আধা সঁচা আধা মিছা (দেবাঙ্গ পল্লৱ শইকীয়া)

ঘৰৰ কাম কৰা মানুহজনী হঠাতে ঢুকাল বুলি শুনি তাইৰ মূৰত সৰগ ভাগি পৰিল। যোৱা পাঁচটা বছৰে তাইৰ ছোৱালীজনীক সেই মানুহজনীয়েই চোৱা-চিতা কৰিছিল, ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা সিহঁত অফিচৰ পৰা গৈ পোৱালৈকে।
সিহঁত মানে তাই আৰু গিৰিহঁত । জীয়েক ৰাতিপুৱা শুই থাকোঁতেই দুয়োটা অফিচলৈ ওলাই আহে আৰু ৰাতি তাই সেই কামকৰা মানুহজনীৰ কোলাতে কলমতিয়াই থকা সময়ত গৈ ঘৰ পায়গৈ।
বন্ধৰ দিনতো সিহঁতৰ জীয়েকৰ লগত সময় কটোৱাৰ আহৰি কম। দৌৰ সময়ৰ লগত।
বাপেকে সেইদিনা অফিচলৈ যাব নোৱাৰিলে। মানুহজনী ঢুকোৱা বুলি খৱৰ পাই শাহুৱেক আহি আছে। পোৱাহি নাই।
মাকে সেইদিনা অলপ সোনকালে অফিচৰ পৰা ওলোৱাৰ ব্যৱস্থা কৰিলে। ঘৰত উপস্থিত হৈ গিৰিহঁতৰ পৰা গম পালে জীয়েকে দিনটো কূটা এগজ মুখলৈ নিয়া নাই।
মৰমেৰে জীয়েকক কোলাত লৈ মাকে তাইক খোৱাবলৈ চেষ্টা কৰিলে । নোৱাৰিলে৷
জীয়েকে ঠেনঠেনাই ক’লে – মায়ে আহি খুৱাই দিলেহে খাম৷
-দিছেতো মায়েই সোণজনী!! খোৱা – বাপেকে ক’লে। মাকে ক’লে – দিছোঁ জান! খোৱা৷
-এইজনী মায়ে দিলে ন’হব। মোক সিজনী মায়ে খুৱাব। মোক সদায় খুৱাই দিয়া, মোৰ লগত খেলা মা জনীয়ে। এইবাৰ জীয়েকে ফেঁকুৰিবলৈ ধৰিলে। জীয়েকৰ কথা শুনি সিপিনে মাকেও।
বাপেকে মজিয়াতে ভৰিৰ বুঢ়া আঙুলিৰে কিবা এটা আঁকি থাকিল।
এইবাৰ জীয়েকে মা মা বুলি চিয়ঁৰিবলৈ ধৰিলে। মাকৰ কান্ধতে মূৰ থৈ৷ মাকলৈ নোচোৱাকৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments