আধুনিক সাধু- (ঊষামণি কাকতি)

আধুনিক সাধু  

ঊষামণি কাকতি

(১)

ঢং…ঢং…ঢং…৷

লেবটৰীৰ বেৰত ওলমি থকা পুৰণি ঘড়ীটোৱে ৰাতি বাৰ বজাৰ সংকেত দিলে৷ ডিচেম্বৰ মাহ৷ বাহিৰত কুঁৱলী আৰু নিয়ৰে একেলগে লুকা-ভাকু খেল৷ শীত-তাপ নিয়ন্ত্ৰিত লেবটৰীটোৰ কোঠাত থমথমকৈ বহি আছে দেশৰ বিশিষ্ট বিজ্ঞানী ড° প্ৰকাশ শৰ্মা৷ যোৱা আঠোটা বছৰে দিনে-ৰাতিয়ে কৰা গৱেষণাৰ কামটো আজিয়ে শেষ৷ ৰাতি যিমানে গভীৰ হৈ আহিছে সিমানেই মুখখনো পোহৰ হৈ আহিছে৷ ইনজেকশ্যনটো নিজৰ গাত পুচ কৰাৰ পাছত যেন সেই পোহৰ ক্ৰমশ বেছি উজ্জ্বল হৈ পৰিছে৷ এতিয়াৰে পৰা আৰম্ভ হ’ব এটা নতুন জীৱন…৷

যোৱা ছটা বছৰে অৰূপা ৰৈ আছে৷ লেবটৰীটোৰ চৌহদৰ আনটো মূৰে থকা আচাম টাইপৰ ঘৰটোৰ শোৱাকোঠাৰ ডাবোল বেডৰ বিছনাখনত এতিয়াও হয়তো ইকাটি-সিকাটি কৰি আছে৷ সময় গণি আছে…এবছৰ…দুবছৰ…তিনি…চাৰি…পাঁচ…ছয়…৷

সাতবছৰৰ আগৰ কথা৷ স্পেইনৰ হাৰ্কুলি বায়টেকনলজিকেল ৰিচাৰ্ছ চেণ্টাৰত পেপাৰ প্ৰেজেণ্ট কৰিবলৈ যোৱাৰ দিনা তাৰ সৈতে চিনাকি হৈছিল৷ তায়ো নিমন্ত্ৰিত হৈছিল চীন দেশৰ সাহিত্য অনুষ্ঠান এটাত কবিতা পাঠৰ বাবে৷ একেখন ফ্লাইটতে গুৱাহাটিৰ পৰা দিল্লীলৈ উৰা মাৰিছিল৷ চিনাকি মানুহক খোজাৰ দৰে খিৰিকীৰ কাষৰ ছিটটো খুজিছিল৷

: ডাৱৰবোৰ মাটিৰ পৰা দেখাৰ নিচিনা আকাশতো দেখিবলে একেই চেইম নে!

তাৰ প্ৰশ্নটো শুনি তাই হাঁহিছিল৷ একেই আকৌ চেইম বুলি খিলখিলিয়া হাঁহি৷ দিল্লীৰ বিমান বন্দৰত ৰৈ আমনি লগা নাছিল সিদিনা৷ কফি-চেণ্ডুইচৰ সহজাত বন্ধুত্বৰ দৰে কবি-বিজ্ঞানীৰ মাজত বন্ধুত্ব হৈছিল৷ তাৰ হাতত থকা কিতাপখনৰ পৃষ্ঠা লুটিয়াই তাই সুধিছিল………

: আপুনি পখিলা ভালপায়! ময়ো ভালপাওঁ পখিলা৷

: মোৰ গৱেষণাৰ বিষয় -পখিলা৷

তাই আকৌ হাঁহিছিল৷ আগৰবাৰৰ দৰে কিবা ভুল হ’ল নেকি বুলি সি ভাবি থাকোঁতেই তাইৰ ফ্লাইটৰ সময় হ’ল৷ তাৰ ঠিক এবছৰৰ পাছত…

নীলা-বগা ফুটুকীয়া পখিলাটো উৰি আছিল৷ বিয়াৰ পাছৰ প্ৰথমনিশা সিহঁতৰ শোৱাকোঠাত৷ অৰূপাই তালৈ চাই অৰ্থপূৰ্ণ মিচিকিয়া হাঁহিৰে কৈছিল…

: আমি দুয়ো পখিলাৰ বাবেইতো প্ৰেমত পৰিলোঁ বুলি পখিলাইও গম পালে৷

বিছনাখনত সজাই থোৱা ৰজনীগন্ধা আৰু গোলাপৰ পাহিৰ মাজত হেৰাই যাব’ খোজা ’স্পটেত ক্ৰ’ প্ৰজাতিৰ পখিলাটো দেখি তাৰ পৰি থকা কামবোৰলৈ মনত পৰিছিল৷ বৰ আলফুলে পখিলাটো সি ধৰি পেলালে৷

সেই ৰাতি পখিলাটো লেবত থবলৈ আহি সি উভতি নগ’ল৷ লেবত পৰি থকা আধৰুৱা কামবোৰত লাগিল৷ পাছদিনা দুপৰীয়া অৰূপা আহিছিল৷ উচপ খাই উঠিছিল লেবৰ পখিলা-গৃহৰ সজাত বন্দী পখিলাজাক৷ পখিলাজাকে সশব্দে চটফটোৱাৰ দৰে অভিমানত চটফটাইছিল অৰূপাৰ দুচকু৷ সিদিনা তাৰ হাতত সময় বৰ কম৷ প্ৰি-কক পেঞ্চি প্ৰজাতিৰ মুগাবৰণীয়া পখিলা এটা দুফাল কৰি লৈ অণুবীক্ষণ যন্ত্ৰটোত পেলাই লৈ খুটিয়াই আছিল সি৷

অহা বাটেৰে কান্দি কান্দি গুচি গৈছিল তাই৷ হালধীয়া কাপোৰ সাজে তাইক সিদিনা হালধীয়া পখিলা এজনী যেন লাগিছিল৷ সৰুতে ককাকৰ ঘৰৰ তামোলনীবাৰীত দেখা অকণমানি হালধীয়া পখিলাজনী৷

শুকান পাতৰ দৰে সৰি গ’ল বছৰবোৰ৷ অভিমানৰ বোৱা চটফটনি এটা দুচকুত পিন্ধি যোৱা ছটা বছৰে অৰূপাই বহুত কবিতা লেখিলে৷ পখিলাৰ চকুপানীৰে বাতৰিকাগজৰ কবিতাৰ পৃষ্ঠা তিয়ালে৷ বোৱা চাৱনি এটাৰে তাক বহু প্ৰশ্নও সুধিলে! আজি সি সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু৷

শীত-তাপ নিয়ন্ত্ৰিত শোৱাকোঠাৰ ডাবল বেডৰ বিছনাখনত বেৰৰফালে মুখ কৰি শুই থকা অৰূপাৰ কপালখনত সি হাত দিলে৷ যোৱা ছটা বছৰে চুই নোচোৱা মানুহজনীক সি এবাৰ ভালদৰে চুই চালে৷ অৰূপা টোপনি যোৱা নাছিল৷ মাজৰাতি কপালত কাৰোবাৰ হাতৰ স্পৰ্শ অনুভৱ কৰি তাই চিঞৰি উঠি বহিল৷ মানুহটো প্ৰকাশৰ বাদে আন কোনো নহয়৷ তথাপি তাই আচৰিত হ’ল৷ চিনাকি যদিও অচিনাকি লগা হ’ল তাক৷

অৰূপা বহুসময় নিৰবে বহি ৰ’ল৷

হঠাৎ তাই ক্ষোভৰে সুধিলে, …

: আজি কিয় মনত পৰিল! এতিয়া বহু দেৰি হ’ল৷ যোৱা ছটা বছৰে কি কৰি আছিলা!

প্ৰকাশে থৰ লাগি অৰূপালৈ চালে৷ তাৰপাছত ক’লে,

…যোৱা আঠোটা বছৰে পখিলাৰ জিন ট্ৰাঞ্চফৰমেশ্ব্যনৰ বিষয়ে কাম কৰি আছিলোঁ৷

অদ্ভুত ব্যংগ হাঁহি এটা কোঠাটোত বিয়পি গ’ল৷

ছবছৰীয়া ক্ষোভৰ উত্তেজনাত কঁপি উঠিল অৰূপা৷

প্ৰকাশ অলপ সময় মনে মনে ৰ’ল৷ মনৰ ভিতৰতে কথাবোৰ জুকিয়াই লৈ ক’লে,

প্ৰি-কক পেঞ্চী নামৰ প্ৰজাতিৰ পখিলাৰ গাত অতিৰিক্তভাবে থকা যৌনক্ষমতাক জিন ট্ৰাঞ্চফৰমেশ্বনৰে মানুহৰ শৰীৰত প্ৰয়োগ কৰিলে বহু নি:সন্তান দম্পতীয়ে সন্তানৰ মুখ দেখিবলৈ পাব’৷ সন্তানৰ মুখ দেখাতকৈ ডাঙৰ কথা কি আছে!

অৰূপাৰ ক্ষুদ্ৰ স্বাৰ্থৰ তুলনাত প্ৰকাশে মানবজাতিৰ বাবে কৰা গৱেষণাকৰ্মৰ কথা শুনি চকুপানী ওলাই আহিল৷ লাজতে তাই তলমূৰ কৰিল৷

লাহে লাহে প্ৰকাশৰ শৰীৰতো প্ৰি-কক পেঞ্চী পখিলাৰ জিন সক্ৰিয় হৈ উঠিল৷

 

আধুনিক সাধু(২)

 

: কেনে দেখিছা!

সেউজীয়া ৰবটিক পেডখনত থৈ দিয়া কৃত্ৰিম চেলাউৰিযোৰ পিন্ধি নয়নতৰাই অনুজক সুধিলে৷ বৈ পৰা চেলাউৰিযোৰ দেখিলে কোনেও নকয় যে সেইযোৰ কৃত্ৰিম৷ তাইক ধুনীয়া লাগিছে৷ চেলাউৰিযোৰৰ সৈতে জোঙা নাক আৰু এহালি ডাঙৰ চকুৰ অধিকাৰী ড° নয়নতৰা ভাগৱতী দেশৰ আগশাৰীৰ বিজ্ঞানী পংকজ ভাগৱতীৰ ছোৱালী৷ দেউতাৰ বাটৰে খোজ লৈছে৷ ইটোৰ পাছত সিটো চমৎকাৰী আৱিষ্কাৰ৷ তাইৰে শেহতীয়া আৱিষ্কাৰ— কৃত্ৰিম চেলাউৰি৷

: ধুনীয়া৷

: সঁচা নে!

: ৰিয়েলি ধুনীয়া৷ তুমি যিমান ধুনীয়া, তোমাৰ আৱিষ্কাৰো সিমান ধুনীয়া৷ পাছে, এইযোৰৰ স্পেচিয়েলিটি কি!

অনুজৰ কথাখিনি শুনি নয়নতৰাই মিচিকিয়াই হাঁহিলে৷

টেষ্ট টিউবটোৰ সেউজীয়া ৰাসায়নিক দ্ৰব্যখিনি সযত্নে বটল এটাত ঢালি থকাৰ মাজতে ড° সোমেশ্বৰ ফুকনে নয়নতৰাৰ হাঁহিটো দেখিলে৷ অনুজ আৰু তাইৰ কথোপকথনখিনি শুনিও ভাল পালে৷ বিজ্ঞানী হ’লেও সিহঁতহাল ডেকা-গাভৰু৷ প্ৰেম-ভালপোৱাৰ বয়স এইটো৷ ড° ভাগৱতীয়ে কথাটো অস্বীকাৰ কৰিলেও ফুকনে বুজে৷ মাক নোহোৱা ছোৱালী নয়নতৰা ফুকনৰো নিজৰ ছোৱালীৰ দৰে৷

মাজে-সময়ে ড° ভাগৱতীৰ লগতো তাইৰ কথা পাতে৷ জীয়েকৰ পঢ়া-শুনা, গৱেষণা, কেৰিয়াৰ আদিৰ কথা পাতিলে ভাগৱতীয়ে পাছে বিয়া-বাৰুৰ কথা নেপাতে৷ বিদেশলৈ যোৱাৰ সময়ত ফুকনে সোঁৱৰাই দিয়ে——

: নয়নতৰা!

লেবতে থাকে নয়নতৰা৷ সত্তৰজনীয়া বিজ্ঞানীৰ দলটোৱে দিনে-ৰাতিয়ে কাম কৰি থকা লেবটোতে থাকে৷ যন্ত্ৰ-পাতিবোৰৰ সৈতে বিজ্ঞানী হৈ সৰুতে আৱিষ্কাৰ আৱিষ্কাৰ খেলি থাকে৷ ডাঙৰ হোৱাৰ পাছতো সেইবোৰৰ লগত সঁচা-সঁচি খেলে৷

সেইজনী নয়নতৰা ফুকনৰ লেব এচিচটেণ্ট অনুজ নামৰ ল’ৰাটোৰ সৈতে প্ৰেমৰ সৰ্ম্পক এটা গঢ় লৈ উঠিছে৷ অনুজ ল’ৰাটো ভাল৷ গতিকে ফুকনে জানি-বুজিয়ে সৰু-সুৰা প্ৰব্লেমতে তাক নয়নতৰাৰ ওচৰলৈ পঠায়৷ ভাগৱতী এইবাৰ বিদেশৰ পৰা উভতিলেই সিহঁতহালৰ বিয়াখনৰ কথা পাতিব লাগিব৷

: অনুজ আৰু মোৰ বিষয়ে আপুনি কি ভাবিছে খুড়া!

নয়নতৰাই হঠাৎ ড° সোমেশ্বৰ ফুকনক সুধিলে৷

টেষ্ট টিউবটোত লাগি থকা সেউজীয়া ৰাসায়নিক দ্ৰব্যখিনি জোকাৰি এৰুৱাবলৈ যত্ন কৰিয়ে ফুকনে উত্তৰ দিলে…

: মই …কি ভাবিম বাৰু!

: আপুনি কি ভাবিছে মই সকলো গম পাইছোঁ৷

মাতটো অলপ ডাঙৰ কৰি নয়নতৰাই ক’লে৷

ষাঠিবছৰীয়া ড° ফুকনে ডাঠ চছমাৰ ফ্ৰেমৰ ফাঁকেৰে নয়নতৰালৈ চালে৷ অলপ আগতে অনুজৰ লগত ধেমালি কৰি থকা নহয় যেন নয়নতৰা এনেকুৱা এগৰাকী বিজ্ঞানী যাৰ গৱেষণাৰ বাদে একো চিন্তা নাই৷

কোঠাটোৰ পৰিৱেশ হঠাৎ গহীন হৈ পৰাত অনুজে ল’ৰালৰিকৈ নিজৰ টেবুলৰ কামত মন দিলে৷ নয়নতৰা ড° ফুকনৰ কাষ চাপি আহিল৷ তাৰপাছত কৃত্ৰিম চেলাউৰিযোৰ খুলি আগবঢ়াই দিলে…

: মোৰ নতুন আৱিষ্কাৰ৷ এইযোৰ নিজৰ চেলাউৰিত লগাই লোৱাৰ লগে লগে মগজু আৰু চকুৰ লগত সংযুক্ত হৈ পৰে৷ ইয়াত থকা আল্ট্ৰা চনিক ৱেভৰ সহায়ত সন্মুখত থকা যিকোনো ব্যক্তিয়ে ভাবি থকা কথাবোৰ সংগ্ৰহ কৰি মগজুলৈ প্ৰেৰণ কৰিব পাৰে৷

ড° সোমেশ্বৰ ফুকনে আচৰিত হৈ কৃত্ৰিম চেলাউৰিযোৰলৈ চালে এবাৰ৷ নয়নতৰালৈ চালে এবাৰ৷ তাৰপাছত পৰিৱেশটো সহজ কৰিবলৈ হাঁহি হাঁহি ক’লে, …

: বুজিলো! মোৰ মনৰ ভাব সংগ্ৰহ কৰিলা বাৰু! পাছে, তোমাৰ এই চেলাউৰিযোৰে অনুজৰ মনৰ পৰা কি ভাব সংগ্ৰহ কৰিলে কোৱাচোন!

নয়নতৰাৰ মুখত লাজকুৰীয়া হাঁহি এটা জিলিকি উঠিল৷ অনুজৰ মুখতো জিলিকিল একেটা হাঁহি৷

সিহঁতহালৰ হাঁহি দেখি ড° ফুকনেও সেউজীয়া ৰাসায়নিক দ্ৰব্যবিধ থোৱা বটলটো আৰু কৃত্ৰিম চেলাউৰিযোৰ থোৱা সেউজীয়া ৰবটিক পেডখনলৈ চাই মিচিকিয়াই হাঁহিল৷ প্ৰেম সৃষ্টি কৰিব পৰা ৰাসায়নিক দ্ৰব্য আৱিষ্কাৰ কৰাৰ সাফল্যৰ মিচিকিয়া হাঁহি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments