আধৰুৱা দুটিমান কাহিনীৰে…(টুৱাৰাম দত্ত)

(১)
– ই মিনেশ্বৰ নাই নেকি?
– আছে কেনিবা! পিছে তই কেতিয়া আহিলি?
– এই হ’ল দুদিন মান। আপোনালোকৰ ভাল নহয় আইতা?
– ভাল মানে ঈশ্বৰে ৰাখিছে আৰু কোনোমতে।
পাগ উঠা তামোলখন চোবাই চোবাই মিনেশ্বৰৰ মাকে তাৰ লগত বহুতপৰ কথা পাতিলে। তাৰ খবৰ-বাতৰি ল’লে। বিয়াখন পতাৰ কিবা যো-যা কৰিছে নেকি কথাৰ লাচতে সুধিলে। সি গাঁৱত নাথাকোতে ক’ত কি কি হ’ল তাৰ বতৰা দিলে। মাজে মাজে পুতেক মিনেশ্বৰৰ কথা ক’লে। মিনেশ্বৰ এই কেইদিন বিৰাট ব্যস্ত। সিপাৰৰ সাউদ চুবাৰ দংশী কলিতাৰ লগত পাৰ্টিৰ কামত ঘূৰিছে। কিবা বোলেনে ইলেকশ্যন আহিছে নহয় সেই তাৰেই কামত।
– মিনেশ্বৰ নো কোনটো পাৰ্টিৰ কামত ঘূৰিছে আইতা?
– সেই ফুলপাহৰটো আকৌ! কিবা বোলেনে এইবাৰ পৰিৱৰ্তন আহিব। ভূ-ভাৰস্তৰ ৰাইজখনে পৰিৱৰ্তন বিচাৰিছে নহয় তই নাজান নেকি?
– অ’ হয় নেকি?
– তই বাৰু চহৰত থাকিও এইবোৰৰ একো খা-খবৰ নাপাৱনে ?
– একেবাৰে নোপোৱাকৈ থকা নাই। অলপ-চলপ কিবা পাইছো। কিন্তু আইতা, এই পৰিৱৰ্তন বুলি যে কৈ আছে, সেইটো আহিলেনো কি হ’ব?
– এস! মইনো কিটো জানো! ইহঁত বিলাকে গাই-বাই থকা হে শুনো। আমাৰ নো এতিয়া কি! মাহে মাহে চাউল কেইটা, সূতা কেইডাল, বিধৱা পেঞ্চনটো আহুকাল নোহোৱাকৈ পাই থাকিলেই হ’ল।
(২)
-হেল্ল অনিন্দিতা, ১১টা বজাৰ শ্ব’ টোত কনফাৰ্ম হা। মানে ভীৰ অলপ কম থাকেটো। বেলকনিত অলপ……
-আস্! ৰাতিপুৱাই ৰাতিপুৱাই নোৱাৰি আৰু। প্লিজ দুই বজাৰটোত হ’লে হ’ব, নহ’লে নহ’ব। পাপা এইকেইদিন ঘৰতেই আছে। জানাই নহয় ইলেকশ্যন আহিছে। ঘৰখনলৈ পুৱাৰ পৰা কিমান যে মানুহ আহিবলৈ লৈছে নহয়! পাপা বিৰাট বিজি। এক-দুই বজাত কিবা এটা বাহানা কৰিব পাৰিম বাৰু! সন্ধিয়া হ’লে আকৌ বিহুৰ আসৰা!
-অ’কে , অ’কে, দুটাৰটোতেই হ’ব ডান!
-ইস্ পাগল! ফূৰ্তিটো চোৱা। নৰখাদক।
-নৰখাদক! মানে কি? হোৱাট ডু ইউ মিন?
-নৰখাদক মানে মানুহৰ মঙহৰ সোৱাদ লোৱা বাঘ, বুজি পালানে মোৰ সোনগুটি টো!
-ইয়্যা! ইয়্যা! তাৰ মানে সেইদিনা কেৱল মই হে এঞ্জয় কৰিলো নহয়?
-ধেৎ! মইটো সেইটো মিন কৰা নাই! অ’কে, অ’কে, …..ঠিক আছে ..শুনা পেকেট এটা লগত ৰাখিবাই কিন্তু। নহ’লে নিৰামিষ হে পাবা।
(৩)
-মাদাম, এইবাৰ আমাক কোনেও ৰাখিব নোৱাৰে, যোৱাবাৰৰ দৰে গুৱাহাটীত আপুনিটো নিশ্চিত হৈ আছেই, তদুপৰি গোটেই অসমতে ১০ খন আসন পামেই পাম।
-জানো! আটাইবোৰ ভগৱানৰ ওপৰত।আচলতে কি জান এই বিৰেনটোৱে অলপ খেলি-মেলি লগাই দিছে।
– নাই মাদাম সিটো পিকচাৰতেই নাহে, আপুনি ইমান কিয় টেনশ্যন লৈছে?
-নাহে বুজিছো, কিন্তু ইমান পাতল কৈও টো কথাবিলাক ল’ব নোৱাৰি। তাতে সি যোৱবাৰ ভাল কৈয়ে টেটু ফালিছিল টো! মানুহ কিছুমানে কথাবিলাক মনত ৰাখে বুজিছা।
– মাদাম এইবাৰ আমাৰ যিটো বতাহ বলিছে, চাই থাকক আটাইবিলাক ওফৰি ক’ত ক’ত পৰিব। টেনশ্যন নল’ব।
-আটাইবিলাক তোমালোকৰ ওপৰত। আচ্ছা এই কেডিয়া আৰু জৈনৰ পৰা কালেকশ্যন বিলাক হ’লনে?
-হ’ল, হ’ল মাদাম। চিন্তা নাই। এটা কথা কিন্তু মাদাম, কালেকশ্যন লৈছে বুলিয়েই এই জৈনহঁতক বৰ সুবিধা নিদিব। এনেয়ো আমাৰ পাৰ্টিৰ পৰা ফাঁচীবজাৰৰ হে উপকাৰ হয় বুলি বদনাম এটা আছে।
– আৰু মাদাম, মোৰ পাণবজাৰ আৰু ভঙাগড়ৰ প্রজেক্ট দুটাৰ এন.অ’.ছি এতিয়াও পোৱা নাই। এই প্লেনাৰটো মহা হাৰামী।
– এই বৰদলৈটো চেয়াৰমেন হৈ আছে কাৰণেহে। নহ’লে! কেন্দ্রত এইবাৰ যদি আমি ভাল দৰে সুবিধা কৰিব পাৰো আপুনি চাই থাকক কিমান কাম কৰিব পাৰিব। কেৱল আপুনিয়েই নহয়, কেডিয়া, জৈন, গোৱেঙ্কা, পাণ্ডে সকলোৰে সুবিধা হ’ব। পৰিৱৰ্তন আহি আছে বুজিছে, ৰাইজে এইবাৰ পৰিৱৰ্তন বিছাৰিছে।
 
(৪)
– গাঁৱলৈ যাবা নেকি?
– চাওচোন! বিহুত নোৱাৰিম চাগে’। ছাৰে চুটি দিয়াৰ আশা ক্ষীণ। কিন্তু বিহুৰ আগে আগে সাত তাৰিখৰ দিনা এদিনৰ বাবে যাবলৈ হয়তো পাম।
– বিহুতো যাবলৈ নিদিয়ে?
– এৰা অ’, সেইকেইদিন অনিন্দিতা মানে ছাৰৰ ছোৱালীজনীৰ ভালেমান প্রোগ্ৰাম আছে নহয়। তাই ভাল বিহু নাচে জানা! যোৱাবাৰ বহুত ঠাইত পুৰস্কাৰ পালে নহয়। গতিকে গাড়ীখনত দিনে-ৰাতিয়ে মই যদি নাথাকো কিমান যে অসুবিধা হ’ব ছাৰহঁতৰ!
– হয় নেকি? বাঃ! তাই বিহু নাচিবও জানে।এনেয়ে দেখাতো বিৰাট ধুনীয়া। কথা-বতৰাও ভালেই চাগে’ নহয়?
– ভালেই আৰু দিয়া। তুমি পিছে পাচলি কিনিবলৈ আহিলা?
– অ’! পাচলীৰ লগতে গাখীৰৰ পেকেট এটা আৰু মাংস আধা কেজিমানো নিব লাগিব।
– মাত্র আধাকেজি?
– অ’! আমাৰ বাবে আধাকেজিয়েই বহুত হয়। ছাৰ, বাইদেউ কোনেও মাংস মুখত দিবই নোখোজে। ডায়েবেটিছ, প্রেছাৰ কত যে কি! এস্! এই ধনী মানুহ বোৰৰ ঢেৰ বেমাৰ জানা। এইকণ মাংস মই কুকুৰ দুটাৰ বাবে হে নিম।
– হয় নেকি?
– আচ্ছা কোৱাছোন, বিহুৰ আগে আগে সাত তাৰিখৰ দিনা গাঁৱলৈ যাব পাৰিম বুলি কৈছা যে সেইদিনা কিবা আছে নেকি?
– কিয়? ইলেকশ্যনৰ কথা নাজানা নেকি?
– এসঃ নাজানো নহয় ইমান কৈ!
– অ’! আমাৰ ছাৰে নিজেই মোক গাঁৱলৈ যাব কৈছে। এইবাৰ বোলে কিবা পৰিৱৰ্তন হ’ব। ছাৰহঁতৰ পাৰ্টিটো জিকাটো প্রায় খাটাং।
– পৰিৱৰ্তন মানে নো কি?
– পৰিৱৰ্তন মানে মইও ইমান নাজানো। তথাপি ছাৰহঁতৰ মুখৰ পৰা যি শুনিছো, এই ধৰা এতিয়া আমি যিদৰে আছো তাতকৈ অলপ বেলেগ ধৰণে থাকিব পাৰিম।
– এতিয়াতকৈ বেলেগ! কিমান বেলেগ হ’ব বাৰু? এই ধৰা তুমি-মই কেতিয়াবা কাৰোবাৰ কাৰোবাৰ ছাৰ-বাইদেউ হ’ব পাৰিমনে বাৰু?
– ধেৎ এইজনী! আঁকৰী!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক