আধুনিকতাৰ বাৰ্তাবাহক জনদিয়েক অসমীয়া চিত্ৰকৰ (নীলমনি ফুকন, ইউনিকড- নৱ কোঁৱৰ)

nilamoni phukan

আধুনিকতাৰ বাৰ্তাবাহক জনদিয়েক অসমীয়া চিত্ৰকৰ————-

নীলমনি ফুকন, (প্ৰকাশ কাল ১৯৮৮ চন ।)
ইউনিকড- নৱ কোঁৱৰ

১)
এই শতিকাৰ তৃতীয় দশকতে আধুনিক অসমীয়া চিত্ৰকলাৰ সূত্ৰপাত হয় । আধুনিক শব্দটো আমি এটা শিথিল অৰ্থতহে ব্যৱহাৰ কৰিছো । আনহাতে, আধুনিকতাৰ এটা স্থিৰ , নিশ্বিত অভিধা দিয়াটোও টান ।
গগনেন্দ্ৰনাথ , ৰবীন্দ্ৰনাথ আৰু অমৃতা ছেৰগিলৰ চিত্ৰতে আধুনিকতাৰ সূচনা হৈছিল যদিও পঞ্চাছৰ আগলৈকে ভাৰতীয় চিত্ৰকলাই সামগ্ৰিকভাবে যথাৰ্থ আধুনিক চৰিত্ৰ এটা লোৱা নাছিল । চিত্ৰগত অভিবক্তি, চিত্ৰগত স্থাপত্য, গঠনৰ বিশ্লেষণ, অন্তৰতৰ আ‌ৱেগৰ প্ৰকাশ আদি আধুনিক শিল্পকলাৰ সাৰ্বজনীন বৈশিষ্টসমূহ পঞ্চাছৰ দশকতহে ভাৰতীয় চিত্ৰকলাত সৃজনশীল ৰূপ আৰু অৰ্থত প্ৰকাশ লাভ কৰিছিল ।

২) আমাৰ আলোচ্য তৃতীয়, চতুৰ্থ আৰু পঞ্চম দশকৰ আগভাগত আত্মপ্ৰকাশ কৰা অসমীয়া চিত্ৰকৰসকলৰ সম্বন্ধে তথ্যপাতি সহজলভ্য নহয়। আমিও তেনেকৈ গা-লাগি বিচাৰি চাব পৰা নাই । অধিকাংশ চিত্ৰকৰৰেই মূল চিত্ৰ পোৱা নাযায় । কিছু সংখ্যক চিত্ৰৰ ৰঙীন প্ৰতিলিপি ‘আৱাহন’ত ওলাইছিল । ৰাজ্যিক সংগ্ৰাহালয় আৰু তেজপুৰ চিত্ৰকলা পৰিষদে কেইবাজনো চিত্ৰকৰৰ ভালেকেইখন চিত্ৰ সংগ্ৰহ কৰি সংৰক্ষণ কৰিছিল । অসমৰ বিভিন্ন ঠাইৰ ব্যক্তি বিশেষৰ ঘৰতো দুই চাৰিখন চিত্ৰ বিচাৰিলে ওলাব পাৰে । যোৱা কেইবছৰমানত যি কেইখন মূল চিত্ৰ পোৱা হৈছিল, সেই আটাইখিনিৰে ৰঙীন বা বগা কলা আলোকচিত্ৰও আমাৰ হাতত নাই । এনেবোৰ কাৰণতে এই আলোচনা সম্পূৰ্ণ হ’ব বুলি ক’ব নোৱাৰি ।

আমি যিসকল চিত্ৰকৰৰ মূল চিত্ৰ বা প্ৰতিলিপি দেখিছোঁ, সেইসকল হল- ৰত্নেশ্বৰ বৰুৱা, মুক্তনাথ বৰদলৈ, সুৰেন বৰদলৈ, চিত্ৰকেন বৰুৱা, তাৰিণী(?) , প্ৰতাপ বৰুৱা, জগত সিং কছাৰী, প্ৰজ্ঞা দাস, পিয়াৰী মোহন চৌধুৰি, জীৱেশ্বৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, চিত্ৰৰঞ্জন বৰুৱা, প্ৰকাশ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, যুগল দাস, শশীধৰ শইকীয়া, তৰুণ দুৱৰা, গজেন বৰুৱা, ৰবীন ভট্টাচাৰ্য, আশু দেৱ আৰু হেমন্ত মিশ্ৰ ।

তৰুণ দুৱৰা, আশু দেৱ আৰু হেমন্ত মিশ্ৰই চল্লিছৰ দশকতে আত্মপ্ৰকাশ কৰিছিল যদিও তেওঁলোকক আলোচনাৰ মাজলৈ অনা নাই । প্ৰসংগক্ৰমেহে তেওঁলোকৰ নাম উল্লেখ হৈছে।ষাঠিলৈকে দুৱৰা আৰু মৃত্যুলৈকে(১৯৮৩) আশু দেৱ সক্ৰিয় হৈ আছিল । আৰু হেমন্ত মিশ্ৰই এতিয়াও আঁকি আছে ।

৩)
এই চিত্ৰকৰসকলৰ মুক্তিনাথ বৰদলৈ , সুৰেণ বৰদলৈ, জগত সিং কছাৰী আৰু প্ৰতাপ বৰুৱাই স্থানীয় ঐতিহ্যসূত্ৰে একো পোৱা নাছিল । প্ৰায় তিনিশ বছৰীয়া অসমীয়া অনুচিত্ৰৰ ঐশ্বৰ্যশালী ঐতিহ্যটো সম্প্ৰতি লণ্ডনৰ বৃটিছ লাইব্ৰেৰিত সংৰক্ষিত হৈ থকা দুৰ্গাৰাম বেথাই অঁকা ব্ৰহ্মবৈবৰ্ত পুৰাণৰ পাছত(ৰচনাকাল-১৮৩৬) প্ৰায় নিঃশেষিত হৈছিল ।কিন্তু কাঠৰ ফলিত আৰু সিংহাসনৰ লেখনী পাটত ছবি অঁকা ৰীতি তেতিয়াও অব্যাহত আছিল আৰু এতিয়াও অসমৰ ঠাই বিশেষত প্ৰচলিত আছে ।

অসমীয়া অনুচিত্ৰবোৰ সত্ৰ, ৰাজসভা আৰু অভিজাতজনৰ ব্যক্তিগত সম্পত্তি আছিল । কাচিৎহে তিথি -পৰ্বই সাধাৰণ মানুহে দূৰৈৰ পৰা চাবলৈ পাইছিল । সত্ৰীয়া হ’লে ধৰ্ম আৰু ভক্তি, ৰজাঘৰীয়া আৰু ব্যক্তিবিশেষৰ হ’লে ক্ষমতা,অভিজাত্য আৰু বিলাসৰ বস্তু আছিল এই অনুচিত্ৰবোৰ ।

দ্বিতীয়, তৃতীয় দশকত বাহিৰৰ লগত অসমীয়া সমাজৰ সংযোগ, আদান প্ৰদান আছিল সামান্য ।আধুনিক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ কলিকতাৰ এমুঠিমান অসমীয়া মানুহেহে সততে যোগাযোগ ৰাখিব পাৰিছিল । তেওঁলোকৰ মাজতো সংস্কৃতি অনুৰাগী, সাংস্কৃতিক চেতনা থকা মানুহো সৰহ নাছিল ।

তেতিয়া অসমীয়া সাহিত্যত’ৰোমান্টিছিজমৰ সন্ধ্যাবক্তৰাগ’ সাংস্কৃতিক জীৱনত জড়তা আৰু অৱসাদ । অৱশ্যে গান্ধীৰ অসম ভ্ৰমণ, অসম প্ৰাদেশিক কংগ্ৰেছ প্ৰতিষ্ঠা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশন আদি ঘটনাই অসমীয়া সমাজত এক অভূতপূৰ্ব সামাজিক, ৰাজনৈতিক উদ্দীপনা আৰু জাগৰণৰ সূচনা কৰিছিল ।

সেই সময়ৰ অসমীয়া সমাজত সৰ্বেশ্বৰ কটকী আৰু জ্যোতিপ্ৰসাদৰ বাহিৰে শিল্পকলা অনুৰাগী কবি -সাহিত্যিক-পণ্ডিতলোক তেনেকৈ নাছিল । পুৰণি অসমীয়া চিত্ৰকলাৰ সম্বন্ধে কটকীয়েই প্ৰথমে অনুসন্ধান আৰম্ভ কৰিছিল । তেওঁ ১৯৩১ চনৰ ‘আৱাহন’ৰ এটা সংখ্যাত চিত্ৰিত ‘অনাদিপাতন’ৰ দুখন ৰঙীন চিত্ৰৰ সৈতে সৰু প্ৰবন্ধ এটা প্ৰকাশ কৰিছিল ।

১৯২৯ চনত ‘আৱাহন’ ওলায় । ‘আৱাহনে’ হয়তো বাংলা ‘প্ৰবাসী’ আৰু ইংৰাজী Modern Reviewৰ আদৰ্শতেই আন সমসাময়িক ভাৰতীয় চিত্ৰকৰসকলৰ ৰঙীন চিত্ৰ প্ৰকাশ কৰিবলৈ ধৰে । আধুনিক অসমীয়া মানুহৰ ৰূপৰুচী নিৰ্মানত ‘আৱাহনে’ লোৱা গুৰুত্বপূৰ্ণ ভূমিকা আজিও কোনো অসমীয়া আলোচনীয়ে ল’ব পৰা নাই ।

আলোচ্য চিত্ৰকৰসকলৰ সৰহ ভাগেই আছিল স্ব শিক্ষিত । কলিকতা আৰ্ট স্কুলত ভৰ্ত্তি হোৱা সকলোৱেই পাঠ্যক্ৰম সমাপ্ত কৰি বা প্ৰমাণপত্ৰ লৈ ওলাই আহিব পৰা নাছিল প্ৰধানকৈ অৰ্থাভাবৰ কাৰণেই । তৃতীয় চতুৰ্থ দশকত কলিকতা আৰ্ট স্কুলত শিল্প শিক্ষা লোৱা চাৰিজন অসমীয়া আছিল । ডিব্ৰুগড়ৰ মুক্তিনাথ বৰদলৈ, যোৰহাটৰ সুৰেন বৰদলৈ, তেজপুৰৰ জগৎ সিং কছাৰী আৰু প্ৰতাপ বৰুৱা । প্ৰতাপ বৰুৱা লাহোৰলৈকো গৈছিল বুলি শুনিছোঁ ।

সম্ভৱতঃ তেতিয়া কলিকতা আৰ্ট স্কুলৰ অধ্যক্ষ আছিল ভাৰতৰ শিল্পকলাবিদ পাৰ্ছি ব্ৰাউন চাহাব । পাছত যোৱা সকলে অতুল বসু আৰু মুকুল দে’ক পাইছিল । অবনীন্দ্ৰনাথ, নন্দলাল আৰু অতুল বসুৰ সৈতে সুৰেন বৰদলৈৰ ব্যক্তিগত পৰিচয় আছিল ।

দুই বৰদলৈ,জগৎ সিং কছাৰী আৰু প্ৰতাপ বৰুৱা কলিকতা আৰ্ট স্কুললৈ যোৱাৰ সময়ত বেংগল স্কুল আছিল প্ৰভাৱ আৰু থ্যাতিৰ তুংগত । মন কৰিবলগীয়া কথা , এওঁলোকৰ চিত্ৰ-চিন্তাত বা চিত্ৰত অৱনীন্দ্ৰ-শৈলেন্দ্ৰ-ক্ষিতীন্দ্ৰ-অসিত-নন্দলালৰ কল্পনা-ভাৱনা-ৰুচিৰ স্পৰ্শ নাছিল বুলিলেই হয় । কে‌ৱল তাহানি ‘আৱাহন’ত ওলোৱা প্ৰতাপ বৰুৱা ৰ ‘হাটৰ মাজত’ (১৯৩৩) আৰু ৰাভাৰ ‘বিবাহোপলক্ষে বড়োসকলৰ সমদল’ত (১৯৩৭) বেংগল স্কুলৰ সামান্য প্ৰভাব লক্ষ্য কৰা যায় । সেই সময়ৰ অসামান্য প্ৰতিকৃতি চিত্ৰকৰ অতুল বসুৰ কিছু প্ৰতক্ষ বা পৰোক্ষ প্ৰেৰণাই সুৰেন বৰদলৈ আৰু পাছত তেওঁৰ প্ৰিয় ছাত্ৰ তৰুণ দুৱৰাক অনুপ্ৰাণিত কৰিছিল ।

৪)
তৃতীয় চতুৰ্থ দশকৰ চিত্ৰকৰসকলৰ অধিক সংখ্যক চিত্ৰই ছাত্ৰৰ অনুশীলনৰ বা শ্ৰেণীৰ কামৰ স্তৰতে ৰৈ গ’ল। শিল্পী-সুলভ ৰুচি, সৃজনশীল প্ৰতিভা সেইসময়ত ছবি অঁকা বহুতৰে নাছিল । ছবি অঁকাৰ কাৰণে প্ৰয়োজনীয় নিষ্ঠাও নাছিল। চাক্ষুষ চেতনা, অভিজ্ঞতা-অভিজ্ঞান আৰু জিজ্ঞাসা থকা চিত্ৰকৰ দুজন মানহে আছিল। মুক্তানাথ বৰদলৈ, সুৰেণ বৰদলৈ, জগত সিং কছাৰী, প্ৰতাপ বৰুৱাই কেতিয়াবা কেতিয়াবা, আৰু একেবাৰে শেহৰ পিনে তৰুণ দুৱৰা, আশু দেৱ, বিশেষকৈ হেমন্ত মিশ্ৰই নতুনকৈ চাবলৈ,অনুভৱ-উপলব্ধি, চিন্তা-ভৱনা কৰিবলৈ যত্ন কৰিছল ।

সৰহসংখ্যক চিত্ৰকৰৰ চিত্ৰত বিষয় একোটাহে আছিল । বিষয় এটাৰ ভা‌ৱ ৰূপ বা ৰসৰূপ বা শিল্পৰূপ এটালৈ ৰূপান্তৰিত কৰাৰ কাৰণে অপৰিহাৰ্য সৃজনীশীল সামৰ্খ্য, প্ৰকৰণ-কুশলতা তেওঁলোকৰ নাছিল । কোনো কোনোৱে সেই সময়ৰ কেলেন্ডাৰ ধৰ্মী বিষয় একোটাকে গ্ৰহণ কৰিছিল।

ভালেকেইজন চিত্ৰকৰে অসমৰ গ্ৰাম্য, সামাজিক জীৱন আৰু প্ৰকৃতিকেই চিত্ৰৰ প্ৰধান উপজীব্য হিচাপে লৈছিল । ধৰ্মমূলক, বুৰঞ্জীমূলক আৰু সাহিত্যৰ বিষয় একোটালৈও মুক্তানাখ বৰদলৈয়ে (অন্তিম অৱস্থাত সতী জয়মতী), চিত্তৰঞ্জন বৰুৱা (প্ৰলোভন), চিত্ৰসেন বৰুৱাই (গোপাৰ ওচৰত শাক্যসিংহৰ মনোভৱ, বুদ্ধ আৰু সুজাতা) ছবি আঁকিছিল।

বিষয় নিৰ্বাচনত কোনো কোনোক এক ধৰণৰ জাতীয়বোধ, সামজিক চেতনা আৰু কাব্যিকতাই অনুপ্ৰেৰণা যোগাইছিল। কাব্যিক বিষয় এটা লৈ ছবি আঁকিছিল যদিও শেহৰফালে ওলোৱা তৰুণ দুৱৰাৰ বাদে তেওঁলোকৰ কাৰো নাছিল কল্পনাৰ দীপ্তি, অনুভূতিৰ বৈভৱ, কবিত্ব আৰু মন এটা কাব্যিক অন্তৰ্দৃষ্টি । প্ৰকৃত আধুনিক ৰুচি আৰু মন এটা তেওঁলোকৰ মাত্ৰ দুজনমানেহে সজ্ঞানে, সচেতনভাৱে গঢ়ি তুলিবলৈ যত্ন কৰিছিল যেন লাগে ।আৰু তেওঁলোকৰ সৰহভাগৰে মনোভংগী, মানসিকতা আছিল স্বাভাৱিভাৱেই ৰোমান্টিক।
কেইবাজনও একেটা বিষয়কে লৈ ছবি আঁকিছিল। মুক্তানাথ, জগত সিং কছাৰীৰ ‘জাকৈয়া ছোৱালী’ৰপৰা সপ্তম দশকত আশু দেৱে অঁকা Contenders- অকলৈ জাকৈয়া ছোৱালী বহুকেইজনৰেই এটা প্ৰিয় বিষয় আছিল । প্ৰতাপ বৰুৱাই আৰম্ভ কৰা শিপিনী বিষয়টোৱে তৰুণ দুৱৰাই পঞ্চাছৰ দশকত অঁকা ‘শিপিনী’ত সাৰ্থক শৈল্পিক অভিব্যক্তি লাভ কৰিছিল।

আলোচ্য চিত্ৰকৰসকলৰ চিত্ৰৰ সংখ্যাও বৰ কম। চিত্ৰকৰ হিচাপে তেওঁলোকৰ স্বপ্ন আৰু আকাংক্ষাও আছিল সীমিত। সকলোৰে হয়তো প্ৰয়োজনীয় চিন্তা-চৰ্চা, অনুশীলন নাছিল; আৰু যিসকলৰ আছিল সেই সকলকো সেই সময়ৰ সামাজিক-সাংস্কৃতিক পৰিবেশে নিৰৱ-নিষ্ক্ৰিয় হ’বলৈ বাধ্য কৰছিল । মুক্তানাথ ফটোগ্ৰাফাৰ হৈছিল। তৰুণ চিত্ৰকৰ কাৰোবাক লগ পালেই সুৰেণ বৰদলৈয়ে ছবি অঁকা এৰি আন কিবা কৰিবলৈ উপদেশ দিছিল। আজিও অসমীয়া সমাজত চিত্ৰচৰ্চা কৰি থকাটো এটা মাৰাত্মক টান কাম।

শিল্পকলা সৃষ্টিত প্ৰকৰণ-কৌশলৰ এটা গুৰুত্বপুৰ্ণ ভূমিকা আছে। কিন্তু সৃজনশীল প্ৰতিভা নাথাকিলে কেৱল প্ৰকৰণ-দক্ষতাৰে শিল্পী হব নোৱাৰি। প্ৰকৰণ-কৌশলৰ ক্ষেত্ৰতো আমাৰ এই চিত্ৰকৰসকলৰ সৰহভাগেই দক্ষ নাছিল। সৰহভাগৰেই ড্ৰয়িং দুৰ্বল। বৰ্ণ বিন্যাস, ৰেখা ৰচনা, আৰু ছন্দ সৃষ্টিতো নাছিল তেওঁলোক দক্ষ, সিদ্ধ।

৫)
মুক্তানাথ বৰদলৈয়েই আধুনিকতাৰ বাৰ্তাবাহী প্ৰথম অসমীয়া চিত্ৰকৰ । লোকায়ত বিষয়বস্তু গ্ৰহণ, তেল ৰং প্ৰয়োগ, পৰিপ্ৰেক্ষি ৰচনা, ছাঁ-পোহৰৰ ব্যৱহাৰ কৰা, বিলাতী অংকন পদ্ধতিত প্ৰশিক্ষিত বোধ হয় প্ৰথম অসমীয়া।
তেল ৰঙেৰে অঁকা বৰদলৈৰ তিনিখন চিত্ৰ ৰাজ্যিক সংগ্ৰহালয়ত আছে,–‘অন্তিম অৱস্থাত সতী জয়মতী’, ‘জাকৈয়া ছোৱালী’ আৰু ‘কানি খোলা’। প্ৰথম দুখন ছবি কিছু বছৰৰ আগতে সৌন্দৰ্য নোহোৱা হ’ল। ‘কানি খোলা’ আৰু চিত্ৰকলা পৰিষদত থকা নিসৰ্গ চিত্ৰখিনিয়েই বৰদলৈৰ শ্ৰেষ্ঠ শিল্পকৰ্ম । ঈষত অন্ধকাৰ ‘কানি খোলা’ প্ৰকৃততে এখন বিষাদ আৰু হতাশাৰ ছবি, এটা ভয়াৱহ সামাজিক পৰিস্থিতিৰ দলিল। প্ৰসংগক্ৰমে উল্লেখযোগ্য, বৃটিছ চৰকাৰে প্ৰকাশ কৰা এখন প্ৰতিবেদনৰ মতে 1920-21 চনত অসমীয়া মানুহে খোৱা কানিৰ পৰিমাণ আছিল 1615 মোন।
বৰদলৈৰ ড্ৰয়িং, ফৰ্ম, বৰ্ণচয়ন, বৰ্ণপ্ৰয়োগ, সজ্জাবিন্যাস, ছাঁ- পোহৰৰ ব্যৱহাৰ আজিও প্ৰশংসনীয় হৈ আছে । চিত্ৰকলা পৰিষদে সংৰক্ষণ কৰা তেওঁৰ নিসৰ্গ চিত্ৰখনি সময়ৰ পৰিপ্ৰেক্ষিত এটি ধুনীয়া কাম। আৰম্ভণিৰ অসমীয়া নিসৰ্গ চিত্ৰ হিচাপেও এই ছবিখনৰ এটা ঐতিহাসিক গুৰুত্ব আছে।
শিল্প-চৰ্চা আৰু অনুশীলনৰ কাৰণে অনুকুল এটা সৃজনশীল পৰিবেশ, আৰ্থিক স্বচ্ছলতা থকা শিল্প-সংস্কৃতি অনুৰাগী এখন সমাজ পোৱা হলে সুৰেণ বৰদলৈয়ে নিজক অসামান্য ভাৰতীয় প্ৰতিকৃতি চিত্ৰকৰ হিচাপে প্ৰতিষ্ঠা কৰি থৈ যাব পাৰিলেহেন। শুনিছোঁ, এই প্ৰতিভাবান চিত্ৰকৰজনে জীৱনৰ শেহচোৱা বৰ দুখৰ মাজেৰে কটাব লগা হৈছিল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
wxwx THN
1 year ago

তথ্যসমূহৰ দ্বাৰা বাৰুকৈয়ে উপকৃত হ’লো। *ধন্যবাদ*