰিব পৰাকৈ সঁচা যেন লগা প্ৰেমৰ অভিনয়। ভয় নকৰিবা। তোমাৰ আৰু নন্দিনীৰ মাজৰ সম্পৰ্কত কোনো প্ৰভাৱ নপৰে। মইও নাৰী। নন্দিনীৰ অন্তৰত তোমাৰ প্ৰতি থকা ভালপোৱাক মই বহুত কাষৰ পৰা দেখিছোঁ। কিছু কষ্ট পাব তাই- কিন্তু সেয়া খন্তেকীয়া।
– এহ ৰবা। কি হৈছে তোমাৰ? কি উল্টা-পুল্টা কথা বলকি আছা? কিয় কৰিব লাগে অভিনয় প্ৰেমৰ? হৃদয় বৰুৱাই কিমান কষ্ট পাব তুমি ভাবি চোৱা নাই?
– মই সেয়াই বিচাৰোঁ। পাওক তেখেতে কষ্ট। ঘৃণা কৰক মোক। পাহৰি যাওক হৃদয়ে শেৱালিৰ অস্তিত্ব।
– কিন্তু কিয়? কি এনেকুৱা সত্যৰ শাস্তি ইমানবোৰ মানুহক দিব খুজিছা তুমি?
– আই এম এইচ আই ভি পজিটিভ নিয়ৰ!!
– কি? ….
…….জীৱন নাটৰ আমি যেন সঁচাকৈ একো একোজন অভিনেতা। নিৰ্দেশনা আহে কোনো অচিনাকি পৰিচালকৰ পৰা। নিজৰ বিবেকক একাষৰীয়া কৰি থৈ কৰি যাওঁ- মাথোঁ অভিনয়। কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা অভিমান, কেতিয়াবা খং-ৰাগ।
মইও অভিনয় কৰি গৈছিলোঁ। দুৰ্দান্ত প্ৰেমিকৰ। প্ৰথম অৱস্থাত নন্দিনীয়ে মন কৰা নাছিল- বিশ্বাসৰ ভেটি বহুত মজবুত আছিল আমাৰ। ঠিক একেদৰে বিশ্বাস কৰা নাছিল হৃদয় বৰুৱাইও। বন্ধুবৰ্গই মোৰ কাষৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে। মোৰ ব্যক্তিত্বক লৈ সন্দেহ কৰিব ধৰিলে আন বহুতেই। কাকো একো খুলি ক’ব নোৱাৰোঁ। ভিতৰি দহি দহি জ্বলি আছোঁ। মাজে মাজে শেৱালি কওঁ বুলি ভাবোঁ- ‘আৰু নহ’ব মোৰ দ্বাৰা’। কিন্তু তাইৰ শেতা দুগালত জিলিকি থকা চকুলোৰ টোপাল দেখি নিজকে বান্ধি ৰাখোঁ। তেনেই এক আবেগিক মুহূৰ্ততেই শেৱালি মোৰ বুকুত সোমাই কান্দিছিল। সেই দৃশ্য দেখিছিল নন্দিনীৰ ৰূম-মেটে। কথা গৈ পৰিল নন্দিনীৰ কাণত। সেয়ে তাই আজি মোক মাতি আনি খং উজাৰি আছে।
ইমানদিনে মোৰ আৰু শেৱালিৰ ৰেহ-ৰূপ দেখি খঙ নুঠাটোহে অস্বাভাৱিক আছিল নন্দিনীৰ। মইও খঙেৰেই ওলাই আহিলোঁ নন্দিনীৰ প্ৰাইভেট হোষ্টেলৰ পৰা। ইতিমধ্যে হৃদয় বৰুৱাইও ভাবিবলৈ বাধ্য হৈছে – শেৱালি আৰু মোৰ মাজত জনম লৈছে এক প্ৰেম কাহিনী।
এক ভয় আহে মাজে মাজে মনলৈ- এই প্ৰেম কাহিনীৰ অভিনয়ৰ বাবে মই আৰু কি কি বা হেৰুৱাব লাগে! পিচ মুহূৰ্ততেই শেৱালিৰ মুখখনলৈ মনত পেলাই নিজকে সান্ত্বনা দিওঁ। ময়েই যদি নাথাকোঁ তাইৰ কাষত- তাইৰ থাকিবনো কি? বিধাতাই লিখি যোৱা- এয়া যেন এক আধা লেখা প্ৰেম কাহিনী!

 

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

সচাকৈয়ে বহুত দুখ লাগিল গল্পটো পঢ়ি ।

Anonymous
3 years ago

দুখৰ সুতিঁ এটা যেন মোৰ মনৰ মাজেৰেও বৈ গৈছে । । বন্ধুত্বৰ মহানতাক নমস্কাৰ । । ভাল লাগিল । । । পোৱাৰ সুৰুয নেদেখা প্ৰেম । । । ।

পাপ্লু
3 years ago

দুখৰ সুতিঁ এটা যেন মোৰ মনৰ মাজেৰেও বৈ গৈছে । । বন্ধুত্বৰ মহানতাক নমস্কাৰ । । ভাল লাগিল । । । পোৱাৰ সুৰুয নেদেখা প্ৰেম । । । ।

মমী
3 years ago

ভাল লাগিল

পাপু
2 years ago

বন্ধুৰ বন্ধুত্বক শতকোটি প্ৰণাম।