আধুনিকতা -( ৰিমঝিম বৰঠাকুৰ)

আধুনিকতা
– ৰিমঝিম বৰঠাকুৰ

সকলো সমস্যাৰে যেন সমাধান হ’ল চিগাৰেটডাল৷ দীঘল নলীডালৰ ভিতৰত সোমাই থকা নিক’টিননখিনিয়ে শেষ আশ্ৰয় যিয়ে দিব পাৰে এক অনন্য আনন্দ৷ তাৰ নিচিনা মানুহবিলাক যিয়ে পথভ্ৰষ্ট হৈ দিকবিদিক হেৰুৱাই শেষত মদৰ বটলতো আৰু চিগাৰেটডাল জ্বলাই লোৱাৰ বাদে আৰু বিশেষ একো কৰিব নোৱাৰে৷ সকলোৱে বুকুত একামোৰ মাৰি এচকলা এৰুৱাই নি গোটেই জীৱনটোৰ কাৰণে এটা প্ৰচণ্ড বিষ দি থৈ যায়৷ কিন্তু এই চিগাৰেটৰ ধোঁৱাখিনিয়ে জীৱনটো মিহি মিহিকৈ শেষ কৰি যায় যদিও তাৰ বিনিময়ত পোৱা শান্তিখিনি এশবছৰ অসুখী হৈ জীয়াই থকাতকৈ কেইবাগুণো শ্ৰেয়৷ কুণ্ডলী পকাই ওপৰলৈ ওলাই যোৱা ধোঁৱাখিনিৰ মাজৰপৰা আধুনিকতাৰ পৰশত ধুনীয়া হৈ পৰা ঘৈণীয়েকৰ মুখখন ওলাই তাক ইতিকিং কৰি থকা যেন লাগিল৷ বাৰে বাৰে তাৰ কাণত বাজি উঠিল ’আউটডেটেদ’, ’কাপুৰুষ’ শব্দকেইটা, যিকেইটা শব্দ সি তাৰ বিয়াৰ দুদিন পিছৰেপৰা শুনি আহিছিল ধৈৰ্য সহকাৰে৷ কিন্তু সকলোৰে এটা সীমা থাকে, যেতিয়া সেই সীমাডাল অতিক্ৰম কৰিবলৈ কোনোবাই চেষ্টা কৰিব তেতিয়া অথন্তৰ ঘটিবই ঘটিব৷ ঘৈণীয়েকৰ মুখখন মনলৈ অহাৰ লগে লগে তাৰ মদৰ বটলতোলৈ চকু গ’ল৷ আকৌ এটা পেগ বনাই চিগাৰেটডাল জ্বলাই লৈ টিভিটো অন কৰি অসমীয়া নিউজৰ চেনেল এটা লগাই ল’লে৷ আজিকালি নিউজবিলাকো ভাল খবৰ নায়ে সি মনতে ভোৰভোৰাবলৈ ধৰিলে৷ একোতেই তাৰ মন নবহিল৷

একসপ্তাহ আগতে কাপুৰুষ বুলি কৈ এৰি থোৱা ঘৈণীয়েকৰ মুখখন আৰু ’দাদা মোক যাবলৈ নিদিবি’ বুলি কাকূতিৰে কোৱা ভনীয়েকৰ মুখখনে অগা-দেৱা কৰিবলৈ ধৰিলে৷
* * *
’ভগৱান মোক এজনী ভণ্টি আনি দিয়া’ বুলি গোঁসাই ঘৰৰ দুৱাৰ মুখত সাষ্টাংগে পৰি থকা ল’ৰাটোক ককাকে কোনোমতে বুজাই বঢ়াই ঘৰলৈ আনি স্কুললৈ পঠিয়াইছিল৷ মাকে এইকেইদিনতে ভগৱানৰপৰা ভায়েক/ভনীয়েক কোনোবা এটা ঘৰলৈ আনিব বুলি শুনাৰ পিছৰেপৰা সি গোঁসাই ঘৰত সেৱা কৰি কৰি তত্ পোৱা নাই৷ সঁচাকৈয়ে তাৰ কথা যেন ভগৱানে আখৰে আখৰে পালন কৰিছিল, কিয়নো স্কুলৰপৰা তাক আনিবলৈ যোৱা ককাকে ক’লে ভগৱানে তাৰ কাৰণে ধুনীয়া ভণ্টি এজনী পঠিয়াইছে৷ এতিয়া ঘৰত ভাতকেইটা খাইয়ে সি আৰু ককাক হস্পিটেল যাব ভনীয়েকক চাবলৈ৷ তাৰ যে কি আনন্দ৷ তাক বাৰু ভনীয়েকে দাদা বুলি মাতিবনে৷ সিনো ভনীয়েকক কি বুলি মাতিব! অহ সি ভনীয়েকক চাবলৈ খালী হাতে যাব নেকি? মাকে দেখোন কাৰোবাৰ কেঁচুৱা হ’লে চাবলৈ যাঁওতে হাতত কিবা এটা লৈ যায়৷ সি ভনীয়েকক কি দিব একো ভাবি নাপালে৷ অহ্ এটা কাম কৰিব পাৰি ককাকে তাক যে মৰমতে কেতিয়াবা এটকা দুটকা দিয়ে সি সেইখিনি পেঞ্চিল বক্সতে থৈ দিয়া আছে তাৰ পৰাই এটকা এটা লৈ যাব ভনীয়েকক দিবলৈ৷ কি যে মৰম লগা ভণ্টিজনী একদম কপাহৰ নিচিনা বগা৷ ভগৱানে ইমান ধুনীয়া ছোৱালী এজনী পঠিয়াইছে ভনীয়েক হিচাবে৷ কেতিয়া যে ডাঙৰ হ’ব, কেতিয়া দাদা বুলি মাতিব! অজস্ৰ ভাৱে তাৰ মনটোক ঘেৰি ধৰিলে৷ তাৰ দায়িত্ব এতিয়া বহুত বাঢ়িল৷ ভনীজনীক ভালকৈ ৰখাৰ দায়িত্ব তাৰেই৷
* * *
সেইদিনা সৰু ল’ৰাটোৰ মনলৈ কি ভাৱ আহিছিল নিৰৱৰ মনত নাই৷ কিন্তু সি যে এটা দায়িত্বশীল, মৰমিয়াল ককায়েক হ’ব লাগিব সেইটো নিৰৱে সেইদিনাই বুজি পাইছিল৷ সি চেষ্টাও নকৰা নহয়, কিন্তু সি যেন কৰবাত হ’লেও ব্যৰ্থ হ’ল৷ ভগৱানক ইমান প্ৰাৰ্থনা কৰাৰ পিছত এনেকুৱা এজনী ভণ্টি পালে৷ ভগৱানে যেন তাৰ ওপৰত বিশ্বাস ৰাখিয়ে তাইক পৃথিৱীলৈ পঠাইছিল, কিন্তু এইবোৰ এতিয়া সকলোবোৰ মিছা৷ ক’ত বা আছেগৈ তাৰ মৰমৰ ’কিটকিট’জনী৷ এইটো নামেদি অকল সিহে মাতিব পাৰিছিল বেলেগে মাতিলে কি কৰিব তাই ঠিক নাই৷ তাইৰ জীৱনৰ শেষ নিশাটো য’ত জীয়াই থকাৰ তিলমাত্ৰও আশা নাই তথাপিও যেন বাৰে বাৰে তাই কিবা ক’বহে খুজিছিল৷ অশেষ চেষ্টা কৰিও মুখেৰে ফুটাব ক’ব নোৱাৰা কথা কেইটা নিৰৱে বুজি উঠিছিল৷ উস্ কি যন্ত্ৰণাকাতৰ আছিল সেই দিনকেইটা৷ নিজৰ চকুৰ আগত তাৰ কিটকিটজনী মৃত্যুৰ মুখলৈ গৈ আছে আৰু সি একো এটা কৰিব পৰা নাই৷ ’একো নহয় তোৰ, মই আছো নহয়’ বুলি কোৱা কথাকেইটা বাদ দি৷ তাইও যেন তাৰ ভৰষাতে শুই পৰিছিল শেষ ৰাতিলৈ, তাই চাগে ভবাও নাছিল তাই যে সেই শোৱাৰপৰা কাহানিও উঠিব নোৱাৰিব৷
* * *
’দাদা আকৌ এবাৰ ভাবি চাবি নেকি’ নিজৰা মানে তাৰ কিটকিটে তাইক চাবলৈ অহাৰ দিনাও তাক এবাৰ কৈ চাইছিল৷ কিন্তু একো লাভ ন’হল৷ নিৰৱে ভনীয়েকক কোনোবা উপযুক্ত এজনৰ হাতত গটাই দিয়াৰ আনন্দত সি কিটকিটৰ কথাষাৰ এবাৰো ভাবি নাচালে৷ নিৰৱৰ ঘৈণীয়েকৰ লগৰ ল’ৰা গতিকে বেয়া হ’বই নোৱাৰে৷ পৰিয়ালটোও ভাল সি যাকে সুধিছে সেয়ে কৈছে৷ ল’ৰাটোৰ কথা ভালকৈ ক’ব পৰা নাই কিয়নো সৰুৰেপৰা বাহিৰত থকা ল’ৰা৷ বাহিৰতে পঢ়া-শুনা কৰি, কেইবাবছৰো চাকৰি কৰি এতিয়া ঘৰলৈ উভতি আহিছে দেউতাকৰ কামবিলাক চম্ভালিবলৈ৷ কিন্তু ঘৈণীয়েক ৰাখীয়ে ভালকৈ চিনি পায়, তাইৰ লগত কলেজ, ইউনিভাৰ্চিটি একেলগে পঢ়া বোলে৷ গতিকে চিন্তাৰ কোনো কাৰণ নাই৷ কিটকিটে আচলতে অলপ ভয় খাইছে কিয়নো এজনী ছোৱালীৰ কাৰণে এখন নতুন ঘৰ, নতুন মানুহ অলপ নাৰ্ভাছ হোৱাটো স্বাভাৱিক৷ সেয়ে তাই কোৱা কথাকেইটাত নিৰৱে বৰ বিশেষ গুৰুত্ব নিদিলে৷ ঘৈণীয়েক ৰাখীৰ চাৰ্টিফিকেটখনকে বিশ্বাস কৰি অতি উৎসাহেৰে বিয়াখনৰ আয়োজন কৰিলে৷ মাজে মাজে তাৰ ভয় নলগাও নহয়৷ এখন অচিনাকী ঘৰলৈ ভনীয়েকজনীক বিয়া দিবলৈ ওলাইছে৷ ইমানদিনে টোপ এটা পৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰা কিটকিটজনী সঁচাকৈয়ে বহুত ডাঙৰজনী হৈ পৰিল৷ ’ল’ৰাটো দেখাই-শুনাই, পঢ়াই-পাতিয়ে ভাল, টকা-পইচাও যথেষ্ট, খালী কিটকিটতকৈ অলপ বেছি মডাৰ্ণ তাই এডজাষ্ট কৰিব পাৰিব নে নাই বাৰু’ কথাটো শুনি ঘৈণীয়েক ৰাখী জকজকাই উঠিল৷ সকলোবোৰ বোলে নিৰৱ আৰু নিজৰা নিচিনা আউটডেটেদ নহয়৷ সৰুৰেপৰা বাহিৰত থকা ল’ৰা অলপটো স্মাৰ্ট হ’বই, তাই নিজকে তেনেকুৱা কৰিব লাগিব৷ ককায়েক হিচাবে সি নিজৰ দায়িত্ব পালন কৰিছে সকলোসময়তে ভনীয়েকৰ কথা শুনি থকাটো বোলে কাপুৰুষৰ কাম৷ কথাকেইটাই তাৰ কাণত এনেকুৱাকৈ বিন্ধিলে যে সি আৰু দুনাই একো ন’কলে৷ এনেও তাক কাপুৰুষ, আউটডেটেড শব্দকেইটা ব্যৱহাৰ নকৰাকৈ ৰাখীয়ে কথা কমেই কয়৷ এই শব্দকেইটা নুশুনাকৈ থাকিবলৈ যিমান পাৰে সি চেষ্টা কৰি আহিছে সেয়ে সি মাক-দেউতাকৰ লগতো বেয়া হ’ব লগা হয় কেতিয়াবা৷ বিয়াৰ আয়োজন চলি থাকিল মাজে মাজে কিটকিটক বুজাই থাকিল কেনেকৈ নতুন ঘৰখনত মিলি চলি থাকিব লাগিব৷ ধুমধামেৰে কিটকিটৰ বিয়া হৈ গ’ল৷ বিয়াখনত তাতকৈ বেছি ৰাখীৰহে উৎসাহ বেছি৷ সেইদিনা যদি ঘৈণীয়েকৰ কথাখিনি নুশুনি যদি কিটকিটৰ কথা শুনিলেহেঁতেন আজিও তাৰ ভনীয়েক তাৰ লগতেই থাকিলহেঁতেন৷ ’হেঁতেন’ আৰু ’যদি’ শব্দকেইটা বৰ দুৰ্ভগীয়া শব্দ যেন লাগে তাৰ৷
* * *
কলেজৰ লগৰ ল’ৰা ৰূপম কাকতিলে ৰাখীয়ে ননদ কিটকিটক ইমান জোৰ কৰি বিয়া দিয়াৰ আচল ৰহস্য বুজি পাবলৈ সি বহুত সময় লৈছিল৷ বিয়াৰ পিছত কেইবাদিনো কিটকিটে তাক আকাৰে ইংগিতে বুজোৱা কথাবোৰ সি বুজি পোৱা নাছিল৷ বন্ধু হ’ল বুলিয়েই যে ননদ জোঁৱায়েকৰ লগত বৌৱেকৰ ইমান হলি গলি কিটকিটে কথাবোৰ ভাল পোৱা নাছিল৷ সেই গিৰিয়েকক ক’বলৈ গ’লে ককায়েকে বৌৱেকৰপৰা শুনাৰ দৰে কিটকিটেও গিৰিয়েক ৰূপমৰপৰা আউটডেটেদ শব্দটো শুনিবলৈ বাধ্য হৈছিল৷ আউটডেটেদ ককায়েক-ভনীয়েকৰ আপটুডেট ঘৈণীয়েক আৰু গিৰিয়েকক লৈ অশান্তি নোহোৱাও নহয়৷ কিটকিটৈ বিয়া হৈ গৈয়ে বৌৱেক আৰু গিৰিয়েকৰ যে বন্ধুত্বতকৈ ওপৰলৈকে বেলেগ কিবা সম্পৰ্ক আছে বুজি পাইছিল৷ কিন্তু ককায়েকক কওঁ বুলিও সাহস কৰিব পৰা নাছিল৷ যিমান হ’লেও ৰাখী তাৰ ঘৈণীয়েক গতিকে তাইতকৈ ঘৈণীয়েকৰ কথা বিশ্বাস কৰাটোৱে স্বভাৱিক৷ তথাপিও তাই যিমানপাৰে চেষ্টা কৰিছিল আকাৰে ইংগিতে বুজাবলৈ কিন্তু সফল ন’হল৷ তাইও কপালত যি আছে বুলি এৰি দিছিল কিয়নো তাই গিৰিয়েক-বৌৱেকৰ নিচিনা মডাৰ্ণো নহয় আৰু অজলা ককায়েকৰ সুখখিনিও কাঢ়িব বিচৰা নাছিল৷
* * *
ৰাখীক বিয়া পতাৰ পিছত তাইৰ কাৰণে নিৰৱে কিমান কি কৰা নাছিল৷ আগতে কেতিয়াও প্ৰেমত নপৰা নিৰৱে মাক দেউতাকে চাই দিয়া ছোৱালীজনীক লগ পাই তাইক বিয়াকৰোৱা ইচ্ছা কৰিছিল৷ তাৰ ভাল লাগিছিল তাইৰ কথা কোৱাৰ ভংগী, থকাৰ ধৰণ কৰণ, যদিও অলপ আধুনিক কিন্তু তাইৰ সৰলতা ভৰা হাঁহিটোৱে তাক মুহি নিছিল৷ কিন্তু এই সৰল হাঁহিৰ আঁৰত যে এজনী কুটিল মানুহ লুকাই আছে যিয়ে তাক ঠগি আছে সেই কথা বুজা নাছিল৷ ৰাখীক বিয়া পাতি তাইৰ প্ৰেমত সি বাৰুকৈয়ে পৰিল৷ মাক দেউতাকে চাই দিয়া হ’লেও ৰাখীৰ আধুনিকতা ভৰা কিছুমান কথা তেওঁলোকে হজম কৰিব পৰা নাছিল৷ নিৰৱ যেন সকলো দেখি শুনিও নিৰৱ হৈ ৰৈ গৈছিল৷ তাৰ ভালপোৱাৰ স্বাৰ্থতে সি বাস্তৱৰ লগত মুখামুখি কৰিব পৰা নাছিল৷ মাক-দেউতাকে সকীয়াই দিয়া স্বত্বেও অন্ধৰ দৰে ৰাখীক ভাল পাই গৈছিল, যি কৈছিল মানি গৈছিল৷ কেতিয়াবা ৰাখী এন জি অ’ৰ কামত বাহিৰৰ ঠাইলৈ যাব লগা হয় কেইবাদিনৰ কাৰণে৷ তাই ক’ত থাকে কি কথা এইবোৰ সুধিলে বেয়া পাইছিল সেয়ে নিৰৱে কোনোদিন তাইক প্ৰশ্ন কৰা নাছিল৷ কিন্তু সেইটোৱে সি মাৰাত্মক এটা ভুল কাম কৰিছিল৷ ভাল পালেই বুলিয়েই ইমান সহজভাৱে এৰি দিব নালাগিছিল৷
সেইদিনা অফিছৰপৰা ঘৰলৈ ঘূৰি আহোতে কফি একাপ খাই যাঁও বুলি চিচিডিখনলৈ সোমাই যাঁওতেই ভিতৰৰ চোফা এখনত ৰাখী আৰু ৰূপমক দেখি সি আচৰিত হৈ গ’ল৷ আৰু আচৰিত হ’ল তেতিয়া যেতিয়া ৰূপমৰ হাতখন ৰাখীৰ হাতৰ ওপৰত দেখিলে৷ সি সেই দৃশ্য দেখি এক পলকো ৰৈ থাকিব নোৱাৰি জৰে-বিষে আহি ঘৰ পালেহি৷ সি কি কৰিব কি নকৰিব একো ভাবি নাপায় কিটকিটক সমষ্ট ঘটনাৰ বিৱৰণ দিলে৷ ’দাদা মই তোক আগতেই অলপ ইংগিত দিছিলো কিন্তু তই বুজি নাপালি’ তাইৰ কথাই তাৰ আৰু খং উঠালে৷ তাই যদি গম পাইছিলেই আগতেই খোলাখুলিকৈ কিয় ন’কলে৷ তেতিয়া হয়তো ইমান আগনাবাঢ়িলে হেঁতেন৷ খংত একো নাই হৈ কিটকিটকে যিমান পাৰে গালি দি ফোনটো কাটি দিলে৷
* * *
সি ঘৰ আহি পোৱাৰ দুঘণ্টাৰ বেছি হ’ল এতিয়ালৈকে ৰাখীৰ দেখা দেখি নাই৷ সি তাইলৈ ফোনটো লগাও বুলিও সত নগ’ল৷ তেনেতে তাৰ ফোনত ৰূপমৰ ফোন আহিল৷ স্ক্ৰীণত ৰূপমৰ নামটো দেখি তাৰ টিঙিচকৈ মাৰিলে৷ ইমান দিনে তাৰ চকুত ধূলি দি ৰাখীৰ লগত হলি গলি কৰিলে এতিয়া কিহৰ খাটিৰত ফোন কৰিছে৷ ৰিচিভ কৰো নকৰোকৈ ফোনটো ধৰোতে ’নিজৰা মানে কিটকিটে নিজৰ গাত জুই লগাই দিছে, এইয়া মই হস্পিটেললৈ লৈ আনিছো’

আৰে এইবোৰ কি শুনিছে সি তাৰ মৰমৰ কিটকিটজনীয়ে নিজকে শেষ কৰিব বিচাৰিছে৷ সি লৰালৰিকৈ হস্পিটেল পালেগৈ৷ কিন্তু সি পোৱাৰ আগতেই তাইক ইমাৰ্জেন্সী উৱাৰ্ডলৈ লৈ গ’ল৷ ’হে ভগৱান পলকতে এইবোৰ কি হৈ গ’ল?’ সি মূৰে-কপালে হাত দি হস্পিটেলৰ কৰিডৰটোতে বহি গ’ল৷ এফালে তাৰ ভালপোৱা যিয়েই আধুনিকতাৰ নামত, টকাৰ লোভত বলীয়া হৈ মানুহৰ সম্পৰ্কবিলাককো পাহৰি পেলালে৷ আনফালে তাৰ মৰমৰ ভনীয়েকজনী যিয়েই সকলোবোৰ মনে মনে সহি গৈ এটা সময়ত হাৰি গ’ল আৰু নিজকে শেষ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ দুগৰাকী নাৰী, কিন্তুু দুয়োৰে কেনে ভিন্ন ৰূপ৷ সি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে এটা সৰু ল’ৰাৰ দৰে৷ ’হে ভগৱান কিটকিটক ভালে ৰাখা’ যেনেকে এটা সৰু ল’ৰাই মাকৰ ওচৰলৈ এজনী ভণ্টি পঠিয়াবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছিল ঠিক তেনেদৰে আজিও৷

হস্পিটেলতে তিনিদিন হৈ গ’ল কিন্তু কিটকিটৰ অৱস্থা ভাললৈ অহাৰ পৰিৱৰ্তে বেয়ালৈহে গৈছে৷ এইকেইদিন সি ৰাখী ৰূপম কাকো ওচৰলৈ আহিবলৈ দিয়া নাই৷ কেৱল সি আছে কিটকিটৰ ওচৰত৷ ৰাখী ৰূপমৰ নিচিনাকৈ সিহঁত ককায়েক-ভনীয়েক হাল আপটুডেট হোৱা নাই সেয়ে কিটকিটৰ আজি এই অৱস্থা৷ ডাক্টৰে মাত্ৰ তিনিদিন সময় দিছে কিটকিটক তাতকৈ বেছিদিন আৰু নাথাকে৷ কিন্তু নিৰৱে এইটো হ’বলৈ দিব নোৱাৰে৷ কিটকিটৰ মূৰত হাত ফুৰাই সি যিমান পাৰে তাইৰ মনৰ ভাৱ ল’বলৈ চেষ্টা কৰিলে৷ তাই যেন কিবা ক’বলৈ বিচাৰিছে কিন্তু পৰা নাই৷ তাৰ এনেকুৱা লাগিছে কিটকিটে যেন তাক কৈছে ’মোৰ জীয়াই থাকিবলৈ মন আছে, মোক যাব নিদিবি দাদা’ কিন্তু নিৰৱৰ হাতত একো নাই খন্তেকৰ খঙে জীৱনটো শেষ কৰি দিয়ে৷ ৰাখী ৰূপমক একো ক’ব নোৱাৰি মৰমৰ ভনীয়েককে যিমান পাৰে কথা শুনালে আৰু তাইও এনে এক ভয়ানক সিদ্ধান্ত লৈ পেলালে যিটো তাই এতিয়া বুজি পাইছে৷ সঁচাকৈয়ে নিৰৱ এটা কাপুৰুষ নেকি যিয়ে নিজৰ ঘৈণীয়েখজনীক চম্ভালিব নোৱাৰিলে৷
কিটকিট গুচি গ’লে সি একেবাৰে অকলশৰীয়া হৈ যাব৷ মাক-দেউতাক ধোকোৱাৰ পিছৰেপৰা নিজৰ ঘৰ বুলি কিটকিট ককায়েকৰ ওচৰলৈ আহে আৰু নিৰৱেও কিটকিটৰ লগতে সকলোবোৰ আলোচনা কৰিছিল৷ কিন্তু কিটকিটে কেতিয়াও এই কথাটো তাৰ লগত খোলাখুলিকৈ আলোচনা নকৰিলে৷ সেয়ে সেইদিনা সি কিটকিটকো গালি দিছিল ভালকৈ তাৰপৰা কথা লুকুৱাৰ কাৰণে৷

কি যে এক কঠোৰ বাস্তৱ! এফালে মৰমৰ ভনীয়েকৰ মৃত্যু আনফালে তাৰ ভালপোৱাৰ বিশ্বাসঘাটকতা৷ কি কৰা নাছিল সি ৰাখীৰ কাৰণে? তাই যি বিচাৰিছিল তাকে কৰিছিল কিন্তুু ৰাখীৰ কাৰণে তাৰ উপাৰ্জনখিনি নামমাত্ৰ আছিল৷ টকাৰ লোভত, আধুনিকতাৰ সোঁতত উটি যোৱা মানুহে একো বুজি নাপায় কি মৰম, কি সম্পৰ্ক৷ টকাৰ কাৰণে ইমান তললৈ নমা মানুহজনী আপটুডেট আৰু নিজৰ মান, ভালপোৱা, সম্পৰ্কবিলাক বজাই ৰাখিবলৈ চেষ্টা কৰা মানুহজন আউটডেটেড, কাপুৰুষ৷ এইয়াই নেকি আধুনিকতাৰ অৰ্থ৷ য’ত নিস্বাৰ্থ ভালপোৱা, সম্পৰ্কবিলাকক দলিয়াই কেৱল নিজৰ জীৱনটোক বাহ্যিকভাৱে সজাই পৰাই ৰখাৰ তাড়না৷
* * *
কথাবোৰ এতিয়া তাৰ মনত এক দুস্বপ্নৰ দৰে, যাক যিমান চেষ্টা কৰিলেও আতৰাই পঠাব নোৱাৰি৷ আজি তাৰ কাষত কোনো নাই, মাক-দেউতাক, কিটকিট আৰু তাৰ নিস্বাৰ্থ ভালপোৱা যিয়েই তাৰ বুকুত কামোৰ মাৰি এটুকুৰা ঘা কৰি থৈ গ’ল৷ সেই ঘাটুকুৰা চাগে কেতিয়াও নোসোকাই৷ ইডালৰ পিছত সিডাল চিগাৰেট জলাই গৈছে কিন্তু সি ক্ষান্ত হ’ব পৰা নাই, চম্ভালিব পৰা নাই নিজকে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments