আধুনিক অসমীয়া নাট্য ঐতিহ্য আৰু জ্যোতিপ্ৰসাদৰ লভিতা — অশ্বিনী কলিতা

অসমীয়া আধুনিক নাটকৰ আত্মপ্ৰকাশ ঘটিছিল ১৮৫৭চনত; গুণাভিৰাম বৰুৱাৰ ৰাম
নবমীৰ ৰূপত। সেয়া আছিল অসমীয়া মধ্য শ্ৰেণীৰ উপজিপুৱাৰ সময়, প্ৰথাগত প্ৰমূল্য
আৰু যুগাগ্ৰগামী আধুনিক চেতনাৰ বয়োঃসন্ধিৰ সময়, অসমীয়া বৌদ্ধিক নৱজাগৰণৰ
ফেহুঁজালিৰ সময়। মুষ্টিমেয় এচামেহে তদানীন্তন বৃটিছ আমোলৰ শিক্ষাৰে শিক্ষিত
হোৱাৰ সুযোগ লাভ কৰিছিল। লক্ষণীয় কথা হ’ ল ৰাজশক্তিৰ প্ৰতি তেওঁলোকৰ বেছি
ভাগেই আছিল ভীষণভাবে অনুগত। এই নৱ্য শিক্ষিত শ্ৰেণীটোৱে আধুনিক যুক্তিবাদী
চেতনাৰ পোহৰত আপামৰ সমাজখনৰো পৰিৱৰ্তন বিচাৰিছিল যদিও ৰাজনৈতিক পট
পৰিৱৰ্তনৰ মাজেৰে বৃটিছ ৰাজৰ মূলোচ্ছেদ বিচৰা নাছিল। গুণাভিৰাম বৰুৱা আছিল এই
শ্ৰেণীটোৰেই অগ্ৰদূত প্ৰতিভূ। তেখেতৰ নাটক ‘ ৰামনৱমী’ তো তেখেতে বিধৱাৰ প্ৰতি
সামাজিক অন্যায় আৰু বৈষম্যৰ ছবিকে তুলি ধৰিছিল। কাজেই অসমীয়া আধুনিক নাটকে
উপজিপুৱাতেই সামাজিক বৈষম্য আৰু অন্যায়ৰ প্ৰতিবাদ কৰিছিল। বয়সৰ জোখেৰে
অসমীয়া আধুনিক নাটকে ডেৰশ বছৰতকৈও অধিক কাল ইতিমধ্যে অতিক্ৰম কৰিলে।
এই দীঘলীয়া পৰিক্ৰমাই অসমীয়া আধুনিক নাটকক অতিশয় চহকী কৰিলে, ন-ন
সম্পৰীক্ষা আৰু শৈলীয়ে নাটকৰ যাত্ৰাপথক অধিক গতিময়, অধিক প্ৰাণময় কৰি
তুলিলে। পুৰাতন আখ্যানৰ দেৱতা -অসুৰ -দৈত্য আৰু এৰি অহা দিনৰ ৰজা মহাৰাজৰ
একঘেয়ামী চৰিত্ৰৰ চিত্ৰন আৰু পৰিৱেশনক একাষৰীয়া কৰি থৈ আধুনিক নাটকে বাচি
ললে ভাত মাছৰ জটিল পৃথিৱীৰ নিৰ্মম বাস্তৱক। আকাশ কুসুম কল্পনাৰ স্বপ্নীল
জগতৰ পৰা নামি আহি নাটকে ভৰি দিলে মাটিৰ পৃথিৱীত, মানৱীয় অনুভূতিৰ বৈচিত্ৰ্যময়
জগত খনত। এই কথা সত্য যে প্ৰচিনিয়ামৰ আৰ্হিত ৰচিত ‘ ৰাম নবমী’ ৰ পিচত আধুনিক
অসমীয়া নাট্য ঐতিহ্যৰ গতি কিছু দশকলৈ স্তিমিত হৈছিল। নবীন চন্দ্ৰ বৰুৱাৰ গৃহ
লক্ষ্মী আৰু লক্ষ্যধৰ শৰ্মাৰ বাদে আধুনিক নাটক ৰচিত আৰু পৰিৱেশিত হোৱা নাছিল।
নাট্য ঐতিহ্যৰ এই জড়তাক আধুনিক ৰীতিৰ যুগব্ৰত চেতনা আৰু দৃষ্টিনন্দন শৈলীৰ
যুগপৎ অভিঘাতেৰে ভাঙি নতুন গতি দিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। ‘ শোণিত কুঁৱৰী’ ,
‘ কাৰেঙৰ লিগিৰী’ , ‘ ৰূপালীম’ , ‘ লভিতা’ , ‘ নিমাতী কন্যা’ , ‘ খনিকৰ’ আদি নাটকেৰে জ্যোতি
প্ৰসাদে আধুনিক অসমীয়া নাট্য ঐতিহ্যক কেৱল মাথোঁ সম্বৃদ্ধই কৰা নাছিল— প্লট,
আংগিক, সংলাপ আৰু অন্তৰ্লীন বাৰ্তাৰ কলাত্মক সাজুয্যতাৰে নতুন অভিমুখো
প্ৰদান কৰিছিল। তেওঁৰ নাটকতেই উন্মীলিত হৈছিল গণ-চেতনাক বৈপ্লৱিক চেতনালৈ

উত্তৰণৰ প্ৰয়াস। ‘ লভিতা’ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন
সম্পূৰ্ণ নাট। ১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণক বৃটিছৰ শাসনৰ
কেকোঁৰা চেপা, বিয়াল্লিছৰ বিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰভাৱিত
কৰিছিল তাৰ এক বাস্তব ছবি ৰূপায়ণ কৰা হৈছে। সামাজিক অবস্থানে কিদৰে
ৰাজনৈতিক চেতনা নিৰ্মাণ কৰিছিল —তাৰ চিত্ৰও নাটখনিত অংকিত হৈছে। এই কথাৰ
মূলাধাৰ হিচাপে নাটখনিৰ পাতনিত নাট্যকাৰে উল্লেখ কৰা তলৰ কথাখিনি উনুকিয়াব
পাৰি। ” লভিতা আদৰ্শ মূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। অসমীয়া সাধাৰণ গাঁৱলীয়া
ছোৱালীৰ চৰিত্ৰবলনো কেনে, আগেয়ে নোহোৱা নোপোজা ঘটনাৱলীৰ বানপানীত তাই
কিমান দূৰ নিঃসহায়ৰ দৰে উটি গৈছে আৰু কিমান খিনিত সেই অভাবনীয় অৱস্থাৰ সৈতে
কিভাবে যুঁজ দিছে, কিমানখিনি নিজৰ আত্মবলৰ চিনাকি দি অৱস্থাক জিনি তাইৰ
ভিতৰত লুকাই থকা অসমীয়া জাতীয় চৰিত্ৰবলৰ পৰিচয় দিব পাৰিছে—তাকেহে লভিতাৰ
যোগেদি ৰাইজৰ আগত দাঙি ধৰা হৈছে। ” পাঁচটা অংকত ৰচিত ‘ লভিতা’ ৰ কাহিনীভাগ
চমুকৈ এনে ধৰণৰ — শালনি এয়াৰড্ৰমৰ ওচৰৰ ফুলগুৰি গাঁৱত বানেশ্বৰ বৰুৱাৰ
ছোৱালী লভিতাহঁতৰ ঘৰ। সেয়া আছিল বিয়াল্লিছৰ গণ বিপ্লৱৰ সময়, দ্বিতীয়
বিশ্বযুদ্ধৰ কলীয়া ডাৱৰে আৱৰা বিভীষিকাময় সময়। হঠাত দাঁতি কাষৰীয়া গাওঁবাসীলৈ
চৰকাৰৰ পৰা চমন আহিল যে ‘ এয়াৰড্ৰম’ যুদ্ধৰ বাবে ব্যৱহাৰ হব, গাওঁবাসীয়ে গাওঁ
এৰি যাব লাগে। কিন্তু আগতীয়াকৈ কোনো বন্দোবস্ত নকৰাকৈ গাওঁবাসীনো যায় কলৈ?
ইয়াকে লৈ বৃটিশ প্ৰশাসনৰ পুলিচ বাহিনী আৰু গাওঁবাসীৰ মাজত বিবাদ। এনেতে হঠাৎ
জাপানী বোমাৰ আক্ৰমণত লভিতাৰ পিতৃৰ মৃত্যু হয়। লভিতা গৃহহাৰা হয়। প্ৰেমাস্পদ
গোলাপৰ বুজনি আৰু পৰামৰ্শত গৃহহাৰা লভিতাই উপায়ন্তৰ হৈ অঞ্চলটোৰ
প্ৰতিপত্তিশীল মৌজাদাৰৰ ঘৰত থাকিবলৈ যায় যদিও মৌজাদাৰণীৰ অত্যাচাৰত তাৰ
পৰা ওলাই আহিবলৈ বাধ্য হয়। বৃটিশ প্ৰশাসনৰ আশিস ধন্য মৌজাদাৰৰ পৰিয়ালত তাই
নিকিনা গোলামৰ দৰে ব্যৱহৃত হৈছিল। সেইবাবেই তাই অনিশ্চিত ভৱিষ্যতৰ আন্ধাৰ
ভৰা পথত ভৰি থৈ মৌজাদাৰৰ ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু তাইৰ বাবে বাটত খাপ
পিতি ৰৈ আছিল আন এক দুৰ্যোগ। ধৰ্ষণৰ অপচেষ্টাৰ বলি হৈছিল লভিতা। এক পুলিচ
বিষয়াই তাইক দুৰ্বৃত্তৰ হাতত ধৰ্ষিতা হোৱাৰ পৰা ৰক্ষা কৰে। উপায়হীন লভিতাই
ইলাহী বক্চ নামৰ বৃদ্ধ মুছলমান এজনৰ ঘৰত আশ্ৰয় লয়। ইলাহী বক্চৰৰ মানসিক
পৰিচৰ্যা আৰু পিতৃৱৎ মৰমত লভিতা মুগ্ধ হয় যদিও সংস্কাৰাচ্ছন্ন সমাজৰ সামূহিক
গঞ্জনাত তাই এক প্ৰকাৰ বিব্ৰত হৈ পৰে। সামাজিক প্ৰমূল্যৰ ওচৰত সেও মনা অথচ
নিজকে যুগাগ্ৰগামী চেতনাৰ বাৰ্তাবাহক বুলি দাবী কৰা তাইৰ প্ৰেমাস্পদ গোলাপে
তাইক সহজ ভাবে লব পৰা নাছিল। সি লভিতাক আশ্ৰয় দিবলৈ সাহস গতাব পৰা নাছিল।
গাঁৱৰ অকৃত্ৰিম জীৱন যাপনে প্ৰদান কৰা অস্মিতা আৰু দৃঢ়তাই লভিতাক কৰি তুলিছিল

প্ৰতিকূলতাক নেওঁচা দি জীৱন যুঁজত আগুৱাই যাব পৰাকৈ শক্তিময়ী। পিছলৈ তাই
সামৰিক নাৰ্চ হিচাপে বৃটিছ বাহিনীত সোমায় আৰু কহিমা পাইগৈ। শেষত লভিতাই আই.
এন. এ. ফৌজত যোগদান কৰে আৰু বৃটিছৰ বাৰুদৰ আগত মৃত্যুক সাৱটি লয়।
বাস্তৱবাদী শৈলীৰে ৰচিত ‘ লভিতা’ নাট খনত এনেদৰেই প্ৰতিফলিত হৈছে তদানীন্তন
সময়ৰ সংকটঘন ঘটনাৱলীৰ নাটকীয় চিত্ৰন। লভিতাৰ জীৱনত ঘটি যোৱা ঘটনা
প্ৰৱাহৰ মাজত উন্মোচিত হয় ব্যক্তি চৰিত্ৰৰ দয়া- নিৰ্মমতা, দ্বিধা- দৃঢ়তা,
উত্তৰণ-অধোগমন আদি বৈপৰীত্য ভৰা গুণৰাশিৰ লগতে স্বাধীনতা, স্বাধিকাৰৰ,
আকাংক্ষাৰ প্ৰেৰণাত জনগণৰ উদ্দীপনাময় প্ৰতিৰোধ সংগ্ৰাম আৰু উপনিৱেশিক
নিৰ্মমতাৰ জীৱন্ত ছবি। অত্যাচাৰী দাৰোগাৰ পৰা পিস্তল কাঢ়ি আনি যিগৰাকী
লভিতাই; ” মই গান্ধীৰ বহুত নাম লিখা নাই” বুলি কৈছে, সেই একেগৰাকীয়েই আকৌ
বৃটিশৰ পদলেহনকাৰী ৰাজভক্ত হয়ৰাম গাওঁবুঢ়াই ” গান্ধীয়ে যুৱক সকলক বলিয়া
কৰিলে” বুলি মন্তব্য কৰাত ” গান্ধী মাহাত্মাইনো কি বেয়া কাম কৰিছে। আমাৰ দেশক
গচকি গচকি সাত সাগৰৰ পাৰৰ ইংৰাজহঁতে ঢাহিমুহি খালে। সোপাকে সিহঁতৰ দেশলৈ
কঢ়িয়াইছে। গান্ধীয়ে তেওঁ সিহঁতক আমাৰ দেশ এৰি দিবলৈহে কৈছে” বুলি গাওঁবুঢ়াক
উভতি ধৰিছে। মৌজাদাৰনীৰ অৱজ্ঞা, তিৰস্কাৰ আৰু নিৰ্মমতাৰ বিপৰীতে ইলাহী
বক্চৰ মৰম আৰু বদান্যতাই দুটা শ্ৰেণীৰ দুই বিপৰীতমুখী মানসিকতাক তুলি ধৰাৰ
লগতে সাম্প্ৰদায়িক সদ্ভাবৰ চানেকিও দাঙি ধৰিছে। লভিতাৰ স্বভাবজাত সাহস আৰু
দৃঢ়তাৰ বিপৰীতে গোলাপৰ দ্বিধা সংশয় ভৰা দুৰ্বলচিতীয়া অৱস্থানে নাটকখনক এক
দ্বন্দ্বাত্মক গতি প্ৰদান কৰিছে। লভিতাৰ প্ৰতি প্ৰণয়াসাক্ত গোলাপে নিজকে যুগৰ
চেতনাৰে গঢ় লোৱা আধুনিক মনৰ মানুহ বুলি দাবী কৰে, অথচ সমাজৰ অবক্ষয়ী
প্ৰমূল্যৰ বিৰোধিতা কৰাৰ সাহস সি দেখুৱাব নোৱাৰে। গোলাপ আৰু লভিতাৰ সংলাপৰ
জৰিয়তে যেন বুজাব খোজা হৈছে — সমকালীনতাই আধুনিকতা নহয়। আধুনিকতা এক
প্ৰগতিশীল পৰিৱৰ্তনকামী বাগধাৰা। । গোলাপৰ প্ৰতি লভিতাৰ সংলাপ — ” অকল
আজিকালি উপজিলেই আজিকালিৰ ল’ ৰা হব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো আজি
দুকুৰি বছৰ আগৰ ডেকাৰ দৰে। যি কথা সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত কবলৈ সাহস
নাই” ৰ জৰিয়তে যুগৰ চেতনাৰ সংজ্ঞা এনেদৰেই নিৰূপিত হৈছে। ইমানতেই ক্ষান্ত
নাথাকি জ্যোতিপ্ৰসাদে লভিতাৰ মুখেৰে ” ….. ৰজাৰ অন্যায়, . আইনৰ অন্যায়, দেশৰ
চলি থকা নিয়ম কাৰণ, মুৰ্খ সমাজৰ, সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী, নিমাখিতৰ
ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ
থিয় হবলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হবই নোৱাৰে” বুলি কৈ
আধুনিক চেতনা কেনে হোৱা উচিত তাৰেই যেন ইংগিত দিছে। নাটখনিত লভিতা যেন চিৰ
আধুনিক চেতনাৰে ভাস্কৰ, ত্যাগ আৰু সাহসৰ এক জীৱন্ত প্ৰতীক। লভিতাত এগৰাকী

সাধাৰণ গাঁৱলীয়া গাভৰুৰ জীৱন সংগ্ৰাম আৰু চেতনাৰ উত্তৰণে এটি আদৰ্শাত্মক
স্তৰ পাইছে। নাটখনিৰ প্ৰথম অংকত দেখা যোৱা বৃটিশ প্ৰশাসনৰ চিপাহী চন্তৰীয়ে
গাওঁবাসীক ঘৰ এৰি গুচি যাবলৈ কৰা জোৰ জুলুমৰ স্বাধীনতাৰ সাতটি দশকৰ পিচৰ
আজিৰ এই সময়তো পুনৰাবৃত্তি ঘটি আছে। এনে দৃষ্টান্তই নাটখনিৰ প্ৰাসংগিকতাক
কাল চেতনাৰ ব্যাপ্তি অতিক্ৰম কৰাত সহায় কৰিছে। নাটখনিৰ দৃশ্যত দেখা পোৱা
মৌজাদাৰনী আৰু হয়ৰাম গাওঁবুঢ়াৰ পাৰস্পৰিক ভদ্ৰোচিত সাদৰ সম্ভাষণ আৰু
বাৰ্তালাপে সামাজিক শ্ৰেণী চেতনাৰ ভিত্তিত গঢ়ি উঠা সগোত্ৰীয় প্ৰীতিৰ নমুনাৰ
ইংগিত দিয়ে। দুয়োটা চৰিত্ৰই বৃটিছ চৰকাৰৰ সুবিধাভোগী ৰাজভক্ত দালাল শ্ৰেণীৰ
প্ৰতিনিধি। স্বদেশ- স্বাভিমানৰ প্ৰতি তেওঁলোকৰ যেন এধানিও অনুকম্পা নাই।
ৰাজভক্ত এই সুবিধাভোগী দালাল শ্ৰেণীটোৱে অন্যায়ৰ বিৰূদ্ধে প্ৰতিবাদ দেখিলেই
কমিউনিষ্টৰ ভূত দেখে। গাঁৱৰ ছোৱালী লভিতাই কমিউনিষ্ট খায় নে পিন্ধে নাজানে,
অথচ, ভীত সন্ত্ৰস্ত গাওঁবুঢ়াৰ দৃষ্টিত ” এই বেটি কমিউনিষ্ট হ’ ল” । এই সংলাপৰ
জৰিয়তে নাট্যকাৰে প্ৰতিবাদ আৰু কমিউনিষ্ট বাগধাৰা— এটা মুদ্ৰাৰ ইপিঠি
সিপিঠি—এনে সাৰবাৰ্তাই যেন দৰ্শকলৈ প্ৰেৰণ কৰে। নাটখনিৰ পাতনিত
জ্যোতিপ্ৰসাদে নাটখনিৰ কোনো নায়ক নায়িকা নাই, অসমীয়া ৰাইজেই ইয়াৰ নায়ক
নায়িকা বুলি উল্লেখ কৰি নাটখনিৰ প্ৰেক্ষাপটক বিশাল ব্যাপ্তি প্ৰদান কৰিছে।
লভিতাই অসমীয়া নাট্য সাহিত্যত এটি নতুন নাট্য ৰীতিৰ সূচনা কৰিছিল, আধুনিক নাট্য
ঐতিহ্যক এটি নতুন গতি প্ৰদান কৰিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments