আধুনিক সাধু (উষামণি কাকতি )

: ৰাতি প্ৰায় সাৰে থাকে …৷ আৰু কিবা!

সিদিনা মাজৰাতি সাৰ পাইছিল সি৷ জেউতিক বিছনাত বহি থকা দেখিছিল ৷ তাইৰ ডাঙৰ ডাঙৰ চকুকেইটাৰে ট’ টকৈ খিৰিকীখনলৈ চাই আছিল৷ তাই চাই থকা খিৰিকীখনলৈ সিও চাইছিল৷ খিৰিকীখন বন্ধ আছিল৷ তাৰপাছত প্ৰায়ে ৰাতি ৰাতি বহি থাকে৷ বন্ধ দুৱাৰ-খিৰিকীবোৰলৈ চাই থাকে৷ জেউতি যেন ভূতে ধৰা মানুহহে ৷ ঠিক এতিয়া ডা° মিশ্ৰৰ চেম্বাৰত বহি থকাৰ দৰে৷

: আৰু কিবা কৰে?

ডা° অলকেশ মিশ্ৰই কোমল সুৰত সনাতনক সুধিলে৷ তেৱো যিমানপাৰে সবিস্তাৰে পত্নী জেউতিৰ কথাবোৰ ক’বলৈ লৈ ভাবনাৰ পুখুৰীত জোবোৰা মাৰিলে৷

হঠাৎ সলনি হৈ গ’ল জেউতিৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ৷ সাদৰী জেউতিজনী জকজকাই থাকে ওৰেতো দিন৷ অথবা জলকা লাগি থাকে ৰাতিৰ ৰাতিটো৷

: আপোনালোকৰ ল’ৰা-ছোৱালী?

জীয়েক দুজনীৰ মুখকেইখন সনাতনৰ চকুৰ আগত ভাহি আহিল৷ ডাঙৰজনী মুনমুন৷ এইবাৰ স্কুলত দিয়াৰ কথা৷ দীঘল চুলিকোচাক লৈ জেউতিৰ কিমান যে যতন৷ আজি বোলে সৰুকণহঁতৰ বাৰীৰ পৰা অনা জবাফুলৰ পাত পিহা৷ কাইলৈ বোলে স্কুলৰ পৰা উভতাৰ বাটত সনাতনে যেন তিলতেলৰ বটলটোৰ কথা নেপাহৰে৷ সৰুজনী বুমন৷ মুখৰ কলকলনি গুচাই নাই৷ আইতাকে একোলা, মাকে একোলা কৰি থাকে দিনৰ দিনটো৷ হঠাৎ কি হ’ল!

ডাক্তৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বাৰে বাৰে ভাবনাৰ পুখুৰীত জোবোৰা খাই খাই পাৰলৈ উঠে সনাতন৷

: দুয়োজনী কন্যা সন্তান বুলি আপোনালোকৰ ঘৰুৱা কিবা সমস্যা!

নাকৰ পৰা খহি পৰা ডাঠ ফ্ৰেমৰ চচমাখন ওপৰলৈ উঠাই ডা° মিশ্ৰই আকৌ সুধিলে৷

সনাতনৰ চকুৰ আগত ভাহি আহিল দুটা গোটা জীয়া ৰৌমাছ৷ দুয়োজনী ছোৱালী জন্ম হোৱাৰ দিনা আইতাকে ঘৰলৈ লক্ষ্মী আহিল বুলি চুবুৰীত বিলাইছিল মাছ৷ দীন দয়ালে সনাতনৰ মাকৰ কথামতে ঘৰতে দি থৈ গৈছিল দুটা গোটা ৰৌমাছ৷ চুবুৰীৰে পৰেশৰ মাকে কৈছিল…

: ছোৱালী হ’লে মাছ নিবিলায় নবৌ৷
: মোৰ বাবে ল’ৰা-ছোৱালী সমান৷ তুমি মাছ খোৱা৷ মোৰ ঘৰত ল’ৰাই হওক, ছোৱালীয়ে হওক৷ সেয়া বিচাৰ কৰিব নেলাগে৷

স্কুলৰ চাৰিসীমাত ভৰি দি নোপোৱা মাকৰ আৰ্দশই সনাতনৰো আৰ্দশ৷ জেউতিৰো কোনোদিনে মুনমুন আৰু বুমনক লৈ ল’ৰা-ছোৱালীৰ তেনে হুমুনিয়াহ নাই৷

: ঘৰলৈ যাওঁ…ব’লক৷ দুৱাৰ-খিৰীকিবোৰ ভালকৈ বন্ধ কৰি থৈ আহিছো বাৰু! আইতাকে অকলে দুয়োজনীকে চম্ভালিব পাৰিছে নে নাই বা! দেখা নাই নিৰ্ভয়াৰ কি হ’ল! মোৰোতো দুজনী ছোৱালী৷ সিহঁতৰ ফাঁচি হ’লেই যেনিবা৷ নিৰ্ভয়াৰ মাকে তাইকতো ঘূৰাই নেপায়৷ মই মোৰো ছোৱালীক ঘূৰাই পাম জানো!

ইমানপৰে থৰ লাগি থকা জেউতিৰ মুখত মাত ওলাল৷ সনাতনৰ চকুৱেদি ওলাল চকুপানী৷ ডাক্তৰ মিশ্ৰৰ মুখত ওলাল মিচিকিয়া হাঁহি৷

: আপুনি চিন্তা নকৰিব সনাতন কলিতা৷ মই সকলো বুজিছো৷ এইকেইদিন নিৰ্ভয়া কাণ্ডৰ খবৰটো চৰ্চা হৈ থকাৰ বাবে তেওঁৰ এইধৰণৰ মানসিক অৱস্থাৰ সৃষ্টি হৈছে৷ তেওঁ হয়তো টিভি, বাতৰিকাগজত পঢ়াৰ উপৰিও ওচৰ-চুবুৰীয়া আদিৰ লগত বিষয়টো চৰ্চা কৰিছে৷ ফলত তেওঁৰ মনত একপ্ৰকাৰৰ ভয় সোমাইছে৷ এতিয়া ৰোগ ধৰা পৰিলেই যেতিয়া চিকিৎসা কৰিলেই সুস্থ হ’ব৷
এৰা! জেউতি সুস্থ হ’ব এতিয়া৷ পাছে যিসকলৰ বাবে জেউতিৰ দৰে ছোৱালীৰ মাকবোৰৰ এই মানসিক অৱস্থা, সেইসকল কেতিয়া মানসিকভাবে সুস্থ হ’ব!

সনাতনে নিজকে নিজে সুধিলে প্ৰশ্নটো৷ উত্তৰৰূপী এটা দীঘল হুমুনিয়াহ ওলাই আহিল৷
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments