আধুনিক ভাৰতীয় নাট্যকাৰ : বিজয় তেণ্ডুলকাৰ – বিজয় শৰ্মা

আধুনিক ভাৰতীয় নাট্যকাৰ

বিজয় তেণ্ডুলকাৰ

বিজয় শৰ্মা

আধুনিক মাৰাঠী নাট্যকাৰসকলৰ ভিতৰত বিজয় তেণ্ডুলকাৰ সৰ্বভাৰতীয় স্তৰত সু-প্ৰতিষ্ঠিত নাট্যকাৰ ৷ ৫০ খনতকৈয়ো অধিক নাটকৰ স্ৰষ্টা তেণ্ডুলকাৰে ন ন বিষয়বস্তু আৰু আংগিকেৰে মাৰাঠী তথা ভাৰতীয় নাট্যজগতক এক সমৃদ্ধিশালী নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে পৰিচালক আৰু দৰ্শক উভয়কে সমানে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ প্ৰায়বোৰ প্ৰধান ভাষাৰ লগতে পৃথিৱীৰ বিভিন্ন ভাষালৈ তেখেতৰ নাট্য কৰ্মসমূহ অনূদিতও হৈছে ৷

 

তেণ্ডুলকাৰৰ গৰিষ্ঠসংখ্যক নাটকেই পৰীক্ষামূলক ৷ নাট্যকাৰ হিচাপে তেখেতে পৰম্পৰা আৰু আধুনিকতাৰ মাজত সমন্বয় স্থাপন কৰিছে ৷ শান্ততা! কোৰ্ট চালু আহে, ঢাই পন্নে, ঘাচিৰাম কটোৱাল, শখাৰাম বাইণ্ডৰ, গিদ্ধ আদি বহুপঠিত, বহুচৰ্চিত আৰু সঘনে মঞ্চস্থ হোৱা নাটকৰ উপৰিও তেণ্ডুলকাৰৰ আন আন উল্লেখযোগ্য নাট্য কৃতিসমূহ হৈছে – কন্যাদান, অমীৰ, কমলা, ৱিঠ্ঠলা, গিৰিধৰি, বেবী, চফৰ, হত্তেৰী কিস্মত, কাগজী কাৰতূচ, চাৰ দিন, নোটিচ, শ্ৰীমন্ত আদি ৷

 

তেণ্ডুলকাৰৰ বেছিভাগ নাটকেই বাস্তৱ জীৱনৰ ঘটনা-পৰিঘটনা, সামাজিক আৰু ৰাজনৈতিক উত্থান-পতন আদিৰ বাস্তৱ অভিজ্ঞতাৰে সমৃদ্ধ ৷ তেখেতৰ নাটকত মানৱ জীৱনৰ বিষমতাসমূহ, ধৰ্মীয় গোড়ামী আৰু কু-সংস্কাৰ, স্বাভাৱিক অথবা অস্বাভাৱিক যৌন সম্বন্ধ, জাতিগত ভেদাভেদ আৰু হিংসাক বিভিন্ন ৰূপত চিত্ৰায়িত কৰি সঠিক ৰূপকৰ মাধ্যমত এইবোৰৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ গভীৰ অন্তৰ্দৃষ্টিৰে মানৱ প্ৰকৃতি অধ্যয়ন আৰু তাক নিজৰ নাটকত বাস্তৱভাৱে প্ৰকাশ কৰাত নাট্যকাৰগৰাকীয়ে নিপুণতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ সত্তৰৰ দশকত তেখেতৰ কিছুমান নাটকে তীব্ৰ বিৰোধৰো সন্মুখীন হ’বলগীয়া হৈছিল, কিন্তু বাস্তৱতাৰ লগত জড়িত তেখেতৰ এই নাটকসমূহৰ পঠন-পাঠন আৰু মঞ্চায়ন আজিও হৈ থকাটোৱে তেখেতৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাকে প্ৰমাণ কৰে ৷

 

মহাৰাষ্ট্ৰৰ কোলহাপুৰত ১৯২৮ চনৰ ৭ জানুৱাৰীৰ দিনা জন্মগ্ৰহণ কৰা বিজয় ঢোণ্ডোপন্ত তেণ্ডুলকাৰ (সম্পূৰ্ণ নাম)ৰ বৰ বেছি আনুষ্ঠানিক শিক্ষা নাছিল যদিও জীৱনৰ পঢ়াশালিয়ে তেখেতক অতি উচ্চশিক্ষিত কৰি তুলিছিল ৷ পুণেত সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা তেণ্ডুলকাৰ পিছলৈ মাৰাঠী দৈনিক কাকত এখনৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উদ্দেশ্যে মুম্বইলৈ আহে ৷ তেখেত ডেইলী মাৰাঠী, মহাৰাষ্ট্ৰ টাইমচ, নৱভাৰত আদি কাকতৰ লগত জড়িত হৈ পৰাৰ উপৰি এই কাকতবোৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ তেন্দুলকৰে কেৱল ৬ বছৰ বয়সতে নিজৰ প্ৰথম গল্পটি ৰচনা কৰে ৷ সৰুৰেপৰা নাটকৰ পৰিৱেশত ডাঙৰ হোৱা তেন্দুলকৰে ১১ বছৰ বয়সতেই প্ৰথম নাটকখন লিখাই নহয়, ইয়াত নিজে অভিনয় কৰাৰ উপৰিও নিৰ্দেশনাও তেখেতে নিজেই কৰিছিল ৷ ১৯৫৫ চনত লিখা গ্ৰুহস্থই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত তেখেতে আগলৈ কেতিয়াও নাটক নিলিখাৰ সংকল্প লয়, কিন্তু নিজৰ সংকল্প ভংগ কৰি ১৯৫৬ চনত লিখি উলিওৱা শ্ৰীমন্তই তেখেতক এগৰাকী শক্তিশালী মাৰাঠী লিখকৰূপে প্ৰতিষ্ঠিত কৰিলে৷এই নাটকখনৰ কাহিনীয়ে সেই সময়ৰ ৰক্ষণশীল মাৰাঠী সমাজত যথেষ্ট জোকাৰণি তুলিছিল ৷

তেন্দুলকৰে গীদ্ধ লিখিছিল ১৯৬১ চনত, কিন্তু ১৯৭০ চনলৈকে ইয়াক মঞ্চস্থ কৰা হোৱা নাছিল ৷ নৈতিকভাৱে ভাঙি পৰা পৰিয়াল ব্যৱস্থা আৰু হিংস্ৰতাই হৈছে এই নাটকখনৰ মূল উপজীব্য ৷ ইয়াৰ পিছৰ সৃষ্টিসমূহত তেন্দুলকৰে হিংসা আৰু ইয়াৰ বিভিন্ন ৰূপ – পাৰিবাৰিক, যৌন, সাম্প্ৰদায়িক/গোষ্ঠীগত আৰু ৰাজনৈতিক – সবলভাৱে প্ৰকাশ কৰিছে ৷ তেখেতৰ স্বকীয় লিখন শৈলী প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গীদ্ধ এক মাইলৰ খুঁটি স্বৰূপ ৷ Friedrich Durrenmattৰ এটি চুটিগল্পৰ আলমত লিখিত নাটক শান্ততা! কোৰ্ট চালু আহে প্ৰথম ১৯৬৭ চনত মঞ্চস্থ হৈছিল আৰু ই নাট্যকাৰগৰাকীৰ এক অন্যতম শ্ৰেষ্ঠ কৃতিৰূপে প্ৰমাণিত হৈছিল ৷ নাটকখনত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাক তীব্ৰ কটাক্ষ কৰি মানৱতাবাদী আৰু মানৱতাবিৰোধীৰ দ্বন্দ্বাত্মক বিচাৰ প্ৰক্ৰিয়াৰ ৰূপকধৰ্মী চিত্ৰায়ন কৰা হৈছে ৷ ১৯৭১ চনত সত্যদেৱ দুবেই তেণ্ডুলকাৰৰ চিত্ৰনাট্যৰেই এই নাটকখনক চলচিত্ৰৰূপ প্ৰদান কৰে ৷

২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াত 'চান-ফ্ৰান্সিসকো বে এৰিয়া'ৰ নাট্যগোষ্ঠী "নাটক"ৰ প্ৰস্তুতি "শখাৰাম বাইণ্ডৰ"ৰ এটা দৃশ্য।

শখাৰাম বাইণ্ডৰত (১৯৭২) পুৰুষশাসিত সমাজৰ কৰ্ত্তৃত্বশীল আচৰণে আনি দিয়া মহিলাসকলৰ দুখ-দুৰ্দশাৰ বিষয়ে আলোকপাত কৰা হৈছে ৷ হিংস্ৰতা আৰু অশ্লীলতাৰ অভিযোগত এই নাটকখনৰ লগতে তেখেতৰ আন এখন নাটক গিৰিধৰিৰ বিৰুদ্ধেও আদালতত গোচৰ তৰা হৈছিল ৷ ৱিঠ্ঠলা তেণ্ডুলকাৰৰ আন এখন সুন্দৰ নাট্যকৃতি ৷ ইয়াত সামাজিক বিসংগতি, ধৰ্মীয় ৰীতি-নীতি আদিৰ নামত চলি অহা পুৰণি কু-প্ৰথাবোৰক কঠোৰ সমালোচনা কৰা হৈছে ৷
বহুতো সমালোচকৰ মতে তেণ্ডুলকাৰৰ সৰ্বশ্ৰেষ্ঠ নাটক হৈছে ঘাচিৰাম কটোৱাল (১৯৭২) ৷ ই এক ৰাজনৈতিক ব্যংগ নাটক আৰু ইয়াক গীতি-নাটিকাৰূপে সৃষ্টি কৰা হৈছে ৷ ইয়াত পৰস্পৰাগত মাৰাঠী লোকগীত আৰু নাটক আৰু সমসাময়িক নাট্যকৌশল প্ৰয়োগ কৰি মাৰাঠী তথা ভাৰতীয় নাটকৰ সন্মুখত এক নতুন আৰ্হি তুলি ধৰা হৈছে ৷ এই নাটকখনত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ, হিংসা-সন্ত্ৰাস আৰু শোষণ-বঞ্চনাৰ চিত্ৰ উপস্থাপিত হৈছে ৷ ঘাচিৰাম কটোৱালক লৈ তীব্ৰ বাদ-প্ৰতিবাদ সৃষ্টি হৈছিল ৷ তেণ্ডুলকাৰৰ বিৰুদ্ধে অশ্লীলতা, ব্ৰাহ্মণ বিৰোধিতা, আৰু নানাচাহেবৰ দৰে মহান ঐতিহাসিক চৰিত্ৰৰ চৰিত্ৰত কলংক সনাৰ অভিযোগ উথ্থাপিত হৈছিল ৷ কিন্তু তেণ্ডুলকাৰৰ মতে – ঘাচিৰাম কটোৱাল ঐতিহাসিক নাটক নহয়৷ এইখন কেৱল আৰু কেৱল এখন নাটক ৷ ইতিহাসৰ অতি ক্ষীণ আধাৰ অৱশ্যেই লোৱা হৈছে, কিন্তু ইয়াৰ বাহিৰে নাটকখনৰ ইতিহাসৰ লগত কোনো সম্বন্ধ নাই ৷ উল্লেখযোগ্য যে তেণ্ডুলকাৰৰ এই সৰ্বাধিক চৰ্চিত নাটকখন প্ৰায় সাত হেজাৰ বাৰ মঞ্চস্থ হৈছে ৷ এতিয়ালৈকে আন কোনো ভাৰতীয় নাট্যকাৰৰ নাটক ইমান সংখ্যকবাৰ মঞ্চস্থ হোৱা নাই ৷

কমলাত ব্যক্তিগত আক্ৰোশৰ বাবে সাংবাদিকৰ চৰিত্ৰক হীন কৰা বুলি নাট্যকাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ অনা হয় ৷ কমলা এগৰাকী সাংবাদিকৰ সত্য কাহিনী ৷ সাংবাদিক গৰাকীয়ে এক গ্ৰাম্য যৌন উদ্যোগৰ পৰা এগৰাকী মহিলাক কিনি আনে, এই উদ্যোগৰ লগত আৰক্ষী আৰু ৰাজনীতিক জড়িত থকাৰ তথ্য উদঙাই দিয়াৰ উদ্দেশ্যে, কিন্তু নিজৰ কাৰ্য সিদ্ধি হোৱাৰ লগে লগে তেওঁ হৃদয়হীনভাৱে মহিলাগৰাকীক ত্যাগ কৰে ৷ আনহাতে ১৯৯১ চনত লিখা ৰূপকধৰ্মী নাটক চফৰত ফেণ্টাচীৰ জৰিয়তে বাস্তৱক বুজাবলৈ চেষ্টা কৰা হৈছে ৷

 

পাঁচ দশকতকৈয়ো অধিক কাল সক্ৰিয় হৈ থকা তেণ্ডুলকাৰে এগৰাকী বয়সিয়াল ব্যক্তিৰ যৌন ফেন্টাচীক লৈ কাদম্বৰী:এক(১৯৯৬) আৰু কাদম্বৰী: দোন(২০০৫) নামৰ দুখন উপন্যাসো লিখি উলিয়ায় ৷ ২০০৪ চনত তেখেতৰ ইংৰাজী ভাষাৰ একমাত্ৰ নাটক ‘His Fifth Woman’ (একাংক) ৰচিত হয় ৷ একে বছৰতে ন্যু য়ৰ্কত অনুষ্ঠিত Vijay Tendulkar Festivalত নাটকখন প্ৰথম প্ৰদৰ্শিত হৈছিল ৷ তেখেতে এখন জীৱনী, পাঁচখন গল্প সংকলন, ছয়খন শিশু নাট সংকলন আৰু পাঁচখন সাহিত্যধৰ্মী প্ৰৱন্ধ আৰু সামাজিক সমালোচনা গ্ৰন্থ প্ৰণয়ন কৰিছে ৷ তদুপৰি তেন্দুলকৰে অন্যান্য লিখকৰ ৯ খন উপন্যাস, দুখন জীৱনী গ্ৰন্থ, আৰু পাঁচখন নাটক মাৰাঠীলৈ অনুবাদ কৰিছে ৷ তেখেতৰ লিখনীয়ে বৰ্তমানৰ মাৰাঠী আৰু আন ভাৰতীয় ভাষাৰ সাহিত্যিক পৰিদৃশ্য সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷

তেণ্ডুলকাৰে হিন্দী (১১) আৰু মাৰাঠী (৮) ভাষাৰ কেইবাখনো ছবিৰ চিত্ৰনাট্য ৰচনা কৰিছিল ৷ তেখেতৰ চিত্ৰনাট্যৰে নিৰ্মিত নিশান্ত, আক্ৰোশ, মন্থন, অৰ্ধসত্য আদি কলাত্মক ছবিয়ে সমীক্ষক সকলৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেখেতক বৰ্তমান সময়ৰ এগৰাকী উল্লেখযোগ্য ‘Chronicler of Violence’ (হিংস্ৰতাৰ ইতিহাস প্ৰণেতা) ৰূপে প্ৰতিষ্ঠিত কৰিছে ৷ ৯০ৰ দশকত তেণ্ডুলকাৰে এখন উচ্চ প্ৰশংসিত দূৰদৰ্শন ধাৰাবাহিক স্বয়ংসিদ্ধৰ চিত্ৰনাট্য ৰচনা কৰিছিল আৰু এইখনত তেখেতৰ কন্যা প্ৰিয়া তেণ্ডুলকাৰে মুখ্য ভূমিকাত অভিনয় কৰিছিল ৷

১৯৮৪ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ সন্মানেৰে বিভূষিত তেণ্ডুলকাৰে শ্যাম বেনেগলৰ ছবি মন্থন(১৯৭৬)ৰ চিত্ৰনাট্যৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ(১৯৭৬) লাভ কৰিছিল ৷ তেখেতে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰ সন্মান (১৯৫৬, ১৯৬৯, আৰু ১৯৭২ চনত), সৰস্বতী সন্মান (১৯৯৩), মহাৰাষ্ট্ৰ গৌৰৱ পুৰস্কাৰ (১৯৯৯) আদিৰ দৰে সন্মানজনক পুৰস্কাৰ লাভ কৰাৰ উপৰিও ১৯৯৯ চনত বিভূষিত হৈছিল কালিদাস সন্মানেৰে ৷ তেখেতক ১৯৭০ চনত সংগীত-নাটক অকাডেমি পুৰস্কাৰ আৰু পুনৰ ১৯৯৯ চনত ‘জীৱনজোৰা অৱদান’ৰ বাবে অকাদমীৰ সৰ্বোচ্চ সন্মান সংগীত-নাটক অকাদমী ফেল’শ্বিপ (ৰত্ন সদস্য) প্ৰদান কৰা হয় ৷
সংখ্যাগত আৰু গুণগত উভয় দিশৰপৰা ভাৰতীয় নাট্যজগতক সমৃদ্ধ কৰা তেণ্ডুলকাৰে ২০০৮ চনৰ ১৯ মেৰ দিনা পুণেৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেত দীৰ্ঘদিন ধৰি মাংসপেশীৰ এক ৰোগত আক্ৰান্ত হৈ আছিল ৷ বিশ্ব নাটকৰ মানচিত্ৰত ভাৰতীয় নাটকৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা মুষ্টিমেয় নাট্যকাৰ/নাট্যকৰ্মী সকলৰ ভিতৰত বিজয় তেণ্ডুলকাৰে সদায়েই এক বিশেষ আসন অধিকাৰ কৰি থাকিব আৰু বন্দিত হৈ ৰ’ব ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক